Thursday, 16 April 2026

এগৰাকী ছাত্ৰী আৰু এজন অভিভাৱকৰ সৈতে টেলিফনিক কথোপকথন - বিষয়ঃ এডমিচন

বাইল স্ক্ৰীণত এটা অচিনাকী ফন আহিছিল । মবাইলটোৰ লগত মই নথকা বাবে ধৰা নহ । ঘৰত থাকিলে বহুতৰে এনে হয়

ঠিক তেনে সময়তে আকৌ বাজি উঠিল

--হেল্ল, আপোনালোকৰ তাত এডমিচন কেতিয়া হব!

- সবিশেষ কলো

--কি কি ডকুমেন্টচ লাগিব?

- কলো । প্ৰথমে ডৰপন পৰটেলত (darpan portal) মেট্ৰিক পৰীক্ষাৰ মাৰ্কচিট, ইনকম চাৰ্টিফিকেট, প্ৰয়োজনত কাষ্ট চাৰ্টিফিকেট, একপি পাছপৰ্ট আকাৰৰ ফটো, পি.আৰ.চি., স্কুলৰ আপাৰ আইডি, আদি কিছুমান ডকুমেন্টচ আৰু কিছু তথ্য দি প্ৰথমে পঞ্জীয়ন (ৰেজিষ্টাৰ) কৰিব লাগিব ।

-- এডমিচন ফি(fee) কিমান হ?

- কলো, যোৱাবাৰৰ লৈকে ফ্ৰি আছিল, এইবাৰ এতিয়ালৈকে খবৰ পোৱা নাই । যদি বি.পি.এল (BPL) হয়, তেতিয়া ফ্ৰিয়েই হব চাগে! যি কি নহওক, অহা ২২ এপ্ৰিল ২০২৬ ত ৰেজিষ্ট্যেচন শেষ হব । গতিকে তাৰ ভিতৰত কৰি লোৱা

- বাৰু, কোৱা চোন তুমি কিমান নম্বৰ লৈ পাছ কৰিছা?

-- চেকেণ্ড ডিভিজন

- পাৰচেন্টটেজ কিমান?

--৪৮%

- একো কথা নাই, ভালদৰে পঢ়িলে পাৰিবা

- কোৱাচোন তোমাৰ লগৰ কোন কোন আছে আমাৰ কলেজত নাম লগাবলগীয়া!

-- নাই ছাৰ, মই অকলে । লগৰ দুজনী আছিল, ভাল নম্বৰ পালে, ডিব্ৰুগড়ৰ প্ৰাইভেট কলেজত পঢ়িব । মোৰ পইচাও নাই, নম্বৰো নাই, গতিকে আপোনালোকৰ কলেজতেই পঢ়িম

- হব বাৰু

ৰাতি ন মান বাজিল । আৰু এটা ফোন কল  আহিল

-- দাদা, আপোনালোকৰ কলেজত এইবাৰ হাইয়াৰ ছেকেণ্ডাৰী এডমিচন হবনে?

- হব ।

-- আপোনালোকৰ তাত ইংৰাজীত নপঢ়োৱাই নেকি?

- পঢ়োৱাই ।

-- আমি শুনিছো অকল অসমীয়াতে পঢ়োৱাই বুলি

- কোনে কলে?

-- সেই (?) চিনিয়ৰ ছেকেণ্ডাৰী টিচাৰ এজনে কলে ।

- আপুনি শুনা কথাটো একেবাৰে মিছাও নহয় বা সচাঁও নহয় । আমাৰ ইয়াতে ইংৰাজী মাধ্যমতকৈ অসমীয়া মাধ্যমত পঢ়ি অহা লৰা-ছোৱালী বেছি । বিষয়বস্তুৰ ধাৰণা ভালদৰে আয়ত্ব কৰিব পৰাকৈ ইংৰাজীৰ সমানে সমানে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ উপকাৰ হোৱাকৈ অসমীয়া ভাষাতো ভাৱ বিনিময় কৰা হয় । আমাৰ শিক্ষকসকলে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে সমানে পাঠদান কৰিব পাৰে । আনকি ইংৰাজী মাধ্যমত পঢ়ি অহা বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াত শুনি বেছি সহজ অনুভৱ কৰে । গতিকে আপুনি ইয়াত ব্যৱহাৰ কৰা ভাষাটোক লৈ চিন্তা কৰিব লগা নাই ।

-- হয় হয় । মই ছোৱালীজনী আপোনালোকৰ কলেজতে দিম । নিজৰ লগতে থাকি পঢ়িব । আজিকালি যিহে পৰিস্থিতি, চকুৰ আগত নাথাকিলে কিবা মনটো ভালেই লাগি নাথাকে

-হয় কথাটো । আমি আমাৰ ফালৰ পৰা সকলোধৰণৰ চেষ্টা কৰোঁ যাতে ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে পঢ়ি ভাল ফলাফল পোৱাৰ লগতে অন্য দিশতো আগবাঢ়ি বৈ সৰ্বাংগীন বিকাশ কৰিব পাৰে । আপোনালোকৰ অভিভাৱকসকলৰো দায়িত্ব যথেষ্ট বেছি । কলেজত নিয়মিত ক্লাছ হৈছে নে নাই, পাঠদন ভালদৰে কৰিছে নে নাই, যদি কিবা বিসংগতি দেখে অধ্যক্ষক অৱগত কৰিছে নে নাই, সময়মতে কৰ্চ সৰ্ম্পূণ কৰিছে নে নাই, আপোনালোকৰ লৰা-ছোৱালীয়ে নিয়মিত শ্ৰেণীকোঠাত উপস্থিতিত থাকে নে নাই সেইটো জনা, শিক্ষকৰ লগত কথা পতা আদি দিশবোৰ ধ্যান দিয়াতো অভিভাৱকৰ দায়িত্ব বুলি ভাৱিলে সকলো পক্ষ সমানে সচেতন হৈ থাকিব আৰু আশা কৰা ধৰণেৰে ফলাফল পোৱা যাব

--হয় হয় । আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কলে । আমিও সেইয়া কৰিবলৈ চেষ্টা কৰিম

- হব বাৰু । আপোনাক লগ পালে ভাল লাগিব

No comments:

Post a Comment

ল'ৰাটো বা ছোৱালীজনী মেট্ৰিক পাছ কৰিলে, এতিয়া কি পঢ়িব!

নিজৰ সন্তানৰ ভৱিষ্যতক লৈ সকলো পিতৃ-মাতৃৱে চিন্তিত হয় । এই চিন্তাই বেছিকৈ ভাৰাক্ৰান্ত কৰে যেতিয়া সন্তানে মেট্ৰিক পাছ কৰে । যদিও কোৱা হয় ভৱিষ্...