Sunday, 19 October 2025

জোনাক গলা জাৰৰ নিশা

জোনাক গলা জাৰৰ নিশা

মূৰ থৈ শেঁতা শেতেলিত

গণি গণি আঙুলিৰ মূৰত

আছে কিমান চকুৰ পানী

সুখৰ চিকুণ মণি

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।


গলি গলি প্ৰতিদিনে

পলে পলে জীৱন গলে

কতনো বিচাৰিবি কৰুণাৰ হাত

বিচাৰি ফুৰিম প্ৰতিদিন, প্ৰতিদিন

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।


মৰম চেনেহ তেনেই তাকৰ

নীলিম তোমাৰ চকুৰ বাখৰ

পোহৰাবানে আহি

খিৰিকী মুখৰ সাঁজৰ তৰাটি হৈ,

তৰাটি হৈ

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।

জোনাক গলা....


.........গীতিকাৰঃ কপিল ঠাকুৰ, সুৰ, কণ্ঠঃ জুবিন গাৰ্গ (কপিল ঠাকুৰ জুবিন গাৰ্গৰ দেউতাক। তেখেতৰ আচল নাম ৰোহিনী মোহন বৰঠাকুৰ)

ড০ জুবিন গাৰ্গ

No comments:

Post a Comment

 নামৰূপত প্ৰস্তাৱিত Dimethylamine উদ্যোগ: ব্যৱহাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ নামৰূপত Dimethylamine (DMA) উৎপাদনৰ এটা উদ্যোগ...