Sunday, 19 October 2025

জোনাক গলা জাৰৰ নিশা

জোনাক গলা জাৰৰ নিশা

মূৰ থৈ শেঁতা শেতেলিত

গণি গণি আঙুলিৰ মূৰত

আছে কিমান চকুৰ পানী

সুখৰ চিকুণ মণি

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।


গলি গলি প্ৰতিদিনে

পলে পলে জীৱন গলে

কতনো বিচাৰিবি কৰুণাৰ হাত

বিচাৰি ফুৰিম প্ৰতিদিন, প্ৰতিদিন

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।


মৰম চেনেহ তেনেই তাকৰ

নীলিম তোমাৰ চকুৰ বাখৰ

পোহৰাবানে আহি

খিৰিকী মুখৰ সাঁজৰ তৰাটি হৈ,

তৰাটি হৈ

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।

জোনাক গলা....


.........গীতিকাৰঃ কপিল ঠাকুৰ, সুৰ, কণ্ঠঃ জুবিন গাৰ্গ (কপিল ঠাকুৰ জুবিন গাৰ্গৰ দেউতাক। তেখেতৰ আচল নাম ৰোহিনী মোহন বৰঠাকুৰ)

ড০ জুবিন গাৰ্গ

No comments:

Post a Comment

৫০০ টকীয়া নোট বন্ধ হ'ব

ভাৰতত ধনৰ ব্যৱহাৰ বা যিকোনো ধৰণৰ নীতি-নিয়ম নিৰ্দ্ধাৰণ কৰে ভাৰতীয় ৰিৰ্জাভ বেংকে। ২০১৬ চনৰ ৮ নম্বেবৰৰ নিশা ৮ বজাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিমুদ্...