Sunday, 26 October 2025

প্ৰীতিৰ সুবাসে

প্ৰীতিৰ সুবাসে  ধুৱাই দিলেহি

মোৰ এই উদাসী মন

পাহৰা গীতৰ সুৰে আহি---২

জগালেহি যৌৱন কিয় বাৰু....

প্ৰীতিৰ.....


দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা --২

আকাশত দেখোন শাৰদী জোনাক

নামিছে অলকানন্দা।

পাহৰা গীতৰ সুৰে আহি--২

জগালেহি যৌৱন কিয় বাৰু....

প্ৰীতিৰ.....


শত ৰজনীৰ এন্ধাৰ আঁতৰি গ'ল

সুন্দৰৰে ৰঙীন ফাকুৰে জীৱন ৰাঙলী হ'ল

আকাশত দেখোন শাৰদী জোনাক

নামিছে অলকানন্দা।

পাহৰা গীতৰ সুৰে আহি---২

জগালেহি যৌৱন কিয় বাৰু....

প্ৰীতিৰ.....


বি.দ্ৰঃ জুবিন গাৰ্গৰ  এই জনপ্ৰিয় গীতটো তেখেতৰ ডিব্ৰুগড়স্থিত জেঠাইক ৰেণু শৰ্মাই লিখা। তেখেতৰ গীতৰ এলবাম ১৯৯২ চনত মুক্তি পোৱা অনামিকাৰ এইটো এটা জনপ্ৰিয় গান।

No comments:

Post a Comment

 নামৰূপত প্ৰস্তাৱিত Dimethylamine উদ্যোগ: ব্যৱহাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ নামৰূপত Dimethylamine (DMA) উৎপাদনৰ এটা উদ্যোগ...