আজি ৫ জুন। সমগ্ৰ বিশ্বই
পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি নানা কাৰ্যসূচী লৈছে। ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীখনক
প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত কৰা। এই কাৰ্যসূচীৰ দ্বাৰা পৃথিৱীৰ বাসিন্দা মানুহ
নামৰ প্ৰজাতি বিধক সজাগ কৰা। পৃথিৱীখনত যিহেতু এটাই প্ৰজাতি আছে যি প্ৰকৃতি ধ্বংস
কৰে। সেই বাবে এই বৃহৎ আয়োজন কেৱল মানুহৰ বাবে। সকলো মানুহে যাতে বুজি উঠে প্ৰকৃতিক আঘাত হানি
কোনো বাচি থাকিব নোৱাৰে। মানুহ বাচি থাকিবলৈ হ'লে পৃথিৱীখন
মানুহৰ পৰাই বচাই ৰাখিব লাগিব।
এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম্ হৈছে প্লাষ্টিকৰ দ্বাৰা হোৱা প্ৰদূষণ নিৰ্মূল কৰা। এই প্ৰদূষণ নিৰ্মূলৰ কাৰণে সমগ্ৰ বিশ্বক একেলগে কাম কৰিবলৈ আহ্বান কৰা হৈছে। কোৱা হৈছে পৃথিৱী নামৰ গ্ৰহটোৰ প্ৰতিটো কোণতে এতিয়া প্লাষ্টিক প্ৰদূষণে ছানি ধৰিছে। পূৰ্বানুমান কৰা হৈছে যে ২০৪০ চনত প্ৰাষ্টিক প্ৰদূষণে ৫০% ঠাই অধিকাৰ কৰি পেলাব। আৰু ভয়ানক কথাটো কৈছে যে আমি খোৱা খাদ্য, পানী আৰু বায়ুৰ যোগেদি আমাৰ দেহত প্লাষ্টিক সোমাই পৰিব। ৰাষ্ট্ৰ সংঘ সচিব এন্টনিঅ গুটেৰেচে (António Guterres) কৈছে যে প্লাষ্টিক আৰ্বজনাই নদীৰ গতিত বাধা দিছে, সাগৰৰ পানী প্ৰদূষিত কৰিছে আৰু বন্যপ্ৰাণীৰ বাবে ভয়াভহ বিপদ মাতি আনিছে। এই প্লাষ্টিক ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ ভাগি পৃথিৱীৰ সকলো কোণতে সোমাই পৰিছে, এতিয়া এনে প্লাষ্টিক পৃথিৱীৰ সমতলৰ পৰা মাউন্ট এভাৰেষ্টলৈ, সাগৰৰ গভীৰতম অংশলৈ আৰু মানুহৰ মগজুলৈ সোমাই পৰিছে বুলি তেখেতে মন্তব্য কৰে। গতিকে এই মহাব্যাধি ৰোধৰ বাবে সমগ্ৰ বিশ্বৰ সকলো শ্ৰেণীৰ লোককে আগবাঢ়ি আহি প্লাষ্টিক প্ৰদূষণৰোধৰ সহযাত্ৰী হ'বলৈ আহ্বান জনাইছে।
বৰ্তমান সময়ত সামগ্ৰী
পৰিবহনৰ ক্ষেত্ৰত সকলোতকৈ বেছি ব্যৱহাৰ হোৱা পদাৰ্থ বিধেই হৈছে পলিথিন আৰু
প্লাষ্টিক। তাৰোপৰি সামগ্ৰী পেকিঙৰ পৰা আৰম্ভ কৰি সুৰক্ষিত ভাৱে লৈ যাবলৈ
প্লাষ্টিক আৰু পলিথিনৰ বিকল্প এতিয়ালৈকে ওলোৱা নাই। যদিও জৈৱিক ভাৱে পচন হোৱা
কপাহী মোনা বা তেনে সামগ্ৰী দুই এবিধ ওলাইছো, দাম আৰু ব্যৱহাৰৰ সুবিধা প্লাষ্টিকতকৈ কম হোৱা বাবে
সমাদাৰ লাভ কৰা নাই বা ভৱিষ্যতে যে ল'ব পাৰিব সেইয়া সন্দেহ
আছে।
ইতিমধ্যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ৰোধৰ বাবে বিভিন্ন সময়ত চৰকাৰী নিষেধাজ্ঞা জাৰি কৰা হৈছে। কিন্তু উৎপাদন কৰা ব্যৱহাৰ কোনোটোৱে ইয়াক গ্ৰহণ কৰা নাই। বজাৰত পলিথিন নহ'লে বস্তু বিক্ৰী নোহোৱাৰ কথাও ব্যৱসায়ীসকলে প্ৰায়েই অভিযোগ কৰে।
কিন্তু পৰিৱেশৰ কথা ভাৱি
আমি যিমান পাৰো এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক জাতীয় বস্তু পৰিহাৰ কৰা উচিত। কাৰণ
প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰোঁতেও ব্য়াপক হাৰত পৰিৱেশ প্ৰদূষণ হয় আৰু ব্য়ৱহাৰ কৰাৰ
পাছতো ইয়াৰ পৰা ভয়াৱহ প্ৰদূষণ হয়।
আমি ওপৰত আলোচনা কৰা প্লাষ্টিক
আৰু পলিথিন একে হয় নে?
আহক এই আপাহতে এটা কথা জানি থওঁ।
প্লাষ্টিক
আৰু পলিথিন একে নহয়, যদিও দুয়োটাই একে ধৰণৰ সামগ্ৰী—অর্থাৎ দুয়োটাই
কৃত্ৰিম (synthetic) পলিমাৰ। এইবোৰৰ মাজত কিছুমান পাৰ্থক্য
আছে:
বহল
অৰ্থত প্লাষ্টিক শব্দটো ব্যৱহাৰ কৰা হয়। প্লাষ্টিত বহু ধৰণৰ কৃত্ৰিম পলিমাৰ দ্বাৰা
হয়।
প্লাষ্টিকৰ
বিভিন্ন প্ৰকাৰ আছে, যেনে: পলিথিন (Polyethylene), পলিপ্ৰ'পাইলিন (Polypropylene), PVC (Polyvinyl Chloride), PET
(Polyethylene Terephthalate) আদি।
প্লাষ্টিকৰ
পৰা বহুবিধ সামগ্ৰী—বটল, বাকচ, খেলনা, বেগ, আদি—তৈয়াৰ কৰা হয়।
প্লাষ্টিক হৈছে এক সামগ্ৰীক
শব্দ, যাৰ ভিতৰত পলিথিন এটা বিশেষ প্ৰকাৰ।
উদাহৰণ
স্বৰূপে প্লাষ্টিকৰ পৰা তৈয়াৰ হোৱা বটল,
বাকচ, খেলনা, চকী
ইত্যাদি সকলো পলিথিন নহয়।
পলিথিন কি?
পলিথিন
(Polyethylene) হৈছে
প্লাষ্টিকৰ এটা বিশেষ প্ৰকাৰ।
ই
এক প্ৰকাৰৰ থার্ম'প্লাষ্টিক (thermoplastic)
পলিমাৰ, যাৰ পৰা সাধাৰণতে পলিথিন বেগ, পেকেট, চিট আদি তৈয়াৰ কৰা হয়।
পলিথিনৰো
বিভিন্ন প্ৰকাৰ আছে, যেনে: LDPE (Low-Density Polyethylene), HDPE (High-Density
Polyethylene) আদি।
সকলো
পলিথিন প্লাষ্টিক, কিন্তু সকলো
প্লাষ্টিক পলিথিন নহয়।
উদাহৰণ
স্বৰূপে পলিথিন বেগ, চিট, পেকেট আদি হৈছে পলিথিনৰ পৰা তৈয়াৰ হোৱা
প্লাষ্টিক সামগ্ৰী।
সংক্ষেপে প্লাষ্টিক আৰু
পলিথিন একে নহয়; পলিথিন হৈছে প্লাষ্টিকৰ এটা বিশেষ প্ৰকাৰ।
পলিথিনৰ ক্ষতিকাৰক প্ৰভাৱ আমাৰ জীৱনলৈ বিভিন্ন ধৰণে আহে। ইয়াৰ মুখ্য ক্ষতিকাৰক দিশসমূহ হ’ল:
পৰিবেশ প্ৰদূষণ: পলিথিন মাটিত সহজে গলি নাযায়। ফলস্বৰূপে, ই মাটিৰ উৰ্বৰা শক্তি নষ্ট কৰে আৰু মাটিৰ গুণগত মান হ্ৰাস কৰে।
জল প্ৰদূষণ: পলিথিন নদী, নালা, ড্ৰেইন আদিত পেলালে পানী প্ৰবাহ বন্ধ হয়। ইয়াৰ ফলত পানী আবদ্ধ হৈ পানীৰ প্ৰদূষণ বৃদ্ধি পায়।
প্ৰাণী আৰু চৰাইৰ ক্ষতি: বহু সময়ত গৰু, ছাগলী, কুকুৰ, চৰাই আদি প্ৰাণীয়ে পলিথিন খাই মৃত্যু মুখত পৰে বা অসুস্থ হয়।
জৈৱ-বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱঃ সাগৰীয় জীৱই প্লাষ্টিক খোৱাৰ ফলত পাচনতন্ত্ৰ বন্ধ হৈ মৰে। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বিগড়ে
মানৱ স্বাস্থ্যত প্ৰভাৱ: পলিথিনৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ মাটিত বা পানীত মিশ্ৰিত হ’লে সেইটো খাদ্য শৃংখলৰ জৰিয়তে মানুহৰ শৰীৰলৈ আহে, যাৰ ফলত বিভিন্ন অসুখ যেনে: কেঞ্চাৰ, হৰমোনৰ সমস্যা, প্ৰজননত সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
দহনৰ ফলত বায়ু প্ৰদূষণ: পলিথিন জ্বলালে বিষাক্ত ধোঁৱা (যেনে: ডাইঅক্সিন, ফিউৰান) উৎপন্ন হয়, যি শ্বাস-প্ৰশ্বাসৰ সমস্যা, এলাৰ্জি, কেঞ্চাৰ আদি সৃষ্টি কৰিব পাৰে।
জলবায়ু পৰিৱৰ্তন: প্লাষ্টিক উৎপাদন আৰু ব্যৱহাৰৰ ফলত গ্ৰীণহাউচ গেছ নিৰ্গমন হয়, যাৰ ফলত জলবায়ু পৰিৱৰ্তন তীব্ৰ হয়
সংক্ষেপে, পলিথিন ব্যৱহাৰ আৰু অপব্যৱহাৰে
আপোনাৰ স্বাস্থ্য, পৰিবেশ, আৰু
সামগ্ৰিক জীৱনলৈ বহুমুখী ক্ষতিকাৰক প্ৰভাৱ আনে।
প্লাষ্টিকৰ ব্যৱহাৰিক সাংকেতিক চিহ্ন
প্লাষ্টিকৰ সৰ্তক
চিহ্নবোৰ সাধাৰণতে প্লাষ্টিক সামগ্ৰীৰ তলত বা গাত এখন ত্ৰিভুজ (triangle) আকৃতিৰ
ভিতৰত সংখ্যাৰ ৰূপত দেখা যায়। এই চিহ্নবোৰক Resin Identification Code
(RIC) বোলে, যাৰ জৰিয়তে প্লাষ্টিকৰ প্ৰকাৰ
আৰু তাৰ সুৰক্ষা বা পুনঃব্যৱহাৰৰ উপযোগিতা চিনাক্ত কৰিব পাৰি। তলত এই চিহ্ন আৰু
তাৰ অৰ্থ দিয়া হৈছে-
নম্বৰ |
নাম
(ইংৰাজী) |
ব্যৱহাৰ |
সুৰক্ষা/সর্তকতা |
1 |
PET/PETE(Polyethylene
Terephthalate) |
পানীৰ
বটল, ঠাণ্ডা পানীয় |
কেৱল
এবাৰ ব্যৱহাৰ কৰিব; বিষাক্ত পদাৰ্থ ওলাই পাৰে |
2 |
(High Density Polyethylene) |
দুধৰ
বটল, খেলনা, পেকেট |
তুলনামূলক
সুৰক্ষিত; পুনঃব্যৱহাৰ কৰিব
পাৰি |
3 |
PVC (Polyvinyl Chloride) |
পাইপ, খেলনা, ডিটারজেন্ট বটল |
খাদ্য
বা পানীয়ৰ বাবে ব্যৱহাৰ কৰিব নালাগে;
বিষাক্ত |
4 |
LDPE(LowDensity Polyethylene) |
পেকেট, ময়লা বেগ |
কম
ক্ষতিকাৰক; সকলো সময়ত
পুনঃব্যৱহাৰ কৰিব নোৱাৰি |
5 |
PP (Polypropylene) |
দই, চিজ, সস পেকেট, বাচ্চাৰ বটল |
সুৰক্ষিত; পুনঃব্যৱহাৰ কৰিব
পাৰি, মাইক্র’ৱেভত ব্যৱহাৰযোগ্য |
6 |
PS (Polystyrene) |
ডিসপোজেবল
প্লেট, কাপ |
গৰম
খাদ্যৰ বাবে বিপদজনক; বিষাক্ত পদাৰ্থ ওলাই পাৰে |
7 |
Other(Polycarbonate, BPA, etc.) |
মিনাৰেল
পানীৰ ড্ৰাম, ইলেকট্ৰনিক সামগ্ৰী |
অধিক
ক্ষতিকাৰক; হরমোন সমস্যা,
কেঞ্চাৰ, বন্ধ্যাত্ব আদি হোৱাৰ আশংকা |
বিশেষ টিপছ:
প্লাষ্টিকৰ
তলত থকা ত্ৰিভুজ চিহ্ন আৰু তাৰ ভিতৰৰ সংখ্যাটো চাব।
১) ১,
৩, ৬, আৰু ৭ নম্বৰ
প্লাষ্টিক খাদ্য বা পানীৰ বাবে ব্যৱহাৰ নকৰা ভাল।
২) ২,
৪, ৫ নম্বৰ প্লাষ্টিক তুলনামূলক সুৰক্ষিত বুলি
ধৰা হয়।
৩) এই
চিহ্নবোৰ চিনি সঠিক প্লাষ্টিক বাছনি কৰাটো আপোনাৰ স্বাস্থ্য আৰু পৰিবেশৰ বাবে
খুবেই গুৰুত্বপূর্ণ
১) বজাৰলৈ গ'লে এখন
বেগ লৈ যাবলৈ পাহৰিব নালাগে।
২) পুনj ব্যৱহাৰ
কৰিব পৰা প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে।
৩) কেৱল অনুমোদিত গ্ৰেডৰ
প্লাষ্টিকহে ব্যৱহাৰ কৰিব লাগে।
৪) পুনৰ ব্যৱহাৰযোগ্য
প্লাষ্টিক ৰিচাইক্লিং প্লেন্টলৈ প্ৰেৰণ কৰিব লাগে।
No comments:
Post a Comment