Saturday, 31 May 2025

বিশ্ব ধপাত মুক্ত দিৱস

ধপাত এবিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক দ্ৰব্য সেই কথা সেৱনকাৰী সকলৰ বাদেও সকলোৰে জানে। প্ৰায় মানুহৰ ঘৰত নিত্য ব্যৱহৃত সামগ্ৰীৰ দৰে ধপাতকো সকলো সময়তে উপলব্ধ কৰি ৰাখে। কেতিয়াবা আকৌ নিজেই নাখালেও ধপাত খোৱা আলহীক আপ্য়ায়ন কৰিবলৈও ধপাতৰ যোগাৰখিনি কৰি থোৱা হয়। এক কথাত ৮০% অসমীয়া পৰিয়ালৰ ঘৰত চুকে কোণে বিচাৰিলে ধপাত পোৱা যায়। সেয়ে হয়তো ধপাত সেৱনকাৰী সংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ৩০% কৈ বেছি আৰু অসমত ইয়াৰ হাৰ ৪৮%  অতিক্ৰম কৰিছেগৈ।

এতিয়া আমি ধপাত আৰু ইয়াৰ নেপথ্যত নিহিত হৈ থকা কিছু কথা মুকলিকৈ আলোচনা কৰাটো প্ৰয়োজন। ধপাত অখাদ্য, স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি সকলোৱে জানে। চৰকাৰেও ইয়াৰ বেয়া সকলোখিনি জানে আৰু চৰকাৰী বিধিও আছে। কিন্তু ইয়াৰ বিপৰীতে ধপাত এক বৃহৎ ব্যৱসায়ৰ সামগ্ৰী। বছৰি ২০,০০০.০০ কোটিতকৈ অধিক ধপাতৰ পৰা ভাৰত চৰকাৰে কৰ আদায় কৰে। সেয়েহে মুকলি ইয়াক চৰকাৰীভাৱে বন্ধ কৰি দিয়াৰ কোনো সম্ভাৱনা নাই। ধপাতৰ সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীবোৰেও ধপাত সেৱন কৰাটো  স্বাস্থ্যৰ পক্ষে যে ক্ষতিকাৰক সেই কথা সাৱধানবাণী হিচাপে পেকেটৰ ওপৰত লিখি দিয়ে। আনকি এখন ফটোও লগোৱা থাকে য'ত ধপাতৰ পৰা হোৱা ৰোগৰ লক্ষণযুক্ত ছবি ছপা কৰি দিয়ে। বাতৰি কাকত, টেলিভিস্বন নতুবা প'ষ্টাৰ আকাৰতো ধপাতৰ পাশ্বক্ৰিয়াৰ কথা লিখা থাকে। অথাৎ ধপাত সেৱন কৰিলে যে ক্ষতি হয় সেই কথাটো প্ৰচাৰ কৰিয়েই নিজৰ মুনাফা আদায়ৰ বাবে ধপাতৰ সামগ্ৰী প্ৰস্তুতকৰ্তাৰ পৰা ব্যৱসায়ীৰ পৰা চৰকাৰলৈকে সকলোৱে নিজৰ দায় ধপাত সেৱন কাৰী সকলৰ ওপৰতে এৰি দিছে। কিন্তু ধপাত সেৱনকাৰীসকলে কোনো কথাকে গুৰুত্ব নিদিয়ে আৰু ধপাতৰ বিভিন্ন সামগ্ৰীৰ  ক্ষন্তেকীয়া আমেজ লৈ এক স্থায়ী বিপদৰ দিশে আগবাঢ়ি গৈ থাকে। এয়াই হৈ আছে। যেন এয়াই মানুহৰ নিয়ম।  

ধপাতৰ প্ৰতি আসক্তি ১০-১৫ মান বয়সত বেছিকৈ হয়। ঘৰৰ বন্ধনৰ পৰা মুক্ত হৈ স্বাধীন ভাৱে কিছু কৰাৰ দুৰ্বাৰ হেপাহ শিশুসকলৰ এইখিনি বয়সতে হয়। শিশুৰ পৰা কিশোৰলৈ ধাৱমান হোৱা এই সময়খিনিত মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট পৰিবৰ্তন আহে। এই বয়সৰ কিশোৰ সকলক বিভিন্ন কথাই মনত জুমুৰি ধৰে। দেহত যৌন কামনা-বাসনাই উৎপীড়ন চলাই। নানা ধৰণৰ চিন্তাই মন ভাৰাক্ৰান্ত কৰে। প্ৰেমৰ ভাৱ প্ৰকট হৈ উঠে। বিপৰীত লিংগৰ প্ৰতি আৰ্কষণ বৃদ্ধি পায়। কেতিয়াবা অপৰ্কমৰ প্ৰতিও লিপ্ত হয়। বিচৰাটো নাপালে বা নিজকে অকলশৰীয়া অনুভৱ কৰিলে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয়। তেতিয়াই সৰু সৰু পান-তামোল দোকানত চিগাৰেট হুপাৰ সিদ্ধান্ত লয় নতুবা কাৰোবাৰ পৰা চাধা লৈ মুখত দিয়ে। এই দৰে এদিনকৈ দুদিনকৈ ধপাতৰ ক্ষন্তেকীয়া আমেজত ডুবি যায়। লাহে লাহে ধপাত খোৱা এখন সমাজৰ লগতে চিনাকি হৈ যায়। এজন ধপাত সেৱনকাৰীয়ে অন্য এজন ধপাত সেৱনকাৰীক নিজৰ ভাগৰে অলপ দিবলৈ বেয়া নাপায়। বন্ধুত্বও বাঢ়ি যায়। সমাজখন বাঢ়ি গৈ থাকে। নতুন নতুন বন্ধু বাঢ়ি গৈ থাকে। ধপাতৰ প্ৰতি আসক্তি আৰু বাঢ়ি যায়। সেয়েহে ধপাত সেৱন একেদিনাই গঢ়ি উঠা অভ্যাস নহয়। এই অভ্যাস লাহে লাহে গম্ভীৰ হ'বলৈ ধৰে।  এনে এটা সময় আহি পৰে যেতিয়া ধপাতজাতীয় দ্ৰব্য নোখোৱাকৈ থাকিব নোৱাৰা হৈ পৰে। 

আপোনাৰ সন্তানেও হয়তো আপুনি গম নোপোৱাকৈ ধপাতৰ প্ৰতি আসক্ত হৈছে। সন্তানৰ গতি-বিধি লক্ষ্য কৰিব। মুখত লুকুৱাই চাদা ভৰাই থ'বও পাৰে। ঘৰৰ পৰা ওলাই গৈ বন্ধুৰ সৈতে চিগাৰেট হুপিব পাৰে। পান-তামোলৰ লগত চোবাই খাবও পাৰে। গম পালেই খং কৰাৰ পৰিবৰ্তে মৰমেৰে ধপাত সেৱনৰ পৰা আঁতৰাই আনিব লাগিব।

ধপাতৰ পাশ্বক্ৰিয়া অসীম। অসমত বছৰি ৫০ হাজাৰমান ধপাত সেৱনৰ দ্বাৰা কেন্সাৰ ৰোগত আক্ৰান্ত হয়। বৰ্তমান অসমত ধপাত সেৱন কৰা লোকৰ সংখ্যা শতকৰা ৪৯% হৈছেগৈ যিটো অতি উদ্দেগজনক কথা। ধপাত সেৱণ কৰিলে ৰক্তচাপ বাঢ়ে, মনৰ অস্থিৰতা বাঢ়ে, মুখগহ্বৰত ঘাঁ লাগি পাছলৈ কেন্সাৰৰ ৰূপ লয়। মানুহৰ যৌন শক্তি কমায়। নাৰীৰ গৰ্ভাধাৰণ ক্ষমতা লোপ পায়। পুৰুষৰ প্ৰজনন ক্ষমতা হেৰায়।  অথাৎ ধপাতে মানুহৰ স্বাস্থ্যত সকলো ফালৰে পৰা অকল্পনীয় যন্ত্ৰনা ভোগায়। 

ধপাত সেৱন কৰিবলৈ যেনেকৈ কিছু সময় লাগে ঠিক তেনেকৈ এৰিবলৈও সময় লাগে। কিন্তু এৰিব পাৰি যেতিয়া ধপাত সেৱনকাৰীজনে বুজাই দিয়া কথাবোৰ মানি লয়।

ধপাতৰ বিষয়ে আৰু বহু কথা ইয়াৰ পাছৰ খণ্ডবোৰত আলোচনা কৰিম। নিয়মিতভাৱে আমাৰ এই ব্লগটো https://jayantas.blogspot.com চাই থাকিব। ইয়াত নতুন নতুন কথা লিখা থকা হয়।

No comments:

Post a Comment

খণ্ড ৬- ব্লগাৰত কেনেকৈ মেনু চেটিং কৰা হয়

আমি আগৰ খণ্ডটোত কেনেকৈ প ’ ষ্ট লিখা হয় তাৰ বিষয়ে জানিলো। আজিৰ খণ্ডটোত কেনেকৈ পেজ (Page) সৃষ্টি কৰি মেনু (Menu) বা টেবচ্ (Tabs) ছেটিং কৰা...