Thursday, 22 May 2025

জৈৱ-বৈচিত্ৰ্যৰ অৱক্ষয় আৰু ভৱিষ্যতৰ পৃথিৱী

জৈৱ বৈচিত্ৰ্য অৱক্ষয়ৰ ভয়াৱহ ছবিখনৰ কথা ভাৱিলে যিকোনো সচেতন লোকৰে চকু কপালত উঠিব। প্ৰকৃতিৰ ওপৰত দিনক দিনে বাঢ়ি অহা মানুহৰ লুণ্ঠন আৰু প্ৰয়োজনতকৈ অত্যাধিক প্ৰাকৃতিক সম্পদ আহৰণেই হৈছে জৈৱ বৈচিত্ৰ্যৰ ধ্বংসৰ অন্যতম কাৰণ। 

মানুহে এইটো পাহৰি গ'লে ভুল হ'ব যে মানৱ সভ্যতা বিকাশৰ মূল ভেটিটোৱেই হৈছে চহকী জৈৱ-বৈচিত্ৰ্য। যিবোৰ অঞ্চল জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ সেইবোৰ অঞ্চলবোৰ পাৰিপাৰ্শ্বিকতাৰ সন্তোলন কৰাৰ লগতে সকলো ফালৰ পৰাই চহকী। মানুহৰ খাদ্য, ঔষধ, কাপোৰ, উদ্যোগিক কেঁচা সামগ্ৰীবোৰ জৈৱ-বৈচিত্ৰ্যৰেই ফচল। যিবোৰ ঠাইত বিবিধ গছ-গছনি, পশু-পক্ষী থাকে সেই অঞ্চলসমূহ প্ৰাকৃতিক সম্পদত সমৃদ্ধশালী হয়। 

কিন্তু এই জৈৱ বৈচিত্ৰ্য কিমান দিন মানুহৰ প্ৰয়োজন পূৰাব পৰাকৈ উপলব্ধ হৈ থাকিব? কিমান দিনলৈ মানৱ সভ্যতাৰ উত্তৰণৰ জখলা ডাল অবিৰত যাত্ৰাৰ বাটকটীয়া হৈ থাকিব এই জৈৱ-বৈচিত্ৰ্য? আদি হাজাৰ প্ৰশ্নই সচেতন নাগৰিকক চিন্তিত কৰি আহিছে। এচাম লোকে ভৱিষ্যতে হ'ব পৰা এই প্ৰাকৃতিক অৱক্ষয়ৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ চিন্তা-চৰ্চা আৰু কাম কৰি আছে। কিন্তু ইয়াৰ বিপৰীতে সমাজৰ গৰিষ্ঠসংখ্যক লোকেই এই জ্বলন্ত বিষয়টোৰ পৰা আতঁৰি থকা দেখা যায়। জৈৱ বৈচিত্ৰ্য কি, ইয়াৰ ধ্বংসৰ পৰিণাম কি আদি বিষয়বোৰত তিলমানো জনাৰ আগ্ৰহ নাই নতুবা এই বিষয়বোৰত চকু মুদ্ৰা কুলি হৈ থাকি ভাল পায়।

মানুহ প্ৰকৃতিৰ সন্তান। মানুহক প্ৰকৃতিয়ে লালন-পালন কৰি আহিছে। সেয়েহে প্ৰকৃতি বাসোপযোগী হৈ থাকিলেহে মানুহ এই পৃথিৱী নামৰ গ্ৰহটোত বাচি থাকিব পাৰিব। মানুহৰ স্বচ্ছল জীৱন যাপনৰ বাবে দৰকাৰী সম্পদবোৰৰ মূল উৎসবোৰ পৰিৱেশত উপলব্ধ হৈ আছে। এই সম্পদবোৰ আহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱৰ পৰাই আহে। আমাৰ খাদ্য, সাজ-পোছাক, ঔষধ, স্বাস্থ্য, ব্যৱসায় আদি সকলোবোৰ পাবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কিন্তু যাৰ পৰা আমি এই সকলোবোৰ পাই আছো সেইবোৰৰ সংৰক্ষণ, সংবৰ্ধন, নিৰাপত্তা প্ৰদান কৰাৰ প্ৰতি সিমান সচেতন নহয়। সেয়ে আজি সকলোৱে জৈৱ-বৈচিত্ৰ্য নামৰ অতি স্পৰ্শকাতৰ বিষয়টি ওপৰত সৰৱ আলোচনা, গঠনমূলক চিন্তা -চৰ্চা আৰু কাম কৰাৰ সময় আহি গৈছে।‌ আমিও নিজে সকলোৰে সহযোগিতা আগবঢ়োৱাৰ আশ্বাসেৰে কিছু মনৰ অনুভৱ আলোক পাত কৰিবলৈ চেষ্টা কৰা হৈছে।

উদ্ভিদ, প্ৰাণী আৰু অণুজীৱবোৰ মিলি আমাৰ জীৱ জগতখন গঠিত হয়। এই বিচিত্ৰ জীৱবোৰ প্ৰত্যেকে পৰিৱেশৰ প্ৰতি সংবেদনশীল আৰু এক নিদিষ্ট প্ৰাকৃতিক বান্ধোনেৰে বান্ধ খাই আছে। কোনোবা এবিধ জীৱৰ অনুপস্থিতিয়ে অন্য কোনোবা এটা জীৱৰ বাবে বিপদ হব পাৰে।

জৈৱবৈচিত্ৰ হৈছে মানুহৰ সৰ্বাংগীন বিকাশৰ আধাৰ। জৈৱবৈচিত্ৰই মানৱ সভ্যতা বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই  আহিছে। মানুহৰ স্বাস্থ্য, অৰ্থনৈতিক স্বচ্ছলতা, সু-স্বাস্থ্যকৰ পৰিৱেশ, খাদ্য, বায়ু, ঔষধ, বিশুদ্ধ পানী, শক্তি, প্ৰাকৃতিক দুয্যোগৰ পৰা সকাহ, বিনোদন আদি সকলো দিশতে জৈৱ-বৈচিত্ৰই অৱদান দি আহিছে।  কিন্তু অতি পৰিতাপৰ কথা যে বৰ্তমান গোটেই পৃথিৱীয়েই জৈৱ-বৈচিত্ৰৰ সংকটত পৰিছে। মানুহৰ বিভিন্ন কাৰ্যই হৈছে ইয়াৰ মূল কাৰণ। পৃথিৱীত দ্ৰুত গতিত হ্ৰাস পাইছে বনাঞ্চল। বনাঞ্চল হ্ৰাস পোৱাৰ লগে লগে হ্ৰাস পাইছে প্ৰাণীকূল। কাৰণ উদ্ভিদ নাথাকিলে প্ৰাণীৰ অস্তীত্ব নাথাকে। গতিকে কেৱল উদ্ভিদ ধ্বংস হলেই স্বাভাৱিকভাৱে ধ্বংস হৈ যায় প্ৰাণীবোৰ।

২০২৪ চনত বিশ্ববেংকৰ এক তথ্যমতে ভাৰতৰ মুঠ ভৌগোলিক মাটিকালিৰ ২৭.১৭% হে অৰণ্যাবৃত হৈ আছে। কিন্তু কোনো এখন ঠাইৰ পাৰিপাশ্বিক ফালৰ পৰা সন্তোলন হৈ থাকিবলৈ মুঠ মাটিকালিৰ কমেও ৩৩% ঘন অৰণ্য থাকিব লাগে। অতি স্পৰ্শকাতৰ কথা যে ২০০২ চনৰ পৰা ২০২৪ লৈ ভাৰতত ৩.৪৮ লাখ হেক্টৰ প্ৰাথমিক অৰণ্য বিলুপ্ত হৈছে। মুঠতে আমাৰ দেশত বৰ্তমান থাকিবলগীয়া অৰণ্যতকৈ কম অৰণ্য আছে যি জৈৱ- বৈচিত্ৰ্যৰ সংকটৰ এক অশনি সংকেত প্ৰদান কৰিছে।

ষাঠি দশকত অসমৰ মুঠ মাটিকালিৰ বিপৰীতে প্ৰাথমিক অৰণ্য আছিল ৩৮.২%। উদ্যোগিক সম্প্ৰসাৰণ, কৃষিভূমি সম্প্ৰসাৰণ, ৰাষ্ট্ৰীয় ঘাইপথকে আদি কৰি বিভিন্ন উন্নয়নমূলক কামৰ নামত বনাঞ্চলৰ পৰিসৰ কমিবলৈ ধৰিলে। ২০২৪ চনত অসমৰ মুঠ বনাঞ্চলৰ পৰিসৰ ২৯% লৈ হ্ৰাস পায়। এই হাৰ অসমৰ সকলো ঠাইতে একে নহয়। কামৰূপ জিলাত এই হাৰ ২০% ত কৈ কম। মুঠতে অসমো এতিয়া পাৰিপাশ্বিকভাৱে অসন্তোলিত অৱস্থালৈ অৱনমিত হৈছে। সামগ্ৰীকভাৱে আমি এক অসন্তোলিত পৰিৱেশত বাস কৰিছোঁ য'ত আমি নজনা কৈয়ে আমি এক সংকটাপন্ন পৰিৱেশতন্ত্ৰৰ বাসিন্দা।

আকৌ কৈছোঁ জৈৱ-বৈচিত্ৰ্য মানেই হৈছে কোনো এক অঞ্চলত বিৰাজমান হৈ থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ সামগ্ৰীক সংখ্যা। কোনো এক অঞ্চলৰ আৰ্থিক, সাংস্কৃতিক, সামাজিক আদিৰ লগতে এক সন্তুোলিত পৰিৱেশৰ সংকেত চহকী জৈৱ-বৈচিত্ৰ্যই প্ৰভাৱিত কৰে। চহকী জৈৱ-বৈচিত্ৰ্য মানেই সকলো ফালৰ পৰাই চহকী। আমাৰ দৈনন্দিন জীৱন প্ৰক্ৰিয়াত দৰকাৰ হোৱা প্ৰয়োজনীয় দ্ৰব্য যেনে- বিশুদ্ধ বায়ু, খাদ্য, পানী, ঔষধ, কাপোৰ, চামৰা, ঘৰৰ আচ-বাব আদি বিচিত্ৰ জৈৱিক সম্পদৰে অৱদান।  মানৱ সভ্যতাক আগুৱাই অনা মূল আধাৰেই হৈছে জৈৱ-বৈচিত্ৰ্য। কিন্তু বৰ্তমান সমগ্ৰ বিশ্বতে উন্নয়নৰ গইনা লৈ জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰাটোৱে ভৱিষ্যত মানৱ জাতিৰ কাৰণে এক ভয়ংকৰ বিপদৰ কথাকে দোহাৰে। মনত ৰখা দৰকাৰ যে প্ৰকৃতিক ধ্বংস কৰি উন্নয়নৰ ঢাক-ঢোল বজোৱা উন্নয়নে মানৱ জাতিক বেছিদিন পৃথিৱীত ভোগ কৰিবলৈ নিদিয়ে। অৱশ্যে ইতিমধ্যে পৃথিৱীৰ বিভিন্ন কোণত নিতৌ প্ৰকৃতিৰ তাণ্ডৱ লীলা মানুহে দেখিবলৈ পাইয়ে আছে। অসমৰ বিভিন্ন ন ন ঠাইত হোৱা বানপানীও তাৰেই উদাহৰণ।

গতিকে সময় থাকোঁতেই মানুহ সজাগ হবৰ হল। প্ৰকৃতিক ধ্বংস কৰি উন্নয়নৰ সপোন দেখা কাম বন্ধ কৰিব হল। নদী বান্ধ দি লক্ষীমপুৰৰ ৰঙা নদীৰ বানে কি অৱস্থা কৰিছে কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গেৰুকামুখত প্ৰায় সৰ্ম্পূণ হৈ উঠা NHPC প্ৰকল্পই যে বিপদ মাতিব সেইয়া সত্য। তাৰোপৰি খবৰ পোৱা মতে চীনৰ অসমত প্ৰৱাহিত আৰু অসমৰ জৈৱ বৈচিত্ৰ্যৰ সঞ্জীৱনীস্বৰূপ ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ প্ৰকল্প, আৰু ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশত স্থাপন কৰিব লোৱা বৃহৎ সংখ্যক জলবিদ্যুৎ প্ৰকল্পই কেৱল‌ অসমেই নহয় সমগ্ৰ বিশ্বৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ব্যাপক ক্ষতি কৰিব। 


No comments:

Post a Comment

ম'বাইল আসক্তি আৰু ইয়াৰ শিক্ষাৰ ওপৰত কু-প্ৰভাৱ

আজিৰ যুগ তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ যুগ বুলি স্বীকৃত। এই যুগত ম'বাইল ফোন হৈছে এক অপৰিহাৰ্য আহিলা। শিক্ষাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সকলো...