Wednesday, 28 May 2025

খণ্ড ৪ – Theme Selection and customization থিম নিৰ্বাচন আৰু ব্যক্তিগতকৰণ

 এই খণ্ডত কেনেকৈ theme select কৰিব লাগে, আৰু কি কি setting কৰিলে ব্লগটো আৰ্কষণীয় হয় সেই বিষয়ে জানিম।

















ইতিমধ্যে ব্লগ
url বা website ৰ আভাসী (Virtual) পৃথিৱীত বিচাৰি পাবলৈ দৰকাৰ হোৱা ইন্টাৰনেটৰ মূল বস্তুটো আমি তৈয়াৰ কৰিলোঁ। এতিয়া আমি আমাৰ ব্লগ বা ৱেবচাইটৰ যোগেদি প্ৰকাশ পাবলগীয়া তথ্যৰ ওপৰত ভিত্তি কৰি আমি আমাৰ ৱেবচাইটটো ব্যৱস্থা (settings) কৰিম। যদি আপুনি নিতৌ ফেচবুকত দিয়াৰ দৰে পোষ্ট দিয়াৰ কথা ভাৱিছে তেন্তে লিখি পোষ্ট কৰি যাব পাৰিব। যদি আপুনি কিছু স্থায়ী তথ্য বা নিদিষ্ট সময়ৰ ব্যৱধানত সলনি কৰা তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে সেইয়াও সম্ভৱ হয়। মই ব্যক্তিগতভাৱে আপোনাক দুয়োটাৰে ব্যৱস্থা কৰিবলৈ কম। ফেচবুক বা তেনে সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টবোৰ নতুন পোষ্টবোৰ তললৈ গুচি যায়। কেতিয়াবা দৰকাৰী পোষ্ট বা ফটো সময়ত বিচাৰি উলিয়াবলৈ সময় যথেষ্ট প্ৰয়োজন হয়। গতিকে এই সকলবোৰ সমস্যাদূৰ কৰি আপোনাক দেখুৱাম blogger  কেনেকৈ এইবোৰ সহজে কৰিব পাৰি।

এতিয়া প্ৰথমে আপুনি Blogger icon টোত ক্লিক কৰি লগইন কৰক। তলত দেখুৱাৰ দৰে দেখা পাব। ই.য়াৰ বাওঁফালে আপোনাৰ ব্লগৰ টাইটল, +New post, post আদি বুটানবোৰ দেখা পাব।


এই ছবিখনত দেখুৱাৰ দৰে Theme ত ক্লিক কৰাৰ পাছত তললৈ গৈ আপোনাৰ পচন্দৰ Theme এখন নিৰ্বাচন কৰি লওক। মই মোৰ ব্লগ https://jayantas.blogspot.com Simple Blog theme লৈছিলো আৰু পাছত CUSTOMISE (ব্যক্তিগতকৰণ বা নিজীনুকূল) কৰি নিজৰ মতে কৰি ললো। Theme Customise কৰিবলৈ তলৰ ছবিখনত দেখুওৱাৰ দৰে CUSTOMISE button টোত ক্লিক কৰিল লাগিব।

ক্লিক কৰাৰ পাছত তলৰ ছবিখনত দেখুওৱাৰ দৰে দেখা পাব।

Background customization: আমি প্ৰথমে ব্লগৰ পটভূমি (background) ব্যক্তিগতকৰণ কৰিম। ওপৰৰ ছবিখনত দেখাৰ দৰে Background ত ক্লিক কৰিলে কেইবাটাও বিকল্প (Option) তললৈ দেখা পাম। background ফটো সলাব পাৰো বা নিজৰ পচন্দৰ ফটো আপলোড কৰিব পাৰোঁ। ফটো আঁতৰাবলৈ Remove image আৰু সংযোজন কৰিবলৈ Change image ক্লিক কৰি কৰিব পাৰো।

Main theme colour:

মেইন থিম ত আমি বিভিন্ন ৰঙৰ মাজৰ পৰা নিজৰ পচন্দৰ ৰঙৰ ৰং দিব পাৰোঁ। এনে কৰিলে ৱেবপেইজৰ মুল হেডিং আখৰৰ ৰংবোৰ সলনি হব।

ইয়াত আপুনি কেইবাটাও দৰকাৰী উপাদান সলনি কৰিব পাৰিব। ইয়াৰ ভিতৰত ব্লগৰ ভিতৰৰ বিভিন্ন হেডিং, মেইন হেডিং, চাইড হেডিং আদিত লিখিব লগীয়া আখৰৰ ফ্ৰন্টৰ প্ৰকাৰ আৰু আখৰৰ ৰং আৰু আকাৰ নিৰ্বাচন কৰিব পাৰি।

ওপৰত দেখুউৱা ঠাইত ক্লিক কৰিলে তলৰ ছবিখনত দেখাৰ দৰে বিকল্প কেইটা দেখা পাব। মাউচৰ কাৰ্জৰ ডাল তল-ওপৰ কৰিলে আৰু কেইবাটাও বিকল্প দেখা পাব। প্ৰতিটো বিকল্পৰে আপুনি বিচৰা ধৰণে ব্যক্তিগতকৰণ কৰি লব পাৰিব। তলৰ ছবিখনত দেখুৱাৰ দৰে ব্লগাৰ ইডিটিং ডাচ্বৰ্ডত গৈ এই খিনি কৰি লওক।



আপুনি যদি এতিয়াও ব্লগ এটা তৈয়াৰ কৰিবলৈ অসুবিধা হোৱা যেন লাগিছে তেন্তে এই ফম খন ভৰাই সকলো তথ্য যোগান দিয়ক। অতি কম খৰচতে আপোনাৰ ব্লগ এটা তৈয়াৰ কৰি দিয়া হ'ব। 

Click here to order your blog







 



 

No comments:

Post a Comment

বিশ্ব ধপাত মুক্ত দিৱস

ধপাত এবিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক দ্ৰব্য সেই কথা সেৱনকাৰী সকলৰ বাদেও সকলোৰে জানে। প্ৰায় মানুহৰ ঘৰত নিত্য ব্যৱহৃত সামগ্ৰীৰ দৰে ধপাতকো সকলো ...