Showing posts with label কেৰিয়াৰ. Show all posts
Showing posts with label কেৰিয়াৰ. Show all posts

Sunday, 20 April 2025

কেৰিয়াৰ সৰ্ম্পকে অসমৰ ছাত্ৰ-ছাত্ৰী ছিৰিয়াছ নহয়

এজন বিশিষ্ট কেৰিয়াৰ পৰামৰ্শ দাতাই ভাৰতবৰ্ষৰ  কেইবাখনো ৰাজ্যত কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি অকপটে স্বীকাৰ কৰিছে যে অসমৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ বিষয়ে সজাগ নহয় বা জানিবলৈ নিবিচাৰে। আনকি উপযাচি কোনোবাই কেৰিয়াৰ সম্পৰ্কীয় কথা ক'লেও জনাৰ আগ্ৰহ নাথাকে। যি নগণ্য সংখ্যক ছাত্ৰ-ছাত্ৰী কেৰিয়াৰ প্ৰতি সচেতন তেওঁলোকৰ বেছিভাগেই জীৱনত মান-মৰ্য্যাদা থকা জীৱিকা পাবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে। তেখেতৰ কথাতে ভেজা দি মইও ক'ব বিছাৰিছো যে তেখেতৰ কথা ষোল্ল অনাই শুদ্ধ। তেখেতে যি খিনি কথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ঘূৰি অনুভৱ কৰিছে আমি নিজেই পৰোক্ষভাৱে এনেধৰণৰ কামৰ সৈতে জড়িত হোৱা বাবে ৯৯ শতাংশ ছাত্ৰ-ছাত্ৰী কেৰিয়াৰ বিষয়ে যে সজাগ নহয় বা জনাৰ আগ্ৰহ নহয় সেইটো দেখিছো।

তেখেতৰ বক্তব্য প্ৰকাশ পাইছিল যে বিহাৰৰ শিক্ষাৰ্থীসকল কেৰিয়াৰ ক্ষেত্ৰত সকলোতকৈ সচেতন আৰু কৰ্মশালাত তেওঁলোকৰ কেৰিয়াৰ সৰ্ম্পকীয় সীমাহীন প্ৰশ্ন থাকে। নিজৰ জীৱন গঢ়িবলৈ কি কি পাঠ্যক্ৰম ল'ব লাগে বা কেনেধৰণৰ কৰ্মসংস্থাপনৰ বাবে কেনেধৰণৰ প্ৰস্তুতি লাগে সেই বিষয়ক সীমাহীন প্ৰশ্ন  তেওঁলোকৰ। সেইবাবেই হয়তো ভাৰতবৰ্ষৰ বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবোৰত বিহাৰৰ মানুহ পোৱা যায়। প্ৰশাসনিক বিষয়া বেছিভাগেই বিহাৰৰ হয়। কিন্তু আমাৰ অসমত নিৱনুৱা সমস্য়া বা সীমিত কমসংস্থাপন সুবিধা থকাৰ বাবে এই কেৰিয়াৰ সম্পৰ্কীয় আলোচনাবোৰত আগ্ৰহ বেছি হ'ব লাগিছিল, কিন্তু সেইয়া দুখজনকভাৱে কম। মনত ৰখাটো দৰকাৰ যে  উপযুক্ত পাঠ্যক্ৰম আৰু প্ৰস্তুতি নাথাকিলে এটা চাকৰি যোগাৰ কৰাটো সহজ নহয়।

জীৱনত সফলতা অৰ্জন কৰিবলৈ কেৱল পাঠ্যপুথিৰ জ্ঞান খিনিকেই লৈ থাকিলে নহ'ব। আজি দিনবোৰ হৈছে তথ্য-প্ৰযুক্তিৰে জয়জয়কাৰ দিন। যিকোনো এটা কাম কৰিবলৈ আজিকালি প্ৰযুক্তিৰ সহায় লোৱা হয় যাৰ বাবে বৰ্তমান প্ৰতিয়োগিতা কেন্দ্ৰিক সমাজত সময়ৰ লগত মিলাই আগবাঢ়ি যাব পাৰি। গতিকে এজন শিক্ষাৰ্থীয়ে নিয়োগকৰ্তাই প্ৰত্যাখ্যান কৰিব নোৱাৰাকৈ নিজকে কৌশলগত ভাৱে যোগ্য কৰি তুলিব লাগিব। 

আজিকালি অনলাইনৰ যোগেদি ঘৰতে বহি কিছুমান দৰকাৰী পাঠ্যক্ৰম কৰিব পাৰি। কম্পিউটাৰৰ বিভিন্ন ধৰণৰ চাটিফিকেট পাঠ্যক্ৰম কৰিব পাৰি। Google ৰ বহুতো বিনামূলীয়া পাঠ্যক্ৰম কৰিব পাৰি। ইয়াত ক্লিক কৰি চাব পাৰিMassive Open Online Courses (MOOCs) পাঠ্যক্ৰম বিনামূলীয়াকৈ কৰিব পাৰি। এই পাঠ্যক্ৰমবোৰ কৰিলে চাটিফিকেট পোৱাৰ উপৰিও চাকৰি পাবলৈও সুবিধা হয়। BA/B.Sc পঢ়ি থাকোতেই এই পাঠ্যক্ৰমবোৰ কৰিব পাৰি আৰু এইটোৱেই উত্তম সময় হয়।  

The Most Peculiar Leader in the World at Present: An Analytical Report

Understanding “Peculiar” in Leadership The term peculiar does not necessarily mean bad or ineffective. It refers to leaders who are unconv...