Tuesday, 17 February 2026

ঘৰতে ORS কেনেকৈ বনাব

জীৱনত ORS  (Oral  Redehydration Solution) নোখোৱা মানুহ হয়তো নোলাব। মানুহৰ স্বাস্থ্য দুৰ্বল হৈ গ'লে ORS খায় বা ডাক্তৰে প্ৰয়োজন অনুসৰি খাবলৈ দিয়ে। বিশেষকৈ ডায়েৰিয়া হৈ কেইবাবাৰো শৌচ হৈ যোৱাৰ পাছত মানুহ অভাৱনীয় ভাৱে দুৰ্বল হৈ পৰে । বহুতে অনৰবৰতে শৌচ হৈ থকাৰ বাবে ভাত খাবলৈ ভয় কৰে । তেতিয়া ৰোগীজন অত্যন্ত দুৰ্বল পৰে । কেতিয়াবা মৃত্যু মুখতো পৰে । তেনেসময়ত যদি ORS খোৱা হয় দেহত যথেষ্ট শক্তি পোৱা যায় । সেই তাত্ক্ষণিকভাৱে লাভ কৰা শক্তিয়ে ডায়েৰিয়াৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে । কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পৰে সকলো ঠাইতে ORS উপলব্ধ নহয় । তেতিয়া বৰ বিপাঙত পৰা যায় । সেয়েহে ঘৰতে ORS ৰ নিচিনাকৈ শক্তি পাব পৰা পানীয় প্ৰস্তুত কৰি খালে ORS সমানেই উপকৃত হয় । গতিকে সহজতে কেনেকৈ ORS দৰে পানীয় প্ৰস্তুত কৰি ৰোগীক খোৱাব পাৰি থুৰতে জানি থওক, হয়তো কেতিয়াবা সহায়ক হ'ব পাৰে ।

 ORS প্ৰস্তুতকৰণ পদ্ধতিঃ

এক লিটাৰ উতলাই ঠাণ্ডা কৰা পৰিষ্কাৰ পানী ল'ব । তাত ছয় চামুচ চেনি আৰু আধা চামুচ নিমখ দি ভালদৰে গলিবলৈ দিব । তাৰ পাছত ৰোগীক খাবলৈ দিব। এইদৰে ঘৰতে তৈয়াৰ কৰা ORS বজাৰত পোৱা ORS ৰ সমতুল্য। এই মিশ্ৰণৰ পৰিমাণ তাৰতম্য নকৰিব।

সাৱদানতাঃ মনত ৰাখিব একেবাৰে এক লিটাৰ ORS খাবলৈ নিদিব । এক নিদিষ্ট সময়ৰ ব্যৱধানত (আধা ঘন্টা) অলপ অলপ কৈ খাবলৈ দিব । মনত ৰাখিব ২৪ ঘন্টাৰ ভিতৰত এবাৰত প্ৰস্তুত কৰা এক লিটাৰ এই পানীয় দ্ৰবণ খাই শেষ কৰিব । সময়ত শেষ নহ'লেও সেৱণ নকৰিব।

ডায়েৰিয়া হ'লে ডিহাইড্ৰেচনৰ ফলত হোৱা দুৰ্বলতা নোহোৱা কৰিবলৈ কোনো চিকিৎসা কৰাৰ আগতেই নিজেই ব্যৱহাৰ কৰিব পৰা ই এক অন্যতম শক্তিদায়িনী।

ORS আৱিষ্কাৰৰ ইতিহাসঃ

১৯৬০ চনতেই ভাৰত, আমেৰিকা আৰু বাংলাদেশৰ বিজ্ঞানীসকলে যুটীয়াবাৱে ORS প্ৰস্তুত কৰি উলিয়াইছিল । সেই সময়ত ডায়েৰিয়া, কলেৰা আদি ধৰণৰ বেক্টেৰিয়াজনিত ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছিল । ইয়াৰ ফলত বহুতো মানুহৰ মৃত্যুমুখত পৰিছিল । ইয়াৰ পৰা হাত সাৰিবলৈ তেতিয়ালৈকে ইমান সহজলভ্য কোনো ঔষধ বা জীৱনদায়িনী বস্তু আৱিস্কাৰ হোৱা নাছিল। তেতিয়াই এদল বিজ্ঞানীৰ গৱেষণাৰ ফচল হিচাপে ORS আৱিস্কাৰ হৈছিল।

1978 চনত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক চিকিৎসা বিজ্ঞানৰ মহান আৱিষ্কাৰ বুলি ঘোষণা কৰিছে। 1980 চনৰ পৰা এতিয়ালৈকে প্ৰায় 5 কোটি শিশুৰ জীৱন বচাইছে ORS. ডায়েৰিয়াত ভোগা ৰোগীক জৰুৰী অৱস্থাত ORS দিলে দেহত শক্তি লাভ কৰে যি মেডিকেলত দিয়া চেলাইনৰ দৰেই কাম কৰে।

কিন্তু এই ORS ক'ত,কোনে আৰু কোন কোন দেশ লগ লাগি কৰিছিল জানানে? তলৰ ফটোখন চালেই ষ্পষ্টকৈ জ্ঞাত হ'ব এই আৱিস্কাৰৰ সৈতে জড়িত হৈ থকা দেশ আৰু বিজ্ঞানীসকলৰ নাম। এই আৱিস্কাৰৰ সৈতে আমাৰ দেশেও জড়িত হৈ কথাটো জানি নিশ্চয় আনন্দিত হ'ব।

No comments:

Post a Comment

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...