ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ভাৰতবৰ্ষত প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰী তাৰিখে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ নেপথ্যত আছে ভাৰতীয় প্ৰখ্যাত বিজ্ঞানী -ৰ ঐতিহাসিক আৱিষ্কাৰ। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে তেওঁ “Raman Effect” নামৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ বিশ্ববাসীক অৱগত কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁ ১৯৩০ চনত পদাৰ্থবিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। এই গৌৰৱৰ স্মৃতিত ১৯৮৬ চনত ভাৰত চৰকাৰে ২৮ ফেব্ৰুৱাৰী তাৰিখক “ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস” হিচাপে ঘোষণা কৰে। অতি গুৰুত্বপূৰ্ণ কথা যে এজন ভাৰতীয় বিজ্ঞানীয়ে ভাৰতৰ পৰীক্ষাগাৰত গৱেষণাৰ কৰি প্ৰথমবাৰৰ বাবে ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হয়।
নেপথ্যৰ কাহিনী
চি. ভি. ৰমন সেই সময়ত তেখেতৰ গৱেষণাৰ বাবে বিশ্বৰ বিজ্ঞানী সমাজত পৰিচিত হৈ পৰিছিল। সেইসূত্ৰে বিভিন্ন দেশত আলোচনা সত্ৰবোৰত নিমন্ত্ৰণ ৰক্ষাৰ্থে অংশগ্ৰহণ কৰিছিল। তেনে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সমূদ্ৰযাত্ৰাৰ সময়ত পানীৰ নীলা ৰঙৰ বিষয়ে চিন্তা কৰিছিল। সেই চিন্তাই তেওঁক পোহৰৰ বিচ্ছুৰণ (Scattering of Light) সম্পৰ্কে গৱেষণা কৰিবলৈ অনুপ্ৰাণিত কৰে। বহু অধ্যৱসায় আৰু পৰীক্ষাৰ অন্তত তেওঁ প্ৰমাণ কৰে যে, যেতিয়া পোহৰে কিছুমান মাধ্যমৰ মাজেৰে যায়, তেতিয়া তাৰ একাংশ ৰশ্মিৰ তৰঙ্গদৈৰ্ঘ্য সলনি হয়। এই ঘটনাকেই “Raman Effect” বুলি কোৱা হয়। এই আৱিষ্কাৰে আধুনিক পদাৰ্থবিজ্ঞান আৰু ৰসায়নবিজ্ঞানত এক নতুন দিশ উন্মোচন কৰে।
বিজ্ঞান দিৱসৰ উদ্দেশ্য
বিজ্ঞান হৈছে সত্য উদঘাটনৰ এক নিৰবিচ্ছিন্ন যাত্ৰা । বিজ্ঞানৰ অগ্ৰগতিয়ে মানৱ সভ্যতাৰ ৰেহৰূপ সলাই পেলাইছে। কিন্তু এতিয়াও বহুতো মানুহ আছে বিজ্ঞানৰ এই সফলতাক ভেঙুচালি কৰি মানুহৰ মাজত অবৈজ্ঞানিক কথা-বতৰা, চিন্তা -কৰাৰ কাৰ্য্যত উদগনি জনাই আহিছে । এইধৰণৰ সামাজিক ব্যাধিৰ বিপৰীতে মানুহক বিজ্ঞানৰ জৰিয়তে প্ৰকৃত সত্য দিশে অগ্ৰসৰ হ'বলৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে—
- বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি কৰা
- সমাজত বৈজ্ঞানিক মনোভাৱ (Scientific Temper) গঢ়ি তোলা
- গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি সচেতনতা সৃষ্টি কৰা
- দেশৰ উন্নয়নত বিজ্ঞানৰ অৱদানৰ গুৰুত্ব বুজোৱা
বিদ্যালয়, মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত এই দিনটোত আলোচনা-চক্ৰ, বিজ্ঞান প্ৰদৰ্শনী, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। প্ৰতি বছৰে বিশেষ থীমো ঘোষণা কৰা হয়, যিয়ে বিজ্ঞান আৰু সমাজৰ সম্পৰ্ক অধিক দৃঢ় কৰে।
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেৱল এটা স্মৃতি দিৱস নহয়; ই হৈছে জ্ঞান, অনুসন্ধান আৰু যুক্তি-বাদিতাৰ প্ৰতি এক আহ্বান। আজিৰ আধুনিক বিশ্বত বিজ্ঞান অবিহনে জীৱন কল্পনা কৰিব নোৱাৰি। সেয়ে, আমি সকলোয়ে বিজ্ঞানৰ সঠিক ব্যৱহাৰৰ জৰিয়তে দেশক আগবঢ়াই নিয়াৰ সংকল্প লোৱা উচিত। চি. ভি. ৰমন-ৰ দৰে বিজ্ঞানীৰ আদৰ্শ অনুসৰণ কৰি নতুন প্ৰজন্মই গৱেষণা আৰু উদ্ভাৱনত আগবাঢ়ি আহিলে আমাৰ দেশ নিশ্চয় বিশ্বদৰবাত অধিক গৌৰৱ অৰ্জন কৰাৰ লগতে দেশৰো উন্নতি হ'ব।



No comments:
Post a Comment