Monday, 10 June 2019

প্ৰকৃতিৰ নিৰিবিলি ছাঁত এখন্তেক সপোন বুটলি

 
ফটো- দ্বীপেন বৰুৱা

     ্ৰখৰ ৰ'দত দগ্ধ এজন বাটৰুৱাই দেহ শাত পেলাবলৈ হয়তো পথৰ কাষত থকা গছজোপাতে আশ্ৰয় লয় বা ধাৰাসাৰ বৰষুণ নতুবা শিলাবৃষ্টিয়ে দিকভ্ৰষ্ট কৰা পথিকেও পথৰ কাষৰ গছজোপাৰ তলতে আশ্ৰয় লয়। ঠিক তেনেকৈ আমি নিশাহত এৰি দিয়া বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ গছে গ্ৰহণ কৰি আমা জীয়াই থকাৰ মূখ্য সমল অক্সিজেন গেছ আমালৈ প্ৰেৰণ কৰি পৰম উপকাৰ সাধন কৰে। গছে পৰিৱেশ নিৰ্মল কৰে, গছে ধৰণ শীতল কৰে; গছে বৰষুণ আনে, গছে বৰষুণ সৃষ্টি কৰিব পাৰে, গছে ধৰণ জীপাল কৰি ৰাখেগছে আমাক খাদ্য দিয়ে, ফুল আৰু ফল দিয়ে, গছে ধৰণ সুন্দৰ কৰে। গছৰ ডালত লুকাই কুলিয়ে অসমীয়া বাপতি সাহোন বিহুৰ আগলি বাতৰি দিয়াৰ লগতে আমাৰ মনতো ৰঙালীৰ অযুত সপোন বিৰিঙাইগছ অবিহনে আমি এখন্তেকো জীয়াই থাকিব নোৱাৰোঁ। আমাৰ বাবে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বন্ধু চৌপাশে থকা বিবিধ গছ-লতাবোৰ‌। কোনোবা গছে ফুল বা ফল দিয়ে, কোনোবা গছে কাঠ আৰু খৰি দিয়েকোনোবা গছে যদিও ফুল-ফল নতুবা কাঠ-খৰি নিদিয় তেনেহ'লে আমি সেইবোৰৰ পৰা জীৱনদায়ী অক্সিজেন গেছ পাইছো। অৰ্থাৎ আমাৰ চৌপাশে থকা প্ৰতিডাল গছআমাক উপকাৰ কৰি আহিছে। আমাৰ ইমান দৰকাৰী গছ-বনবোৰক আমি সকলোৱে মৰম কৰিব লাগে, জীয়াই ৰাখিব লাগে, পৰাপক্ষত গছ কটাৰ পৰা বিৰত থাকিব লাগে। কাৰণ গছ থাকিলেহে আমি থাকিম। বছৰি লাখ লাখ গছ পুলি ৰোপণ কৰাৰ কথা শুনো বা দেখিছোঁ, কিন্তু তাৰ পৰৰ্ৱতী সময়ত কিমান গছ জীয়াই থাকিল তাৰ খবৰহে নেপাওঁ। বনানিকৰণৰ বাবে চৰকাৰৰ আচনি আছে। চৰকাৰে বনানিকৰণৰ বাবে কিছু কামো কৰিছে। কৃতকাৰ্য্য কিমান হৈছে সেয়া নাজানো যদিও কিন্তু এই পদক্ষেপ আদৰণীয়। কিন্তু ব্যক্তিগত পৰ্য্যায়ত আমি কিমান গছ ৰোপণ কৰিছোঁ নতুবা সংৰক্ষণ কৰিছোঁ, সেইটো আমি ভাৱিব চাব পাৰো নিশ্চয়! আমি নিজ হাতেৰে ৰোপণ কৰা গছ পুলি এটা লহ্ পহকৈ বাঢ়ি আহিলে মানসিক তৃপ্তি নাপাওঁ জানো! তেন্তে সেই তৃপ্তিৰ পৰা কিয়নো বিৰত থাকোঁ? ইয়াৰ বিপৰীতে এইটোও হয়তো কেতিয়াবা ভাৱো আমি এই গছবোৰক জীয়াই থাকিবলৈ কিবা কৰি দিছো; বৰঞ্চ কেতিয়াবা কাটিহে পেলাইছো? আমি সকলোৱে প্ৰকৃতিক ভাল পাওঁ, প্ৰকৃতি আমাৰ আই। প্ৰকৃতিয়ে আমাক লালন পালন কৰিছে। কেতিয়াবা ভাৱ হয়, এজন মানুহ প্ৰকৃতিৰ সন্তান হিচাপে কি দিছো প্ৰকৃতিক? চৰকাৰে বা আনে কি কৰিছে তাকলৈ ব্যস্ত হোৱাতকৈ মই কি কৰিছোঁ সেইটোহে চাব লাগে নিশ্চয়কৃষি কৰ্মৰ সৈতে জড়িত সকলোৰে গছ পুলি ৰোপণ আৰু প্ৰতিপালনৰ জ্ঞান আছে। তেনে প্ৰকৃতিপ্ৰেমী লোকৰ বাবেইতো ধৰণী ধুনীয়া হৈ আছে,সেয়েহে আজি গাৱেঁ ভূৱেঁ বিবিধ গছ গছনিৰে ভৰা।
ফটো- ৰিদীপ চৌধুৰী
          যদিও গছ পুলি ৰোপণ কাৰ্য্য তেনেই সহজ, তথাপি চলি অহা পৰম্পৰাগত জ্ঞানৰ সৈতে কিছু ব্যহাৰিক জ্ঞান আৰু কৌশল অনুকৰণ কৰিব পৰা যায় তেতিয়া নিশ্চয় সেউজী ধৰণী গঢ়াৰ যি সামান্যতম প্ৰয়াস তাহাৰ কিছুলেও বাঢ়িব।
ৰ্বষা ঋতু গছ-বন শ্ৰীবৃদ্ধিৰ উৎকৃষ্ট সময়। এই ঋতুত প্ৰকৃতি সেউজীয়া হৈ পৰে। ফুল-ফলে ভৰি পৰে ধৰণীগতিকে গছ ৰুলৈ ইয়াতকৈ উৎকৃষ্ট সময় আছে বুলি ভাৱিব নোৱাৰিকিন্তু গছৰ গুটি বা পুলিটো ৰু কেনেকৈ? আপোনাৰ জ্ঞানৰ সৈতে কিছু বৈজ্ঞানিক পদ্ধতি যদি অনুকৰণ কৰা হয়, তেন্তে সময় আৰু খৰচ কম হোৱাৰ লগতে সফলতাও সুনিশ্চিত হয়। ইয়াৰ বাবে আমি তলৰ দিশবোৰ অনুকৰণ কৰোঁ আহক---
১. আপুনি কি ধৰণৰ গছ ৰু প্ৰথমে সিদ্ধান্ত লওক আৰু ইয়াৰ পূৰঠ গুটিবোৰ আগতীয়াকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰাখচাব যাতে সম্পূৰ্ণ পূৰঠ, স্বাস্থ্যৱান আৰু ডাঙৰ যেন লগা গুটিহে নিৰ্বাচন কৰে,
২. গছ সাধাৰণতে মে-জুন মাহত বা বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ৰোপণ কৰিলে বাচি থকা সম্ভাৱনা বেছি হয়, কিয়নো বাৰিষা প্ৰাকৃতিকভাৱে যথেষ্ট পানী বৰষুণৰ দ্বাৰা পায়,
৩. মে-জুন মাহত যদি পুলি ৰোপণ কৰিব বিচাৰে তেন্তে তাৰ তিনিমাহমান আগতে সংগ্ৰহ কৰি থোৱা ভাল পূৰঠ গুটিবোৰ নিৰ্বাচন কৰি গজাঁলি মেলিবলৈ ব্যৱস্থা কৰিব লাগে,
ফটো- ৰিজুমণি দাস
৪. গুটি নিৰ্বাচন কৰাৰ পূৰ্বে ঘৰত এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হোৱা প্লাষ্টিকৰ গ্লাছ, ৬-৭ ইঞ্চি ব্যাস আৰু ১০ ইঞ্চিমানৰ অব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল, মজবুত পলিথিন আদি ব্যৱহাৰ কৰিব পাৰে। পলিথিন বা প্লাষ্টিকৰ ধাৰক বা পাত্ৰ ব্যৱহাৰ কৰিলে তলৰ পৰা আধা ইঞ্চিমান ওপৰত তিনি চাৰিটামান ফুটা কৰি দিব লাগে যাতে পানী দিয়াৰ পাছত অতিৰিক্ত পানীখিনি ওলাই যাব পাৰে। এনে ধৰণৰ পাত্ৰ বা ধাৰকবোৰ অতি কমেও ১০ দিনমান আগতে শুকান গোৱৰ মিহলি কৰা মাটিৰে ভৰাব লাগে কিয়নো আগতীয়াকৈ মাটিভৰাই থলে মাটিৰ দানাবোৰ ভালদৰে ঠাহ খাই পৰে আৰু তাৰ ভিতৰত থকা বায়ু ওলাই যায়, যাৰ ফলত গুটিৰ অঙ্কুৰণৰ পাছত সহজে শিপা মেলিবলৈ সুবিধা হয়। অৱশ্যে মাটি ভৰাওঁতেও পাত্ৰ বা ধাৰকৰ ভিতৰত বায়ু সোমাই থাকিব নোৱাৰাকৈ ভৰাব লাগে,
৫. মাটি ভৰোৱা ৭-৮ দিনৰ পাছত পাত্ৰ বা ধাৰকৰ সোঁ-মাজত গুটিটো দিব লাগে। যদি গুটিবোৰৰ বহিস্তকখন টান হয় তেন্তে পাত্ৰ বা ধাৰকত দিয়াৰ আগতে দুদিনমান পানীত ডুবাই মাটিত দিয়াৰ আগত নিৰস কৰি লব লাগে। তাৰ দুদিনৰ পাছত অলপ অলপকৈ পানী ছটিয়াই থাকিব লাগে,
ফটো- ৰিজুমণি, নামৰূপ মাহবিধ্যালয়ৰ চৌপাশ
৬. স্বাস্থ্যৱান গুটি হলে এসপ্তাহৰ ভিতৰত গুটি অঙ্কুৰণ হবলৈ ধৰিব। তাৰ লগে লগে কিন্তু অপতৃণও বাঢ়িব, সেইবোৰ উভালি পেলাব লাগে। প্ৰয়োজন অনুসৰি পানী দি থাকিব লাগে,
৭. যদি পোক পৰুৱাই আক্ৰমণ কৰে তেন্তে ৰগৰ বা তেনে জাতীয় কীটনাশক কমকৈ দিব লাগে। যিহেতু আমি এইবোৰ গছ প্ৰত্যক্ষভাৱে নাখাওঁ, পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বচাবলৈ সীমিত পৰিমাণত প্ৰয়োগ কৰিব পৰা যায়। অৱশ্যে জৈৱিক ভাৱে সুৰক্ষা দিব পাৰিলে ভাল,
৮. এনেদৰে প্ৰতিপালন কৰিলে ৩-৪ মাহৰ পাছত পুলিটো ৰুৱ পৰা হয়গৈ। ৰোৱাৰ সময়ত একেবাৰে ওপৰৰ পাত কেইখিলা পূৰঠ হব লাগে কিয়নো পুৰঠ হলে সেই পয্যায়ত শিপাই নতুনকৈ ৰোপণ কৰা ঠাইত পানী সহজে শোষণ কৰিব নোৱাৰিলেও হঠাতে মৰি নাযায়। কিন্তু আগটো কুমলীয়া হৈ থাকিলে উপযুক্ত পানী শিপাৰ দ্বাৰা গছৰ পুলিটোৱে নাপালে লেৰেলি শুকাই যোৱাৰ সম্ভাৱনা থাকে,
৯. ৰোপণৰ আগে আগে ডাঙৰ উদ্ভিদ জাতীয় গছ হলে ডাঙৰকৈ গাত খান্দিব লাগে। সাধাৰণতে গাত ২.৫x২.৫x২.৫ ঘনফুট আকাৰৰ কৰিব লাগে। অৱশ্যে কোমল মাটি হলে ইমান ডাঙৰ নকৰিলেও হয়। গাতবোৰ পুলিৰোপণৰ ৭-৮ দিনমান আগতে খান্দিব লাগে। খন্দা গাত পুটিবলৈ এক ফুটৰ ওপৰৰ মাটিৰে ভৰাব লাগে কিয়নো ওপৰৰ মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ জমা হৈ থাকে। তাৰোপৰি পচা জাবৰ-জোথৰ বা শুকান গোৱৰ দিব পাৰিলে ভাল,
১০. পুলিটো ৰোৱতে চাব যাতে গাতটোৰ সোঁমাজতহে পুলিটো ৰোপণ কৰা হৈছে কিয়নো সোঁমাজত ৰুলে গাতটোৰ কোমল মাটিত চাৰিওফালে সমানে শিপা মেলিব পাৰে। ইয়াৰ ফলত গছ ডাল মজবুত হৈ ভৱিষ্যতে বতাহ-ধুমুহাতো হালি নপৰাকৈ থাকিব পাৰিব। আৰু এটা কথা লক্ষ্য কৰা উচিত যে পুলিটোৰ সৈতে লাগি থকা মাটিখিনি যাতে ৰোপণৰ সময়ত কোনো কাৰণতে ভাগি নপৰে। পুলিটোৰ গুৰিত ভৰিৰে গচকি আঁতিব নগৈ অলপ দূৰৈৰ পৰা আঁতিব লাগে যাতে পুলিটোৰ মাটি আৰু শিপাবোৰ ছিগি নপৰে।
     যেৰহাটৰ কোকিলামুখৰ নিবাসী, মলাই অৰণ্য সৃষ্টিকৰ্তা আৰু বিশ্ব ব্যাপি অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙে কোৱাৰ দৰে পশু-পক্ষীয়ে গছ ৰুব জানে, বতাহে গছ ৰুব জানে, নদীয়ে গছ ৰুব জানে- কেৱল মানুহেহে গছ কাটে। গছ ৰুব নোৱাৰিলে কাটিবও নেলাগে, গছ নিজে নিজে হয়যাদৱ পায়েঙৰ দৰে প্ৰকৃতিপ্ৰেমীৰ বাবে হয়তো আমাৰ চৌপাশবোৰ সেউজীয়া আৰু ধুনীয়া হৈ আছে। আমিও আমাৰ পৃথিৱীখন দীৰ্ঘস্থায়ী আৰু ধুনীয়া কৰি ৰাখিবলৈ প্ৰকৃতিৰ বুকুত সাধ্য অনুসৰি বাৰে ৰহণীয়া গছ-বন, পশু-পক্ষীৰ সুন্দৰ পৰিৱেশ ৰচনা কৰি দিয়াটো আমাৰ কৰ্তব্য বুলি ভাৱিব নিশ্চয় পাৰো।
     প্ৰকৃতিৰ বিধস্ত ৰূপ দেখিলে আমাৰ হৃদয়ে কান্দে। আমাৰ এই কথাখিনি একান্ত মনৰ কথা, ভৱিষ্যতে চাব বিচৰা আমাৰ চৌপাশবোৰৰ কথা। এই ক্ষেত্ৰত আমি কাকোৱে শিকাবলৈ ধৃস্তষ্টা নাই, জ্বৰত ভূগি কেকাই থকা পৃথিৱীখনৰ বুকুত কিঞ্চিতমান যদি আমাৰ এই ক্ষুদ্ৰতম প্ৰয়াসে প্ৰকৃতিপ্ৰেমী মানুহক সজাগ কৰিব পাৰো তাতেই আমাৰ সফলতা।
     আমাৰ যুগ্ম জীৱনৰ প্ৰাকক্ষণত আমাৰ কাষলৈ আহি আমাক মৰম আৰু আশীৰ্বাদ জনোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ আৰু হিয়াভৰা শুভকামনা। এখন সুন্দৰ, সেউজীয়া, গছ-গছনি, নান ৰঙী, নান গন্ধী ফুল আৰু ফল, পক্ষীৰ কলকলনিত ডুব গৈ থকা সপোনৰ মনোৰম প্ৰকৃতি এখন কল্পনা কৰি আপোনাৰ সপৰিয়ালৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ
বিনয়াবনত----
                          -------জয়ন্ত আৰু ৰিজুমণি   

Saturday, 7 July 2018

Bordoibam Beelmukh Birds' Sanctuary

Bordoibam Beelmukh wetland or Bordoibam Beelmukh Birds' Sanctuary a beautiful place gifted by nature. But due to inattentive attitude of concern authority and lack of aware about importance of such natural ecosystem by the local people, this sanctuary is under severe anthropogenic pressure and created threatened for biodiversity and habitat.

Wetland scenario during Pre-monsoon 

Wetland scenario during winter


Wetland scenario during monsoon

Wetland scenario during Post monsoon

Thursday, 18 January 2018

বিভিন্ন ৰঙী আৰু বিভিন্ন গন্ধী ফুলবোৰ

                                                                                                             জয়ন্ত সোণোৱাল
                                              (ইতিমধ্যে প্ৰান্তিকৰ ১৬ - ৩১ জানুৱাৰী ২০১৮ খণ্ডত প্ৰকাশিত)
    ফুলৰ ৰং, গোন্ধ আৰু সৌন্দৰ্য্য পৃথিৱীৰ সকলো প্ৰাণীকে আৰ্কষণ কৰে । মানৱ সমাজত ফুলৰ গুৰুত্ব অপৰিসীম । মানুহৰ বাবে ফুল অতি আদৰৰ । কোনো ব্যক্তি যিমানেই কঠিন নহওক কিয় ফুলৰ ৰং, গোন্ধ আৰু সৌন্দৰ্য এক মূৰ্হূতৰ বাবে হলেও হৃদয়ত কোমলতা আনে । এই কোমলতাই মানুহক প্ৰকৃতিৰ বুকুলৈ লৈ যায় । ফুল ভাল পোৱা মানুহে প্ৰকৃতিকো ভাল পায় । ফুলে অতীজৰে পৰাই মানুহক আৰ্কষণ কৰি আহিছে । প্ৰকৃতিৰ এই অমূল্য দান ফুলে অতুলনীয় সৌন্দৰ্য প্ৰদান কৰাৰ ওপৰিও ই আমাৰ
সামাজিক, ধাৰ্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰবোৰতো লাভ কৰেমানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰুকাৰ্যত ফুলৰ ব্যৱহাৰ অপৰিসীম । উসৱ পাৱন, বিয়া-সভা, সমাজৰ ৰীতি-নীতি আদি প্ৰায়বোৰ সুভ কৰ্মত ফুলৰ ব্যৱহাৰ কৰি আহিছে । ফুলৰ নান্দনিক সৌন্দৰ্য্যত সকলো মোহিত হৈ ইয়াৰ আদৰ-যত্ন লয়, মৰম-চেনেহ কৰে, প্ৰেম-সহানুভূতি, শোক আদিৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰে কিন্তু কেৱল মানুহৰেই যে ফুলৰ প্ৰতি দুৰ্বলতা আছে তেনে নহয়, অন্য চলনক্ষম সকলো জীৱই ফুলৰ প্ৰেমত পৰে, ফুলৰ কাষলৈ যায়, ফুলৰ সানিধ্য লাভ কৰে । অৱশ্যে মানুহ আৰু অন্য প্ৰাণীৰ ফুলৰ প্ৰতি থকা অনুৰাগ আৰু উদেশ্য যদিও একে নহয় তথাপি ফুলে যে সকলোৰে দৃষ্টি নিজৰ ফালে আৰ্কষণ কৰে সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে । কিন্তু ফুল জানো ফুলে কেৱল আমাক আৰ্কষণ কৰিবলৈ? কিছুমান ফুলে কিয়নো সুগন্ধ বিলাই? কিছুমান আকৌ কিয় বৰণীয়া হয় বা আন কিছুমান আকৌ কিয় বৰণহীন বা দেখনীয়া নহয়? ফুলৰ সৌন্দৰ্য উপভোগ কৰাৰ মাজতে এইধৰণৰ বহু কথাই কেতিয়াবা আমাৰ মনত দুলা দি যায় । সেইয়াবা যিয়েই নহওক ফুল ফুলা ঘটনাটো এটা সৰ্ম্পূণ প্ৰাকৃতিক আৰু জৈৱিক অনুভূতিৰ প্ৰকাশৰসময়
হো
ৱাৰ লগে লগে জীৱজগতৰ সকলো জীৱই যিদৰে প্ৰজননক্ষম হৈ উঠে ঠিক তেনেদৰেই গছেও সেই চিৰসত্য প্ৰাকৃতিক নিয়মৰ পৰা মুক্ত নহয় । গছেও যৌৱনপ্ৰাপ্ত হয় । যৌৱনৰ জৈৱিক অনুভূতি গছেও অনুভৱ কৰে । সকলো জীৱৰ মৌলিক ইচ্ছা  আৰু উদ্দেশ্য যিদৰে জীৱাই থাকি পৃথিৱীত উত্তৰাধিকাৰী থৈ যোৱা, সেইদৰে গছেও সেই পৰিঘটনা সফল কৰিবলৈ বদ্ধ পৰিকৰ হয় । তাৰ বাবেই গছে ফুলৰ সৃষ্টি কৰে । ফুল হল গছৰ জনন অংগ । সময় হোৱাৰ লগে লগে সৰু সৰু ঠেঙুলিবোৰৰ উন্মুক্ত অংশৰ ৰূপান্তৰ ঘটাই আটক ধুনীয়াকৈ ৰং, গন্ধ আৰু সাজোনেৰে গছে ফুলৰ সৃষ্টি কৰে । ফুলৰ বৃতি, পাহি, জনন অংগবোৰ কাণ্ড আৰু পাতৰ ৰূপান্তৰ মাঁথো যৌৱন কালত যি দৰে সকলো জীৱই বিপৰীত লিংগক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ সংকেত বা ৰূপেৰে সজায় ঠিক তেনেকৈ যৌন প্ৰথাৰে বংশ বৃদ্ধি কৰা সকলো উদ্ভিদে প্ৰজনন প্ৰক্ৰিয়াটো সৰ্ম্পূণ ফলপ্ৰসু কৰি তুলিবলৈ নানা ফুলে, গোন্ধে, গঠন, বৰণ বা ৰূপেৰে নিজকে সজায় তোলে প্ৰাণীৰ দৰে যিহেতু উদ্ভিদে চলাচল কৰি স্ত্ৰী বা পুৰুষৰ পৰষ্পৰ ওচৰ চাপি মিলন হনোৱাৰে গতিকে দুয়োবিধ লিংগৰ জনন কোষৰ মিলন ঘটাবলৈ অন্য কোনোবা বাহিৰা বাহকৰ সহায়ৰ অবিহনে সম্ভৱ হৈ নুঠেএই সহায় আদায় কৰিবৰ কাৰণেই ফুলে বিভিন্ন ৰং, গোন্ধ, ৰূপ-গঠনেৰে নিজকে সজায় শুৱনি কৰে সেইবুলি সকলো ফুলৰ এই সাজোন-কাচোন একে নহয় । কিছুমান ফুলত কেৱল পুং জননাংগহে থাকে আৰু আন কিছুমান ফুলত কেৱল স্ত্ৰী জননাংগহে থাকে । মাত্ৰ এবিধ লিংগ থকা ফুলক একলিংগী ফুল বোলে । এনেধৰণৰ ফুলৰ গন্ধ, ৰং আৰু সাজোনৰ বিশেষ তাপৰ্য আছে ।
আনহাতে কিছুামন ফুলত দুয়োবিধ জননাংগ থাকে । তেনে ফুলক উভয়লিংগী ফুল বোলে । উভয়লিঙ্গী ফুলৰ প্ৰজনন প্ৰক্ৰিয়াটো বিশেষ জটিল নহয় যটিও একলিঙ্গী ফুলৰ প্ৰজনন প্ৰক্ৰিয়াটো কিছু জটিল হয় । এনে ফুলৰ প্ৰজনন প্ৰক্ৰিয়াটো সম্পন্ন কৰবলৈ বাহিৰা জননকোষ বাহকৰ সহায় ল
ব লগা হয় সেইবাবেই এনোবোৰ ফুল ফুলা গছে নিজকে সাঁজি কাচি বাহিৰা বাহক যেনে পোক-প্ৰত্যংগ, চৰাই-চিৰিকতি নতুবা অন্য জৈৱিক কাৰকসমূহক   আৰ্কষণ কৰিবলৈ এনে ৰূপান্তৰ ঘটায়কিছুমান ফুলে অজৈৱিক বাহক যেনে বায়ু আৰু পানীৰ সহায়ত পৰাগযোগ প্ৰক্ৰিয়াটো সম্পন্ন কৰে
     বৰ্ষা ঋতুক ফুলৰ ঋতু বুলি কব পাৰি চৌপাশে নানা ফুলে মনোমোহা কৰা এই বৰ্ষা ঋতুত প্ৰকৃতিৰ বুকু ফুলেৰে জাতিষ্কাৰ হৈ পৰে । সময়ৰ বুকুচাত উঠি সেইজীয়া বননিৰ মাজত লুকাই থকা সৰু ফুলপাহেও সেই ৰেণুবাহকবোৰক দৃষ্টি আৰ্কষণ কৰিবলৈ নিজকে সজাই তোলেকিছুমান ফুলে মৌ উপন্ন কৰে । ৰং চঙীয়া ফুলে বহুতো পোক-প্ৰত্যংগ আৰু চৰাই চিৰিকতিক আৰ্কষণ কৰিব পাৰে ফুলৰ মৌ বিচাৰি ফুৰা প্ৰত্যংগবোৰে এপাহ ফুলৰ পৰা অন্য এপাহ ফুললৈ ৰেণু কঢ়িয়াই লৈ য়ায় যদি সেইপাহ ফুলৰ গৰ্ভমুণ্ডত কেনেবাকৈ এটা ৰেণু পৰে, আৰু সেই ৰেণু যদি গ্ৰহণীয় হয় তেতিয়াই সেইপাহ ফুলৰ প্ৰজনন প্ৰক্ৰিয়া সৰ্ম্পূণ হয় । এনেকৈ এপাহ ফুলৰ ৰেণু গৈ অন্য এজোপা গছৰ ফুলত পৰে এই প্ৰক্ৰিয়াটোক উদ্ভিদ বিজ্ঞানত ইতৰ পৰাগযোগ (cross pollination) বুলি কয় । আকৌ যিবোৰ ফুল বেছি ৰংচঙীয়া নহয় সেইবোৰ ফুল গন্ধযুক্ত হয় । ফুলৰ গন্ধই চৌপাশে থকা কীট-প্ৰত্যংগক মোহিত কৰে । বিশেষকৈ তগৰ, কঠনা জাতীয় ফুলবোৰ ৰংচঙীয়া নহয় যদিও সিঁহতৰ গন্ধই ৰেণুবাহকক আৰ্কষণ কৰে । তেনে ফুলৰ গন্ধই হল আৰ্কষণৰ আহিলা । কিছুমান ফুলৰ আকৌ এনে ধৰণৰ কোনো বাহিৰা বাহকৰ সহায় নোলোৱাকৈ প্ৰজনন প্ৰক্ৰিয়া সম্পন্ন হয় অৰ্থা পুং আৰু স্ত্ৰী জননাংগ একেপাহ ফুলতেই থাকে । এনে ফুলবোৰক উভয়লিংগী (Bisexual) ফুল বোলে এনে ফুলত পুং আৰু স্ত্ৰী জননাংগ প্ৰায় একে সময়তে পৈণত হয় । স্ত্ৰী জননাংগক পুং জননাংগবোৰে আগুৰি থাকে যাতে ৰেণুবোৰ পৈণত হৈ ওলাই যোৱাৰ লগে লগে স্ত্ৰী জননাংগৰ গৰ্ভমুণ্ডই ধৰিব পাৰে । এনে ধৰণে পুং আৰু স্ত্ৰী জননকোষৰ মিলন হোৱা প্ৰক্ৰিয়াটোক স্ব-পৰাগযোগ (self pollination) বোলে আনহাতে এনে কিছুমান ফুলো আছে যাৰ প্ৰজনন প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ জৈৱিক বাহকৰ প্ৰয়োজন নহয় । কিছুমান পানীত থকা ফুল যেনে ভেলিচনেৰিয়া আৰু বায়ুৰ দ্বাৰা পৰাগযোগ হোৱা ফুলবোৰ । কিন্তু এটা অতি আশ্চৰ্য কথা এইটো যে পৰিৰ্ৱতিত পৰিৱেশৰ প্ৰতি উদ্ভিদো অতি সচেতন । উদ্ভিদ বিভিন্ন বাহকৰ হতুৱাই প্ৰজনন প্ৰক্ৰিয়া সম্পাদন কৰা মূল উদ্দেশ্য
ল উন্নত মানৰ অপত্য জনু সৃষ্টি কৰা । যদিও একেপাহ ফুলতে পুং আৰু স্ত্ৰী দুয়োবিধ যৌনাংগ থাকে (বেলিফুল) তথাপি বেছিভাগ তেনে উদ্ভিদে ইতৰ ফুলৰ ৰেণুৰ দ্বাৰাহে প্ৰজনন কৰাব বিচাৰে । নিজৰ লগত অন্য একে প্ৰজাতি বা একে সাদৃশ্য থকা বংশৰ চৰিত্ৰ সংযোগ ঘটাই উন্নত মানৰ সতি-সন্ততি সৃষ্টি কৰিব বিচাৰে যাতে পৰিৰ্ৱতিত পৰিৱেশত তিষ্ঠি থাকিব পাৰে । যদি সোনাৰু ফুলপাহলৈ চোৱা যায় তেন্তে দেখা যায় অপৈনত অৱস্থাৰ পৰা পৈণ
ত অৱস্থালৈকে গৰ্ভদণ্ডডাল পোন হৈ পৰাগথলীবোৰতকৈ (
Anther) অলপ বাহিৰলৈ ওলাই থাকে যাতে নিজৰ কাষতে লাগি থকা ৰেণুবোৰ গৰ্ভমুণ্ডত পৰিব নোৱাৰে । এনে অৱস্থাতে অন্য একে প্ৰজাতি বা সাদৃশ্য থকা অন্য প্ৰজাতিৰ ফুলৰ পৰা কোনো জৈৱিক বাহকৰ দ্বাৰা ৰেণু অহালৈ বাট চাই থাকে । কিন্তু দীৰ্ঘ সময় ধৰি যদি কোনো বাহিৰা ৰেণু নাপায় তেন্তে গৰ্ভদণ্ডডাল তললৈ ঘুৰি নিজৰ কাষতে থকা নিজৰে ৰেণু গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে । আনহাতে এনে কিছুমান ফুল আছে স্বপৰাগযোগ ৰোধ কৰিবলৈ পৰাগৰেণুবোৰ গৰ্ভদণ্ডদাল পৈণত হোৱাৰ আগতে পূৰঠ কৰি দিযে যাতে কোনো কাৰণতে নিজৰ ৰেণু নিজৰ গৰ্ভমুণ্ডত পৰিব নোৱাৰে । জৱাফুলৰ ক্ষেত্ৰতো একে । একেপাহ ফুলতে দুয়োবিধ যৌনাংগ থাকিলেও স্বপৰাগযোগ হবলৈ নিদিয়ে । বেলিফুলৰ ক্ষেত্ৰতো একে । কৃষ্ণচুড়া ফুলৰ ৰঙা পাহিকেইটাৰ লগত এখন বগা, ৰঙা আৰু হালধীয়া ৰং মিশ্ৰিত পাহি থাকে যত গৰ্ভমুণ্ডটো মুখামুখি হৈ থাকে যাতে যিকোনো বাহক আহিলেই গভমুণ্ডক স্পৰ্শ কৰে । প্ৰকৃতিত এনেধৰণৰ অসংখ্য আশ্বৰ্যকৰ আৰু বিচিত্ৰ ঘটনা আমাৰ অলিখতে ঘটি থাকে ।
    আমি এইটো কব পাৰো যে যদি ফুলৰ ৰং নাথাকে তেন্তে তেনে ফুলৰ গন্ধ থাকিবই । যদি ফুল অতি ৰংচঙীয়া হয় তেনে ফুলৰ গন্ধ প্ৰায়ে নাথাকে । ফুলবোৰ গন্ধযুক্ত বা ৰংচঙীয়া হোৱাৰ মূল উদেশ্য হৈছে ৰেণুবাহকক আৰ্কষণ কৰি প্ৰজনন প্ৰক্ৰিয়াটো সৰ্ম্পূণ কৰা পিছে মানুহৰ মানুহৰ কাৰুকাৰ্যই হওক বা অন্য প্ৰাকৃতিক কাৰণতেই হওক এই ৰেণুবাহকবোৰৰ অভাৱত উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়াত বাধাপ্ৰাপ্ত হয় উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়াত বাধা আহিলেই গছত গুটি নালাগিব । গছত গুটি নালাগিলে পৃথিৱী সমগ্ৰ প্ৰাণীকূললৈ কাল অমানিশা নামি আহিব । বৰ্তমান সময়ত মবাইল ফনৰ টাৱাৰৰ কম্পনাংক বিকিৰণৰ প্ৰভাৱত তাৰ চৌপাশৰ গছৰ গুটি নালাগে বুলি মানুহৰ মূখত চৰ্চিত হয় হয়টো মবাইল ফনৰ এই বিকিৰণে কিছুমান গছৰ পৰাগযোগত সহায় কৰা কীট-প্ৰত্যংগক ওচৰ চাপিবলৈ সক্ষম নহয় । নতুবা তেনে বিকিৰণৰ ফলত সৃষ্টি হোৱা অসহিষ্ণুতাৰ বাবে সেই ঠাইৰ পৰা বহু দূৰলৈ গুচি গৈছেতাৰোপৰি খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক, অপতৃণনাশক, ৰাসায়নিক সাৰ আদি প্ৰয়োগৰ ফলত কিছুমান পৰাগযোগ ঘটোৱা কীট-প্ৰত্যংগৰ মৃত্যুমুখত পৰিছে যাৰ বাবে পৰাগযোগত বাধা আহি পৰে, গছত গুটি নোহোৱা হয়অৱশ্যে অতিপাত বৃষ্টি, তীব্ৰ বেগী ধুমুহাইও পৰাগযোগত বিফলতা আনি দিয়ে । তাৰোপৰি বিভিন্ন কল-কাৰাখানাৰ পৰা ওলোৱা বায়ু আৰু শব্দ প্ৰদূষকে বহুতো এনেধৰণৰ কীট-প্ৰত্যংগ, চৰাই চিৰিকতি আদিক অসহনীয় পৰিৱেশ গঢ়ি তুলিছে যাৰ বাবে সিঁহতবোৰ মৃত্যুমূখত পৰিছে নতুবা কোনোবা নিৰ্জন ঠাইলৈ গুচি গৈছে । ফলস্বৰূপে সততে ডাল ভৰি ভৰি আগতে ফলে-ফুলে ভৰি থকা গছবোৰত ফল নলগা হৈছে । গতিকে প্ৰকৃতিৰ সকলো ঘটনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে চলি থাকিলেহে আমাৰ বিনন্দীয়া প্ৰকৃতিত মানুহৰ লগতে সমগ্ৰ পৰপোষী জীৱৰ বাবে খাদ্য বহনশীন ধাৰাত বৰ্তি থাকিব ।


Saturday, 11 March 2017


Type: cool season annual cereal grain 
Roles: prevent erosion, suppress weeds, scavenge excess nutrients, add organic matter 
Mix with: Annual legumes, Ryegrass or other small grains 
See charts, pp. 66 to 72, for ranking and management summary. 

            Inexpensive and easy to grow, barley provides exceptional erosion control and weed suppression in semi-arid regions and in light soils. It also can fill short rotation niches or serve as a topsoil- protecting crop during droughty conditions in any region. It is more salt tolerant than other small grains and can sop up excess subsoil moisture to help prevent saline seep formation.
It’s a fine choice for reclaiming overworked, weedy or eroded fields, or as part of a cover crop mix for improving soil tilth and nutrient cycling in perennial cropping systems in Hardiness Zone 8 or warmer.
Barley prefers cool, dry growing areas. As a spring cover crop, it can be grown farther north than any other cereal grain, largely because of its short growing period. It also can produce more biomass in a shorter time than any other cereal crop.
BENEFITS
Erosion control. Use barley as an overwintering cover crop for erosion control in Zone 8 and warmer, including much of California, western Oregon and western Washington. It’s well-suited for vineyards and orchards, or as part of a mixed seeding.
As a winter annual, barley develops a deep, fibrous root system. The roots can reach as deep as 6.5 feet. As a spring crop, barley has a comparatively shallow root system but holds soil strongly to minimize erosion during droughty conditions.
Nutrient recycler. Barley can scavenge significant amounts of nitrogen. It captured 32 lb. N/A as a winter cover crop following a stand of fava beans (Vicia faba) in a California study, compared with 20 lb./A for annual ryegrass. A barley cover crop reduced soil N an average of 64 percent at eight sites throughout North America that had received an average of 107 lb. N/A (265). Intercropping barley with field peas (Pisum sativum) can increase the amount of N absorbed by barley and returned to the soil in barley residue, other studies show. Barley improves P and K cycling if the residue isn’t removed.
Weed suppressor. Quick to establish, barley outcompetes weeds largely by absorbing soil moisture during its early growing stages. It also shades out weeds and releases allelopathic chemicals that help suppress them.
Tilth-improving organic matter. Barley is a quick source of abundant biomass that, along with its thick root system, can improve soil structure and water infiltration. In California cropping systems, cultivars such as UC476 or COSINA can produce as much as 12,900 lb. biomass/A.
Nurse crop. Barley has an upright posture and relatively open canopy that makes it a fine nurse crop for establishing a forage or legume stand. Less competitive than other small grains, barley also uses less water than other covers crops. In weedy fields, wait to broadcast the forage or legume until after you’ve mechanically weeded barley at the four or five-leaf stage to reduce weed competition.
As an inexpensive, easy-to-kill companion crop, barley can protect sugarbeet seedlings during their first two months while also serving as a soil protectant during droughty periods (details below).
Pest suppression. Barley can reduce incidence of leafhoppers, aphids, armyworms, root-knot nematodes and other pests, a number of studies suggest.

দুখীয়া মানুহৰ প্ৰভু জুবিন গাৰ্গ

মই স্বাথৰ্পৰ হ'ব পাৰিলোঁহেঁতেন। বোম্বেত থাকি, পইচা ঘটি ঢেৰ গান গাই নাম কৰিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ অসমৰ জনগণৰ প্ৰতি এটা দায়িত্ব আছে। ...