ফটো- দ্বীপেন বৰুৱা |
প্ৰখৰ ৰ'দত দগ্ধ এজন বাটৰুৱাই দেহ শাত পেলাবলৈ হয়তো পথৰ কাষত থকা গছজোপাতে আশ্ৰয় লয় বা
ধাৰাসাৰ বৰষুণ নতুবা শিলাবৃষ্টিয়ে দিকভ্ৰষ্ট কৰা পথিকেও পথৰ কাষৰ গছজোপাৰ তলতে
আশ্ৰয় লয়। ঠিক তেনেকৈ আমি নিশাহত এৰি
দিয়া বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ গছে গ্ৰহণ কৰি আমাক জীয়াই থকাৰ মূখ্য সমল অক্সিজেন গেছ আমালৈ প্ৰেৰণ কৰি পৰম উপকাৰ সাধন কৰে। গছে পৰিৱেশ
নিৰ্মল কৰে, গছে ধৰণী শীতল কৰে; গছে বৰষুণ আনে, গছে বৰষুণ সৃষ্টি কৰিব পাৰে, গছে ধৰণী জীপাল কৰি ৰাখে। গছে আমাক খাদ্য দিয়ে, ফুল আৰু ফল দিয়ে, গছে ধৰণী সুন্দৰ কৰে। গছৰ ডালত লুকাই
কুলিয়ে অসমীয়াৰ বাপতি সাহোন
বিহুৰ আগলি বাতৰি দিয়াৰ লগতে আমাৰ মনতো ৰঙালীৰ অযুত সপোন বিৰিঙাই। গছ অবিহনে আমি
এখন্তেকো জীয়াই থাকিব নোৱাৰোঁ। আমাৰ বাবে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বন্ধু চৌপাশে থকা
বিবিধ গছ-লতাবোৰ। কোনোবা গছে ফুল বা ফল দিয়ে, কোনোবা গছে কাঠ আৰু খৰি দিয়ে। কোনোবা গছে যদিও
ফুল-ফল নতুবা কাঠ-খৰি নিদিয়ে তেনেহ'লে আমি সেইবোৰৰ
পৰা জীৱনদায়ী অক্সিজেন গেছ পাইছো। অৰ্থাৎ
আমাৰ চৌপাশে থকা প্ৰতিডাল গছে আমাক উপকাৰ কৰি
আহিছে। আমাৰ ইমান দৰকাৰী গছ-বনবোৰক আমি সকলোৱে মৰম কৰিব লাগে, জীয়াই ৰাখিব লাগে, পৰাপক্ষত গছ কটাৰ
পৰা বিৰত থাকিব লাগে। কাৰণ গছ থাকিলেহে আমি থাকিম। বছৰি লাখ লাখ গছ
পুলি ৰোপণ কৰাৰ কথা শুনো বা দেখিছোঁ, কিন্তু তাৰ পৰৰ্ৱতী সময়ত কিমান গছ জীয়াই
থাকিল তাৰ খবৰহে নেপাওঁ। বনানিকৰণৰ বাবে চৰকাৰৰ আচঁনি আছে। চৰকাৰে
বনানিকৰণৰ বাবে কিছু কামো কৰিছে। কৃতকাৰ্য্য কিমান হৈছে সেয়া নাজানো যদিও কিন্তু এই
পদক্ষেপ আদৰণীয়। কিন্তু ব্যক্তিগত পৰ্য্যায়ত আমি কিমান গছ ৰোপণ কৰিছোঁ নতুবা
সংৰক্ষণ কৰিছোঁ, সেইটো আমি ভাৱিব চাব
পাৰো নিশ্চয়! আমি নিজ হাতেৰে
ৰোপণ কৰা গছ পুলি এটা লহ্ পহকৈ বাঢ়ি আহিলে মানসিক তৃপ্তি নাপাওঁ জানো! তেন্তে সেই
তৃপ্তিৰ পৰা কিয়নো বিৰত থাকোঁ? ইয়াৰ বিপৰীতে এইটোও
হয়তো কেতিয়াবা ভাৱো আমি এই গছবোৰক জীয়াই থাকিবলৈ কিবা কৰি দিছো; বৰঞ্চ কেতিয়াবা কাটিহে পেলাইছো? আমি সকলোৱে
প্ৰকৃতিক ভাল পাওঁ, প্ৰকৃতি আমাৰ আই। প্ৰকৃতিয়ে আমাক লালন পালন কৰিছে। কেতিয়াবা
ভাৱ হয়, এজন মানুহ প্ৰকৃতিৰ সন্তান হিচাপে কি দিছো প্ৰকৃতিক? চৰকাৰে বা আনে কি কৰিছে তাকলৈ ব্যস্ত হোৱাতকৈ মই কি কৰিছোঁ সেইটোহে চাব লাগে নিশ্চয়। কৃষি কৰ্মৰ সৈতে জড়িত সকলোৰে গছ পুলি ৰোপণ আৰু প্ৰতিপালনৰ জ্ঞান আছে। তেনে
প্ৰকৃতিপ্ৰেমী লোকৰ বাবেইতো ধৰণী ধুনীয়া হৈ আছে,সেয়েহে আজি গাৱেঁ
ভূৱেঁ বিবিধ গছ গছনিৰে ভৰা।
ফটো- ৰিদীপ চৌধুৰী |
যদিও গছ পুলি ৰোপণ কাৰ্য্য তেনেই সহজ,
তথাপি চলি অহা পৰম্পৰাগত জ্ঞানৰ সৈতে কিছু ব্যহাৰিক জ্ঞান আৰু কৌশল অনুকৰণ কৰিব পৰা
যায় তেতিয়া নিশ্চয় সেউজী ধৰণী
গঢ়াৰ যি সামান্যতম প্ৰয়াস তাৰ হাৰ কিছু হ’লেও বাঢ়িব।
ৰ্বষা ঋতু গছ-বন শ্ৰীবৃদ্ধিৰ উৎকৃষ্ট সময়। এই ঋতুত প্ৰকৃতি সেউজীয়া হৈ পৰে। ফুল-ফলে ভৰি পৰে ধৰণী। গতিকে গছ ৰুৱলৈ ইয়াতকৈ উৎকৃষ্ট সময় আছে বুলি ভাৱিব নোৱাৰি। কিন্তু গছৰ গুটি বা পুলিটো ৰুৱ কেনেকৈ? আপোনাৰ জ্ঞানৰ সৈতে কিছু বৈজ্ঞানিক পদ্ধতি যদি অনুকৰণ কৰা হয়, তেন্তে সময় আৰু খৰচ কম হোৱাৰ লগতে সফলতাও সুনিশ্চিত হয়। ইয়াৰ বাবে আমি তলৰ দিশবোৰ অনুকৰণ কৰোঁ আহক---
১. আপুনি কি ধৰণৰ গছ ৰুৱ প্ৰথমে সিদ্ধান্ত লওঁক আৰু ইয়াৰ পূৰঠ গুটিবোৰ আগতীয়াকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰাখক। চাব যাতে সম্পূৰ্ণ পূৰঠ, স্বাস্থ্যৱান আৰু ডাঙৰ যেন লগা গুটিহে নিৰ্বাচন কৰে,
ৰ্বষা ঋতু গছ-বন শ্ৰীবৃদ্ধিৰ উৎকৃষ্ট সময়। এই ঋতুত প্ৰকৃতি সেউজীয়া হৈ পৰে। ফুল-ফলে ভৰি পৰে ধৰণী। গতিকে গছ ৰুৱলৈ ইয়াতকৈ উৎকৃষ্ট সময় আছে বুলি ভাৱিব নোৱাৰি। কিন্তু গছৰ গুটি বা পুলিটো ৰুৱ কেনেকৈ? আপোনাৰ জ্ঞানৰ সৈতে কিছু বৈজ্ঞানিক পদ্ধতি যদি অনুকৰণ কৰা হয়, তেন্তে সময় আৰু খৰচ কম হোৱাৰ লগতে সফলতাও সুনিশ্চিত হয়। ইয়াৰ বাবে আমি তলৰ দিশবোৰ অনুকৰণ কৰোঁ আহক---
১. আপুনি কি ধৰণৰ গছ ৰুৱ প্ৰথমে সিদ্ধান্ত লওঁক আৰু ইয়াৰ পূৰঠ গুটিবোৰ আগতীয়াকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰাখক। চাব যাতে সম্পূৰ্ণ পূৰঠ, স্বাস্থ্যৱান আৰু ডাঙৰ যেন লগা গুটিহে নিৰ্বাচন কৰে,
২. গছ সাধাৰণতে
মে’-জুন মাহত বা বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ৰোপণ কৰিলে
বাচি থকা সম্ভাৱনা বেছি হয়, কিয়নো বাৰিষা প্ৰাকৃতিকভাৱে যথেষ্ট পানী বৰষুণৰ দ্বাৰা
পায়,
৩. মে’-জুন মাহত যদি
পুলি ৰোপণ কৰিব বিচাৰে তেন্তে তাৰ তিনিমাহমান আগতে সংগ্ৰহ কৰি থোৱা ভাল পূৰঠ
গুটিবোৰ নিৰ্বাচন কৰি গজাঁলি মেলিবলৈ ব্যৱস্থা কৰিব লাগে,
ফটো- ৰিজুমণি দাস |
৪. গুটি নিৰ্বাচন
কৰাৰ পূৰ্বে ঘৰত এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হোৱা প্লাষ্টিকৰ গ্লাছ, ৬-৭ ইঞ্চি
ব্যাস আৰু ১০ ইঞ্চিমানৰ অব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল, মজবুত পলিথিন আদি ব্যৱহাৰ
কৰিব পাৰে। পলিথিন বা প্লাষ্টিকৰ ধাৰক বা পাত্ৰ ব্যৱহাৰ কৰিলে তলৰ পৰা আধা
ইঞ্চিমান ওপৰত তিনি চাৰিটামান ফুটা কৰি দিব লাগে যাতে পানী দিয়াৰ পাছত অতিৰিক্ত পানীখিনি
ওলাই যাব পাৰে। এনে ধৰণৰ পাত্ৰ বা ধাৰকবোৰ অতি কমেও ১০ দিনমান আগতে শুকান গোৱৰ
মিহলি কৰা মাটিৰে ভৰাব লাগে কিয়নো আগতীয়াকৈ মাটিভৰাই থ’লে মাটিৰ দানাবোৰ
ভালদৰে ঠাহ খাই পৰে আৰু তাৰ ভিতৰত থকা বায়ু ওলাই যায়, যাৰ ফলত গুটিৰ অঙ্কুৰণৰ পাছত
সহজে শিপা মেলিবলৈ সুবিধা হয়। অৱশ্যে মাটি ভৰাওঁতেও পাত্ৰ বা ধাৰকৰ ভিতৰত বায়ু
সোমাই থাকিব নোৱাৰাকৈ ভৰাব লাগে,
৫. মাটি ভৰোৱা
৭-৮ দিনৰ পাছত পাত্ৰ বা ধাৰকৰ সোঁ-মাজত গুটিটো দিব লাগে। যদি গুটিবোৰৰ বহিস্তকখন
টান হয় তেন্তে পাত্ৰ বা ধাৰকত দিয়াৰ আগতে দুদিনমান পানীত ডুবাই মাটিত দিয়াৰ আগত
নিৰস কৰি ল’ব লাগে। তাৰ দুদিনৰ পাছত অলপ অলপকৈ পানী
ছটিয়াই থাকিব লাগে,
ফটো- ৰিজুমণি, নামৰূপ মাহবিধ্যালয়ৰ চৌপাশ |
৬. স্বাস্থ্যৱান
গুটি হ’লে এসপ্তাহৰ
ভিতৰত গুটি অঙ্কুৰণ হ’বলৈ ধৰিব। তাৰ লগে লগে কিন্তু অপতৃণও বাঢ়িব, সেইবোৰ উভালি
পেলাব লাগে। প্ৰয়োজন অনুসৰি পানী দি থাকিব লাগে,
৭. যদি পোক
পৰুৱাই আক্ৰমণ কৰে তেন্তে ৰগৰ বা তেনে জাতীয় কীটনাশক কমকৈ দিব লাগে। যিহেতু আমি
এইবোৰ গছ প্ৰত্যক্ষভাৱে নাখাওঁ, পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বচাবলৈ সীমিত পৰিমাণত
প্ৰয়োগ কৰিব পৰা যায়। অৱশ্যে জৈৱিক ভাৱে সুৰক্ষা দিব পাৰিলে ভাল,
৮. এনেদৰে প্ৰতিপালন
কৰিলে ৩-৪ মাহৰ পাছত পুলিটো ৰুৱ পৰা হয়গৈ। ৰোৱাৰ সময়ত একেবাৰে ওপৰৰ পাত কেইখিলা পূৰঠ
হ’ব লাগে কিয়নো
পুৰঠ হ’লে সেই পয্যায়ত শিপাই নতুনকৈ ৰোপণ কৰা
ঠাইত পানী সহজে শোষণ কৰিব নোৱাৰিলেও হঠাতে মৰি নাযায়। কিন্তু আগটো কুমলীয়া হৈ
থাকিলে উপযুক্ত পানী শিপাৰ দ্বাৰা গছৰ পুলিটোৱে নাপালে লেৰেলি শুকাই যোৱাৰ
সম্ভাৱনা থাকে,
৯. ৰোপণৰ আগে আগে
ডাঙৰ উদ্ভিদ জাতীয় গছ হ’লে ডাঙৰকৈ গাত খান্দিব লাগে। সাধাৰণতে গাত
২.৫x২.৫x২.৫ ঘনফুট আকাৰৰ কৰিব লাগে। অৱশ্যে কোমল মাটি হ’লে ইমান ডাঙৰ নকৰিলেও হয়। গাতবোৰ পুলিৰোপণৰ ৭-৮ দিনমান আগতে খান্দিব লাগে।
খন্দা গাত পুটিবলৈ এক ফুটৰ ওপৰৰ মাটিৰে ভৰাব লাগে কিয়নো ওপৰৰ মাটিত যথেষ্ট পৰিমাণে
জৈৱিক সাৰ জমা হৈ থাকে। তাৰোপৰি পচা জাবৰ-জোথৰ বা শুকান গোৱৰ দিব পাৰিলে ভাল,
১০. পুলিটো ৰোৱতে চাব যাতে গাতটোৰ সোঁমাজতহে পুলিটো ৰোপণ কৰা হৈছে কিয়নো সোঁমাজত
ৰুলে গাতটোৰ কোমল মাটিত চাৰিওফালে সমানে শিপা মেলিব পাৰে। ইয়াৰ ফলত গছ ডাল মজবুত
হৈ ভৱিষ্যতে বতাহ-ধুমুহাতো হালি নপৰাকৈ থাকিব পাৰিব। আৰু এটা কথা লক্ষ্য কৰা উচিত
যে পুলিটোৰ সৈতে লাগি থকা মাটিখিনি যাতে ৰোপণৰ সময়ত কোনো কাৰণতে ভাগি নপৰে।
পুলিটোৰ গুৰিত ভৰিৰে গচকি আঁতিব নগৈ অলপ দূৰৈৰ পৰা আঁতিব লাগে যাতে পুলিটোৰ মাটি
আৰু শিপাবোৰ ছিগি নপৰে।
যেৰহাটৰ কোকিলামুখৰ নিবাসী, মলাই
অৰণ্য সৃষ্টিকৰ্তা আৰু বিশ্ব ব্যাপি অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙে কোৱাৰ
দৰে পশু-পক্ষীয়ে গছ ৰুব জানে, বতাহে গছ ৰুব জানে, নদীয়ে গছ ৰুব জানে- কেৱল
মানুহেহে গছ কাটে। গছ ৰুব নোৱাৰিলে কাটিবও নেলাগে, গছ নিজে নিজে হয়। যাদৱ পায়েঙৰ দৰে
প্ৰকৃতিপ্ৰেমীৰ বাবে হয়তো আমাৰ চৌপাশবোৰ সেউজীয়া আৰু ধুনীয়া হৈ আছে। আমিও আমাৰ
পৃথিৱীখন দীৰ্ঘস্থায়ী আৰু ধুনীয়া কৰি ৰাখিবলৈ প্ৰকৃতিৰ বুকুত সাধ্য অনুসৰি বাৰে
ৰহণীয়া গছ-বন, পশু-পক্ষীৰ সুন্দৰ পৰিৱেশ ৰচনা কৰি দিয়াটো আমাৰ কৰ্তব্য বুলি ভাৱিব
নিশ্চয় পাৰো।
প্ৰকৃতিৰ বিধস্ত ৰূপ দেখিলে আমাৰ
হৃদয়ে কান্দে। আমাৰ এই কথাখিনি একান্ত মনৰ কথা, ভৱিষ্যতে চাব বিচৰা আমাৰ চৌপাশবোৰৰ
কথা। এই ক্ষেত্ৰত আমি কাকোৱে শিকাবলৈ ধৃস্তষ্টা নাই, জ্বৰত ভূগি কেকাই থকা
পৃথিৱীখনৰ বুকুত কিঞ্চিতমান যদি আমাৰ এই ক্ষুদ্ৰতম প্ৰয়াসে প্ৰকৃতিপ্ৰেমী মানুহক
সজাগ কৰিব পাৰো তাতেই আমাৰ সফলতা।
আমাৰ যুগ্ম জীৱনৰ প্ৰাকক্ষণত আমাৰ
কাষলৈ আহি আমাক মৰম আৰু আশীৰ্বাদ জনোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ আৰু হিয়াভৰা
শুভকামনা। এখন সুন্দৰ, সেউজীয়া, গছ-গছনি, নান ৰঙী, নান গন্ধী ফুল আৰু ফল, পক্ষীৰ
কলকলনিত ডুব গৈ থকা সপোনৰ মনোৰম প্ৰকৃতি এখন কল্পনা কৰি আপোনাৰ সপৰিয়ালৰে সুস্বাস্থ্য
আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
বিনয়াবনত----
-------জয়ন্ত আৰু ৰিজুমণি