জয়ন্ত সোণোৱাল
(ইতিমধ্যে প্ৰান্তিকৰ ১৬ - ৩১ জানুৱাৰী ২০১৮ খণ্ডত প্ৰকাশিত)
ফুলৰ ৰং, গোন্ধ আৰু সৌন্দৰ্য্য পৃথিৱীৰ সকলো
প্ৰাণীকে আৰ্কষণ কৰে । মানৱ সমাজত ফুলৰ গুৰুত্ব অপৰিসীম । মানুহৰ বাবে ফুল অতি
আদৰৰ । কোনো ব্যক্তি যিমানেই কঠিন নহওক কিয় ফুলৰ ৰং, গোন্ধ আৰু সৌন্দৰ্য এক
মূৰ্হূতৰ বাবে হ’লেও হৃদয়ত কোমলতা
আনে । এই কোমলতাই মানুহক প্ৰকৃতিৰ বুকুলৈ লৈ যায় । ফুল ভাল পোৱা মানুহে প্ৰকৃতিকো
ভাল পায় । ফুলে অতীজৰে পৰাই মানুহক আৰ্কষণ কৰি আহিছে । প্ৰকৃতিৰ এই অমূল্য দান
ফুলে অতুলনীয় সৌন্দৰ্য প্ৰদান কৰাৰ ওপৰিও ই আমাৰ
সামাজিক, ধাৰ্মিক আৰু সাংস্কৃতিক
ক্ষেত্ৰবোৰতো লাভ কৰে । মানুহৰ দৈনন্দিন জীৱনৰ
বিভিন্ন কাৰুকাৰ্যত ফুলৰ ব্যৱহাৰ অপৰিসীম । উৎসৱ পাৱন, বিয়া-সভা, সমাজৰ ৰীতি-নীতি আদি প্ৰায়বোৰ
সুভ কৰ্মত ফুলৰ ব্যৱহাৰ কৰি আহিছে । ফুলৰ নান্দনিক সৌন্দৰ্য্যত সকলো মোহিত হৈ ইয়াৰ
আদৰ-যত্ন লয়, মৰম-চেনেহ কৰে, প্ৰেম-সহানুভূতি, শোক আদিৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰে । কিন্তু কেৱল মানুহৰেই
যে ফুলৰ প্ৰতি দুৰ্বলতা আছে তেনে নহয়, অন্য চলনক্ষম সকলো জীৱই ফুলৰ প্ৰেমত পৰে,
ফুলৰ কাষলৈ যায়, ফুলৰ সানিধ্য লাভ কৰে । অৱশ্যে মানুহ আৰু অন্য প্ৰাণীৰ ফুলৰ প্ৰতি
থকা অনুৰাগ আৰু উদেশ্য যদিও একে নহয় তথাপি ফুলে যে সকলোৰে দৃষ্টি নিজৰ ফালে আৰ্কষণ
কৰে সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে । কিন্তু ফুল জানো ফুলে কেৱল আমাক আৰ্কষণ
কৰিবলৈ? কিছুমান ফুলে কিয়নো সুগন্ধ বিলাই? কিছুমান আকৌ কিয় বৰণীয়া হয় বা আন কিছুমান আকৌ
কিয় বৰণহীন বা দেখনীয়া নহয়? ফুলৰ সৌন্দৰ্য
উপভোগ কৰাৰ মাজতে এইধৰণৰ বহু কথাই কেতিয়াবা আমাৰ মনত দুলা দি যায় । সেইয়াবা যিয়েই
নহওক ফুল ফুলা ঘটনাটো এটা সৰ্ম্পূণ প্ৰাকৃতিক আৰু জৈৱিক অনুভূতিৰ প্ৰকাশৰ । সময়
হোৱাৰ লগে লগে
জীৱজগতৰ সকলো জীৱই যিদৰে প্ৰজননক্ষম হৈ উঠে ঠিক তেনেদৰেই গছেও সেই চিৰসত্য
প্ৰাকৃতিক নিয়মৰ পৰা মুক্ত নহয় । গছেও যৌৱনপ্ৰাপ্ত হয় । যৌৱনৰ জৈৱিক অনুভূতি গছেও
অনুভৱ কৰে । সকলো জীৱৰ মৌলিক ইচ্ছা আৰু উদ্দেশ্য
যিদৰে জীৱাই থাকি পৃথিৱীত উত্তৰাধিকাৰী থৈ যোৱা, সেইদৰে গছেও সেই পৰিঘটনা সফল
কৰিবলৈ বদ্ধ পৰিকৰ হয় । তাৰ বাবেই গছে ফুলৰ সৃষ্টি কৰে । ফুল হ’ল গছৰ জনন অংগ । সময় হোৱাৰ লগে লগে সৰু সৰু ঠেঙুলিবোৰৰ
উন্মুক্ত অংশৰ ৰূপান্তৰ ঘটাই আটক ধুনীয়াকৈ ৰং, গন্ধ আৰু সাজোনেৰে গছে ফুলৰ সৃষ্টি
কৰে । ফুলৰ বৃতি, পাহি, জনন অংগবোৰ কাণ্ড আৰু পাতৰ ৰূপান্তৰ মাঁথো । যৌৱন কালত যি দৰে
সকলো জীৱই বিপৰীত লিংগক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ সংকেত বা ৰূপেৰে সজায় ঠিক
তেনেকৈ যৌন প্ৰথাৰে বংশ বৃদ্ধি কৰা সকলো উদ্ভিদে প্ৰজনন প্ৰক্ৰিয়াটো সৰ্ম্পূণ
ফলপ্ৰসু কৰি তুলিবলৈ নানা ফুলে, গোন্ধে, গঠন, বৰণ বা ৰূপেৰে নিজকে সজায় তোলে । প্ৰাণীৰ দৰে
যিহেতু উদ্ভিদে চলাচল কৰি স্ত্ৰী বা পুৰুষৰ পৰষ্পৰ ওচৰ চাপি মিলন হ’ব নোৱাৰে গতিকে দুয়োবিধ লিংগৰ জনন কোষৰ মিলন ঘটাবলৈ অন্য কোনোবা
বাহিৰা বাহকৰ সহায়ৰ অবিহনে সম্ভৱ হৈ নুঠে । এই সহায় আদায়
কৰিবৰ কাৰণেই ফুলে বিভিন্ন ৰং, গোন্ধ, ৰূপ-গঠনেৰে নিজকে সজায় শুৱনি কৰে । সেইবুলি সকলো
ফুলৰ এই সাজোন-কাচোন একে নহয় । কিছুমান ফুলত কেৱল পুং জননাংগহে থাকে আৰু আন কিছুমান ফুলত কেৱল
স্ত্ৰী জননাংগহে থাকে । মাত্ৰ এবিধ লিংগ থকা ফুলক একলিংগী ফুল বোলে । এনেধৰণৰ ফুলৰ
গন্ধ, ৰং আৰু সাজোনৰ বিশেষ তাৎপৰ্য আছে ।
আনহাতে
কিছুামন ফুলত দুয়োবিধ জননাংগ থাকে । তেনে ফুলক উভয়লিংগী ফুল বোলে । উভয়লিঙ্গী ফুলৰ
প্ৰজনন প্ৰক্ৰিয়াটো বিশেষ জটিল নহয় যটিও একলিঙ্গী ফুলৰ প্ৰজনন প্ৰক্ৰিয়াটো কিছু
জটিল হয় । এনে ফুলৰ প্ৰজনন প্ৰক্ৰিয়াটো সম্পন্ন কৰবলৈ বাহিৰা জননকোষ বাহকৰ সহায় ল’ব লগা হয় । সেইবাবেই এনোবোৰ
ফুল ফুলা গছে নিজকে সাঁজি কাচি বাহিৰা বাহক যেনে পোক-প্ৰত্যংগ, চৰাই-চিৰিকতি
নতুবা অন্য জৈৱিক কাৰকসমূহক আৰ্কষণ কৰিবলৈ এনে ৰূপান্তৰ ঘটায় । কিছুমান ফুলে
অজৈৱিক বাহক যেনে বায়ু আৰু পানীৰ সহায়ত পৰাগযোগ প্ৰক্ৰিয়াটো সম্পন্ন কৰে ।
বৰ্ষা ঋতুক ফুলৰ ঋতু বুলি কব পাৰি । চৌপাশে নানা ফুলে
মনোমোহা কৰা এই বৰ্ষা ঋতুত প্ৰকৃতিৰ বুকু ফুলেৰে জাতিষ্কাৰ হৈ পৰে । সময়ৰ বুকুচাত
উঠি সেইজীয়া বননিৰ মাজত লুকাই থকা সৰু ফুলপাহেও সেই ৰেণুবাহকবোৰক দৃষ্টি আৰ্কষণ
কৰিবলৈ নিজকে সজাই তোলে । কিছুমান ফুলে মৌ
উৎপন্ন কৰে । ৰং চঙীয়া ফুলে
বহুতো পোক-প্ৰত্যংগ আৰু চৰাই চিৰিকতিক আৰ্কষণ কৰিব পাৰে । ফুলৰ মৌ বিচাৰি
ফুৰা প্ৰত্যংগবোৰে এপাহ ফুলৰ পৰা অন্য এপাহ ফুললৈ ৰেণু কঢ়িয়াই লৈ য়ায় । যদি সেইপাহ ফুলৰ
গৰ্ভমুণ্ডত কেনেবাকৈ এটা ৰেণু পৰে, আৰু সেই ৰেণু যদি গ্ৰহণীয় হয় তেতিয়াই সেইপাহ
ফুলৰ প্ৰজনন প্ৰক্ৰিয়া সৰ্ম্পূণ হয় । এনেকৈ এপাহ ফুলৰ ৰেণু গৈ অন্য এজোপা গছৰ
ফুলত পৰে । এই প্ৰক্ৰিয়াটোক
উদ্ভিদ বিজ্ঞানত ইতৰ পৰাগযোগ (cross pollination) বুলি কয় । আকৌ
যিবোৰ ফুল বেছি ৰংচঙীয়া নহয় সেইবোৰ ফুল গন্ধযুক্ত হয় । ফুলৰ গন্ধই চৌপাশে থকা কীট-প্ৰত্যংগক
মোহিত কৰে । বিশেষকৈ তগৰ, কঠনা জাতীয় ফুলবোৰ ৰংচঙীয়া নহয় যদিও সিঁহতৰ গন্ধই
ৰেণুবাহকক আৰ্কষণ কৰে । তেনে ফুলৰ গন্ধই হ’ল আৰ্কষণৰ আহিলা
। কিছুমান ফুলৰ আকৌ এনে ধৰণৰ কোনো বাহিৰা বাহকৰ সহায় নোলোৱাকৈ প্ৰজনন প্ৰক্ৰিয়া
সম্পন্ন হয় অৰ্থাৎ পুং আৰু স্ত্ৰী জননাংগ
একেপাহ ফুলতেই থাকে । এনে ফুলবোৰক
উভয়লিংগী
(Bisexual) ফুল বোলে । এনে ফুলত পুং আৰু স্ত্ৰী জননাংগ প্ৰায় একে সময়তে পৈণত হয় ।
স্ত্ৰী জননাংগক পুং জননাংগবোৰে আগুৰি থাকে যাতে ৰেণুবোৰ পৈণত হৈ ওলাই যোৱাৰ লগে
লগে স্ত্ৰী জননাংগৰ গৰ্ভমুণ্ডই ধৰিব পাৰে । এনে ধৰণে পুং আৰু স্ত্ৰী জননকোষৰ মিলন
হোৱা প্ৰক্ৰিয়াটোক স্ব-পৰাগযোগ (self pollination) বোলে । আনহাতে এনে
কিছুমান ফুলো আছে যাৰ প্ৰজনন প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ জৈৱিক বাহকৰ প্ৰয়োজন নহয়
। কিছুমান পানীত থকা ফুল যেনে ভেলিচনেৰিয়া আৰু বায়ুৰ দ্বাৰা পৰাগযোগ
হোৱা ফুলবোৰ । কিন্তু এটা অতি আশ্চৰ্য কথা এইটো যে পৰিৰ্ৱতিত পৰিৱেশৰ প্ৰতি
উদ্ভিদো অতি সচেতন । উদ্ভিদ বিভিন্ন বাহকৰ হতুৱাই প্ৰজনন প্ৰক্ৰিয়া সম্পাদন কৰা
মূল উদ্দেশ্য
হ’ল উন্নত মানৰ অপত্য জনু সৃষ্টি কৰা । যদিও
একেপাহ ফুলতে পুং আৰু স্ত্ৰী দুয়োবিধ যৌনাংগ থাকে (বেলিফুল) তথাপি বেছিভাগ তেনে
উদ্ভিদে ইতৰ ফুলৰ ৰেণুৰ দ্বাৰাহে প্ৰজনন কৰাব বিচাৰে । নিজৰ লগত অন্য একে প্ৰজাতি
বা একে সাদৃশ্য থকা বংশৰ চৰিত্ৰ সংযোগ ঘটাই উন্নত মানৰ সতি-সন্ততি সৃষ্টি কৰিব
বিচাৰে যাতে পৰিৰ্ৱতিত পৰিৱেশত তিষ্ঠি থাকিব পাৰে । যদি সোনাৰু ফুলপাহলৈ চোৱা যায়
তেন্তে দেখা যায় । অপৈনত অৱস্থাৰ
পৰা পৈণ
আমি এইটো কব পাৰো যে যদি ফুলৰ ৰং নাথাকে
তেন্তে তেনে ফুলৰ গন্ধ থাকিবই । যদি ফুল অতি ৰংচঙীয়া হয় তেনে ফুলৰ গন্ধ প্ৰায়ে নাথাকে
। ফুলবোৰ গন্ধযুক্ত বা ৰংচঙীয়া হোৱাৰ মূল উদেশ্য হৈছে ৰেণুবাহকক আৰ্কষণ কৰি প্ৰজনন
প্ৰক্ৰিয়াটো সৰ্ম্পূণ কৰা । পিছে মানুহৰ মানুহৰ কাৰুকাৰ্যই হওক বা অন্য
প্ৰাকৃতিক কাৰণতেই হওক এই ৰেণুবাহকবোৰৰ অভাৱত উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়াত বাধাপ্ৰাপ্ত
হয় । উদ্ভিদৰ প্ৰজনন
প্ৰক্ৰিয়াত বাধা আহিলেই গছত গুটি নালাগিব । গছত গুটি নালাগিলে পৃথিৱী সমগ্ৰ
প্ৰাণীকূললৈ কাল অমানিশা নামি আহিব । বৰ্তমান সময়ত ম’বাইল ফ’নৰ টাৱাৰৰ কম্পনাংক বিকিৰণৰ প্ৰভাৱত তাৰ চৌপাশৰ গছৰ গুটি নালাগে বুলি মানুহৰ মূখত চৰ্চিত হয় । হয়টো ম’বাইল ফ’নৰ এই বিকিৰণে
কিছুমান গছৰ পৰাগযোগত সহায় কৰা কীট-প্ৰত্যংগক ওচৰ চাপিবলৈ সক্ষম নহয় । নতুবা তেনে
বিকিৰণৰ ফলত সৃষ্টি হোৱা অসহিষ্ণুতাৰ বাবে সেই ঠাইৰ পৰা বহু দূৰলৈ গুচি গৈছে । তাৰোপৰি খেতি
পথাৰত ব্যৱহাৰ কৰা কীটনাশক, অপতৃণনাশক, ৰাসায়নিক সাৰ আদি প্ৰয়োগৰ ফলত
কিছুমান পৰাগযোগ ঘটোৱা কীট-প্ৰত্যংগৰ মৃত্যুমুখত পৰিছে যাৰ বাবে পৰাগযোগত বাধা আহি
পৰে, গছত গুটি নোহোৱা হয় । অৱশ্যে অতিপাত
বৃষ্টি, তীব্ৰ বেগী ধুমুহাইও পৰাগযোগত বিফলতা আনি দিয়ে । তাৰোপৰি বিভিন্ন
কল-কাৰাখানাৰ পৰা ওলোৱা বায়ু আৰু শব্দ প্ৰদূষকে বহুতো এনেধৰণৰ কীট-প্ৰত্যংগ, চৰাই
চিৰিকতি আদিক অসহনীয় পৰিৱেশ গঢ়ি তুলিছে যাৰ বাবে সিঁহতবোৰ মৃত্যুমূখত পৰিছে নতুবা
কোনোবা নিৰ্জন ঠাইলৈ গুচি গৈছে । ফলস্বৰূপে সততে ডাল ভৰি ভৰি আগতে ফলে-ফুলে ভৰি
থকা গছবোৰত ফল নলগা হৈছে । গতিকে প্ৰকৃতিৰ সকলো ঘটনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে চলি
থাকিলেহে আমাৰ বিনন্দীয়া প্ৰকৃতিত মানুহৰ লগতে সমগ্ৰ পৰপোষী জীৱৰ বাবে খাদ্য
বহনশীন ধাৰাত বৰ্তি থাকিব ।