Showing posts with label Parthenium hysterophorus. Show all posts
Showing posts with label Parthenium hysterophorus. Show all posts

Monday, 21 April 2025

Parthenium hysterophorus এবিধ ভয়ংকৰ আলহী উদ্ভিদ

Parthenium hysterophorus
এজোপা বিশেষ বিদেশী উদ্ভিদ যি বৰ্তমান ভাৰতত সন্ত্ৰাস সৃষ্টি কৰিছে আৰু অসমৰ চুকে কোণে এতিয়া এইবিধ উদ্ভিদ দেখা পোৱা যায়। আমি বহুতেই দেখিছো যদিও ইয়াক আওকাণ কৰিছো নতুবা সাধাৰণ উদ্ভিদৰ দৰেই ভাৱি আছো। কিন্তু উদ্ভিদ বিধৰ কথা জানিলে আপোনাৰ চকু কপালত উঠিব। আহক আজি জানো এই জোপানো কি উদ্ভিদ!

উদ্ভিদ বিধৰ বৈজ্ঞানিক নাম Parthenium hysterophorus L. যাক Congress grass, carrot weed, ragweed parthenium, বা famine weed বুলিও কোৱা হয়। উদ্ভিদ বিজ্ঞানত ইয়াক দ্বিবীজপত্ৰী উদ্ভিদৰ বেলিফুল বা Asteraceae নামৰ গোত্ৰত স্থান দিয়া হৈছে। এই বনজাতীয় উদ্ভিদ জোপাৰ উত্পত্তি আমেৰিকাৰ উষ্ণ অঞ্চল যেনে মেক্সিকো, আৰ্জেন্টিনা আৰু দক্ষিণ আমেৰিকাৰ দৰে ঠাইবোৰত হৈছিল বুলি জনা গৈছে।  কিন্তু বৰ্তমান এইবিধ উদ্ভিদ এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া আদি মহাদেশবোৰলৈ বিস্তৃতভাৱে বিয়পি পৰিৱেশ, কৃষি আৰু জনস্বাস্থ্যত ভয়াৱহ সমস্যা সৃষ্টি কৰিছে। অসমৰ জলবায়ুত সহজে খাপ খাব পাৰে কাৰণে এতিয়া ইয়াৰ বিস্তৃতি অসমৰ সকলো ঠাইতে দেখা গৈছে। বৰ্তমান এই উদ্ভিদবিধ অতি ক্ষতিকাৰক বুলি জনা গৈছে।

সাধাৰণতে এই উদ্ভিদ বার্ষিক বা তাতকৈ কম সময়ৰ বাবে হোৱা উদ্ভিদ। বৰ্তমান অথাৎ এপ্ৰিল মাহত এই উদ্ভিদ জোপা ফুলেৰে সৈতে দেখা গৈছে। ইয়াত দিয়া ছবিখন চায়েই উদ্ভিদ জোপাৰ চিনাক্ত কৰিব পাৰি। ইয়াৰ উচ্চতা ০.৫২ মিটাৰ পৰ্যন্ত হয়। পাত সৰু আৰু আঙুলিৰ দৰে খাজ কটা, সেউজীয়া, ৰোমযুক্ত, আৰু বিকল্প পাত যুক্ত। পাত খন মুচৰি দিলে নাক জন জনাই যোৱা গন্ধ ওলাই। ইয়াৰ ফুলবোৰ সৰু, বগা ৰঙৰ, পুষ্পবিন্যাস capitula (৫ মিমি ব্যাস) ত গুচ্ছৰূপত দেখা যায়। বীজ কলা, পাখি-আকৃতিৰ, বগা আঁচল থকা (achenes), এজোপা গছে বছৰি প্ৰায় ২৫,০০০ টা বীজৰ সৃষ্টি কৰিব পাৰে।

বীজৰ বিস্তাৰণ বিভিন্ন মাধ্যম যেনে বতাহ, পানী, জন্তু আৰু মানুহৰ দ্বাৰা সহজে বিস্তৃত হয় যাৰ বাবে খুউব সোনকালে বৃহৎ অঞ্চল আগুৰি ধৰে। এই উদ্ভিদ জোপাই parthenin, phenolic acids আদি বিষাক্ত ৰাসায়নিক পদাৰ্থ এৰি দিয়ে যিয়ে আন উদ্ভিদৰ বাবে বিষাক্ত হয় আৰু বৃদ্ধিত বাধা প্ৰদান কৰাৰ লগতে  অন্য উদ্ভিদৰ উৎপাদন হ্ৰাস কৰে। সকলোতকৈ ভয়ানক কথাটো হৈছে স্থানীয় উদ্ভিদক উচ্ছেদ কৰি জৈৱ-বৈচিত্ৰ্য হ্ৰাস কৰি পৰিৱেশৰ ওপৰত কু-প্ৰভাৱ পেলায়।

মানুহৰ অতি আৱশ্যকীয় শস্য যেনে গম, ছয়াবীন, বাৰীৰ খেতি, ঘেহুঁ, মাহজাতীয় শস্য আদিৰ দৰে গুৰুত্বপূর্ণ শস্যৰ যথেষ্ট ক্ষতি সাধন কৰে। ঘাঁহ খোৱা প্ৰাণীৰ বাবে ই বিষাক্ত হয়। ইয়াক খালে গৰু-মহ, ছাগলী আদিৰ জন্তুৰ মুখত ঘাঁ সৃষ্টি হয়, ছালৰ বেমাৰ সৃষ্টি কৰে, তৃৰ্ণভোজী জন্তুৰ খাদ্য গুণাগুণ নষ্ট কৰে। গাইৰ গাখীৰ তিতা হয়।

এই উদ্ভিদে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আনিছে। এই উদ্ভিদৰ ৰেণুবোৰে মানুহৰ এলাৰ্জি, হাপানি, জ্বৰ, চৰ্ম ৰোগ আদি সৃষ্টি কৰাৰ উপৰিও কেন্সাৰৰ দৰে ৰোগৰো কাৰক বুলি গৱেষণাত প্ৰকাশ পাইছে।

 এই বিধ উদ্ভিদৰ অভিযোজন ক্ষমতা বহুত বেছি। যিকোনো পৰিৱেশত সহজে জীয়াই থাকিব পাৰে। খুউব সহজেই এই বিধ উদ্ভিদে নতুন ঠাইত অভিযোজন কৰি ল'ব পাৰে। পথৰ কাষ, বেয়া মাটি, পতিত ভূমি, আৰু কৃষিভূমিত সহজে বৃদ্ধি পায়।

 এই উদ্ভিদ নিয়ন্ত্ৰণ সামূহিক প্ৰচেষ্টাৰ দ্বাৰাহে কৰিব পাৰি। এই উদ্ভিদক নিয়ন্ত্ৰণ কৰিবলৈ ফুল ধৰা আগতেই হাতেৰে উঘালি পেলাব লাগে। এই উদ্ভিদৰ অৱস্থিতি গম পোৱাৰ লগে লগেই নিয়মিত ভাৱে উঘালি পেলালেহে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হয়। একোটা অঞ্চলত কেৱল এজন দুজন মানুহে নিয়ন্ত্ৰণৰ চেষ্টা কৰিলে সু-ফল পোৱা নাযায়। দেখা মাত্ৰকেই সকলোৱে ফুল নুফুলাৰ আগত ইয়াক উঘালি নষ্ট কৰাৰ বাহিৰে ভাল প্ৰতিকাৰ নাই।

অৱশ্যে ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিও নিয়ন্ত্ৰণ কৰিব পাৰি। Glyphosate, Atrazine আৰু Metsulfuron-methyl দৰে অপতৃণনাশক ব্যৱহাৰ কৰি ৰোধ কৰিব পাৰি। জৈৱিকভাৱেও এই উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ভিতৰত উল্লেখযোগ্য জৈৱিক কাৰকসমূহ হ'ল- 

Beetles: Zygogramma bicolorata (পাত খোৱা বিটল)।

Fungi: Puccinia abrupta (এক প্ৰকাৰৰ ফাংগাছ বা ভেকুঁৰ)।

Moths: Epiblema strenuana (ইয়াৰ পাত খোৱা পোক)।

উদ্ভিদ বিধৰ দুই এটা ধনাত্মক দিশো নথকা নহয়। ইয়াক পোক-পতঙ্গ নিয়ন্ত্ৰণৰ বাবে জৈৱিক কীটনাশক হিচাপে ব্যৱহাৰ কৰে। ফুল নুফুলা গছবোৰ সঠিকভাৱে পচাই বিষাক্ত পদাৰ্থ হ্ৰাস কৰি জৈৱসাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

গৱেণাত পোৱামতে এই উদ্ভিদৰ মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিব পৰা গুণো আছে।

যি কি নহওক, এইবিধ উদ্ভিদ সমগ্ৰ বিশ্বৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে।

IUCN য়ে এইবিধ উদ্ভিদক "বিশ্বৰ আটাইতকৈ ক্ষতিকাৰক বিদেশী প্ৰজাতি" ৰ তালিকাত অন্তর্ভুক্ত কৰিছে। এই উদ্ভিদে ভাৰত, অষ্ট্ৰেলিয়া, ইথিঅ'পিয়া, আৰু দক্ষিণ আফ্ৰিকাত বিশেষ সমস্যা ৰূপে থিয় দিছে।

অৰ্থনৈতিকভাৱেও এইবিধ উদ্ভিদে যথেষ্ট ক্ষতি কৰিছে। এই উদ্ভিদৰ আগ্ৰাসনে কৃষি আৰু স্বাস্থ্য খণ্ডত বছৰি বিলিয়ন ডলাৰৰ ক্ষতি।

ভৱিষ্যৎ শংকাঃ ভৱিষ্যতে এই মাৰাত্মক উদ্ভিদবিধে পৃথিৱীৰ সকলো ঠাই আগুৰি লোৱাৰ আশংকা কৰা হৈছে। জলবায়ু পৰিবৰ্তনৰ লগে লগে ইয়াৰ বিস্তাৰণ ক্ষিপ্ৰতৰ হবলৈ ধৰিছে। ইয়াৰ বিস্তাৰ নতুন অঞ্চললৈ হোৱাৰ সম্ভাৱনা অধিক।

এইবিধ উদ্ভিদ নিয়ন্ত্ৰণ কৰিবলৈ হলে ফুল ফুলাৰ আগতেই নষ্ট কৰি পেলাব লাগিব। এই কাম সকলোৱে একে সময়তে কৰিব লাগিব। সাধাৰণ জনসাধাৰণৰ অজ্ঞতা বা আওকাণৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাটো বৰ্তমানে সম্ভৱ হৈ উঠা নাই। ইয়াৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰাটো অভিজ্ঞ লোকৰ দায়িত্ব। আহক আমি সকলো মিলি প্ৰকৃতিৰ শক্ৰ এই উদ্ভিদবিধ ধ্বংস কৰি পেলাওঁ

খণ্ড ৬- ব্লগাৰত কেনেকৈ মেনু চেটিং কৰা হয়

  আমি আগৰ খণ্ডটোত কেনেকৈ প ’ ষ্ট লিখা হয় তাৰ বিষয়ে জানিলো। আজিৰ খণ্ডটোত কেনেকৈ পেজ (Page) সৃষ্টি কৰি মেনু (Menu) বা টেবচ্ (Tabs) ছেটিং ক...