Showing posts with label বাটৰে শেষতে. Show all posts
Showing posts with label বাটৰে শেষতে. Show all posts

Sunday, 7 December 2025

বাটৰে শেষতে

জুবিন গাৰ্গৰ কণ্ঠৰ এটি জনপ্ৰিয় গীত

(কথাঃ বিজিত, সৰঃ জয়ন্ত কাকতি, নাটকঃ বিৰ্সজন)

 

বাটৰে শেষতে

বাট চাওঁ তোমালে'

লৈ যোৱাহি

আজি তোমাৰ বাটেৰে

বাটৰে শেষতে...

 

তুমি আহিলে

নামে বুকুলে' শাওন

তুমি নহ'লে

উকা উকা মোৰ ফাগুন

বাটৰে শেষতে...

 

আশে পাশে বুকুৰে

তুমি ভেদিলা পৰিধি

আৰু হ'লা হঠাতে

কি যে আপোন

এতিয়া নিজৰ হিয়াতে

মই নিজে আলহী

আজৰি হৈ খবৰ ল'বাচেন

তুমি আহিলে... বাটৰে শেষতে...

 

ভাঙি যোৱা প্রতিটো সপোন

আৰু মনৰে দাপোন

আজি তোমাক পালে হয় আকৌ নতুন

ৰৈ গ'লা তুমি এনেকৈ বুকুতে যেনেকৈ

এটি চিনাকি নূপুৰৰ ৰুণজুন

তুমি আহিলে... 

বাটৰে শেষতে...

                                 গীতটো শুনিবলৈ ইয়াত ক্লিক কৰক

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...