Showing posts with label কাতিমাহৰ ৰং(কবিতা). Show all posts
Showing posts with label কাতিমাহৰ ৰং(কবিতা). Show all posts

Wednesday, 26 October 2016

কাতিমাহৰ ৰং


য়ে ঘনে ঘনে পথাৰলৈ যায়,

পুৱা এবেলি আবেলি এবেলি।

বাওধান ডৰাই শীতল বতাহত,
হালি জালি কঙালৰ ৰং চাই।
আইয়ে কাতিমহীয়া কঙালত লেৰেলি পৰে,

য়ে টেপি টেপি ধানগুটিৰ বয়স জোখে।

চেহ! কেতিয়ানো পকিব ধান
ভড়ালো উদং
ধান পকে মানে টনিৰ মৰণ।

আঠুঁত থুতৰি লগাই,

পিৰালিতে বহি আইয়ে দুখবোৰ গণে,

আঙুলিৰে লিখি লিখি মাহটোৰ শেষলৈ যায়।

সন্ধিয়া পিতায়ে,
হাত মোনা ভৰাই,
ঘৰলৈ ওভতে,
এক কিলো চাউল,
এপুৱা মিঠাতেল,
আৰু বিড়ি এমুঠা।

য়ে বৰঘৰত জুই ধৰে,
চৰুটো আকৌ ভৰি পৰে,

আইৰ মনৰ আকাশত,
ফৰিংফুটা এআকাশ জোনাক নামে।

বছেৰেকীয়া পৰীক্ষা আহে,
বটলত চেলপাক চিয়াহী টুটে,
পুতেকৰ আপত্তি বাঢ়ে,
নতুন এটা কলমো লাগে।

আকৌ পুৱাতে ওলাই যোৱা পিতায়ে,
গধুলি অভাৱৰ তালিকাখন পূৰ কৰে।

আইয়ে জুই অঙঠা ভাঙি ভাঙি
তৃষাৰ এপাট অস্ত্ৰ গঢ়ে ।

                                  ----জয়ন্ত সোনোৱাল

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...