Tuesday, 3 March 2026

তৃতীয় বিশ্বৰ উকমুকনি পৃথিৱীৰ শেষ হ'ব নেকি?

আমি ডাঙৰৰ মুখত শুনা এষাৰ কথা মনত পৰিছে । আনৰ উন্নতি দেখিলে হিংসা কৰিব নাপায় । তেনে কৰিলে কেতিয়াবা নিজৰহে ক্ষতি হয় । পাছত এইবোৰ কথা কিতাপত পঢ়িবলৈ পালো । আমিও অহিংস দেশৰ মানুহ । মানুহক হিংসা কৰিব নাপায় বুলি জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ গৈছিল আৰু এই অহিংস নীতিয়ে ভাৰতে স্বাধীনতা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি পাছলৈ জানিব পাৰিছিলো । কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটি থকা হিংসা-প্ৰতিহিংসাৰ ঘটনাবোৰৰ পৰা লাহে লাহে আমি শুনা বা পঢ়া কথাবোৰ মিছা যেনহে লগা হৈছে । এখন দেশৰ উন্নতিত অন্যখন দেশৰ পুৰণিহে দেখা গৈছে । চল-চাতুৰি কৰি অন্য দেশক বশ কৰি নিজৰ আধিপত্য বিস্তাৰৰ বাবে হয় নিজেই যুদ্ধ কৰিছে নতুবা আনৰ হতুৱাই যুদ্ধ কৰোৱা হৈছে । এনে এক বশৱতী স্বীকাৰ হৈ পাকিস্তানে ভাৰতৰ সৈতে কৰা শত্ৰুতা এক জ্বলন্ত উদাহৰণ । ঠিক তেনেকৈ ইউক্ৰেন আৰু ৰাছিয়াৰ যুদ্ধ, ইজৰাইল আৰু ইৰাণৰ যুদ্ধ, আফগানিস্তান আৰু পাকিস্তানৰ যুদ্ধ আদি ইতিহাসৰ জ্বলন্ত উদাহৰণ হৈ ৰ'ব।

যুদ্ধপ্ৰিয় ড'নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ দমন নীতিৰ বাবেই আৰম্ভ হ'বলৈ গৈ আছে তৃতীয় বিশ্বযুদ্ধ। এই তৃতীয় বিশ্বযুদ্ধৰ বাবে দায়ী হ'ব আমেৰিকা। তৃতীয় বিশ্ব যুদ্ধই হয়তো শেষ কৰি পেলাব পৃথিৱী।

বিশ্বৰ বিভিন্ন দেশৰ মাজত কাজিয়া লগাই থকা দেশখনেই হৈছে আমেৰিকা । যুদ্ধ আমেৰিকাৰ দীৰ্ঘদিনীয়া পৰিকল্পনা ।
ড'নাল্ড ট্ৰাম্প নামৰ ৰাষ্ট্ৰপতি জনে কেৱল প্ৰয়োগহে কৰিছে ।
আমেৰিকাই নিজৰ ভূ-খণ্ডত থকা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সৰ্বাতোতকৈ বেছি কৰিছে। সেয়েহে আমেৰিকা ধনী আৰু পৃথিৱীৰ ভিতৰত উন্নত দেশ । এতিয়া সম্পদৰ বাবে অন্য দেশৰ ওপৰত চকু । বিভিন্ন কূটকৌশল ৰচনা কৰি সন্ত্ৰাসবাদ সৃষ্টি কৰা, এখন দেশক উচতাই অন্য এখনক আক্ৰমণ কৰোৱাৰ পিছফালে থকা দেশখনেই আমেৰিকা।
পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ সাৰ-পানী যোগোৱা দেশখনেই আমেৰিকা । বৰ্তমান বিশ্বত থকা প্ৰভাৱশালী, তৈল সম্পদেৰে ভৰপূৰ দেশসমূহক আমেৰিকাৰ বহতীয়া কৰিবলৈ কৰা কূটনৈতিক অভিসন্ধিত বাকী ৰৈছিল ইৰাণ । তাকে নোৱাৰি ইজৰাইলৰ হতুৱাই মুকলিকৈ ইৰাণ আক্ৰমণ কৰিলে ।
ড'নাল্ড ট্ৰাম্পে ইৰাণৰ চলি থকা যুদ্ধৰ মাজতে লকযদ্ৰমত ঘোষণা কৰিছে এতিয়াৰ পৰা ভাৰতে ভেনিজৱালাৰ পৰা তেল ক্ৰয় কৰিব বুলি । ইও এক ভাৰতৰ প্ৰতি আমেৰিকাৰ সকিয়নি ।
ভাৰতৰ সিদ্ধান্ত অতি বিচক্ষণতাৰ ওপৰত নিৰ্ভৰ কৰিব ।

No comments:

Post a Comment

মৃত্যু: জীৱনৰ অন্তিম অথচ চিৰসত্য যাত্ৰা

জন্মৰ লগে লগেই মানুহৰ জীৱনত আৰম্ভ হয় আন এক নীৰৱ যাত্ৰা— সেয়া মৃত্যু। অথাৎ যাৰ জন্ম হয় তেওঁ লগত লৈ আহে মৃত্যু। এই সত্যক কোনেও অস্বীকাৰ কৰি...