Sunday, 14 December 2025

৫০০ টকীয়া নোট বন্ধ হ'ব

ভাৰতত ধনৰ ব্যৱহাৰ বা যিকোনো ধৰণৰ নীতি-নিয়ম নিৰ্দ্ধাৰণ কৰে ভাৰতীয় ৰিৰ্জাভ বেংকে। ২০১৬ চনৰ ৮ নম্বেবৰৰ নিশা ৮ বজাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ যোগেদি তেতিয়া প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰিছিল । সেই সময়ত দেশত ছপা নোটৰ সংকটে দেখা দিছিল । পৰবৰ্তী সময়ত লাহে লাহে নতুন ৫০০ টকীয়া আৰু প্ৰথমবাৰৰ বাবে ২০০০ টকীয়া নোট ছপা হ'ল। দেশত ব্যাপক হাৰত ২০০০ টকীয়া নোট ব্যৱহাৰ হ'ল। কিন্তু দুৰ্নীতি বা অবৈধ লেন-দেনত ২০০০ টকীয়া নোটে অহিৰণা যোগোৱা বুলি বহুতো প্ৰমাণ পোৱাত এতিয়া ২০০০ টকীয়া নোট ঘোষনা নকৰাকৈয়ে নোহোৱা হৈ গ'ল। ঠিক একে উদ্দেশ্যে পুনৰ ৫০০ টকীয়া নোট আতঁৰাই ক'লা ধনৰ লেনদেন ৰোধ কৰা পৰিকল্পনা লোৱা হৈছে। ডিচেম্বৰ মাহৰ পৰাই এ,টি.এম ত উপলব্ধ হ'ব কেৱল ১০০ আৰু ২০০ টকীয়া নোট। ইয়াৰ দ্বাৰা কেৱল অবৈধ লেন দেনেই নহয় কাগজৰ নোটৰ প্ৰচলন কমাই ডিজিটেল লেনদেন ব্যাপক কৰিব লোৱা হৈছে বুলি ধাৰণা কৰিব পাৰি ।

No comments:

Post a Comment

Cultivation of Chrysanthemum

Botanical Name Dendranthema grandiflora (Formerly known as Chrysanthemum morifolium ) Family Asteraceae Introduction Chrysanthemum is one of...