Thursday, 9 October 2025

জুবিন গাৰ্গৰ গভীৰ ভাৱাৰ্থৰ এটি গীত

 শব্দ



এইটোৱেই আৰম্ভণি, প্রথম আমি শিকিছিলোঁ

 বুজি পাইছিলোঁ নিজক নিজৰ অস্তিত্বক, ই প্রথম শব্দ,

কথা ক'লোঁ শৈশৱ শিকিলোঁ,

দেখিলোঁ, জানিলোঁ, আমি শব্দৰ আশ্রিত

 শব্দেবে পৰিচালিত শব্দতে সমাহিত

 হঠাৎ শব্দ ভুল হ'ল এতিয়া আমি কওঁ নিজেই

 নাজানো কিমান কওঁ কিমান ৰাখিব পাৰোঁ

আমি নির্লজ.......

শব্দ যদি প্রেৰণা হয় শব্দ যদি শকতি হয়

 শব্দ আজি কিয় শংকিত শব্দ যদি ব্রহ্মবৃক্ষ

 শব্দ যদি চিৰশুদ্ধ শব্দ আজি কিয় সংকুচিত

 শব্দ আজি বাকরুদ্ধ শব্দ আজি কাৰাৰুদ্ধ

 শব্দ আজি নিজেই নিজত আৱদ্ধ।

ইউকেলিপটাচ গছৰ দৰে ওখ হ'ব খোজোঁ মই

 চিৰদিন চিৰন্তন, আকাশ চুব খোজোঁ মই

 কিন্তু কিছুমান ভয়ানক শব্দই মোৰ

 অস্তিত্বক বিলীন কৰি মোক শেষ কৰি

 জন্ম দিব খোজে কিছুমানক, যাৰ কোনো

 জন্ম লোৱাৰ অধিকাৰ নাই তথাপি যুঁজাৰু

 মই জন্মগত আমৰণ মোৰ সংকল্প

 অস্তিত্ব অপবাজেয় শব্দ মানে আজি যুদ্ধ

 শব্দ আজি মাথোঁ ক্ষুব্ধ শব্দই আজি নানে কোনো আদর্শ

কিয় শব্দ আহে যাতনা হৈ

 শব্দ যদি মৰণৰ নৈ শব্দ আজি মৃত অপশিল্প

 শব্দ এটি ঘিণ লগা শব্দ শব্দ জন্তু হৈ লিপ্ত

 শব্দ মোৰ সৃষ্টিৰ বিলুপ্তিত

মুগ্ধ শব্দ..... প্ৰেৰণা... সংকুচিত..... আবদ্ধ

যদিও পৃথিৱী নিঃশব্দ মই মুক্ত সশব্দ।

No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...