Friday, 10 October 2025

এন্ধাৰ হ’ব নোৱাৰোঁ

জুবিন গাৰ্গৰ জনপ্ৰিয় গীত

এন্ধাৰ হ’ব নোৱাৰোঁ
মচি দিব নোখোজোঁ
পাখি মেলা অতীতক
কিদৰে পাহৰোঁ।

এন্ধাৰ হ’ব নোৱাৰোঁ...........।

পোহৰ বুলি জিয়ালোঁ
মনে মনে প্ৰাণতে
হাতেৰে ঢুকি নোপোৱা জোনৰে ছবি
পাখি মেলি সপোনে
আগচিলে জীৱনক
কোনোবা দৰদী আকাশৰ নীলিমাতে
সেই মন আজি যেন অসীমত
লীন হোৱা তৃষা
কিদৰে পাহৰোঁ মই

এন্ধাৰ হ’ব নোৱাৰোঁ.....

সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে
নাজানো যদিও দুবাহু আছো মেলি
সচাঁ-মিছাৰ সোঁমাজত
সাঁতুৰিছোঁ যদিও
খেদি খেদি সপোনে মিঠা চুমা যাচে।
এই মন আজি যেন পোহৰত
প্ৰাণ পোৱা তৃষা
কিদৰে পাহৰোঁ মই

এন্ধাৰ হ’ব নোৱাৰোঁ...

শুনামতে জুবিন গাৰ্গে এইটো গানৰ বাবে সাত দিন-ৰাতি একাকাৰ কৰি সম্পূৰ্ণ কৰিছিল।

No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...