Friday, 8 August 2025

State Bank of India: বৃহৎ সংখ্যক পদত নিযুক্তি

State Bank of India ত কনিষ্ঠ সহযোগী (JUNIOR ASSOCIATES (CUSTOMER SUPPORT & SALES) পদৰ বাবে আবেদন বিচৰা হৈছে। মুঠ পদৰ সংখ্যা ৫৯৯০ টা। প্ৰত্য়েক ৰাজ্যৰ বাবে সুকীয়া সুকীয়া সংৰক্ষণ। অসমৰ বাবে আছে বিশেষ সংৰক্ষণ। অসমৰ বাহিৰেও বহিঃৰাজ্যত চাকৰি কৰাৰ সুযোগ।

অসমৰ বাবে আছে ৩১০ টা পদ। ইয়াৰে ১৪৫ টা একেবাৰে নতুন নিযুক্তি আৰু ১৭০ টা বেক লগ পদ। অৱসৰ প্ৰাপ্ত চাকৰিয়ালৰ বাবেও বিশেষ পদ। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাবে সুকীয়া পদৰ সংৰক্ষণ।

অনলাইন যোগে হব পৰীক্ষা। নিদ্ধাৰিত কৰি দিয়া কেন্দ্ৰসমূহত দিব পাৰিব অনলাই পৰীক্ষা। 

অহা চেপ্তেম্বৰ মাহত হব প্ৰাৰম্ভিক পৰীক্ষা। নম্বেৱৰ মাহত হব ফাইনেল পৰীক্ষা।

বয়সঃ

বয়স ০১-০৪-২০২৫ ত ২০ বছৰ তলৰ আৰু ২৮ বছৰ অধিক হ'ব নালাগিব। জন্ম 02.04.1997 আৰু 01.04.2005 ভিতৰত হোৱা হ'ব লাগিব।   অৱশ্যে তলত দিয়াৰ দৰে বয়সৰ ৰেহাই আছে।


শিক্ষাগত অৰ্হতাঃ

যিকোনো ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। স্নাতক চূড়ান্ত বৰ্ষত পঢ়ি থকা শিক্ষাৰ্থী পৰীক্ষাত অৱতীণ হ'ব পাৰিব কিন্তু অহা ৩১ ডিচেম্বৰ ২০২৫ ত ফাইনেল পৰীক্ষাত উত্তীণ হোৱা প্ৰমাণ পত্ৰ দিব লাগিব।

দৰমহাঃ

PAY SCALE: Rs.24050-1340/3-28070-1650/3-33020-2000/4-41020-2340/7- 57400-4400/1-61800-2680/1-64480. 

প্ৰাৰম্ভিক দৰমহাঃ  Rs.26730/-

পৰীক্ষাৰ মাচুলঃ

    1. SC/ST/PwBD/XS/DXS      বিনামূলীয়া

    2. General/ OBC/ EWS   Rs. 750/-

আবেদন জমা কৰা পদ্ধতিঃ

১) প্ৰথমে প্ৰাৰ্থীজনে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।
২) পঞ্জীয়ন কৰা পাছত নিদ্ধাৰিত পৰীক্ষাৰ মাচুল জমা কৰিব লাগিব।

৩. অনলাই (Online) যোগে আবেদন দিব লাগিব। আবেদন দাখিলৰ অন্তিম তাৰিখঃ ২৬-০৮-২০২৫

৪. নিজৰ ব্যৱহাৰ হৈ থকা ই-মেইল লাগিব।

৫. সক্ৰিয়া মবাইল নম্বৰ থাকিব লাগিব।

পঞ্জীয়ন

পঞ্জীয়ন কৰিবলৈ ইয়াত ক্লিক কৰক পঞ্জীয়ন

যদি ইতিমধ্য আবেদন জমা কৰিলে তেতিয়া ইয়াত লগইন কৰক Login

বিজ্ঞাপনৰ বিশদ বিৱৰণ চাবলৈ ইয়াত ক্লিক কৰক Click here

পৰীক্ষাত ব্যৱহাৰ কৰিব পৰা ভাষাঃ

অসমৰ প্ৰাৰ্থীসকলে অসমীয়া, বেঙ্গলী, ইংৰাজী আৰু হিন্দী ভাষাত দিব পাৰিব। 

প্ৰাৰ্থী নিৰ্বাচনঃ

অনলাইন যোগে বাচনি পৰীক্ষা হ'ব। প্ৰাৰম্ভিক পৰীক্ষা হ'ব অহা চেপ্তেম্বৰ মাহত। খুউব কম দিনৰ ভিতৰতে পৰীক্ষাৰ দিন ঘোষনা  হ'ব।
তলত দিয়া ধৰণে হ'ব প্ৰাৰম্ভিক পৰীক্ষা
প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে ১/৪ নম্বৰ কটা যাব।

দ্বিতীয় পৰ্য্যায়ৰ পৰীক্ষা নম্বেৱৰ মাহত হোৱাৰ সম্ভাৱনা আছে। এইটো পৰীক্ষাও অনলাইনত হব।
তলত দিয়া ঘৰণে হ'ব প্ৰশ্ন কাকত।

দ্বিতীয় পৰ্য্যায়তো প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে ১/৪ নম্বৰ কটা যাব।


No comments:

Post a Comment

MCQs on Sexual Reproduction in Bisexual Plants

1. A bisexual flower contains: A. Only male parts B. Only female parts C. Both male and female parts D. Neither male nor female parts ✅...