Sunday, 17 August 2025

পাকিস্তানে ভাৰতত পৰমাণু বোমা দিব

যোৱা ২২ এপ্ৰিল ২০২৫ ত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰি ২৬ জনকৈ পৰ্যটকক গুলিৱাই হত্যা কৰাৰ পাছত ভাৰতে পাকিস্তানৰ মাটিত পাকিস্তান চৰকাৰৰ নিমখ খাই লালিত-পালিত হোৱা সন্ত্ৰাসবাদীক আক্ৰমণ কৰাৰ পাছত দুয়োখন দেশৰ মাজত শত্ৰুতা তীব্ৰতৰ হবলৈ ধৰিছে। ভাৰতে যদিও পূণাংগ যুদ্ধ নকৰি কেৱল সন্ত্ৰাসবাদীৰ বৰ্বৰতাক মষিমূৰ কৰিবলৈ আক্ৰমণ কৰিছিল, কিন্তু সন্ত্ৰাসবাদীৰ কথাত উঠা-নমা কৰা পাকিস্তানে ভাৰতৰ সৈতে পূৰ্ণাংগ ৰূপত যুদ্ধ কৰিছিল। ভাৰতত হাতত ধাৰাসায়ী হোৱাৰ পাছত নিজৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকি অহাত পাকিস্তানৰ মন্ত্ৰী, সেনাৰ মুখত এতিয়া পাকিস্তানৰ জনসাধাৰণক সন্তোষ্ট কৰিবলৈ সভা-সমিতি, টেলিভিশ্বন আদিত কেৱল ভাৰতক পৰমাণু বোমাৰে নিশেষ কৰাৰ কথা মুখত আখৈ ফুটা দি ফুটিবলৈ ধৰিছে। ভাৰতে পাকিস্তানৰ সৈতে পূৰ্বতে থকা হিন্দু জলচুক্তি বাতিল কৰাৰ পাছতেই পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভয়াৱহতা অহা কথাটোক লৈ পাকিস্তানৰ ৰজা আৰু প্ৰজা সকলোৰে টোপনি সৰিছে। জনতাৰ ৰোষৰ পৰা পৰিত্ৰাণ পাবলৈ শাসনত থকা মন্ত্ৰী সকল, একছত্তী সেনাৰ মূৰব্বী আচিম মুনিকে ধৰি একাংশ লোকক কেৱল ভাৰতৰ ভূতে দিনে নিশাই খেদি ফুৰিছে। তাতে আমেৰিকা আৰু চীনে নিজৰ দেশত তৈয়াৰী বিভিন্ন ধৰণৰ অস্ত্ৰ সাম্ৰগী পাকিস্তানক বিক্ৰী কৰি এই সুযোগতে ধন ঘটাৰ আশাতে পাকিস্তানৰ দৰে অদূৰদৰ্শী মন্ত্ৰী-সেনা বিষয়াক উত্তেজিত কৰি ভাৰতৰ বিৰুদ্ধে বিভিন্ন তিৰ্য্যক মন্তব্য দিয়াত উতসাহ জগাই আহিছে। সৌ সিদিনা স্ব-প্ৰশংসাত গৰ্বিত আচিম মুনিৰ নামৰ সেনা-প্ৰধানজনে আমেৰিকাৰ পৰাই ভাৰতক অতি তুচ্ছ শব্দৰে তুচ্ছ-তাছিল্যৰে ভাবুকি দিবলৈও কুণ্ঠাবোধ কৰা নাই। তেওঁৰ মতে ‘’ভাৰত হৈছে চিকচিকিয়া মাৰ্চিডিচ গাড়ী আৰু পাকিস্তান হৈছে শিলে ভৰা এখন ট্ৰাক। ৰাস্তাত মাৰ্চিডিছ আৰু ট্ৰাকৰ মাজত খুন্দা মাৰিলে কাৰ বেছি ক্ষতি হ’’ বুলি উপমা দি ভাৰতক উপলুঙা কৰিছিল। তেওঁ আৰু কৈছিল ইন্দু নদীত ভাৰতে জলবিদ্যুত প্ৰকল্প বনালে ১০ টা মিছাইলেৰে ভাঙি পেলাব আৰু তেওঁ সেই দিনটোলৈ বাট চাই আছে বুলি ভাবুকি প্ৰদান কৰিছে। লগতে কৈছে কিবা কাৰণত যদি পাকিস্তান ডুবিব লগা হয় তেন্তে আধা পৃথিৱী লগত লৈ ডুবা কথা কৈ ভাৰতক ভাবুকি প্ৰদান কৰিছে। পাকিস্তানৰ এই ধৰণৰ কথাতেই বুজা যায় যে বৰ্তমান পাকিস্তানত কেনেধৰণৰ হাহাকাৰ সৃষ্টি হৈছে, কিমান নিৰাশাত ডুব গলে দেশৰ নেতা, বিষয়াই এনে কথা কবলৈ বাধ্য হয়!

তাৰোপৰি পাকিস্তানৰ মন্ত্ৰী আৰু জননেতাৰ মুখত কেৱল ভাৰতক পৰমাণু বোমাৰে আক্ৰমণ কৰি শেষ কৰাৰ কথাকে কৈ থকা দেখা গৈছে। শেষতীয়াকৈ একালৰ প্ৰাক্তন ক্ৰিকেট বৰ্ডৰ চেয়াৰমেন আৰু নৱাব শ্বেৰিফৰ ঘনিষ্ঠ নেজাম শেথে কি কি কাৰণত পাকিস্তানে ভাৰতত পৰমাণু বোমা পেলাব তাৰো লিষ্ট এখন তৈয়াৰ কৰিছে বুলি কৈ বিশ্বজুৰি বাতৰি শিৰোনাম দখল কৰিছে। তেওঁৰ মতে তলত কাৰণ কেইটাৰ বাবে পাকিস্তানে ভাৰতত পৰমাণু বোমা বিস্ফোৰণ কৰিব-

১) যদি ভাৰতৰ নৌ সেনাই কৰাচী বন্দৰত পাকিস্তানৰ নৌ সেনাৰ গতি-বিধিত বাধা দিয়ে তেন্তে পৰমাণু বোমাৰে আক্ৰমণ কৰিব,

২) যেতিয়া ভাৰতীয় সেনাই লাহোৰত প্ৰৱেশ কৰি ইচলামাবাদত প্ৰৱেশ কৰিব তেতিয়া পৰমাণু বোমাৰে আক্ৰমণ কৰিব,

৩) যেতিয়াই ভাৰতে ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰিব তেতিয়াও ভাৰতক পৰমাণু বোমাই আক্ৰমণ কৰিব।

গতিকে পাকিস্তানৰ সৰ্বত্ৰে যে ভাৰতৰ প্ৰতি ভয় সোমাই পৰিছে সেইটো নিশ্চিত। ভাৰতত বাৰে বাৰে বিভিন্ন ধৰণে আক্ৰমণ কৰাৰ পাছতো সংযম ৰক্ষা কৰি ভাৰতে নিজৰ সন্মান আৰু বিশ্বৰ বুকুত ধৈৰ্য্যৰ অসীম শক্তি প্ৰৰ্দশন কৰি আহিছে। আৰু এই মৌনতাৰ চেগ বুজি পাকিস্তানে চীন আৰু আমেৰিকাৰ উচতনিত মখৰ চুপতি মাৰি আহিছে। কিন্তু এতিয়াৰ পৰা যে ভাৰতৰ ফালৰ পৰা উচিত প্ৰত্যোত্তৰ পাব সেইটো ভাৱি ৰজা-প্ৰজা সকলোৰে টোপনি সৰিছে। সেয়েহে পাকিস্তান আজি কম্পমান।

ভাৰতৰ দৰে পাৰমাণৱিক শক্তিধৰ দেশ, পাকিস্তান যাৰ লগত তুলনা নহয়, তথাপি সন্ত্ৰাসবাদীৰ ধমকত ভাৰতক ভাবুকি দি অহাটো দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ দেশেও পাকিস্তানৰ সুৰত মিলাই কথা-চুপতি নামাৰি কামেৰে সকলো সময়তে জাগ্ৰত হৈ থকাটো নিতান্তই প্ৰয়োজন। ভাৰতৰ দৰে বিশাল সেনা-বাহিনী আৰু উন্নত মানৰ নিৰাপত্তা সজুলিৰে শক্তিধৰ এখন দেশে অৰ্থনৈতিক অনগ্ৰসতাই কোঙা কৰা এখন দেশে যাতে কোনো দিন আঙুলি টোৱাই কথা কব নোৱাৰে সেইটো তৈয়াৰ কৰাটো খুবেই দৰকাৰ।  

No comments:

Post a Comment

Cultivation of Chrysanthemum

Botanical Name Dendranthema grandiflora (Formerly known as Chrysanthemum morifolium ) Family Asteraceae Introduction Chrysanthemum is one of...