Saturday, 12 July 2025

ল'ৰা-ছোৱালীক কেনেকৈ ম'বাইল ফ'নৰ প্ৰতি বিৰাগ জগাব

গৱেষণাৰ পৰা পোৱা গৈছে যে ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ল'ৰা-ছোৱালীয়ে দিনে ৬-৭ ঘন্টাকৈ সময় ম'বাইলত অতিবাহিত কৰে। ম'বাইলত উপলব্ধ বিভিন্ন মাধ্যম যেনে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, ভিডিঅ' গেমছ আদিৰ সৈতে সময় অতিবাহিত কৰি ভাল পায়। যাৰ ফলস্বৰূপে সিহঁতৰ পঢ়া-শুনাৰ লগতে যিকোনো কামৰ প্ৰতি বিৰাগ জন্মে। লগতে স্বাস্থ্যজনীত বিভিন্ন সমস্যাৰে দেখা দিছে। লগতে সামাজিকভাৱে বিছিন্ন হৈ পৰা প্ৰবনতাই গা কৰি উঠিছে। 

আপোনাৰ ঘৰত যদি এই ১০ বছৰৰ আশে-পাশে বা ওপৰৰ ল'ৰা-ছোৱালী আছে তেন্তে আপোনাক নক'লেও আপুনি ভালদৰে জানে এই ভয়াবহতাৰ কথা নতুবা আপুনি অলপ হ'লেও এই আভিজ্ঞতাৰ সাক্ষী। আপুনি হাজাৰ চেষ্টা কৰিও সিহঁতক ম'বাইলৰ পৰা আঁতৰাব পৰা নাই। কেতিয়াবা মাৰপিটো কৰিব লগা অৱস্থাও সৃষ্টি হৈছে। সঁচা কথা ক'বলৈ গ'লে ম'বাইল ফ'নে এই বয়সৰ ল'ৰা-ছোৱালীক বেছিকৈ ক্ষতি গ্ৰস্ত কৰিছে কিন্তু জীৱনৰ বাবে শিকিবলগীয়া বহু কথা শিকাৰ সময়ত ম'বাইল ফ'নত ব্যস্ত হৈ পৰাৰ বাবে বহু কথা নিশিকাকৈয়ে ডাঙৰ হৈছে। যিবোৰ নিশিকাৰ বাবে হয়তো জীৱনৰ পাছৰ খিনি সময়ত ক্ষতি কৰিব।


ম'বাইল ফ'নৰ প্ৰতি ল'ৰা-ছোৱালীৰ আৰ্কষণ হোৱাটো তেনেই স্বাভাৱিক। ঘৰৰ ডাঙৰ সকলে শুই উঠিয়েই ম'বাইলটো হাতত লৈয়ে মাটিত খোজ থয়। ডাঙৰক সৰুৱে অনুকৰণ কৰাটো স্বভাৱজাত কথা। গতিকে স্বাভাৱিক সুৰত ইয়াক ন'লবলৈ কোৱাটো এক সাথৰৰ দৰে কথা। তাতকৈয়ো ডাঙৰ আৰ্কষণটো হৈছে দিনক দিনে অতি 'বাইল আৰ্কষণীয় ফিচাৰ আৰু ৰঙেৰে তৈয়াৰী কৰা 'বাইল ফ'ন আৰু লগত ইনষ্টল হৈ থকা বা নিজে ইনষ্টল কৰি লোৱা এপবোৰ। গতিকে সকলো মিলি উঠি অহা চামক 'বাইল ফ'নে বেছিকৈ আৰ্কষণ কৰিছে আৰু বৰ্তমান ই এক সামাজিক সমস্যা হিচাপে দেখা দিছে। অৱশ্যে কেৱল সৰু ল'ৰা-ছোৱালীয়ে নহয় সকলো বয়সৰ লোককে ম'বাইল ফ'নে গিলি পেলাইছে। এপবোৰো দিনক দিনে বেছি স্মাৰ্ট আৰু আকৰ্ষণীয় কৰি পেলাইছে যাক নেচাওঁ বুলি ভাবিলেও নটিফিকেচন, বিভিন্ন সাজোন-কাচোনে মাতি থাকে।


এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰা বহুতো উপায়ৰ ভিতৰত এটা হ'ব পাৰে ইয়াৰ ছেটিং সলনি কৰা। ম'বাইলটোৰ প্ৰতি আসক্তি কমোৱা। আপোনালোকৰ ঘৰত থকা ৰঙীণ ধুনীয়া ম'বাইলবোৰ আপোনাৰ সন্তানে গম নোপোৱাকৈ কেৱল ক'লা-বগা কৰি দিয়ক। দৰকাৰ হ'লে সেই বিশেষ ছেটিংবোৰত পাছৱৰ্ড লগাই দিব যাতে পুনৰ ৰঙীণ কৰিব নোৱাৰে।


ইয়াক কৰিবলৈ প্ৰথমে আপুনি তলৰ ছবিকেইখনত একাদিক্ৰমে দেখুৱাৰ দৰে কৰি গ'লেই আপোনাৰ ম'বাইল ফ'নটো ক'লা-বগা হৈ পৰি পৰিব আৰু একেধৰণেৰে পুনৰ ৰঙীণ কৰি ল'ব পাৰিব।

প্ৰথমে আপুনি ছেটিং বাটনত ক্লিক কৰক। তাৰ পাছত ছবিখনত দেখুওৱাৰ দৰে তলৰ ফালে additional setting বাটনত ক্লিক কৰক। কিছুমান ম'বাইলত প্ৰথমে accessibility বাটনটো দেখা যায়। তাৰ পাছত accessibility বাটনত ক্লিক কৰিলে অন্য এখন উইনড' পাব য'ত আকৌ কিছু অপচন থাকে । ওপৰৰ ফালে General, Vision, Hearing আদি অপচনবোৰ দেখিব। ইয়াৰ পাঠত vision বাটনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত বহুতো অপচন দেখা পাব। তাৰ ভিতৰত Colour correction বাটনত ক্লিক কৰি on কৰি দিব। তাৰ লগে লগে colour সলনি কৰা কেইবাটাও অপচন দেখিব। একেবাৰে ওপৰৰ অপচনটো আৰু তলৰ ফালে থকা Greyscale অপচনটো অন কৰি দিয়ক। দেখিব ইয়াৰ লগে লগেআ আপোনাৰ ম'বাইলটো black and white হৈ পৰিব। পুনৰ ৰঙীণ কৰিবলৈ একেবাৰে ওপৰৰ অপচন Colour correction টো বাওঁফালে টানি off কৰিব দিব।

ওপৰৰ লেখাটো পঢ়ি উপকৃত হোৱা যেন লাগিলে কমেন্ট কৰিব আৰু আমাৰ ব্লকটো follow কৰি দিব।



No comments:

Post a Comment

ল'ৰা-ছোৱালীক কেনেকৈ ম'বাইল ফ'নৰ প্ৰতি বিৰাগ জগাব

গৱেষণাৰ পৰা পোৱা গৈছে যে ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ল'ৰা-ছোৱালীয়ে দিনে ৬-৭ ঘন্টাকৈ সময় ম'বাইলত অতিবাহিত কৰে। ম'বাইলত উপলব্ধ বিভিন্ন...