Thursday, 27 March 2025

মেট্ৰিক পাছ কৰাৰ পিছত অধ্যয়ন কৰিব পৰা বিষয়/সুবিধাসমূহ (1)

মেট্ৰিক পৰীক্ষা দি উঠাৰ পাছত বহুত ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শাখাত কি অধ্যয়ন কৰিব তাক লৈ বিমোৰত পৰে। বহুতে এই দুমোজাৰ মাজত থাকোতেই ৰিজাল্ট ওলাই যায়, তাৰ পাছত বিষয় নিৰ্বাচন কৰি নোৱাৰি লগৰকেইজনে যিটো লয় তাকে লৈ অধ্যয়ন কৰে যদিওবা বেলেগ কিবা বিষয়ত বেছি ভাল ফলাফল দেখুৱাব পাৰিলেহেতেঁন। মেট্ৰিক (HSLC) পাছ কৰাৰ পিছত বিষয় বাছনি কৰোঁতে নিজৰ আগ্ৰহ, দক্ষতা, আৰু ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজনীয়। সঠিক বিষয় বাছনিৰে শিক্ষাৰ্থীজনে নিজৰ ব্যক্তিগত আৰু পেচাগত জীৱনত সফলতা লাভ কৰিব পাৰে।

আমি মেট্ৰিক বুলি কোৱা বা HSLC (High School Leaving Certificate) পৰীক্ষাত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীৰ আগত বিভিন্ন শাখা আৰু বিষয় পঢ়াৰ সুযোগ থাকে। সঠিক বিষয় বাছনিয়ে শিক্ষাৰ ভৱিষ্যৎ আৰু জীৱিকাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেট্ৰিকৰ পাছত পঢ়িব পৰা প্ৰধান তিনিটা শাখা যেনে - বিজ্ঞান (Science), কলা (Arts) আৰু বাণিজ্য (Commerce) বিষয়ৰ সুবিধাসমূহ উল্লেখ কৰা হৈছে

 1. বিজ্ঞান (Science):

উপযুক্ত শিক্ষাৰ্থী: যিসকল শিক্ষাৰ্থীৰ গণিত, বিজ্ঞান, প্রযুক্তিৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছত বিজ্ঞান শাখাটো নিৰ্বাচন কৰিব পাৰে।

ভৱিষ্যতৰ সুবিধাসমূহ:

চিকিৎসা আৰু প্ৰযুক্তিবিদ্যা: চিকিৎসক (MBBS, BDS, BAMS), ইঞ্জিনিয়াৰ (B.Tech, B.E), ফাৰ্মাচিষ্ট আদি হোৱাৰ সুযোগ।

গৱেষণা আৰু বিজ্ঞান : B.Sc., M.Sc. কৰি বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা আৰু অধ্যাপনা।

ডিফেন্স আৰু এয়াৰনটিক্স: NDA, বিমান চলাচল (Pilot, Aeronautical Engineering) আদি ক্ষেত্ৰত সুযোগ।

2. কলা (Arts):

উপযুক্ত শিক্ষাৰ্থী: যি সকল শিক্ষাৰ্থীয়ে নিন্মোক্ত কেৰিয়াৰ প্ৰতি আগ্ৰহী তেওঁলোকে উচ্চতৰ মাধ্যমিক শাখাত সমাজ বিজ্ঞান, ইতিহাস, সাহিত্য, দৰ্শন, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আদি বিষয় নিৰ্বাচন কৰি কলা শাখাত অধ্যয়ন কৰিব পাৰে।

ভৱিষ্যতৰ সুবিধাসমূহ:

অসামৰিক সেৱা আৰু প্ৰশাসন (Civil service and administration): UPSC, APSC আদি পৰীক্ষাৰ বাবে উপযোগী। ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাবে নিযুক্তি পাব পাৰি।

শিক্ষা আৰু গৱেষণা (Education and Research): ভৱিষ্যতে উচ্চ শিক্ষা যেনে B.A., M.A., Ph.D. কৰি কলেজ, ইউনিভাৰছিটি, স্কুল আদিত শিক্ষকতা কৰাৰ উপৰিও বিভিন্ন গৱেষণা প্ৰতিষ্ঠানত গৱেষণা কৰিৰ সুবিধা পোৱা যায়।

সাংবাদিকতা আৰু সাহিত্য (Mass Communication, Journalism)- ভালদৰে বিষয়বস্তু জ্ঞান আয়ত্ব কৰি লেখক, ব্লগাৰ আদি হোৱাৰ সুযোগ আছে।

আইন: LLB কৰি উকীল, ন্যায়াধীশ বা আইনী পৰামৰ্শদাতা হোৱাৰ সুযোগ।

3. বাণিজ্য (Commerce):

উপযুক্ত শিক্ষাৰ্থী: যিসকল শিক্ষাৰ্থী একাউণ্টিং, মেনেজমেণ্ট, ফাইনেন্স আদি বিষয়ত আগ্ৰহী বা নিন্মোক্ত চাকৰি বা সেৱাসমূহৰ প্ৰতি আগ্ৰহী তেওঁলোকে উচ্চতৰ মাধ্যমিক শাখাত বাণিজ্য শাখাত অধ্যয়ত কৰিব পাৰে।

ভৱিষ্যতৰ সুবিধাসমূহ:

ব্যৱসায় আৰু উদ্যোগ: MBA, BBA, কোম্পানী পৰিচালনা আদি।

চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA): উচ্চ আয়যুক্ত পেচা।

বেংকিং আৰু বিনিয়োগ: SBI PO, IBPS, Stock Market, Finance Analyst আদি।

 

"নিজৰ আগ্ৰহ অনুসৰি সঠিক বিষয় বাছনি কৰক আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ক!"

No comments:

Post a Comment

MCQs on Sexual Reproduction in Bisexual Plants

1. A bisexual flower contains: A. Only male parts B. Only female parts C. Both male and female parts D. Neither male nor female parts ✅...