Thursday, 5 June 2025

খণ্ড ৫ঃ ব্লগাৰত প'ষ্ট কেনেকৈ লিখে?



ব্লগাৰত প'ষ্ট লিখিবলৈ তেনেই সহজ। যদি আপুনি মোৰ আগৰ 'ষ্টবোৰৰ পৰা ইতিমধ্যে আলোচনা কৰা কথাখিনি শিকিলে তেন্তে ইয়াৰ পাছত এতিয়া প'ষ্ট লিখিবলৈ আৰম্ভ কৰক। যদি আপোনাৰ সময়ৰ অভাৱ তেন্তে মই কেনেকৈ অতি কম খৰচত এটা ব্লগ আমাৰ ফালৰ পৰা ডিজাইন কৰি দিয়া হয় তাৰ অৰ্ডাৰৰ বাবে বিতং দিয়া হৈছে। অৱশ্যে আপুনি অলপ কষ্ট কৰি নিজেও সুন্দৰকৈ আপোনাৰ ব্লগটো সজাই ল'ব পাৰিব। প্ৰথম অৱস্থাত কিছু জটিল যেন লাগিলেও পাছত ই একেবাৰে সহজ হৈ পৰিব। মই আগতেই উল্লেখ কৰিছো যে যি সকল উদ্যমীলোক, যাৰ কৰ্মৰাজি ডিজিটেল মাধ্যমত সকলোৱে পাব পৰাকৈ প্ৰকাশ কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে ইয়াতকৈ সঠিক মাধ্যম নাই। বিশেষকৈ হাইস্কুল বা হাইয়াৰ ছেকেণ্ডেৰী স্কুলবোৰে এই ব্লগাৰৰ যোগেদি এক সুন্দৰ ডিজিটেল পাব্লিচিটি দিব পাৰে। যিহেতু এই শিতানত স্কুলবোৰৰ পুঁজি আৱন্টন নাথাকে গতিকে বিনামূলীয়াকৈ উপলব্ধ এই মাধ্যমৰ সুবিধাসমূহ ল'ব পাৰিব। গতিকে Blogger.com ত বিনামূলীয়া ব্লগৰ দ্বাৰা যথেষ্টখিনি কাম কৰিব পাৰে। যি কি নহওক, আহক আজি Blogger.com ত কেনেকৈ প'ষ্ট লিখিব পাৰি তাৰ বিষয়ে শিকোঁ।

ব্লগাৰত  'ষ্ট লিগিবলৈ প্ৰথমে আপোনাৰ Blogger ডাচ্বডত যাব লাগিব। আপোনাৰ ই-মেইলৰ দ্বাৰা লগইন কৰাৰ পাছত তলৰ ছবিখনত দেখুওৱাৰদৰে দেখা পাব।

তাৰ পিছত বাওঁফালে থকা বাটন বোৰলৈ মন কৰিব। একেবাৰে ওপৰত +NEW POST বাটনত ক্লিক কৰাৰ লগে লগে আপুনি 'ষ্ট লিখিব পৰাকৈ খালী পেজটো দেখা পাব। প্ৰথমে আপুনি আপোনাৰ প'ষ্টটোৰ টাইটল লিখিব লাগিব।

তাৰ পাছত তলত খালী হৈ থকা পেজখনত লিখিব পাৰিব। এই খিনিতে মন কৰিব টাইপ কৰোতে দৰকাৰ হোৱা প্ৰায়খিনি দৰকাৰী আহিলা (Tools) পেজটোৰ ওপৰৰ বাৰত পাব। একেবাৰে ওপৰৰ বাওঁফালে ↶undo restore↷ দুডাল কাড় চিহ্নৰে দেখুোৱা থাকিব। আপুনি লিখা 'ষ্টটো undo কৰি বেক যাব পাৰিব বা redo কৰি পুনৰ টাইপ কৰা আখৰবোৰ টাইপিং পেজলৈ ঘূৰাই আনিব পাৰিব।

তাৰ পাছতে Aআখৰ লিখা বাটন ক্লিক কৰি আখৰৰ ফ্ৰন্টবোৰ নিবাচন কৰিব পাৰিব। এই দৰে আপুনি প্ৰত্যক্ষভাৱে অনলাইনত থাকি আপোনাৰ 'ষ্টটো লিখিব পাৰিব। ব্লগাৰত লিখিবলৈ যে কেৱল অনলাইনত থাকিহে কৰিব পাৰি তেনে নহয়। তাৰ পৰিৰ্বতে অফলাইনত টাইপ কৰি কপি কৰি ব্লগাৰৰ পেজত পোষ্ট কৰিব পাৰি। এনে কৰিলে বেছি ভাল হয় আৰু বানানকে ধৰি বাক্যবোৰ ভালদৰে সজোৱাৰ লগতে প'ষ্টটো নিঁখুত কৈ লিখিব পাৰি।

 আখৰৰ আকাৰ নিৰ্বাচন কৰিবলৈ TT ত তলৰ ছবিখনত দিয়া ধৰণে নিৰ্বাচন কৰিব লাগে। তলৰ ছবিখন চালে অধিক স্পষ্ট হব। মূল লেখাটোৰ সাধাৰণ আখৰবোৰ Normal আকাৰতে লিখিব লাগে।  

ইয়াৰ  পিছৰ বাটুন Paragraph ক্লিক কৰি নানা ধৰণৰ সুবিধাবোৰৰ কথা  জানিব পাৰি। আপোনাৰ লেখাটোৰ বাবে মূখ্য হেডিং (Major Heading) আপোনাৰ পষ্ট টাইটলটোৱে হব। গতিকে লেখাটোৰ মাজত যদি দ্বিতীয় পৰ্য্যায়ৰ হেডিং (Sub-heading, Minor Heading etc) আদি দিব বিচাৰে তেন্তে নিৰ্বাচন কৰি (Selection) কৰি তাক কৰি লব পাৰিব। তাৰ পাছত আকৌ টেক্স খিনি Normal বা paragraph কৰি লিখি যাব পাৰিব। যদি আপোনাৰ লেপটপ বা কম্পউটাৰ আছে তেন্তে MS-Office Word ত টাইপ কৰিও কৰিব পাৰে। এনে কৰিলে আপোনাৰ ইন্টানেটৰ দাতা বাচিব লগতে ৰিভিজন কৰি লেখাটো আৰু ভাল কৰিবলৈ সুবিধা হব।

আপোনাৰ লেখাৰ মাজত যদি কোনো শব্দ বা বাক্য বল্ড (Bold) কৰিব লগা হয় তেন্তে শব্দ বা বাক্যশাৰী নিৰ্বাচন কৰি B আখৰটোত ক্লিক কৰিলেই সকলো বল্ড হৈ যাব। যদি ইটালিক (italic) কৰিব বিচাৰে তেন্তে শব্দ বা বাক্যশাৰী নিৰ্বাচন কৰি  i  আখৰটোত ক্লিক কৰিলেই সকলো ইটালিক (italic)  হৈ যাব।  যদি আন্দাৰলাইন (Underline) কৰিব বিচাৰে তেন্তে শব্দ বা বাক্যশাৰী নিৰ্বাচন কৰি  U আখৰটোত ক্লিক কৰিলেই সকলো আন্দাৰলাইন (Underline) যুক্ত  হৈ যাব। যদি কোনো বাক্য বা শব্দৰ ওপৰত কটাৰ দৰে লাইন দিব লাগে তেন্তে শব্দ বা বাক্যটো নিৰ্বাচন কৰি U আখৰটোৰ সোফালে থকা চিহ্নটোত ক্লিক কৰিলেই শব্দ বা লাইনটোৰ ওপৰত কটা লাইন ডাল দেখা পাব।

আখৰৰ ৰং সলনি কৰিবলৈ আখৰবোৰ নিৰ্বাচন কৰি A ক্লিক কৰিলেই ৰম সলনি হৈ যাব। ঠিক তেনেকৈ কোনোবা পেৰেগ্ৰাফৰ বেকগ্নাউন্ডৰ ৰং সলনি কৰিবলৈ কলমটোৰ দৰে থকা চিহ্নটোত ক্লিক কৰিলেই বেকগ্নাউন্ডৰ ৰং সলনি হৈ যাব। তলৰ ছবিখনত এই সুবিধাকেইটা ভালদৰে মন কৰক।


আপুনি আপোনাৰ ব্লগাৰৰ পষ্ট  লিখা খালী এখন পেজ লৈ কিছুমান টেক্স লৈ ওপৰৰ ছবিত দেখুৱাৰ দৰে প্ৰেকটিচ কৰিব অতি সহজে সকলো কৰিব পাৰিব।

ইয়াৰ পাছত আমি আৰু দুটামান কথা ষ্ট  লিখোতে দৰকাৰ হয় জানি লওঁ আহক।

আপুনি লিখা টেক্সখিনিৰ লাইনবোৰ ছেটিং কৰিব লাগিব। তাৰবাবে তলত দিয়া ছবিখন চাওক।



ইয়াৰ পাছতো আৰু বহুতো অপ্চন আছে পেজটো ছেটিঙৰ বাবে। পৰৱৰ্তী সময়ত সেইখিনি আলোচনা কৰিম। এতিয়া আপুনি লিখা পষ্ট যদি সৰ্ম্পূণ হৈছে তেন্তে একেবাৰে সোঁফালে থকা Publish button টোত ক্লিক কৰিব।

Publish button টোত ক্লিক কৰাৰ পাছত screen ত জাননী হিচাপে তলত দেখুউৱা মেছেজটো দেখিব। আপুনি Confirm কৰি আপোনাৰ পষ্ট টো Publish কৰিব পাৰিব।



Wednesday, 4 June 2025

বিশ্ব পৰিৱেশ দিৱস আৰু জনতাৰ সহাঁৰি

আজি ৫ জুন। সমগ্ৰ বিশ্বই পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি নানা কাৰ্যসূচী লৈছে। ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীখনক প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত কৰা। এই কাৰ্যসূচীৰ দ্বাৰা পৃথিৱীৰ বাসিন্দা মানুহ নামৰ প্ৰজাতি বিধক সজাগ কৰা। পৃথিৱীখনত যিহেতু এটাই প্ৰজাতি আছে যি প্ৰকৃতি ধ্বংস কৰে। সেই বাবে এই বৃহৎ আয়োজন কেৱল মানুহৰ বাবে। সকলো মানুহে যাতে বুজি উঠে প্ৰকৃতিক আঘাত হানি কোনো বাচি থাকিব নোৱাৰে। মানুহ বাচি থাকিবলৈ হ'লে পৃথিৱীখন মানুহৰ পৰাই বচাই ৰাখিব লাগিব।

এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম্ হৈছে প্লাষ্টিকৰ দ্বাৰা হোৱা প্ৰদূষণ নিৰ্মূল কৰা। এই প্ৰদূষণ নিৰ্মূলৰ কাৰণে সমগ্ৰ বিশ্বক একেলগে কাম কৰিবলৈ আহ্বান কৰা হৈছে। কোৱা হৈছে পৃথিৱী নামৰ গ্ৰহটোৰ প্ৰতিটো কোণতে এতিয়া প্লাষ্টিক প্ৰদূষণে ছানি ধৰিছে। পূৰ্বানুমান কৰা হৈছে যে ২০৪০ চনত প্ৰাষ্টিক প্ৰদূষণে ৫০% ঠাই অধিকাৰ কৰি পেলাব। আৰু ভয়ানক কথাটো কৈছে যে আমি খোৱা খাদ্য, পানী আৰু বায়ুৰ যোগেদি আমাৰ দেহত প্লাষ্টিক সোমাই পৰিব। ৰাষ্ট্ৰ সংঘ সচিব এন্টনিঅ গুটেৰেচে (António Guterres) কৈছে যে প্লাষ্টিক আৰ্বজনাই নদীৰ গতিত বাধা দিছে, সাগৰৰ পানী প্ৰদূষিত কৰিছে আৰু বন্যপ্ৰাণীৰ বাবে ভয়াভহ বিপদ মাতি আনিছে।  এই প্লাষ্টিক ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ ভাগি পৃথিৱীৰ সকলো কোণতে সোমাই পৰিছে, এতিয়া এনে প্লাষ্টিক পৃথিৱীৰ সমতলৰ পৰা মাউন্ট এভাৰেষ্টলৈ, সাগৰৰ গভীৰতম অংশলৈ আৰু মানুহৰ মগজুলৈ সোমাই পৰিছে বুলি তেখেতে মন্তব্য কৰে। গতিকে এই মহাব্যাধি ৰোধৰ বাবে সমগ্ৰ বিশ্বৰ সকলো শ্ৰেণীৰ লোককে আগবাঢ়ি আহি প্লাষ্টিক প্ৰদূষণৰোধৰ সহযাত্ৰী হ'বলৈ আহ্বান জনাইছে।

বৰ্তমান সময়ত সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত সকলোতকৈ বেছি ব্যৱহাৰ হোৱা পদাৰ্থ বিধেই হৈছে পলিথিন আৰু প্লাষ্টিক। তাৰোপৰি সামগ্ৰী পেকিঙৰ পৰা আৰম্ভ কৰি সুৰক্ষিত ভাৱে লৈ যাবলৈ প্লাষ্টিক আৰু পলিথিনৰ বিকল্প এতিয়ালৈকে ওলোৱা নাই। যদিও জৈৱিক ভাৱে পচন হোৱা কপাহী মোনা বা তেনে সামগ্ৰী দুই এবিধ ওলাইছো, দাম আৰু ব্যৱহাৰৰ সুবিধা প্লাষ্টিকতকৈ কম হোৱা বাবে সমাদাৰ লাভ কৰা নাই বা ভৱিষ্যতে যে ল'ব পাৰিব সেইয়া সন্দেহ আছে। 

ইতিমধ্যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ৰোধৰ বাবে বিভিন্ন সময়ত চৰকাৰী নিষেধাজ্ঞা জাৰি কৰা হৈছে। কিন্তু উৎপাদন কৰা ব্যৱহাৰ কোনোটোৱে ইয়াক গ্ৰহণ কৰা নাই। বজাৰত পলিথিন নহ'লে বস্তু বিক্ৰী নোহোৱাৰ কথাও ব্যৱসায়ীসকলে প্ৰায়েই অভিযোগ কৰে।

কিন্তু পৰিৱেশৰ কথা ভাৱি আমি যিমান পাৰো এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক জাতীয় বস্তু পৰিহাৰ কৰা উচিত। কাৰণ প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰোঁতেও ব্য়াপক হাৰত পৰিৱেশ প্ৰদূষণ হয় আৰু ব্য়ৱহাৰ কৰাৰ পাছতো ইয়াৰ পৰা ভয়াৱহ প্ৰদূষণ হয়।

আমি ওপৰত আলোচনা কৰা প্লাষ্টিক আৰু পলিথিন একে হয় নে?

আহক এই আপাহতে এটা কথা জানি থওঁ। 

প্লাষ্টিক আৰু পলিথিন একে নহয়, যদিও দুয়োটাই একে ধৰণৰ সামগ্ৰীঅর্থাৎ দুয়োটাই কৃত্ৰিম (synthetic) পলিমাৰ। এইবোৰৰ মাজত কিছুমান পাৰ্থক্য আছে:

 তেন্তে প্লাষ্টিক কি?

বহল অৰ্থত প্লাষ্টিক শব্দটো ব্যৱহাৰ কৰা হয়। প্লাষ্টিত বহু ধৰণৰ কৃত্ৰিম পলিমাৰ দ্বাৰা হয়।

প্লাষ্টিকৰ বিভিন্ন প্ৰকাৰ আছে, যেনে: পলিথিন (Polyethylene), পলিপ্ৰ'পাইলিন (Polypropylene), PVC (Polyvinyl Chloride), PET (Polyethylene Terephthalate) আদি।

প্লাষ্টিকৰ পৰা বহুবিধ সামগ্ৰীবটল, বাকচ, খেলনা, বেগ, আদিতৈয়াৰ কৰা হয়।

প্লাষ্টিক হৈছে এক সামগ্ৰীক শব্দ, যাৰ ভিতৰত পলিথিন এটা বিশেষ প্ৰকাৰ।

উদাহৰণ স্বৰূপে প্লাষ্টিকৰ পৰা তৈয়াৰ হোৱা বটল, বাকচ, খেলনা, চকী ইত্যাদি সকলো পলিথিন নহয়।

পলিথিন কি?

পলিথিন (Polyethylene) হৈছে প্লাষ্টিকৰ এটা বিশেষ প্ৰকাৰ।

ই এক প্ৰকাৰৰ থার্ম'প্লাষ্টিক (thermoplastic) পলিমাৰ, যাৰ পৰা সাধাৰণতে পলিথিন বেগ, পেকেট, চিট আদি তৈয়াৰ কৰা হয়।

পলিথিনৰো বিভিন্ন প্ৰকাৰ আছে, যেনে: LDPE (Low-Density Polyethylene), HDPE (High-Density Polyethylene) আদি।

সকলো পলিথিন প্লাষ্টিক, কিন্তু সকলো প্লাষ্টিক পলিথিন নহয়।

উদাহৰণ স্বৰূপে পলিথিন বেগ, চিট, পেকেট আদি হৈছে পলিথিনৰ পৰা তৈয়াৰ হোৱা প্লাষ্টিক সামগ্ৰী।

সংক্ষেপে প্লাষ্টিক আৰু পলিথিন একে নহয়; পলিথিন হৈছে প্লাষ্টিকৰ এটা বিশেষ প্ৰকাৰ।

 প্লাষ্টিক আৰু পলিথিনৰ পৰা হোৱা সমস্যাসমূহ-

পলিথিনৰ ক্ষতিকাৰক প্ৰভাৱ আমাৰ জীৱনলৈ বিভিন্ন ধৰণে আহে। ইয়াৰ মুখ্য ক্ষতিকাৰক দিশসমূহ হল:

পৰিবেশ প্ৰদূষণ: পলিথিন মাটিত সহজে গলি নাযায়। ফলস্বৰূপে, ই মাটিৰ উৰ্বৰা শক্তি নষ্ট কৰে আৰু মাটিৰ গুণগত মান হ্ৰাস কৰে।

জল প্ৰদূষণ: পলিথিন নদী, নালা, ড্ৰেইন আদিত পেলালে পানী প্ৰবাহ  বন্ধ হয়। ইয়াৰ ফলত পানী আবদ্ধ হৈ পানীৰ প্ৰদূষণ বৃদ্ধি পায়।

প্ৰাণী আৰু চৰাইৰ ক্ষতি: বহু সময়ত গৰু, ছাগলী, কুকুৰ, চৰাই আদি প্ৰাণীয়ে পলিথিন খাই মৃত্যু মুখত পৰে বা অসুস্থ হয়।

জৈৱ-বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱঃ সাগৰীয় জীৱই প্লাষ্টিক খোৱাৰ ফলত পাচনতন্ত্ৰ বন্ধ হৈ মৰে। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বিগড়ে

মানৱ স্বাস্থ্যত প্ৰভাৱ: পলিথিনৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ মাটিত বা পানীত মিশ্ৰিত হলে সেইটো খাদ্য শৃংখলৰ জৰিয়তে মানুহৰ শৰীৰলৈ আহে, যাৰ ফলত বিভিন্ন অসুখ যেনে: কেঞ্চাৰ, হৰমোনৰ সমস্যা, প্ৰজননত সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

দহনৰ ফলত বায়ু প্ৰদূষণ: পলিথিন জ্বলালে বিষাক্ত ধোঁৱা (যেনে: ডাইঅক্সিন, ফিউৰান) উৎপন্ন হয়, যি শ্বাস-প্ৰশ্বাসৰ সমস্যা, এলাৰ্জি, কেঞ্চাৰ আদি সৃষ্টি কৰিব পাৰে।

জলবায়ু পৰিৱৰ্তন: প্লাষ্টিক উৎপাদন আৰু ব্যৱহাৰৰ ফলত গ্ৰীণহাউচ গেছ নিৰ্গমন হয়, যাৰ ফলত জলবায়ু পৰিৱৰ্তন তীব্ৰ হয়

সংক্ষেপে, পলিথিন ব্যৱহাৰ আৰু অপব্যৱহাৰে আপোনাৰ স্বাস্থ্য, পৰিবেশ, আৰু সামগ্ৰিক জীৱনলৈ বহুমুখী ক্ষতিকাৰক প্ৰভাৱ আনে।

প্লাষ্টিকৰ ব্যৱহাৰিক সাংকেতিক চিহ্ন

প্লাষ্টিকৰ সৰ্তক চিহ্নবোৰ সাধাৰণতে প্লাষ্টিক সামগ্ৰীৰ তলত বা গাত এখন ত্ৰিভুজ (triangle) আকৃতিৰ ভিতৰত সংখ্যাৰ ৰূপত দেখা যায়। এই চিহ্নবোৰক Resin Identification Code (RIC) বোলে, যাৰ জৰিয়তে প্লাষ্টিকৰ প্ৰকাৰ আৰু তাৰ সুৰক্ষা বা পুনঃব্যৱহাৰৰ উপযোগিতা চিনাক্ত কৰিব পাৰি। তলত এই চিহ্ন আৰু তাৰ অৰ্থ দিয়া হৈছে-

নম্বৰ

নাম (ইংৰাজী)

ব্যৱহাৰ

সুৰক্ষা/সর্তকতা

1

PET/PETE(Polyethylene Terephthalate)

পানীৰ বটল, ঠাণ্ডা পানীয়

কেৱল এবাৰ ব্যৱহাৰ কৰিব; বিষাক্ত পদাৰ্থ ওলাই পাৰে

2

(High Density Polyethylene)

দুধৰ বটল, খেলনা, পেকেট

তুলনামূলক সুৰক্ষিত; পুনঃব্যৱহাৰ কৰিব পাৰি

3

PVC (Polyvinyl Chloride)

পাইপ, খেলনা, ডিটারজেন্ট বটল

খাদ্য বা পানীয়ৰ বাবে ব্যৱহাৰ কৰিব নালাগে; বিষাক্ত

4

LDPE(LowDensity Polyethylene)

পেকেট, ময়লা বেগ

কম ক্ষতিকাৰক; সকলো সময়ত পুনঃব্যৱহাৰ কৰিব নোৱাৰি

5

PP (Polypropylene)

দই, চিজ, সস পেকেট, বাচ্চাৰ বটল

সুৰক্ষিত; পুনঃব্যৱহাৰ কৰিব পাৰি, মাইক্রৱেভত ব্যৱহাৰযোগ্য

6

PS (Polystyrene)

ডিসপোজেবল প্লেট, কাপ

গৰম খাদ্যৰ বাবে বিপদজনক; বিষাক্ত পদাৰ্থ ওলাই পাৰে

7

Other(Polycarbonate, BPA, etc.)

মিনাৰেল পানীৰ ড্ৰাম, ইলেকট্ৰনিক সামগ্ৰী

অধিক ক্ষতিকাৰক; হরমোন সমস্যা, কেঞ্চাৰ, বন্ধ্যাত্ব আদি হোৱাৰ আশংকা

 

বিশেষ টিপছ:

প্লাষ্টিকৰ তলত থকা ত্ৰিভুজ চিহ্ন আৰু তাৰ ভিতৰৰ সংখ্যাটো চাব।

১) , , , আৰু ৭ নম্বৰ প্লাষ্টিক খাদ্য বা পানীৰ বাবে ব্যৱহাৰ নকৰা ভাল।

২) , , ৫ নম্বৰ প্লাষ্টিক তুলনামূলক সুৰক্ষিত বুলি ধৰা হয়।

৩) এই চিহ্নবোৰ চিনি সঠিক প্লাষ্টিক বাছনি কৰাটো আপোনাৰ স্বাস্থ্য আৰু পৰিবেশৰ বাবে খুবেই গুৰুত্বপূর্ণ 



নিয়ন্ত্ৰণঃ

                    ১) বজাৰলৈ গ'লে এখন বেগ লৈ যাবলৈ পাহৰিব নালাগে।

                    ২) পুনj ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে।

                    ৩) কেৱল অনুমোদিত গ্ৰেডৰ প্লাষ্টিকহে ব্যৱহাৰ কৰিব লাগে।

                    ৪) পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ৰিচাইক্লিং প্লেন্টলৈ প্ৰেৰণ কৰিব লাগে। 


Saturday, 31 May 2025

বিশ্ব ধপাত মুক্ত দিৱস

ধপাত এবিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক দ্ৰব্য সেই কথা সেৱনকাৰী সকলৰ বাদেও সকলোৰে জানে। প্ৰায় মানুহৰ ঘৰত নিত্য ব্যৱহৃত সামগ্ৰীৰ দৰে ধপাতকো সকলো সময়তে উপলব্ধ কৰি ৰাখে। কেতিয়াবা আকৌ নিজেই নাখালেও ধপাত খোৱা আলহীক আপ্য়ায়ন কৰিবলৈও ধপাতৰ যোগাৰখিনি কৰি থোৱা হয়। এক কথাত ৮০% অসমীয়া পৰিয়ালৰ ঘৰত চুকে কোণে বিচাৰিলে ধপাত পোৱা যায়। সেয়ে হয়তো ধপাত সেৱনকাৰী সংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ৩০% কৈ বেছি আৰু অসমত ইয়াৰ হাৰ ৪৮%  অতিক্ৰম কৰিছেগৈ।

এতিয়া আমি ধপাত আৰু ইয়াৰ নেপথ্যত নিহিত হৈ থকা কিছু কথা মুকলিকৈ আলোচনা কৰাটো প্ৰয়োজন। ধপাত অখাদ্য, স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি সকলোৱে জানে। চৰকাৰেও ইয়াৰ বেয়া সকলোখিনি জানে আৰু চৰকাৰী বিধিও আছে। কিন্তু ইয়াৰ বিপৰীতে ধপাত এক বৃহৎ ব্যৱসায়ৰ সামগ্ৰী। বছৰি ২০,০০০.০০ কোটিতকৈ অধিক ধপাতৰ পৰা ভাৰত চৰকাৰে কৰ আদায় কৰে। সেয়েহে মুকলি ইয়াক চৰকাৰীভাৱে বন্ধ কৰি দিয়াৰ কোনো সম্ভাৱনা নাই। ধপাতৰ সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীবোৰেও ধপাত সেৱন কৰাটো  স্বাস্থ্যৰ পক্ষে যে ক্ষতিকাৰক সেই কথা সাৱধানবাণী হিচাপে পেকেটৰ ওপৰত লিখি দিয়ে। আনকি এখন ফটোও লগোৱা থাকে য'ত ধপাতৰ পৰা হোৱা ৰোগৰ লক্ষণযুক্ত ছবি ছপা কৰি দিয়ে। বাতৰি কাকত, টেলিভিস্বন নতুবা প'ষ্টাৰ আকাৰতো ধপাতৰ পাশ্বক্ৰিয়াৰ কথা লিখা থাকে। অথাৎ ধপাত সেৱন কৰিলে যে ক্ষতি হয় সেই কথাটো প্ৰচাৰ কৰিয়েই নিজৰ মুনাফা আদায়ৰ বাবে ধপাতৰ সামগ্ৰী প্ৰস্তুতকৰ্তাৰ পৰা ব্যৱসায়ীৰ পৰা চৰকাৰলৈকে সকলোৱে নিজৰ দায় ধপাত সেৱন কাৰী সকলৰ ওপৰতে এৰি দিছে। কিন্তু ধপাত সেৱনকাৰীসকলে কোনো কথাকে গুৰুত্ব নিদিয়ে আৰু ধপাতৰ বিভিন্ন সামগ্ৰীৰ  ক্ষন্তেকীয়া আমেজ লৈ এক স্থায়ী বিপদৰ দিশে আগবাঢ়ি গৈ থাকে। এয়াই হৈ আছে। যেন এয়াই মানুহৰ নিয়ম।  

ধপাতৰ প্ৰতি আসক্তি ১০-১৫ মান বয়সত বেছিকৈ হয়। ঘৰৰ বন্ধনৰ পৰা মুক্ত হৈ স্বাধীন ভাৱে কিছু কৰাৰ দুৰ্বাৰ হেপাহ শিশুসকলৰ এইখিনি বয়সতে হয়। শিশুৰ পৰা কিশোৰলৈ ধাৱমান হোৱা এই সময়খিনিত মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট পৰিবৰ্তন আহে। এই বয়সৰ কিশোৰ সকলক বিভিন্ন কথাই মনত জুমুৰি ধৰে। দেহত যৌন কামনা-বাসনাই উৎপীড়ন চলাই। নানা ধৰণৰ চিন্তাই মন ভাৰাক্ৰান্ত কৰে। প্ৰেমৰ ভাৱ প্ৰকট হৈ উঠে। বিপৰীত লিংগৰ প্ৰতি আৰ্কষণ বৃদ্ধি পায়। কেতিয়াবা অপৰ্কমৰ প্ৰতিও লিপ্ত হয়। বিচৰাটো নাপালে বা নিজকে অকলশৰীয়া অনুভৱ কৰিলে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয়। তেতিয়াই সৰু সৰু পান-তামোল দোকানত চিগাৰেট হুপাৰ সিদ্ধান্ত লয় নতুবা কাৰোবাৰ পৰা চাধা লৈ মুখত দিয়ে। এই দৰে এদিনকৈ দুদিনকৈ ধপাতৰ ক্ষন্তেকীয়া আমেজত ডুবি যায়। লাহে লাহে ধপাত খোৱা এখন সমাজৰ লগতে চিনাকি হৈ যায়। এজন ধপাত সেৱনকাৰীয়ে অন্য এজন ধপাত সেৱনকাৰীক নিজৰ ভাগৰে অলপ দিবলৈ বেয়া নাপায়। বন্ধুত্বও বাঢ়ি যায়। সমাজখন বাঢ়ি গৈ থাকে। নতুন নতুন বন্ধু বাঢ়ি গৈ থাকে। ধপাতৰ প্ৰতি আসক্তি আৰু বাঢ়ি যায়। সেয়েহে ধপাত সেৱন একেদিনাই গঢ়ি উঠা অভ্যাস নহয়। এই অভ্যাস লাহে লাহে গম্ভীৰ হ'বলৈ ধৰে।  এনে এটা সময় আহি পৰে যেতিয়া ধপাতজাতীয় দ্ৰব্য নোখোৱাকৈ থাকিব নোৱাৰা হৈ পৰে। 

আপোনাৰ সন্তানেও হয়তো আপুনি গম নোপোৱাকৈ ধপাতৰ প্ৰতি আসক্ত হৈছে। সন্তানৰ গতি-বিধি লক্ষ্য কৰিব। মুখত লুকুৱাই চাদা ভৰাই থ'বও পাৰে। ঘৰৰ পৰা ওলাই গৈ বন্ধুৰ সৈতে চিগাৰেট হুপিব পাৰে। পান-তামোলৰ লগত চোবাই খাবও পাৰে। গম পালেই খং কৰাৰ পৰিবৰ্তে মৰমেৰে ধপাত সেৱনৰ পৰা আঁতৰাই আনিব লাগিব।

ধপাতৰ পাশ্বক্ৰিয়া অসীম। অসমত বছৰি ৫০ হাজাৰমান ধপাত সেৱনৰ দ্বাৰা কেন্সাৰ ৰোগত আক্ৰান্ত হয়। বৰ্তমান অসমত ধপাত সেৱন কৰা লোকৰ সংখ্যা শতকৰা ৪৯% হৈছেগৈ যিটো অতি উদ্দেগজনক কথা। ধপাত সেৱণ কৰিলে ৰক্তচাপ বাঢ়ে, মনৰ অস্থিৰতা বাঢ়ে, মুখগহ্বৰত ঘাঁ লাগি পাছলৈ কেন্সাৰৰ ৰূপ লয়। মানুহৰ যৌন শক্তি কমায়। নাৰীৰ গৰ্ভাধাৰণ ক্ষমতা লোপ পায়। পুৰুষৰ প্ৰজনন ক্ষমতা হেৰায়।  অথাৎ ধপাতে মানুহৰ স্বাস্থ্যত সকলো ফালৰে পৰা অকল্পনীয় যন্ত্ৰনা ভোগায়। 

ধপাত সেৱন কৰিবলৈ যেনেকৈ কিছু সময় লাগে ঠিক তেনেকৈ এৰিবলৈও সময় লাগে। কিন্তু এৰিব পাৰি যেতিয়া ধপাত সেৱনকাৰীজনে বুজাই দিয়া কথাবোৰ মানি লয়।

ধপাতৰ বিষয়ে আৰু বহু কথা ইয়াৰ পাছৰ খণ্ডবোৰত আলোচনা কৰিম। নিয়মিতভাৱে আমাৰ এই ব্লগটো https://jayantas.blogspot.com চাই থাকিব। ইয়াত নতুন নতুন কথা লিখা থকা হয়।

Thursday, 29 May 2025

Start Your Own Blog for Free and Earn Money!

Have a passion or hobby you want to share with the world? Blogging is a great way to express yourself and connect with others. With Blogger.com, you can create your own blog or website absolutely free—no technical skills needed!

Why start blogging?

  • Share your ideas, stories, or expertise
  • Build an online presence
  • Connect with people who share your interests
  • Learn new skills

Earning Opportunities:
Once your blog grows, you can earn money through ads, sponsored posts, and affiliate marketing. Many bloggers turn their passion into a steady income!

Get started today—your voice matters!

Here are some well-known Indian bloggers who earn significant income through their blogs:

  • Amit Agarwal (Labnol.org): Considered the No. 1 blogger in India, Amit Agarwal earns an estimated about ₹50 lakh per month. He is a pioneer in tech blogging and affiliate marketing in India.
  • Harsh Agrawal (ShoutMeLoud): Harsh Agrawal is famous for his blog on blogging, SEO, and online earning tips. His monthly earnings are estimated at over ₹40 lakh.
  • Shradha Sharma (YourStory): Shradha Sharma runs a successful blog focused on entrepreneurship and startups. She is among the top-earning bloggers in India.
  • Miss Malini (Malini Agarwal) (MissMalini.com): Known for Bollywood, fashion, and lifestyle content, Malini Agarwal reportedly earns around ₹41 lakh per month.
  • Nandhini (PinkVilla): Covers Bollywood news and entertainment, with significant monthly earnings.
  • Anil Aggarwal (BloggersPassion): Focuses on blogging and SEO, earning about ₹10 lakh per month.
  • Archana Doshi (Archana’s Kitchen): Specializes in food and cooking, with earnings of about ₹9 lakh per month.
  • Arun Prabhudesai (Trak.in): Covers business and technology, earning ₹12 lakh per month.

These bloggers have turned their passion into full-time careers and serve as inspiration for anyone interested in starting a blog and earning online.

নিজক নিজে নুশুনাকৈ দ্ৰুত গতিত আগবাঢ়িছে আমাৰ দেশ

আজিৰ ভাৰত নতুন ভাৰত । দ্ৰুত গতিত আগবাঢ়ি গৈছে আজিৰ ভাৰত ।  চহৰবোৰে টোপনি নাযায় , বেলিতকৈ আগতে সাৰ পাই চহৰবোৰে, মানুহবোৰে সময়ৰ আগতে যায় আৰু...