Wednesday, 18 March 2026

মেট্ৰিক পৰীক্ষাৰ পাছৰ দুমোজা

ছাত্ৰ জীৱনৰ বহু প্ৰত্যাশিত মেট্ৰিক পৰীক্ষা ইতিমধ্যে সুকলমে সম্পন্ন হৈ গৈছে । পৰীক্ষাৰ গুৰুত্ব যিয়েই নহওক এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বহুতেই এই পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰি থাকে । বহুতেই গণিত আৰু বিজ্ঞানত ভাল নম্বৰ পালেই বিজ্ঞান বা অন্য বিষয়ত ভাল নম্বৰ পালে কলা বা বাণিজ্য পঢ়িম বুলি ধাৰণা এটা লৈ থাকে । তাতকৈও বেছি চিন্তা হয় অভিভাৱকৰ । লৰা-ছোৱালীক কি পঢ়োৱাব কত পঢ়োৱাব আদি নানা কথাৰে একাংশলোকক ভাৰাক্ৰান্ত নকৰা নহয় । কিছু অভিভাৱকে দূৰ-দূৰণি ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিলাকত আগতীয়াকৈ লাইন পতাৰ দৃশ্য দেখা গৈছে । নিজৰ লৰা-ছোৱালীৰ এটা ভাল কেৰিয়াৰ গঢ়িবলৈ এজন দায়িত্বশীল  অভিভাৱক হিচাপে এইখিনি কৰাটো খুবেই স্বাভাৱিক । সৰু-ডাঙৰ চহৰৰ চুকে-কোণে ডাঙৰ ডাঙৰ বিজ্ঞাপনেৰে এতিয়া এনেবোৰ দৃশ্য তেনেই সুলভ । ৫০০ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২০ জন ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল বা ইঞ্জিনিয়াৰিংত পঢ়িবলৈ সুবিধা পোৱা ফটোবোৰ দেখি আপুনিও উত্সাহিত হৈ তাতেই পঢ়োৱাৰ সিদ্ধান্ত লবলৈ মন যাব । আপুনিও মনতে নিজৰ সন্তানক সেই ২০ জনৰ ভিতৰত দেখা পোৱাৰ সপোন দেখিব । এদিন এক বৃহত্ ধনৰ বোজা লৈ আপোনাৰ লৰা বা ছোৱালীজনীক তাতেই সৰ্মপন কৰি দিব । যদি আপুনি পাৰিছে বা আপোনাৰ লৰাই সেই ব্যৱসায়জড়িত কঠোৰ প্ৰতিযোগিতাৰ মাজেৰে ওলাই যোৱা ২০ জন ছাত্ৰৰ গ্ৰুপটোত আপোনাৰ লৰা-বা ছোৱালীজনীক নিব পাৰিলে তেন্তে খুবেই ভাল কথা । কিন্তু সেই সময়, ধন, মানসিক চাপ আৰু প্ৰতিযোগিতাত নামিও সেই ৪৮০ জন ছাত্ৰ-ছাত্ৰীৰ মাজত যেতিয়া থাকি যাব তেন্তে সেই অত্যন্ত মানসিক কষ্ট আৰু প্ৰতিযোগিতাৰ পাছত আপোনাৰ লৰা বা ছোৱালীজনীৰ মানসিক অৱস্থা কি হব! তেতিয়াটো সাধাৰণভাৱে স্নাতক ডিগ্ৰী লৈ পঢ়িব লাগিব।

গতিকে নিজৰ সন্তানৰ ইচ্ছাকো পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক । কেৱল ডক্টৰ – ইঞ্জিনিয়াৰেই জীৱিকাৰ ৰাস্তা বা মান সন্মান থকা সংস্থাপন নহয় । ভাল চৰিত্ৰবান হলে আপোনাৰ সন্তানে আপোনাক সকলোফালৰ পৰাই সুখত ৰাখিব । সেইটো প্ৰতিযোগিতীৰে নহয় ।    

আপোনাৰ ওচৰে পাজৰে থকা স্কুল-কলেজবোৰ চাওক । শিক্ষক, পঢ়ি থকা লৰা-ছোৱালীৰ লগত কথা পাতক ৰা-ছোৱালীক উচ্চতৰ মাধ্যমিক শাখাটোত নিজৰ লগতে ৰাখি পঢ়োৱাৰ কথা ভাৱক । যদি তাত ক্লাছ-পাতি ভাল নোহোৱা দেখে শিক্ষক-শিক্ষয়ত্ৰীক জবাবদিহি কৰক । চাব, আপোনাৰ এই সজাগতাই আপোনাৰ সন্তানৰ লগতে আপোনাৰ ওচৰৰ শিক্ষানুষ্ঠানখনো সুন্দৰ হৈ উঠাত সহায়ক হৈছে

No comments:

Post a Comment

Cultivation of Chrysanthemum

Botanical Name Dendranthema grandiflora (Formerly known as Chrysanthemum morifolium ) Family Asteraceae Introduction Chrysanthemum is one of...