Thursday, 15 January 2026

ছাত্ৰীৰ বাবে বিশেষ জলপানি- আবেদনৰ অন্তিম দিন ৩১ জানুৱাৰী ২০২৬

শিক্ষাক সমঅধিকাৰ আৰু সকলোৰে বাবে উপলব্ধ কৰা মানসেৰে আৰ্থিকভাৱে পিছপৰা ছোৱালীক উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে আজিম প্রেমজী ফাউণ্ডেচনে (AZIM PREMJI FOUNDATION ) 'আজিম প্রেমজী জলপানি' (AZIM PREMJI SCHOLARSHIP), ২০২৫-২৬ বৰ্ষৰ দ্বিতীয় ৰাউণ্ডৰ বাবে আবেদন-পত্ৰ মুকলি কৰিছে । এই জলপানি কলেজত ২০৫-২৬ শিক্ষা বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে আবেদন কৰিব পাৰিব । ২০২৫-২৬ বৰ্ষৰ বাবে দুটা ৰাউণ্ডত আবেদন গ্রহণ কৰা হৈছে । ইতিমধ্যে ২০২৫ চনৰ ছেপ্টেম্বৰত প্ৰথম ৰাউণ্ডৰ আবেদন কৰা প্ৰক্ৰিয়া শেষ হৈছে । দ্বিতীয় ৰাউণ্ডৰ আবেদন প্রক্রিয়া অহা ৩১ জানুৱাৰী ২০২৬ লৈ খোলা থাকিব । এই জলপানিৰ বাবে আমাৰ দেশৰ ১৮খন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলৰ যিকোনো চৰকাৰী বিদ্যালয়ৰ পৰা দশম আৰু দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা ছাত্ৰীয়ে আবেদন কৰিব পাৰিব । ইয়াৰ ভিতৰত আছে অসম, অৰুণাচল প্রদেশ, বিহাৰ, চত্তীছগড়, ঝাৰখণ্ড, কর্ণাটক, মধ্য প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ওড়িশা, ৰাজস্থান, ছিকিম, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পুডুচেৰী । 

আবেদনকাৰী দেশৰ যিকোনো এখন ৰাজ্য বা কেন্দ্রীয়শাসিত অঞ্চলৰ অন্তৰ্গত চৰকাৰী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত ২০২৫-২৬ বর্ষত স্নাতক অথবা কোনো ডিপ্লমাত প্রথম বর্ষত নিয়মীয়া শিক্ষার্থী হিচাপে নামভৰ্তি কৰা হ'ব লাগিব । স্নাতক বা ডিপ্লমাৰ সময়ত ছাত্ৰীগৰাকীৰ সফলতাৰ ধাৰাবাহিকতাৰ ভিত্তিত প্রতিবছৰে ৩০ হেজাৰ টকাকৈ প্ৰদান কৰা হ'ব । এই জলপানিৰ বাবে স্নাতক বা ডিপ্লমাৰ প্ৰথম বর্ষত আবেদন কৰিব পাৰিব । জলপানিৰ ধনৰাশি টিউচন মাচুল বা শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে যিকোনো ব্যয়ত ব্যৱহাৰ কৰিব পাৰিব । 

২০২৫-২৬ বর্ষত আজিম প্রেমজী জলপানিয়ে ২.৫ লাখ পর্যন্ত ছাত্ৰীক সামৰি ল'ব । এই জলপানিৰ বাবে আবেদনৰ সময়ত কোনো মাচুল পৰিশোধ কৰিব নালাগে । অনলাইন যোগেদি আবেদন কৰিব লাগিব । আজিম প্রেমজী ফাউণ্ডেচনৰ ৱেবচাইট গৈ ইচ্ছুক ছাত্রীয়ে আবেদন কৰিব পাৰিব ।

আবেদনৰ বাবে দৰকাৰী তথ্যসমূহ চমুকৈ তলত দিয়া হ'-

১) আবেদনৰ অন্তিম দিনঃ ৩১ জানুৱাৰী

২) অৰ্হতাঃ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পয্যায়ত চৰকাৰী বিদ্যালয়ত পঢ়া হ'ব লাগিব ।

৩) কেৱল ছোৱালীৰ বাবেহে এই জলপানি ব্যৱস্থা আছে ।

৪) ছাত্ৰীগৰাকী স্নাতক বা ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত পঢ়ি থকা হ'ব লাগিব ।

৫) ছাত্ৰী গৰাকীৰ এটা স্থায়ী ম'বাইল নম্বৰ আৰু ই-মেইল ID থকাটো বাঞ্চনীয়

) জলপানিৰ পৰিমাণ বছৰি ৩০০০০/- টকা

আবেদন কৰিবলৈ তলত ক্লিক কৰক-

Apply here

No comments:

Post a Comment

জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নাম

  #জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নামঃ উল্লাহৰ অন্ত নাই Osbeckia zubeengargiana, Barnali Das & N. Nath উদ্ভিদ জগতৰ নতুন নাম । য'ত জুবিন...