শিক্ষাক সমঅধিকাৰ আৰু সকলোৰে বাবে উপলব্ধ কৰা মানসেৰে আৰ্থিকভাৱে পিছপৰা ছোৱালীক উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে আজিম প্রেমজী ফাউণ্ডেচনে (AZIM PREMJI FOUNDATION ) 'আজিম প্রেমজী জলপানি' (AZIM PREMJI SCHOLARSHIP), ২০২৫-২৬ বৰ্ষৰ দ্বিতীয় ৰাউণ্ডৰ বাবে আবেদন-পত্ৰ মুকলি কৰিছে । এই জলপানি কলেজত ২০৫-২৬ শিক্ষা বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে আবেদন কৰিব পাৰিব । ২০২৫-২৬ বৰ্ষৰ বাবে দুটা ৰাউণ্ডত আবেদন গ্রহণ কৰা হৈছে । ইতিমধ্যে ২০২৫ চনৰ ছেপ্টেম্বৰত প্ৰথম ৰাউণ্ডৰ আবেদন কৰা প্ৰক্ৰিয়া শেষ হৈছে । দ্বিতীয় ৰাউণ্ডৰ আবেদন প্রক্রিয়া অহা ৩১ জানুৱাৰী ২০২৬ লৈ খোলা থাকিব । এই জলপানিৰ বাবে আমাৰ দেশৰ ১৮খন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলৰ যিকোনো চৰকাৰী বিদ্যালয়ৰ পৰা দশম আৰু দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা ছাত্ৰীয়ে আবেদন কৰিব পাৰিব । ইয়াৰ ভিতৰত আছে অসম, অৰুণাচল প্রদেশ, বিহাৰ, চত্তীছগড়, ঝাৰখণ্ড, কর্ণাটক, মধ্য প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ওড়িশা, ৰাজস্থান, ছিকিম, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পুডুচেৰী ।
২০২৫-২৬ বর্ষত আজিম প্রেমজী জলপানিয়ে ২.৫ লাখ পর্যন্ত ছাত্ৰীক সামৰি ল'ব । এই জলপানিৰ বাবে আবেদনৰ সময়ত কোনো মাচুল পৰিশোধ কৰিব নালাগে । অনলাইন যোগেদি আবেদন কৰিব লাগিব । আজিম প্রেমজী ফাউণ্ডেচনৰ ৱেবচাইট গৈ ইচ্ছুক ছাত্রীয়ে আবেদন কৰিব পাৰিব ।
আবেদনৰ বাবে দৰকাৰী
তথ্যসমূহ চমুকৈ তলত দিয়া হ'ল-
১) আবেদনৰ অন্তিম দিনঃ ৩১
জানুৱাৰী
২) অৰ্হতাঃ মেট্ৰিক আৰু
উচ্চতৰ মাধ্যমিক পয্যায়ত চৰকাৰী বিদ্যালয়ত পঢ়া হ'ব
লাগিব ।
৩) কেৱল ছোৱালীৰ বাবেহে
এই জলপানি ব্যৱস্থা আছে ।
৪) ছাত্ৰীগৰাকী স্নাতক বা
ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত পঢ়ি থকা হ'ব
লাগিব ।
৫) ছাত্ৰী গৰাকীৰ এটা
স্থায়ী ম'বাইল নম্বৰ আৰু ই-মেইল ID থকাটো বাঞ্চনীয়
৬) জলপানিৰ পৰিমাণ বছৰি
৩০০০০/- টকা
আবেদন কৰিবলৈ তলত ক্লিক
কৰক-
No comments:
Post a Comment