Sunday, 4 January 2026

২০২৬: কৃত্ৰিম বুদ্ধিমত্তাই (AI) ভাৰতীয় যুৱসমাজৰ ভৱিষ্যৎ কিদৰে সলনি কৰিছে?

বিজ্ঞান -প্ৰযুক্তিৰ অভূতপূৰ্ব উত্থানৰ এই ২০২৬ চনত আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্মুখীন হৈছো—

AI চাকৰি নষ্ট কৰিব নে নতুন সুযোগ সৃষ্টি কৰিব?

এই প্ৰশ্নটো আজি কেৱল কাৰিকৰী বিশেষজ্ঞৰ মাজতে সীমাবদ্ধ নহয়। কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰি প্ৰত্যাশী, শিক্ষক, অভিভাৱক—সকলোৰে মনত খুন্দিয়াই থকা এটা মুক্ত অথচ ভিতৰি ভিতৰি গুজৰি গুমৰি থকা চিন্তা।


🔍 AI মানে কেৱল ৰ'বট নহয়

বহুতে ভাবি লয়—AI মানে ৰ'বট, মেছিন, মানুহৰ চাকৰি কাঢ়ি লোৱা যন্ত্ৰ।
কিন্তু সত্যটো হ’ল—

AI মানুহৰ বিকল্প নহয়, AI মানুহৰ সহায়ক।

আজিৰ প্ৰায় সকলোতে AI ব্যৱহাৰ হৈ আছে—

শিক্ষা ক্ষেত্ৰত (Smart Learning, Online Tutor), চিকিৎসাত (Disease Prediction), কৃষিত (Smart Farming), মিডিয়া আৰু ব্লগিংত (Content, Design, SEO) আদি।


🎓 ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু AI: ভয় নে সুযোগ?

আজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত দুটা পথেৰে অগ্ৰসৰ হৈছে—

AI ক ভয় কৰি পিছুৱাই থকা এচাম আৰু AI ক শিকি আগুৱাই যোৱা এচাম । যিসকলে দ্বিতীয় পথ বাছি লৈছে, তেওঁলোকে— Freelancing কৰি উপাৰ্জন কৰিছে, Content Creator হৈছে, নতুবা Data, Design, Coding শিকিছে, নিজৰ ব্লগ/YouTubeৰ মান উন্নত কৰি ভিউৱাৰ বঢ়াই ভাল উপাৰ্জন কৰিছে। গতিকে  AI ৰ যুগত আমি কেনেকৈ আগবাঢ়িম সেইটো নিৰ্ভৰ কৰিব আমাৰ মানসিকতা, অগতানুগতিক চিন্তা আৰু কৰ্মস্পৃহাই।

👉 AI শিকিবলৈ ডিগ্ৰী নহয়, আগ্ৰহ আৰু ইচ্ছাই যথেষ্ট।

দ্ৰুত গতিত সকলো ক্ষেত্ৰকে সামৰি লোৱা AI জ্ঞান আৰু কৌশল শিকিবলৈ কোনো ধৰাবন্ধা ডিগ্ৰী লোৱাৰ প্ৰয়োজন নাই। শিকাৰ আগ্ৰহ আৰু নতুন কিবা কৰাৰ হাবিয়াস থাকিলে নিজেই শিকিব পাৰে। ১০০ তকৈও অধিক AI tools আছে যিবোৰ বিনামূলীয়াকৈ বহুখিনি কাম কৰিব পৰা সুবিধা আছে বা ক্ৰয় কৰি অধিক ফিচাৰ লৈ ল'ব পাৰে। উদাহৰণ স্বৰূপে Chatgpt, perplexity, copi ai, grook, আদি। অৱশ্যে আজিকালি বহুতো শিক্ষানুষ্ঠানে AI বিষয়ক বিভিন্ন পাঠ্যক্ৰম আগবঢ়াইছে। সেইবোৰ অতি উচ্চ খাপৰ আৰু অত্যাধুনিক প্ৰযুক্তিৰ সৈতে কৰা এক প্ৰায়োগিক অনুশীলন। কিন্তু আমি কোনো ডিগ্ৰী নোলোৱাকৈয়ে বহুতো AI Technology শিকিব পাৰো যিবোৰে আমি যথেষ্ট কাম কৰিব পাৰোঁ। যেনে ব্যৱসায় ক্ষেত্ৰত নিজৰ প্ৰডাক্টৰ অনলাইন সম্প্ৰচাৰ, গ্ৰাহকৰ সৈতে যোগাযোগ, ব্যক্তিগত ৱেবচাইট আৰু বিজ্ঞাপন, শিক্ষণ সামগ্ৰী আদি বহুত কাম কৰিব পাৰোঁ। ইয়াৰ বাবে কেৱল লাগে সদিচ্ছা আৰু অগতানুগতিক চিন্তা-চৰ্চা।


✍️ ব্লগাৰসকলৰ বাবে AI কিদৰে আশীৰ্বাদ?

যদি কোনোবাই ব্লগিং কৰে, তেন্তে AI তেওঁলোকৰ হ'ব পাৰে — Topic research সহায়ক, Grammar & Language উন্নতকাৰী, SEO friendly heading পৰামৰ্শক, সময় বচোৱা সহায়ক আদি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে।

⚠️ কিন্তু মনত ৰাখিব লাগিব—
AI য়ে কেৱল লিখে, কিন্তু অনুভৱ নিজৰ হ’ব লাগিব।


🌱 উত্তৰ-পূৰ্বাঞ্চলৰ যুৱসমাজ: এতিয়াই সময়

উত্তৰ-পূৰ্বাঞ্চলৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাৰ কোনো সন্দেহ নাই কিন্তু সুযোগৰ অভাৱত পিছপৰি আছে বুলি ক'ব পাৰি।
AI আৰু Digital Skill এই বাধা আঁতৰাবলৈ সহায়ক হ'ব পাৰে। ইন্টাৰনেট সংযুক্ত এটা মোবাইল আৰু শিকাৰ ইচ্ছা—এইটোতেই সকলো আৰম্ভ কৰাৰ সম্ভৱ।


🔔 শেষত ক'ব পাৰি

AI আহিছে, আছে আৰু ভৱিষ্যতেও থাকিব—বিজ্ঞান আৰু প্ৰযুক্তিৰ ই এক অপ্ৰতিৰোধ্য যাত্ৰা।
কিন্তু AI ক ব্যৱহাৰ সঠিকভাবে ব্যৱহাৰ কৰিবলৈ আমি নিজকে পৰিপক্ক কৰি তুলিম নে বা ইয়াক আওকাণ কৰি চলি যাম —এইটো আছে আমাৰ হাততেই।

“ভৱিষ্যৎ তেওঁলোকৰেই, যিসকলে পৰিবর্তনক আঁকোৱালি লয়।”

No comments:

Post a Comment

জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নাম

  #জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নামঃ উল্লাহৰ অন্ত নাই Osbeckia zubeengargiana, Barnali Das & N. Nath উদ্ভিদ জগতৰ নতুন নাম । য'ত জুবিন...