Thursday, 31 July 2025

ম'বাইল, ইন্টাৰনেট আৰু আজিৰ সমাজ

সময়ৰ লগত খাপ খোৱাই আগুৱাই যাওঁতে মানুহৰ জীৱন যাত্ৰাত নানা ধৰণৰ উপকৰণেৰে লগ দিয়েহি। প্ৰথম ভয়, অজ্ঞানতা আৰু ভৱিষ্যতে হ'ব পৰা অনাকাংশিত সমস্যাৰ কথা ভাৱি কিছু থমকি ৰ'লেও এদিন যেতিয়া সেই পদ্ধতিবোৰত সোমাই পৰা যায় আৰু তাৰ সৈতে মিলাই চলোতে এদিন সেইবোৰ অবিচ্ছেদ্য অংগ হৈ পৰে। বৰ্তমান মানৱ সমাজে এনে বহু সামগ্ৰী নিজৰ জীৱন প্ৰণালীত সংযোগ কৰি লৈছে যাক এৰি চলিবলৈ প্ৰায় অসমৰ্থ হৈছে। আৰু এই সুযোগতে এনে সামগ্ৰীৰ সৈতে জড়িত উদ্ভাৱক, ব্যৱসায়ী, প্ৰচাৰক আদি সকলোৱে সুবিধা গ্ৰহণ কৰিছে। 

বৰ্তমান মানুহৰ জীৱনযাত্ৰাত সংযোজন হৈ পৰা সামগ্ৰীবিধ হৈছে ম'বাইল ফোন আৰু এই ম'বাইল ফোনক অধিক কৰ্মক্ষম কৰিবলৈ সংযোজন হৈ পৰা ইন্টাৰনেট। এতিয়া হাতৰ মুঠিত লুকুৱাই থ'ব পৰা ম'বাইল ফোনটোত বিশ্বখন সুমুৱাই থোৱাৰ দৰে হৈ পৰিছে। এই দুইবিধ বস্তুক এৰি আজিৰ দিনত মানুহৰ নিত্য প্ৰয়োজীয় বহু কামেই অসৰ্ম্পূূণ হৈ ৰ'ব। কিন্তু ইমান সুবিধা থকাৰ পাছতো এইবোৰ বস্তুৰ কিমান যে ক্ষতিকাৰক দিশসমূহ লুকাই আছে চাওঁ আহক। 

এতিয়া ম'বাইল কেৱল কথা পতাই নহয় ম'বাইল হৈ পৰিছে "মাল্টি পাৰপাছ ইউটিলিটি ডিভাইচ" (Multi-purpose utility Device). ইয়াৰ ভিতৰত সৰ্বাতোতকৈ বেছি ব্যৱহাৰ কৰা ক্ষেত্ৰবোৰ হৈছে সামাজিক মাধ্যম, ম'বাইল‌ গেমছ, ভিডিঅ' উল্লেখযোগ্য। যুৱক-যুৱতীসকলে বেছিকৈ ম'বাইল ব্যৱহাৰ কৰে। তেওঁলোকে দিনটোত গড়ে ৬-১১ ঘন্টা পৰ্য্যন্ত ইন্টাৰনেট যুক্ত ম'বাইল ফ'নত ব্যস্ত থাকি এক অলিক ৰ্ভাচুৱেল জগতত বিচৰণ কৰি ভাল পায়। যাৰ ফলত জীৱনৰ অতি মূল্যৱান সময়খিনি নষ্ট কৰি ভৱিষ্যতৰ জীৱনটো অন্ধকাৰ কৰি পেলোৱাৰ লগতে বৰ্তমানে মানসিক আৰু শাৰীৰিক সমস্যাই যুৱক চামক বাৰুকৈয়ে পীড়া কৰিছে। 

কেৱল যুৱক চামকে সামৰি কথাবোৰ ক'লে ইমান গ্ৰহণযোগ্য নহ'ব। এতিয়া সকলো স্তৰৰ লোককে কম-বেছি পৰিমাণে ম'বাইল ফ'নে গ্ৰাস কৰি পেলাইছে। অৱশ্যে কিছু লোকে ম'বাইল ফ'নৰ জৰিয়তে যথেষ্ট ভাল কাম কৰাৰো উদাহৰণ আমাৰ মাজতে আছে। ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ীসকলে প্ৰত্যক্ষভাৱে গ্ৰাহকৰ কাষ চাপিব পাৰিছে। ই-কৰ্মাচে এই ক্ষেত্ৰত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Cultivation of Chrysanthemum

Botanical Name Dendranthema grandiflora (Formerly known as Chrysanthemum morifolium ) Family Asteraceae Introduction Chrysanthemum is one of...