Wednesday, 30 October 2024

#নামৰূপ মহাবিদ্যালয়ত স্বনিয়োজনৰ কৰ্মশাল সম্পন্ন

ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ আৰ্থিক সাহাৰ্যপ্ৰাপ্ত নামৰূপ মহাবিদ্যালয়ৰ বায়’টেক হাব আৰু উদ্ভিদ বিজ্ঞান বিভাগে  যোৱা ২৪ অক্টোবৰত ২০২৪ ত স্থানীয় উদ্যোগী পুৰুষ-মহিলাসকলক স্বাৱলম্বনৰ দিশে এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যে “From Orchard to Innovation: Hands-on Training for Value Added Produce” শীৰ্ষক এখন কৰ্মশালা আয়োজন কৰে।  এই কৰ্মশালা খনত সমল ব্যক্তি হিচাপে অংশ লয় যোৰহাটৰ ৰজী ফোড প্ৰচেছিং গোটৰ  (Razi’s Food Processing Unit) স্বতাধিকাৰী তথা সফল উদ্যোগী ৰজিয়া ৰহমানে। এই কৰ্মাশালাৰ যোগেদি স্থানীয়ভাৱে উপলবদ্ধ পাচলি, ফল-মূল আদিৰ পৰা কেনেকৈ বজাৰত চাহিদা থকা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি লাভাম্বিত হ’ব পাৰি তাৰ বিস্তৃত প্ৰশিক্ষণ দিয়া হয়। লগতে প্ৰস্তুত কৰা সামগ্ৰীবোৰ কেনেকৈ পেকিং কৰি গ্ৰাহকৰ মাজলৈ উলিয়াই দিব পাৰি, কি দৰে বজাৰৰ মূল্য নিধাৰণ কৰা হয়, কি দৰে অনুজ্ঞা পত্ৰ পাব পাৰি আদি সকলো বিষয় সামৰি কৰ্মশালাখন সম্পন্ন কৰা হয়। লগতে বজাৰ সৰ্ম্পকীয় বহুতো তথ্য দি অংশগ্ৰহণকাৰী সকলক থলুৱাভাৱে উপলব্ধ এই ধৰণৰ কেচাঁ সামগ্ৰীৰ পৰা  ব্যৱসায় কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এদিনীয়া এই কৰ্মশালাখনৰ সুভাৰম্ভণিত উদ্ধোধনী ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দুৰ্গা প্ৰসাদ গগৈদেৱে প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে হাতে কামে লাগি আৰ্থিকভাৱে স্বছল হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে।

বায়’টেক হাবৰ মুখ্য গৱেষক ড০ জয়ন্ত সোনোৱালে নামৰূপৰ স্থানীয়লোকৰ স্বনিয়োজনৰহেতু আয়োজন কৰা কৰ্মাশালৰ প্ৰতি ৰাইজৰ আগ্ৰহ দেখি উত্সাহিত হোৱা বুলি প্ৰকাশ কৰে। ভৱিষ্যতে কৌশল বিকাশ আৰু স্বাৱলম্বিতাৰহেতু আৰু অধিক স্বনিয়োজনৰ সুবিধা থকা কৰ্মাশাল আয়োজন কৰি স্থানীয় লোকৰ কৌশল বিকাশ কৰাৰ লগতে নামৰূপৰ আগ্ৰহী উদ্যোগী যুৱচামক স্বনিয়োজনৰ বাট দেখুৱাবলৈ আৰু আচনি ল'ব বুলি কয়।  

নামৰূপৰ ৫৭ গৰাকী মহিলা আৰু ৩ গৰাকী  পুৰুষে অংশগ্ৰহণ কৰা কৰ্মশালাখনত কৰে। অংশগ্ৰহণকাৰী লোকসকলে কৰ্মাশালাখনৰ পৰা যথেষ্ট লাভাম্বিত হোৱা বুলি বক্তব্য প্ৰদান কৰে। 

এই কৰ্মশালাখনত উদ্ভিদ বিজ্ঞান বিজ্ঞাগৰ সহকাৰী অধ্যাপিকা কাকলি বৰুৱা, ড০ উৰ্মিকা ফংচপি, পৰীক্ষাগাৰৰ সহায়ক দিগন্ত বুঢ়াগোঁহাই, তৰণ চেতিয়াই বিভিন্ন দিশত সহায়-সহযোগ আগবঢ়াই সাফল্যমণ্ডিত হোৱাত সহায় কৰে।









No comments:

Post a Comment

Every Day Is Important in Life: Don’t Miss Any Opportunity

Life is not made of years, it is made of days. Each day is a small piece of our life, and once a day is gone, it never comes back. Many peop...