Wednesday, 30 October 2024

নামৰূপ মহাবিদ্যালয়ৰ ৰাষ্টীয় কৰ্মশালা

ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ দ্বাৰা আৰ্থিক সাহাৰ্য প্ৰাপ্ত নামৰূপ মহাবিদ্যালয়ৰ বায়'টেক হাবে আভ্যন্তৰিণ গুণগত মান নিৰ্ণায়ক কোষৰ সহযোগত যোৱা ২১ আৰু ২২ অক্টোবৰ ২০২৪ ত মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বিভিন্ন শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলক সাম্প্ৰতিক সমাজৰ সকলো ক্ষেত্ৰতে শিপাই যোৱা কৃত্ৰিম বুদ্ধিমত্ৰাৰ  ধনাত্মক আৰু ঋণাত্মক প্ৰয়োগৰ বিষয়ে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে AI Tools for Teaching and Research Efficiency শীৰ্ষক অনলাইন যোগে এক ৰাষ্ট্ৰীয়  পৰ্য্যায়ৰ দুদিনীয়া কৰ্মশালা আয়োজন কৰা হয়।  এই কৰ্মশালাত চিকিম মণিপাল বিশ্ববিদ্যালয়ৰ গৱেষক তথা ২০২২-২৩ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে তৈয়াৰ কৰা পৃথিৱীৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাভুক্ত বিজ্ঞানী ড০ আকাশ কুমাৰ ভয়ে দুয়োটা দিনতে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাই গ্ৰাস কৰি পেলোৱা উচ্চ শিক্ষা আৰু গৱেষণা ক্ষেত্ৰখনত বিভিন্ন কৃত্ৰিমবুদ্ধিমত্তাৰ প্লেটফৰ্মৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ল'বলগীয়া সাবধনতাৰ সৰ্ম্পকে বিভিন্ন দিশ আলোকপাত কৰি এক বিস্তৃত ৰূপত বৰ্ণনা আৰু ব্যৱহাৰ কৰিবলৈ শিকায়। এই কৰ্মশালাই উচ্চ শিক্ষা আৰু গৱেষণাৰ সৈতে জড়িত অংশগ্ৰহণকাৰী শিক্ষক, বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা আৰু গৱেষণাৰ দিশত আবাঢ়িযোৱাত এক নতুন পথৰ সন্ধান দিয়ে। 

নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দুৰ্গা প্ৰসাদ গগৈ দেৱে উদ্ধোধনী ভাষণ প্ৰদান কৰি অংশগ্ৰহণ কৰা সকলোৱে এই কৰ্মশালাৰ পৰা লাভ কৰা জ্ঞানেৰে উচ্চ শিক্ষাত শিক্ষণ-শিকণ, গৱেষণা আৰু পেশাগত ভালেখিনি দিশত ব্যৱহাৰ কৰিব পৰাকৈ জ্ঞান অৰ্জন কৰি নিজকে সবল ৰূপত আগুৱাই নিব পাৰিব বুলি আশা প্ৰকাশ কৰে। 

মাহিবদ্যালয়ৰ বায়’টেক হাবৰ মূখ্য গৱেষক তথা উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ জয়ন্ত সোনোৱালে এই কৰ্মশালাৰ যোগেদি বৰ্তমান অপৰিচিত হৈ থকা কৃত্ৰমি বুদ্ধিমত্ৰাৰ বিভিন্ন আহিলা আৰু এইবোৰৰ বৈধ প্ৰয়োগেৰে কেনেকৈ শিক্ষা প্ৰদান আৰু গ্ৰহণ প্ৰক্ৰিয়াৰ লগতে গৱেষণাৰ সৈতে জড়িত শিক্ষক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অধিক ফলপ্ৰসু কৰিব পাৰি এই কৰ্মশালাৰ দ্বাৰা তাক সঠিক ৰূপত সমাজৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰয়াস বুলি মন্তব্য কৰে। 

এই কৰ্মশালাত ভাৰতৰ বিভন্ন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ লগত কৰ্মৰত শিক্ষক, গৱেষক, ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও বাংলাদেশ আৰু পাকিস্তানকে ধৰি মুঠ ২৬১ গৰাকী লোকে অংশগ্ৰহণ কৰে। 

এই কৰ্মশালাখন আয়োজন কৰিবলৈ কাৰিকৰী দিশত সহায় কৰিছিল প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী তথা সহকাৰী অধ্যাপক চাজিদূৰ ৰহমান, কাৰ্যসূচী আত ধৰে উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্য়াপিকা কাকলি বৰুৱা, অনলাইন প্লেটফৰ্ম নিয়ন্ত্ৰক সমীৰণ ভূঞা আৰু স্বোৱেতা বৰ্ধনে।







No comments:

Post a Comment

দুখীয়া মানুহৰ প্ৰভু জুবিন গাৰ্গ

মই স্বাথৰ্পৰ হ'ব পাৰিলোঁহেঁতেন। বোম্বেত থাকি, পইচা ঘটি ঢেৰ গান গাই নাম কৰিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ অসমৰ জনগণৰ প্ৰতি এটা দায়িত্ব আছে। ...