Sunday, 20 December 2015


শেৱালিৰ গুণবোৰ এতিয়াও যোৱাই নাই
লগতে আঘোণৰ সোণোৱালী ৰংবোৰ
আকৌ সৰিয়হ ডৰা হালধীয়া হলেই ।

সোণগুটি লক্ষিমীয়ে ভড়ালৰ ওজন বঢ়াইছে
নিগনিবোৰে এতিয়াও পথাৰৰ লেচেৰি বুটলিয়েই আছে
কুঁৱলীৰ বগা জালৰ আৰত গাওঁবোৰ ঢাকিছে ।

পূণাকনৰ লেচেৰি বেছা ধন কত থঁও কত নথঁও
হাৱাই যোৰ ফিটা সুলকি সুলকি পৰিছে
দেউবাৰে কোনোবা বোপাৰীৰ কঁপাল ফলিয়াব এইবাৰ ।

বীৰেশ্বৰ দদাই পুতেকে মেল পাতিছে
গাই প্ৰতি দুকুৰি চাণ্ডা
মেজিটো বালি নৈ পাৰতে সাজিব ।

কুল কাই দুকানত গ্ৰাহকৰ ভিৰ
কিনাতকৈ বেছা গ্ৰাহকহে বেছি
মাঘৰ বিহুৰ খৰচ্ খমখমীয়া নোটৰ । 

No comments:

Post a Comment

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...