Sunday, 20 December 2015


শেৱালিৰ গুণবোৰ এতিয়াও যোৱাই নাই
লগতে আঘোণৰ সোণোৱালী ৰংবোৰ
আকৌ সৰিয়হ ডৰা হালধীয়া হলেই ।

সোণগুটি লক্ষিমীয়ে ভড়ালৰ ওজন বঢ়াইছে
নিগনিবোৰে এতিয়াও পথাৰৰ লেচেৰি বুটলিয়েই আছে
কুঁৱলীৰ বগা জালৰ আৰত গাওঁবোৰ ঢাকিছে ।

পূণাকনৰ লেচেৰি বেছা ধন কত থঁও কত নথঁও
হাৱাই যোৰ ফিটা সুলকি সুলকি পৰিছে
দেউবাৰে কোনোবা বোপাৰীৰ কঁপাল ফলিয়াব এইবাৰ ।

বীৰেশ্বৰ দদাই পুতেকে মেল পাতিছে
গাই প্ৰতি দুকুৰি চাণ্ডা
মেজিটো বালি নৈ পাৰতে সাজিব ।

কুল কাই দুকানত গ্ৰাহকৰ ভিৰ
কিনাতকৈ বেছা গ্ৰাহকহে বেছি
মাঘৰ বিহুৰ খৰচ্ খমখমীয়া নোটৰ । 

No comments:

Post a Comment

এটা চুক্তি, তিনিটা ধাক্কা

এটা চুক্তি, তিনিটা ধাক্কা: ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য চুক্তিয়ে কেনেদৰে তুৰ্কী, পাকিস্তান আৰু বাংলাদেশক চাপত পেলালে- চাওক সবিশেষ সংক্ষেপে...