জিতেনে চহৰৰ পৰা অহা বেপাৰী তিনিজনৰ সৈতে জিকা, তিয়ঁহ, অমিতা, লেচেৰা আৰু পটলৰ দাম-দৰ কৰি আছে।
-দিনৰ এঘাৰ বজাতেই দোকান-পোহাৰ বন্ধ হৈ যোৱা বাবে আধা বস্তু বিক্ৰী নোহোৱাকৈ ৰৈ যায়। সেয়েহে বেছিকৈ নিবও নোৱাৰোঁ।
এজন বেপাৰীয়ে কোৱা কথাবোৰ বাকী দুজনে হয়ভৰ দিলে।
জিতেন বিপাঙত পৰিল। লকডাউনৰ আগত চহৰত হাজিৰা কৰিবলৈ যোৱা গাঁৱৰ মানুহকেইজনৰ চহৰত কাম নোহোৱা হোৱাৰে পৰা জিতেনে নিজৰ বাৰীতে কামত লগাইছিল। নিজৰ গাঁৱৰ মানুহ। কাম হাজিৰা কৰিয়েই চলে। সিহঁতেও দুপইচা পাওক বুলি সেইবাবে এইবাৰ আগতকৈ দুবিঘা বেছিকৈ বাম খেতি কৰিছে। উৎপাদনো খুউব ভাল হৈছে। পিছে লকডাউন হৈ পৰাত বজাৰৰ বাবে কিছু অসুবিধা হৈছে। তথাপি লোকচান হোৱা নাই।
---হ'ব দে তহঁতি এইটো দামতে দিবি। তহঁতিটো অচিনাকি নহয়। তহঁতৰ বা মোৰ কাৰোৱে লোকচান হ'ব নালাগে।
বেপাৰী কেইজনক শাক-পাচলি দি সি বাৰীখন এপাক ঘূৰিলে। সি নিজেই ক্লাছ টেনত পঢ়ি থাকোতে ৰোৱা আম, কঠাল, লিচু, লেটেকুবোৰ লমালমে লাগিছে। ডালভৰি দো খাই পৰা গছ কেইজোপালৈ চাই তাৰ নিজৰে বিশ্বাসেই হোৱা নাই। কেইবছৰনো হৈছিল, গছকেইজোপা ফুলে-ফলে ভৰি পৰিছে। আগফালে লগোৱা ৰঘু, আজাৰ, গমাৰী, চোম, বোৱাল আদি গছবোৰ এখন সৰু অৰণ্যৰ দৰে হৈ পৰিছে। পুৱাতে জাক জাক চৰাইৰ মাতত সজল হৈ পৰে পৰিৱেশটো। শালিকি চৰাই, কপৌ চৰাই, সখীয়তী, পাট মাদৈ আৰু কত যে কি? বহাগ গ'ল কিন্তু কুলি কেইজনীয়ে সিহঁতৰ হাবিত মিঠা গীত গাইয়ে আছে। এই হাবিখনত কত যে কি কি গছ-লতিকা। ভেদাই লতা, নলটেঙা, নেফাফু, টিকনি বড়া, অউনি পান, সাৰজোৰা লতা, ঢেকীয়া লতা আদিবোৰ কম উপকাৰত আহেনে! ৰমেন দাইতিয়ে তাৰ পৰাই গাঁৱখনৰ লগতে ওচৰ-পাজৰ বহু গাৱঁৰ মানুহক বনৌষধ দি কিমান যে সহায় কৰিছে! বগী খুড়ী, চেনেহী বাইহঁতে তাৰ পৰা তুলি নিয়া ভেটাই লতা, নল টেঙা, ঢেকীয়া আদি ঔষধযুক্ত বন শাকবোৰ! আৰু তাৰ শ্ৰীমতীয়ে মাছৰ সৈতে ৰন্ধা ভেদাইলতা জুলকন সি যে কিমান ভাল পায়! নগৰৰ কলেজৰ পৰা তাৰ সৰু অৰণ্য খনত থকা বিবিধ গছ-লতিকা, পখিলা, চৰাইবোৰ অধ্যয়ন কৰিবলৈ ল'ৰা-ছোৱালীবোৰ আহে। সি উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ নাছিল যদিও নিজ হাতে গঢ় দিয়া তাৰ হেপাহৰ হাবিখনৰ প্ৰতিডাল গছ-লতিকাৰ স্থানীয় নাম, কত কি গছ, কি লতা, শাক আছে সেইয়া তাৰ নখদপনত। মুঠতে তাৰ ঘৰৰ চাৰি বিঘা বাৰীখন এখন জৈৱ-বৈচিত্ৰ্যৰ ভৰা সৰু অৰণ্য বুলি ক'লেও বঢ়াই কোৱা নহ'ব। চহৰৰ মানুহেও সেইফালে গ'লে এপাক তাৰ বাৰী আৰু মিনি অৰণ্য খনত সোমাই যাব বিচাৰে।
- এৰা! চকু দুটা মুদি কল্পনা কৰিয়েই চোন ভাল লাগে তেনে এখন বাৰীৰ কথা। তাৰ ঘৰত যি প্ৰাকৃতিক সম্পদ আছে সেইয়া চহৰৰ মাজ মজিয়াত থকা ১০ মহলীয়া অট্টালিকাইও জুখিব নোৱাৰি।
গোটেই বাৰীখন ঘূৰি পকি বাৰাণ্ডাত অলপ জিৰণি লৈছে সি। পত্নী বিভাই ঘৰৰ কলি গাইৰ গাখীৰে বনোৱা ঘন চাহ কাপ আনিলে। এইকাপ চাহ তাৰ বৰ প্ৰিয়। লগতে পকা অমিতা, জাহাজী কল আৰু ভেদাইলতাৰ লগত কণীৰে বনোৱা পকৰী। দুয়ো বহি আগবেলা কামৰ ভাগৰ মৰা লগতে বাৰীখনৰ কত কি পকীছে, কি পাচলি কেতিয়া বেছিব লাগিব, বাৰিষা যোৱাৰ লগে লগে কি খেতি কৰিব, এইবাৰ কি কি গছ লগাব, হাজিৰা কৰা মানুহ কেইটাক টকা দিয়া হ'ল নে নাই কথাবোৰ চাহ কাপৰ গভীৰতা কমি যোৱাৰ লগে লগে বাঢ়ি গ'ল। কথাৰ মাজতে ভৱেশৰ ঘৰৰ ফালে চকু ঘূৰাই সি নিশ্চুপ হৈ পৰিল। একেদৰে বহু পৰ।
--হেৰি' কি হ'ল। শিল পৰা কপৌটোৰ দৰে হঠাতে নিথৰ হৈ গ'ল যে।
পত্নীৰ মাতত সি সম্বিত ঘূৰাই পালে।
---এহ! একো নাই। পুৰণি কথা এটা মনত পৰি গ'ল। চোৱাচোন ভৱেশৰ বাৰীখন আৰু আমাৰ আৰু তাৰ সীমাটো। কিমান তৰাং। গছ এডালো নাই। সি যদি সেই তেতিয়াই মই সীমাত ৰোৱা গছবোৰ কাটি নেপেলোৱাহ'লে আজি এই খিনি ঠাই কিমান ধুনীয়া লাগিলেহেঁতেন।
--হেৰি কথাটোনো কি?
---তোমাক ইমান বছৰে কথাটো কোৱাই হোৱা নাই। ভৱেশ আৰু মই সৰুতে একেলগে পঢ়িছিলোঁ। সৰুৰে পৰা সি অঘাইটং আছিল। পঢ়া শুনাটো নাইয়েই আনবোৰ কামৰ প্ৰতি আগ্ৰহ নাছিল। শিক্ষক বা জেষ্ঠ কাৰোৱে কথা মনা নাছিল, বৰঞ্চ পেংলাইহে কৰিছিল। স্কুলৰ পৰা আহি হাতত দা লৈ আমি হাবিলৈ খৰি গোটাব যাওঁ। সিও যায়। সি বাটৰ কাষত যিমান গছৰ পুলি পায় সি ক'ব নোৱাৰাকৈয়ে সব কাটি থৈ যায়। আনকি হাবিৰ মাজতো অপ্ৰয়োজনীয়ভাৱে গছ কাটে। আমি ভাঙি পৰা শুকান খৰিবোৰ গোটাইছিলো আৰু সি খৰি শুকুৱালৈ বুলি আগতীয়াকৈ সৰু সৰু গছবোৰ কাটি পেলাইছিল। আৰু সিহঁতৰ আৰু আমাৰ সীমাত কমেও ৫০ জোপামান নানা ফল-মূল গছ লগাইছিলো আমি দুয়োঘৰে সময়ত পাম বুলি। কিন্তু কি ক'বা! মই দিনত লগাওঁ সি ৰাতি কাতি পেলাই। প্ৰতি বছৰে জেউঁৰা মাৰিলে সি এবেগেতমান ঠেলা মাৰে। গছ লগালে ক'ত ঠেলিব! সেয়ে কাটে। তাৰ কাৰণে গছত চৰাই-চিৰিকতিয়ে বাহঁ ল'ব নোৱাৰিছিল। সি চৰাই বাহঁবোৰ ভাঙে, ফাণ্ড পাতি, কেটেপা, জাল, চিটিকা পাতি ধৰি পেলাইছিল। পথাৰৰ আমাৰ সিটো সীমাৰে গছবোৰ দেখিছা, সেইবোৰ মই আৰু চুচেন খুৰাই লগোৱা। তাৰ সীমাৰ ফালে যি দুজোপামান লগাইছিলো, সি কাটি পেলাইছিল। এতিয়া খুৰাৰ সীমাত থকা ঔ টেঙা, আজাৰ গছ, জামুক গছ কেইজোপাই পথাৰৰ মানুহবোৰক কিমান সহায় কৰিছে চোৱাচোন! জেঠ মাহত পথাৰত কাম কৰা মানুহখিনিয়ে ৰ'দত কিমান সকাহ পায়। আনকি ভৱেশৰ ঘৈণীয়েকো তাতেই জীয়াই। বাৰিষা সময়ত পথাৰত মাছ ধৰি যেতিয়া আমি ৰোৱা ঔ গছৰ ঔ-টেঙা আৰু আমাৰ হাবিখনৰ পৰা ঢেকীয়া বুটলি মানুহবোৰে যুটিৰে এসাঁজ খাই মোৰ মনটো ভৰি পৰে। জীৱনত অফিচাৰ, এম.এল.এ, মিনিষ্টাৰ নহ'লেও মনত কিন্তু বেলেগ satisfaction এটা আছে দেই, নহয় নে কি কোৱা--কৈ কৈ জিতেনে হাহিঁলে। এই যে ভৱেশটোৱে গছ ৰুব নোৱাৰে নেলাগে, কিন্তু কাটি নেপেলোৱাহ'লে তাৰ বাৰীখনো আমাৰ দৰেই হ'লহেতেন! তাৰ আজি নাঙল এটা বনাবলৈও গছ এডাল নাই।
---এহ হ'ব আৰু, লোকৰ কথা বাদ দিয়া। চাহ শেষ হ'ল। নিজৰ কামত ধৰা।
ৰাতি বাৰ বাজিছে। ভৱেশৰ ঘৰৰ পৰা চিঞঁৰ-বাখৰ শুনা গ'ল। জিতেনে বিশেষ গুৰুত্ব নিদিলে। এনেকুৱা চিঞঁৰ-বাখৰবোৰ তেনেই সাধাৰণ। সি খাই আহি ঘৰত সপ্তাহত সাতদিনেই চিঞঁৰ-বাখৰ কৰে। ঘৈণীয়েকক কোবাই, ল'ৰা-ছোৱালী কেইটাক আঠুকঢ়াই থয়। শয্যাগত দেউতাকৰ প্ৰতি অকনো অনুকম্পা নাই। দিনটো হাজিৰা কৰি পোৱা চাৰি ভাগৰ তিনিভাগেই মদ খায়েই হজম কৰে। পথাৰৰ সীমা ঠেলি ঠেলি বহল কৰা মাটিখিনি এতিয়া বন্ধক, বিক্ৰী কৰোতেই শেষ।
-অলপ সময় পাছত দুৱাৰত টোকৰ পৰিল।
--- হাতযোৰ কৰি, এইয়াচোন ভৱেশ।
---ভৱেশ কি হ'ল তই এনেকৈ যে আজি! কি হ'ল তোৰ ক চোন?
-আমাৰ পিতাই আৰু নাই। থ'বগৈ লাগে।
কিন্তু!
---কিন্তু কি?
-তই বেয়া নেপাৱ যদি গছ এডাল দিব পাৰিবি। তোক মই ইয়াৰ বিনিময় দিম।
---ধেইত অকৰা, মোৰ বৰপিতাই আৰু তোৰ পিতাই ঢুকাইছে, মই গছ এডাল তোক নিদিম! কি কথা ক।
জিতেনে বগা গেঞ্জি-ধূতি পিন্ধি হাতত কোঠাখন লৈ শ দেহ সৎকাৰ কৰিবলৈ ওলাই গ'ল।
(এচামলোকে আমাৰ পৰিৱেশ সংৰক্ষণ আৰু ইয়াৰ সম্পদবোৰৰ বহনক্ষম ব্যৱহাৰ আৰু বিকাশৰ বাবে অহৰহ চেষ্টা কৰি অহাৰ বিপৰীতে এচামে প্ৰকৃতিৰ অমূল্য সম্পদ গছ-গছনি, চৰাই-চিৰিকতি আদি বন্য জীৱ-জন্তুবোৰক ধ্বংস কৰি আহিছে। যাৰ বাবে আমাৰ পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বন্য জীৱবোৰ অস্তিত্বৰ সংকট ভুগিছে। আহক #বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে আমাৰ হেৰাই যোৱা বন্য জীৱবোৰক পুনৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণ কৰোঁ। আমি কোনেও যাতে ভৱেশৰ দৰে জীৱনৰ অতি সংকটৰ সময়ত এডাল গছ ভীক্ষা কৰিবলগীয়া নহয়)।
ReplyForward |