দিনৰ সাঁকোয়েদি দিনবোৰ
কি দৰে যে বাগৰিছে
উভতি চালে ভয়ে চেপি ধৰে ।
সেই থৰ-বৰ খোঁজ বোৰৰ পৰা
সেই থুনুক-থানাক কথাষাৰৰ পৰা
বোকা ঠেকেচি ঠেকেচি খেলা
চিঞঁৰি বাখৰি উমলা
দিনবোৰ চোন হেৰাই গল ।
এনে যেন নিস্পাণ ক্ষণ
পলে পলে বিন্ধিছে জীৱন ।
নাই নামৰ অকালটো নাই
তথাপি দেখোন সঁচাকৈয়ে নাই ।
এয়াইনেকি বাৰু জীৱন !