Showing posts with label জীৱন ডিঙা. Show all posts
Showing posts with label জীৱন ডিঙা. Show all posts

Saturday, 19 September 2015

জীৱন ডিঙা

দিনৰ সাঁকোয়েদি দিনবোৰ
কি দৰে যে বাগৰিছে
উভতি চালে ভয়ে চেপি ধৰে ।

সেই থৰ-বৰ খোঁজ বোৰৰ পৰা
সেই থুনুক-থানাক কথাষাৰৰ পৰা
বোকা ঠেকেচি ঠেকেচি খেলা
চিঞঁৰি বাখৰি উমলা
দিনবোৰ চোন হেৰাই গল ।

এনে যেন নিস্পাণ ক্ষণ
পলে পলে বিন্ধিছে জীৱন ।
 নাই নামৰ অকালটো নাই
তথাপি দেখোন সঁচাকৈয়ে নাই ।

এয়াইনেকি বাৰু জীৱন !

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...