Sunday, 29 November 2026

নিজৰ উন্নতিৰ লগতে জাতিৰ উন্নতিৰ কথাও চিন্তা কৰোঁ আহক

ড০ ৰুবুল মাউতৰ শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰিত কেইবাটাও বক্তব্য শুনাৰ সুযোগ পাইছোঁ। তেখেতৰ কথাবোৰৰ মাজত গভীৰ তাৎপৰ্য আৰু এক সুদূৰপ্ৰসাৰী চিন্তাৰ প্ৰতিফলন দেখিবলৈ পাইছোঁ। বিশেষকৈ নিজৰ সফলতাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোক কেনেকৈ আগুৱাই নিব পাৰি, সেই সম্পৰ্কে তেখেতে দাঙি ধৰা সপোন আৰু চিন্তাধাৰা আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ।

তেখেতে এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে—অসমীয়া সমাজৰ বহু মেধাৱী আৰু উচ্চ শিক্ষিত ব্যক্তিয়ে নিজৰ কেৰিয়াৰ, নিজৰ প্ৰতিষ্ঠা আৰু ব্যক্তিগত সফলতাক লৈয়ে অধিক ব্যস্ত থাকে। কিন্তু নিজৰ অভিজ্ঞতা, জ্ঞান আৰু সামৰ্থ্যৰ জৰিয়তে আন দহজনক কেনেকৈ আগুৱাই নিব পাৰি, সেই চিন্তাটো বহু ক্ষেত্ৰত অনুপস্থিত। ফলত সম্ভাৱনাপূৰ্ণ নৱপ্ৰজন্মই সঠিক পথপ্ৰদৰ্শক, সহযোগিতা আৰু প্ৰেৰণা বিচাৰি নাপায়।

ইয়াৰ বিপৰীতে আন বহু জাতি-জনগোষ্ঠীয়ে সামূহিক সহযোগিতা, পাৰস্পৰিক বিশ্বাস আৰু নেটৱৰ্কিঙৰ জৰিয়তে কেনেকৈ আগুৱাই গৈছে, তাৰো সুন্দৰ উদাহৰণ তেখেতে দাঙি ধৰিছে।

তেখেতৰ এটা চিন্তা বিশেষভাৱে মন চুই গৈছে। পৃথিৱীৰ আগশাৰীৰ গৱেষণা আৰু শিক্ষানুষ্ঠানসমূহত অসমীয়া মানুহৰ স্থায়ী পদ আৰু শক্তিশালী সংযোগ গঢ়ি তুলিব লাগিব। তাৰ বাবে আমাৰ নৱপ্ৰজন্মই মকৰাৰ দৰে সমগ্ৰ বিশ্বতে নিজৰ কৰ্ম, জ্ঞান, সম্পৰ্ক আৰু সহযোগিতাৰ এক শক্তিশালী জাল গঢ়ি তুলিব লাগিব। সেই জালৰ জৰিয়তে আহৰণ কৰা জ্ঞান, অভিজ্ঞতা, সুযোগ আৰু সম্পদেৰে নিজৰ সমাজ আৰু জাতিক সমৃদ্ধ কৰিব লাগিব।

মোৰ দৃষ্টিত এই কথাবোৰ কেৱল এজন ব্যক্তিৰ সফলতাৰ কাহিনী নহয়; ই এক জাতীয় আত্মসমালোচনা আৰু আত্মজাগৰণৰ আহ্বান।

দুখৰ বিষয় যে আমাৰ সমাজৰ একাংশ উচ্চ শিক্ষিত আৰু বৌদ্ধিকভাৱে প্ৰতিষ্ঠিত ব্যক্তিৰ মাজতো সামূহিক উন্নতিৰ এই মানসিকতা সদায় দেখা নাযায়। বহু সময়ত আন এজনক আগুৱাই নিয়াৰ পৰিৱৰ্তে পিছলৈ টানি ধৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। কোনোবাই নতুন চিন্তা লৈ আগবাঢ়িব বিচাৰিলে, সমাজৰ বাবে কিবা এটা কৰিব বিচাৰিলে, তেওঁক উৎসাহিত কৰাৰ পৰিৱৰ্তে নিৰুৎসাহিত কৰা বা তেওঁৰ পথত বাধাৰ সৃষ্টি কৰাৰ মানসিকতাও দেখা যায়।

আমাৰ চৌপাশে এনে বহু উদাহৰণ আছে, যিয়ে আমাক ভাবিবলৈ বাধ্য কৰে। জুবিন গাৰ্গে যুৱপ্ৰজন্মক লৈ দেখা সপোন, সমাজৰ বাবে কৰা চিন্তা আৰু কামৰ মাজতো এনে বহু প্ৰত্যাহ্বানৰ প্ৰতিচ্ছবি আমি দেখিছিলো আৰু শেষৰ পৰিণতি অতি কৰুণ হৈ গ'ল। ড: ধনীৰাম বৰুৱাৰ দৰে উদ্ভাৱনীপ্ৰসূ ব্যক্তিৰ অভিজ্ঞতাও আমাৰ বাবে চিন্তাৰ বিষয়। সমাজৰ বাবে নতুন কিবা এটা কৰাৰ সাহস কৰা মানুহৰ প্ৰতি আমাৰ দৃষ্টিভংগী কেতিয়াবা কিমান সংকীৰ্ণ হৈ পৰে, সেয়া ভাবিলে দুখ লাগে।

সম্ভৱতঃ বিশ্বৰ অন্যতম সমৃদ্ধিশালী দেশত কাম কৰি, গৱেষণা আৰু প্ৰতিষ্ঠানিক উৎকৰ্ষতাৰ পৰিৱেশৰ অভিজ্ঞতা লাভ কৰাৰ পাছত ড০ মাউতে এই সামূহিক চিন্তা আৰু সহযোগিতাৰ প্ৰয়োজনীয়তা অধিক গভীৰভাৱে উপলব্ধি কৰিছে।

এতিয়া সময় আহিছে আত্মসমালোচনা কৰাৰ। কেৱল নিজৰ সন্তানৰ সফলতা, নিজৰ কেৰিয়াৰ, নিজৰ পদবী আৰু নিজৰ প্ৰতিষ্ঠাক লৈ গৌৰৱ কৰিলেই এটা জাতি আগুৱাব নোৱাৰে। জাতি তেতিয়াহে আগুৱায়, যেতিয়া সফল মানুহে আন দহজনৰ বাবে বাট মুকলি কৰে; যেতিয়া প্ৰতিষ্ঠিত ব্যক্তিয়ে নতুন প্ৰজন্মক হাত ধৰি আগুৱাই নিয়ে; যেতিয়া এজনৰ সফলতাত আন এজনে ঈৰ্ষা কৰাৰ পৰিৱৰ্তে আনন্দ অনুভৱ কৰে।

আমি কেৱল সফল অসমীয়া হ'ব বিচাৰিলেই নহ'ব, আমি আন অসমীয়াকো সফল হোৱাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব।

বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত অসমীয়া মানুহে নিজৰ মাজত সংযোগ গঢ়ি তোলক। গৱেষক, বিজ্ঞানী, উদ্যোগী, শিক্ষক, প্ৰশাসক আৰু পেছাদাৰী ব্যক্তিসকলে একেলগে কাম কৰাৰ মানসিকতা গঢ়ি তোলক। আমাৰ মেধা যাতে কেৱল ব্যক্তিগত সফলতাতে সীমাবদ্ধ নাথাকে, সেই মেধাই যাতে জাতিৰ সামূহিক ভৱিষ্যৎ নিৰ্মাণত অৰিহণা যোগায়, তাৰ বাবে সকলোৱে আগবাঢ়ি আহক।

মনত ৰখা উচিত—এজন মানুহৰ সফলতাই এজন ব্যক্তিক প্ৰতিষ্ঠা দিব পাৰে, কিন্তু হাজাৰজনৰ সামূহিক সফলতাই এটা জাতিক প্ৰতিষ্ঠা দিব পাৰে।

আহক, আমি ইজনে সিজনক তললৈ নমাই অনাৰ পৰিৱৰ্তে ওপৰলৈ উঠিবলৈ হাত আগবঢ়াওঁ। নিজৰ বাবে বাট বিচৰাৰ লগতে আনৰ বাবেও বাট মুকলি কৰোঁ। কাৰণ আমাৰ সপোন কেৱল ব্যক্তিগত সফলতা নহয়, আমাৰ সপোন হওক এখন আত্মনিৰ্ভৰশীল, জ্ঞানসমৃদ্ধ আৰু বিশ্বৰ বুকুত গৌৰৱেৰে প্ৰতিষ্ঠিত অসমীয়া সমাজ।

No comments:

Post a Comment

নিজৰ উন্নতিৰ লগতে জাতিৰ উন্নতিৰ কথাও চিন্তা কৰোঁ আহক

ড০ ৰুবুল মাউতৰ শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰিত কেইবাটাও বক্তব্য শুনাৰ সুযোগ পাইছোঁ। তেখেতৰ কথাবোৰৰ মাজত গভীৰ তাৎপৰ্য আৰু এক সুদূৰপ্ৰসাৰী...