Sunday, 10 November 2024

এখন গাড়ীৰ ৰাজকীয় শেষকৃত্য


    মানুহৰ সমাজত আজৱ খবৰৰ অভাৱ নাই। নিতৌ ঘটে নতুন নতুন ঘটনা। যোৱা ১০ নম্বেহৰত অহা এটা খবৰে সকলোৰে দৃষ্টি আকষণ কৰিছে। এফালে কোনোবা ঠাইত যদি মানুহৰ মৃতদেহ সত্কাৰ কৰিবলৈকে আপোন মানুহৰ অভাৱ আনফালে কাৰোবাৰ পুৰণি গাড়ীখনৰ ৰাজকীয় অন্তিম সন্মানেৰে শস্শান যাত্ৰা। গুজৰাটৰ এটা পৰিয়ালে তেওঁলোকৰ ১২ বছৰীয়া হেঁপাহৰ গাড়ীখনৰ শেষকৃত্য সম্পন্ন কৰে পৰম্পৰাগত ৰীতি-নীতিৰে। এই শেষকৃত্যস্থলীত পোন্ধৰশৰৰো অধিক লোকৰ সমাগম হয়। এই শেষকৃত্য কৰ্মত পৰিয়ালটোৱে খৰচ কৰে চাৰি লাখৰো অধিক টকা। পৰিয়ালটোৰ ফাৰ্ম হাউচত   ১৫ ফুট দ গাত খান্দি ১২ বছৰ পুৰণি 'Wagon R'  গাড়ীখন পুষ্পৰে সজাই লৈ যায় শেষ কৃত্য কৰ্মভাগিৰ বাবে। সেই কৰুণ দৃশ্য চাই উচুপি উঠে পৰিয়ালটোৰ সকলো লোক। এই সন্দৰ্ভত গাড়ীৰ গৰাকী, ছুৰাটৰ ব্যৱসায়ী সঞ্জয় পালোৰাই কয় যে পৰিয়ালৰ উন্নতি জখলাত বগুৱাবাই যাওঁতে এই গাড়ীখনে গুৰু ভূমিকা পালন কৰিছিল। ১২ বছৰ পূর্বে গাড়ীখন কিনাৰ পাছৰেপৰা পৰিয়ালটো নদন-বদন হৈ পৰে, সমৃদ্ধিৰ জোৱাৰ আহে। বৃদ্ধি পায় সামাজিক স্থিতি। এতেকে বিক্ৰীৰ সলনি ভক্তিভাবেৰে সমাধিস্থ কৰাৰ সিদ্ধান্ত লোৱা হয়। পুৰোহিতৰ মন্ত্রধ্বনিৰে শেষকৃত্য সম্পন্ন হোৱাৰ পাছত থলীতে ভাৰতীয় লোকনৃত্য গাৰ্বা পৰিৱেশন কৰা হয়।

এই কাৰ্য্যক আপুনি কি বুলি ক? এনেকুৱা কামে মানুহৰ কিবা উপকাৰ আনিবনে?  উত্তৰ প্ৰজন্মক দেখুৱাই যোৱা ই এটা কু-পৰম্পৰা হবগৈ নেকি?  ধন থাকিলেই সকলো কাম কৰাৰ অধিকাৰ পোৱাটো উচিত নে? গাড়ীখনৰ বিভিন্ন অংশ পুনব্যৱহাৰৰ কথা ভৱা হলে কি ভুল হ'ল হয়?  এটা নিজীৱ পদাৰ্থক অৰ্থহীন মৰ্য্যদা দিয়াটো কিবা অৰ্থ আছেনে?   এই অপকৰ্ম ইয়াতেই শেষ হওক।  ভুগহ্বৰ ওপৰিপৃষ্ঠখন মানুহৰ বাবেই শেষ হৈ গল, তলৰ পোন্ধৰ – বিশ ফুটলৈ যদি এইদৰে প্ৰদূষিত কৰা হয় ভৱিষ্যতৰ পৃথিৱীখন কি হবগৈ?

No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...