Tuesday, 21 May 2024

Internation Day for Biodiversity 2024

সকলোতকৈ দৰকাৰী কিন্তু ৯০% ত কৈ অধিকলোকে আওকাণ কৰা কামটোৱেই হৈছে পৰিৱেশ বা জীৱ-জগতৰ প্ৰতি কৰা চৰ্চাৰ অনিহা। বিচিত্ৰ জীৱকূলে সমৃদ্ধি কৰি তোলা এই জীৱজগত লাহে লাহে মানুহৰ বাবে বিপৰ্য্যয়ৰ কাৰণ হৈ পৰিছে। মানুহৰ নিজৰ স্বাৰ্থ কাৰণে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰিবলৈ যাওঁতে জীৱকূলৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিবলৈ ধৰিলে। সময়ৰ গতিত মানুহৰ জীৱন-প্ৰণালী উন্নত কৰিবলৈ যাওঁতে আমাৰ চৌপাশে থকা বিভিন্ন পশু-পখী, গছ-লতাৰ প্ৰতি কৰা আওকাণৰ বাবে আজি বহুতো জীৱ পৃথিৱীৰ পৰা বিলুপ্ত হ'ল বা বহুতো জীৱ বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। জীৱজগতত বতি থকা এই জীৱকূলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কম হলেও কিছুমান চৰকাৰী সংস্থাৰ উপৰিও বে-চৰকাৰী সংস্থা, প্ৰকৃতি কৰ্মী, অনুষ্ঠান- প্ৰতিষ্ঠানে কাম কৰি আছে। সেই কামৰ এটা এংশ হিচাপে প্ৰতি বছৰে ২২ মে তাৰিখে বিশ্বজুৰি আন্তৰাষ্ট্ৰীয় জৈৱ-বিচিত্ৰ দিৱস হিচাপে ১৯৯২ চনৰ পৰাএ পাতি আহিছে। ইয়াৰ উদ্দেশ্য হল সমাজৰ সকলো শ্ৰেণী মানুহৰ মাজত জৈৱ-বিচিত্ৰৰ উপকাৰিতা, ইয়াৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ বিষয়ে সজাগ কৰি তোলা।  

No comments:

Post a Comment

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...