Friday, 10 May 2024

নোধোৱা আম খালে বিপদ হ'ব পাৰে

আমক ফলৰ ৰজা বুলি কোৱা হয়। বৰ্ষা কাল অহাৰ লগে লগে গছত আম দাল ভৰি ভৰি লগা হয়তো আপুনি দেখিছে। বিশেষকৈ অসমৰ গামাঞ্চলত এসময়ত দো খাই আম লগা আপুনি নিশ্চয় দেখা পাইছিল। কিন্তু আজি কালি সেই ছবি বিৰল হৈ পৰিছে। দুপৰীয়া পথাৰত কাম বন কৰি আহি ঘৰত বন্ধু-বান্ধৱীৰ সৈতে বহি আম খাই মজা লোৱা বৰ্তমান বহুতৰে নাথাকিলেও আমাৰ কিন্তু সেই অভিজ্ঞতা ভালদৰে আছে। কিন্তু দিন বাগৰি অহাৰ লগে লগে গাৱঁবোৰত আজি কালি সেই পৰিৱেশ নোহোৱা হৈ পৰিছে। আম গছবোৰ কমি আহিছে। পোকৰ আক্ৰমণত কলিতে সৰি পৰা নতুবা বিভিন্ন পৰিৱেশজনিত কাৰণত আম নলগা পৰিৱেশ এটাৰ সৃষ্টি হোৱা যেন অনুভৱ হৈছে। 

তথাপিও জানো আমি আম নোখোৱাকৈ আছো! পৰাসকলে বজাৰৰ পৰা আম আনি এই বৰ্ষা ঋতুত দকচি যে খায় সেইটো খাটাং। খাবই লাগিব বা খালে ভাল। কিয়নো আমৰ পৰা আমাৰ দেহত বহুতো প্ৰয়োজনীয় উপাদান পোৱা যায় যি আমাৰ দেহত দৰকাৰ হোৱা পুষ্টি যোগান ধৰে। ইয়াৰ ভিতৰত ভিটামিন "এ"  আৰু " চি"। এই উপাদান দুবিধে আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতা সবল কৰাৰ লগতে সু-স্বাস্থ্য আৰু ভাল ছালৰ গঠনত গুৰু ভুমিকা লয়। তাৰোপৰি আমে খাদ্যত আঁহ যোগান ধৰে, হজম শক্তি বঢ়ায় আৰু শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আমত বিটা-কেৰটিন আৰু ফ্লেভেনইড নামৰ এন্টিঅক্সিডেন্ট থাকে যিবোৰে শৰীৰত মুক্ত মূলকৰ দ্বাৰা কোষ নষ্ট নোহোৱাকৈ ৰখাত সহায় কৰে। তাৰোপৰি ক্ৰণিক ৰোগ যেনে হৃদ আৰু কৰ্কট ৰোগৰ প্ৰতি থকা ভাবুকি পৰাও ৰক্ষা কৰে। 

তাৰোপৰি আমত পটাচিয়াম, মেগনেছিয়াম আৰু ভিটামিন "কে" থাকে যিবোৰে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে হাড় মজবুত কৰি ৰাখে।

গতিকে আমৰ উপকাৰিতা কথা কৈ থাকিলে শেষ নহয় বুলিয়েই ক'ব পাৰি। কিন্তু এই উপকাৰী ফলবিধ এতিয়া কিমান সুৰক্ষিত! বজাৰত ওলোৱা ডাঙৰ ডাঙৰ পকা আমবোৰ কিমান স্বাস্থ্য়কৰ!

বৰ্তমান বজাৰত ভৰি পৰা আমবোৰ অসমৰ বাহিৰৰ পৰা আহে। দোকানীক সুধিলে ক'ব - মালদা আম দাদা, খাই ভাল পাব। নিশ্চয় খাবলৈ ভাল। কিন্তু আপুনি ভাৱকচোন আপোনাৰ বাৰীত বা আপুনি দেখা কেইটা আম পোক নলগাকৈ থাকে! প্ৰতি দহটাৰ ভিতৰত ৭ টাই পোক লগা হয়। তেন্তে বাহিৰৰ পৰা অহা আমবোৰ কেনেকৈ ইমান মসৃণ হয়, ভিতৰত পোক এটাও নাথাকে। এই উত্তৰ আপুনি নিশ্চয় জানেই! 

আমত যথেষ্ট খাদ্যপ্ৰাণ থকাৰ বাবে ই কেৱল মানুহৰে নহয় অনেক পোক-প্ৰত্যংগৰ প্ৰিয় ফল। সেইবাবে মানুহৰ হাতলৈ আহিবলৈ হ'লে অন্য খাদকবোৰক খেদিব লাগিব। কেনেকৈ? কীটনাশংক (pesticide) দি।  যিবোৰ  কীটনাশংক পোকৰ বাবে ভয়ংকৰ সেইবোৰ মানুহৰ বাবেও ভয়ংকৰ হ'ব। আকৌ আম নাখালেও মনে নেমানে। খাব লাগিবই নিশ্চয়। তেন্তে তলৰ কামকেইটা খোৱাৰ আগতে কৰক।

১) বজাৰৰ পৰা অনা আম খোৱাৰ আগতে পৰিষ্কাৰ পানীত অতিকমেও বিশ মিনিটমান সময় ডুবাই ৰাখক। এনে কৰিলে আমত প্ৰয়োগ কৰা কীটনাশকবোৰ পানীত দ্ৰবীভূত হৈ আমৰ ভিতৰৰ পৰা ওলাই যাব। 

২) আমত ফাইটিক এচিড নামৰ ৰাসায়নিক পৰ্দাথ এবিধ থাকে। এই পৰ্দাথবিধে আমত থকা পুষ্টি যেনে জিংক, আইৰণ আৰু এন্টিঅক্সিডেন্ট দেহে শোষণ কৰাত বাধা দিয়ে ফলত আম খালেও আমাৰ দেহে এই দৰকাৰী পুষ্টি কেইবোধ নোপোৱাকৈ থাকে। যদি কিছু সময় পানীত ডুবাই ৰখা হয় এই এচিড পানীত মিলি নোহোৱা হয়।

৩) আমৰ বাহিৰৰ বাকলিত কিছুমান সক্ৰিয় যৌগ থকাৰ বাবে আমাৰ বাবে উপকাৰী পুষ্টিবোৰৰ সৈতে ক্ৰিয়া-বিক্ৰীয়া কৰি অপকাৰী যৌগ গঠন কৰে যাৰ ফলত কৌষ্ঠ-কানিষ্ঠ্য, মূৰ-কামুৰণি আদি ৰোগ হ'ব পাৰে। কিন্তু কিছু সময় পানীত তিয়াই থ'লে এই যৌগবোৰ আতৰি যায় আৰু খালে উপকাৰিতা বাঢ়ি যায়।

৪) দূৰ-দুৰণিৰ পৰা আমদানিকৃত আমবোৰ তজবজীয়া ৰূপত আমাৰ ঠাইত পাবলৈ কিছু সময় লাগে। এই সময়খিনিত সাধাৰণতে আম পচি নষ্ট হোৱাৰ সম্ভাৱনা বেছি। কিন্তু ৰাসায়নিকযুক্ত সংৰক্ষক (Preservative) প্ৰয়োগ কৰি বহুদিনলৈ ভালে থাকিব পৰা কৰি ৰাখে। এই ৰাসায়নিক পৰ্দাথবোৰ ক্ষতিকাৰক। কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগো সৃষ্টি কৰাত অৰিহনা যোগায় বুলি প্ৰমাণিত হৈছে। গতিকে এনে ৰাসানিক পৰ্দাথবোৰক আতৰাবলৈ পানীত ডুবাই ৰখাৰ বাহিৰে অন্য ৰাস্তা নাই।

 আম খাওক স্বাস্থ্যসন্মত বিধিৰে, শৰীৰ সবল কৰক  ঋতুৰ ফলেৰে।

এই ধৰণৰ অধিক তথ্য জানিবলৈ এই ব্লকটো চাই থাকিব।


No comments:

Post a Comment

What would be the ploidy of the cells of the tetrad?

The cells of a tetrad (formed during microsporogenesis in the anther) are haploid (n). Explanation: A diploid microspore mother cell (MMC, 2...