ৰবৰ খেতিত আৱৰণ
শস্যৰ (Cover crop) ভূমিকা
বৰ্ত্তমান ৰবৰ
খেতিৰ বাবে উপযোগী অঞ্চলসমূহত ৰবৰ খেতিয়ে অৰ্থনৈতিক দিশত সন্তোষজনক অৰিহণা যোগাইছে
। এসময়ত ছন হৈ পৰি থকা মাটিত ৰবৰ খেতি কৰি বহু খেতিয়কে স্বাৰ্ৱলম্বী হৈছে । এসময়ত
ভাত-কাপোৰৰ বাবে টনা-আজোৰা কৰা বহু কৃষকে ৰবৰ খেতিৰ দ্বাৰা বৰ্ত্তমান এনেধৰণৰ
মৌলিক সমস্যাবোৰসমাধান কৰাৰ লগতে নিজৰ
সন্তান-সন্ততিক দূৰ-দূৰণি স্কুল-কলেজত পঢ়ুৱাব পৰা হৈছে । এনেধৰণৰ ধনাত্মক খবৰবোৰৰ
পৰা উতসাহিত হৈ বৰ্ত্তমান আজি শ শ খেতিয়কে ৰবৰ বৰ্ড কায্যালয়ত ভিৰ কৰেহি ।
ৰবৰ এবিধ অন্য
শস্যৰ দৰে ৰোপণ কৰিলেই আশানুৰুপ ফল পোৱা ধৰণৰ শস্য নহয় বা দেখাক দেখি কেইবা হেক্টৰ
মাটিত ৰবৰ খেতি কৰি ধনী হোৱা সপোন বোৰো বাস্তৱায়িত কৰিবলৈ ইমান সহজ নহয় । ভৱিষ্যতে অৰ্থনৈতিৰ
লাভালাভৰ কথা আগত ৰাখিহে ৰবৰ খেতি কৰা হয়, গতিকে ৰবৰ খেতি কৰাৰ আগতে প্ৰয়োজনীয়
সকলো কথা জানি লোৱাটো অত্যন্ত আৱশ্যক ।দেখা যায় বহুতো খেতিয়কে বহু ধন খৰচ কৰি ৰবৰ খেতি কৰে ।
কিন্তু যথাসময়ত প্ৰয়োজনীয় জ্ঞানখিনি আহৰণ নকৰা কাৰণে ভৱাৰদৰে ফলাফল নাপায় । তাৰ
পৰিণাম হিচাপে অযথা ধন আৰু সময় অপব্যয়হে কৰে ।
এইটো সকলোৰে
জ্ঞাত যে ৰবৰ খেতিৰ পৰা আয় পাবলৈ যথেষ্ট সময় লাগে । সাধাৰণতে ৰবৰ গছৰ পৰা আঠা আহৰণ
কৰি আয় পাবলৈ ৭ বছৰ সময় লাগে । কিন্তু বহু কৃষকে ৭ বছৰটো বাদেই ১০ বছৰ
পৰ্য্যন্ত অপেক্ষা কৰিব লগা হয় । কিন্তু বৈজ্ঞানিক পদ্ধতিৰে ৰবৰ খেতি কৰিলে অনা-আয়
সময় কমাব পাৰি । সঠিক প্ৰণালীৰে
কৰা ৰবৰ খেতি ৫ বছৰ পাছতেই আয়ৰ মূখ দেখাও নজিৰ আছে ।
এতিয়া আপোনাৰ
হয়তো প্ৰশ্ন হৈছে যে সঠিক প্ৰণালী বা বৈজ্ঞানিক পদ্ধতিবোৰনো কি? প্ৰথম ধাৰণাটো হল মাটি আৰু পৰিৱেশ নিৰ্বাচন। আপুনি নিৰ্বাচন কৰা
ঠাই টুকুৰা আৰু পৰিৱেশ ৰবৰ খেতিৰ বাবে উপযোগী হয় নে নহয় বিচাৰ কৰিব লাগে। যদি হয় সেই ঠাই
টুকুৰা আগতিয়া্কৈ পুলি ৰোপণ কৰাৰ বাবে উপযোগী কৰি তোলাটো প্ৰয়োজন। কোন ঠাইত
কেনেধৰণৰ দূৰত্ব বজাই ৰাখি পুলি ৰোপণ কৰিব লাগে তাক জানি লোৱাটো দৰকাৰ। উপযুক্তভাৱে আগতিয়াকৈ
গাত খান্দি খেতি পথাৰ তৈয়াৰ কৰিব লাগে। তাৰ পিছত সঠিক উতসৰ পৰা উন্নত মানৰ পুলি ক্ৰয় কৰি বা নিজে
প্ৰস্তুত কৰি যথাসময়ত ৰোপণ কৰিব লাগে।
আজি আলোচনাৰ বিষয়
হল আপোনাৰ ৰবৰ খেতিৰ ডৰা কি কি উপায় অৱলম্বন কৰি যথাসময়ত বা তাতকৈ আগতে উতপাদনমূখী
কৰি তুলিব পাৰি। ওপৰত উল্লেখ কৰা
দিশকেইতাৰ উপৰিও ৰবৰ খেতিত আৱৰণ শস্য সংযোজন কৰাটো অত্যন্ত আৱশ্যক।বহু সফল খেতিয়কে
আৱৰণ শস্য ৰোপণৰ অবিহনে ৰবৰ খেতি কৰাটো অসম্ভৱ বুলি গণ্য কৰে।
আৱৰণ শস্য হল এবিধ নাইট্ৰজেন সংশ্লেষণকাৰী মাটিত
বগাই (Creeper) যোৱা মাহজাতীয় (Leguminous) জাতীয় উদ্ভিদ।এই শস্যবিধৰ
শিপাত কিছুমান টেমূনা গঠন হয় আৰু এই টেমূনাবোৰত বিশেষ এবিধ অণুজীৱই বাস কৰে যি ৰবৰ
খেতিৰ বাবে উপযোগী নাইট্ৰজেন সংশ্লেষণ কৰে।আমি ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ ইউৰিয়াৰ ই এটা
মূখ্য উপাদান। এই নাইট্ৰজন আৱৰণ
শস্য ৰোপণ কৰিয়েই আপোনাৰ ৰবৰ খেতিডৰাত উপলব্ধ কৰিব পাৰি। ইয়াৰ উপৰিও বৰ্ষা
কাল আৰম্ভ হোৱাৰ লগে লগে লহ-পহকৈ বাঢ়ি অহা আপোনাৰ ৰবৰ খেতি দৰাৰ শত্ৰু স্বৰুপ
বন-জংঘলবোৰে ৰবৰ গছবোৰক অপকাৰ কৰিব নোৱাৰাকৈ নিয়ণ্ত্ৰণ কৰে । বহ খেতিয়কৰ মূখত
প্ৰায়েই শুনা য়ায় যে ৰবৰ খেতিত বন-জংঘল কাটোতে বহুত ধন আৰু সময়ৰ খৰচ হয়, তাতে আকৌ
আজিকালি কাম কৰা মানুহৰ অভাৱ। কিম্তু যথা সময়ত উপযুক্ত ব্যৱস্থা কৰি ৰাখিলে ধন আৰু
সময় কম খৰচ কৰিয়েই এইধৰণৰ সমস্যাবোৰৰ সমাধান সহজতে হয়। বাৰিষা কালত হোৱা
বৰষুণৰ ফলত মাটিৰ ওপৰি পৃষ্ঠত থকা জৈৱিক সাৰৰ লগতে প্ৰয়োজনীয় উপাদানবোৰ উটি গৈ দ
খাল-বিল বা নলা-নৰ্দমালৈ জমা হয়, ফলত মাটিৰ উৰ্ব্বৰা শক্তি কমি যায়। এই উপাদান বোৰ
ৰবৰ গছবোৰৰ বাবে যথেষ্ট উপকাৰ কৰে। ৰবৰ খেতিত এই উপাদানবোৰ ধৰি ৰখা একমাত্ৰ উপায় হল আৱৰণ শস্যৰ
ৰোপণ। আৱৰণ শস্যই এই
উপাদানবোৰ বৰষুণৰ পানীৰ সৈতে উটি যোৱাত বাধা দি ৰবৰ বাগানখনতে ধৰি ৰাখি
গছবোৰৰ বৃদ্ধিত উপকাৰ কৰে। আকৌ সূৰ্য্যৰ তাপ গোটেই বছৰটোত সকলো ঠাইত সমভাৱে নপৰে, তাৰ
বাবে বছৰটোৰ বিভিন্ন ঋতুত বেলেগ গছ-গছনি দেখা যায় কাৰণ সকলো উদ্ভিদৰ আৱশ্যকীয়
উপাদানবোৰ বেলেগ বেলেগ। ৰবৰৰ ক্ষেত্ৰটো
একেই আৰু জাৰ-জহ সকলো সময়তে একে উষ্ণতা আৰি অনুকূল পৰিৱেশ পালে গছৰ শ্ৰীবৃদ্ধিত
সহায়ক হয়। ইয়াক ১০০% উপলব্ধ কৰিব নোৱাৰিলেও কিছু উপায় অৱলম্বন কৰিলে
যথেষ্ট সহায়ক হয়। আৱৰণ শস্য ৰোপণ
কৰিলে খেতিদৰাত এখল আৱৰণৰ দৰে হৈ যি দৰে বৰষুণৰ পৰা মাটিৰ উপৰিপৃষ্ঠ ৰক্ষা কৰে ঠিক
তোনেকৈ গৰমত মাটিৰ উষ্ণতা কমাই অনকূল কৰে আকৌ ঠাণ্ডা দিনত মাটিৰ পৰা বাষ্পায়িত
পানীভাগ মাটিতে ধৰি ৰাখি সিক্ত কৰি ৰখাৰ উপৰিও উষ্ণতা নিয়ণ্ত্ৰণ কৰে।
গতিকে দেখা গল
আৱৰণ শস্যই মাটিৰ উৰ্ব্বৰা শক্তি বঢ়াই, শীত-তাপ নিয়ত্ৰণ কৰে আৰু মাটিৰ সংৰক্ষণত
গুৰুত্বৰ্পূণ ভূমিকা লয়। ভাৱি চাওক আৱৰণ
শস্যই কি কি ধৰণেৰে ৰবৰ খেতি ডৰাত উপকাৰ কৰে। এতিয়া হয়তো মনত প্ৰশ্ন উদয় হৈছে যে
এই আৱৰণ শস্যবিধ কি, কত, কেনেকৈ পোৱা যায় আৰু কেনেকৈ ৰোপণ কৰা হয়। আৱৰণ শস্যৰ বহুকেইটা
প্ৰজাতি পোৱা যায়। তাৰ ভিতৰত Pureriaphaseoloides, Mucunabracteata, Calopogoniummucunoides
and Centrosemapubbescens.
ইয়াৰ ভিতৰতPureriaphaseoloidesজনপ্ৰিয় আৰু সুলভ হোৱাৰ উপৰিও অন্য আৱৰণ শস্যৰ তুলনাত সোনকালে প্ৰতিষ্ঠিত হয়। এই প্ৰজাতিৰ বীজ প্ৰতি হেক্টৰ ৰবৰ খেতিত ৩ ৰ পৰা ৪.৫ কি: গ্ৰা:প্ৰয়োজন হয়। বীজবোৰ ৰোপণ কৰাৰ আগতে
পানীত তিয়াই ৰাখিব লাগে কিয়নো বীজবোৰৰ বাকলি যথেষ্ট টান আৰু ডাঠ হোৱা বাবে হঠাতে
অঙ্কুৰণ নহয়। ইায়াৰ বাবে ৫০ ৰ্ডিগ্ৰি উষ্ণতাৰ পানীত (ধৰক ১০ লিটাৰ পানী উতলাই ১০ লিটাৰ ঠাণ্ডা পানীত
মিহলালে ৫০ ডিগ্ৰী হব) ৰাতি তিয়াই ৰাখি পুৱা টুকি নিৰস হোৱাৰ পাছত বৰষুণত সিক্ত হৈ
থকা মাটিত ৰোপণ কৰিব লাগে। মাটি বৰষুণত তিতি সিক্ত
হৈ নাথাকিলে অঙ্কুৰণৰ হাৰ কম হোৱা সম্ভৱনা থাকে বা বীজবোৰ শুকাই যাব পাৰে।ইয়াৰ ওপৰিও ইতিমধ্যে প্ৰতিষ্ঠিত আৱৰণ শস্যৰ ২-৩ ফুট দৈৰ্ঘ্যৰ শিপাযুক্ত লতিকাৰ
পৰাও দুশাৰী ৰবৰৰ মাজত এশাৰীকৈ বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ৰোপণ কৰিব পাৰি। অৱশ্যে ৰবৰ পুলি ৰোপণ কৰা আগতে আৱৰণ শস্য ৰোপণ কৰিব লাগে যাতে ৰবৰ পুলি ৰোপণ কৰাৰ পাছতেই পুলিবোৰে ইয়াৰ দ্বাৰা উপকৃত হয়।
আৱৰণ শস্যৰ পৰা প্ৰতক্ষ্যভাৱে ৰ্আথিক লাভালাভ নহলেও পৰোক্ষভাৱে ৰবৰ গছবোৰৰ
যথেষ্ট উপকাৰ হয়। এই উপকাৰে ৰবৰ বাগানখন অনা-আয় কাল কমাই নিৰ্ধাৰিত সময়ত উতপাদন পাবলৈ সক্ষম কৰায়।কোনো ইচ্ছুক খেতিয়কে আৱৰণ শস্য ৰোপণ কৰি বিছাৰিলে নিৰ্কতৱী ৰবৰ বৰ্ড কায্যালয়ৰ
পৰা অধিক দিহা-পৰাৰ্মশ লব পাৰে।