যেতিয়া শাওণ নামে
দক্ষিণ আকাশত ডাৱৰৰ গছ গজে
আইতাই পুতেকক কলত
পুতেক লৰি গৈ
কোবতে বাহনিৰ তল পায় ।
ভলুকা বাহ এজুপি
ক'ৰবাৰ পৰা মুঢ়া এটা আনি
তাহানি ককাই ৰুইছিলে ।
দাতঁবোৰ খুলি পৰা
আইতাই পুৰণি পূৰাণ কৈ কৈ
আকৌ এবাৰ ককাক স্মৃতিৰ পৃষ্ঠাত খুচৰে ।
এদিন ককাৰ পুতেক পাহুৱাল হ'ল
পুতেকেও ককাৰ পথকে ল'লে
পুৱা হ'লে পথাৰত
দুপৰীয়া এবোজা ভাৰে বজাৰত
গধুলি মোনাখন ভৰাই
ৰাতিটো ভাগৰ মাৰেহি ঘৰত ।
এনেকৈ মানুহবোৰে মোট সলাই
ককা আইতাৰ পৰা পিতাই
আৰু পিতাই আইৰ পৰা মই
মোৰ পৰা তেনেকৈয়ে মোট সলাই সলাই
এটা দীঘলীয়া বাট ।
মইয়ো শাওণৰ বতৰত
চাই আছো আকাশত ডাৱৰৰ গছ
কাণ উণাই আছো
শুনো নেকি মেঘৰ মাদল।
যেতিয়া শাওণ নামে
মোৰ সপোনবোৰে
সেউজীয়া হ'ব খোজে ।
-------------জয়ন্ত সোনোৱাল