Showing posts with label যেতিয়া শাওণ নামে. Show all posts
Showing posts with label যেতিয়া শাওণ নামে. Show all posts

Sunday, 28 August 2016

যেতিয়া শাওণ নামে


যেতিয়া শাওণ নামে
দক্ষিণ আকাশত ডাৱৰৰ গছ গজে
আইতাই পুতেকক কলত
পুতেক লৰি গৈ
কোবতে বাহনিৰ তল পায় ।

ভলুকা বাহ এজুপি
ক'ৰবাৰ পৰা মুঢ়া এটা আনি
তাহানি ককাই ৰুইছিলে ।
দাতঁবোৰ খুলি পৰা
আইতাই পুৰণি পূৰাণ কৈ কৈ
আকৌ এবাৰ ককাক স্মৃতিৰ পৃষ্ঠাত খুচৰে ।

এদিন ককাৰ পুতেক পাহুৱাল হ'ল
পুতেকেও ককাৰ পথকে ল'লে
পুৱা হ'লে পথাৰত
দুপৰীয়া এবোজা ভাৰে বজাৰত
গধুলি মোনাখন ভৰাই
ৰাতিটো ভাগৰ মাৰেহি ঘৰত ।

এনেকৈ মানুহবোৰে মোট সলাই
ককা আইতাৰ পৰা পিতাই
আৰু পিতাই আইৰ পৰা মই
মোৰ পৰা তেনেকৈয়ে মোট সলাই সলাই
এটা দীঘলীয়া বাট ।

মইয়ো শাওণৰ বতৰত
চাই আছো আকাশত ডাৱৰৰ গছ
কাণ উণাই আছো
শুনো নেকি মেঘৰ মাদল।

যেতিয়া শাওণ নামে
মোৰ সপোনবোৰে
সেউজীয়া হ'ব খোজে ।

   -------------জয়ন্ত সোনোৱাল

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...