Monday, 22 September 2025

মায়াবিনী ৰাতিৰ বুকুত

 “মায়াবিনী ৰাতিৰ বুকুত” (Mayabini Ratir Bukut) Lyrics) শীৰ্ষক গীতটি ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “দাগ” ছবিখনৰ অংশ। এই গীতটিৰ গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী: জুবিন গাৰ্গ

""মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা, ৰ’দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত।


প্ৰতি শৰতৰ প্ৰভাতি ফুলে

ক’ব তোমাকেই মোৰ কথা

প্ৰতি মেঘালী নিশা জোনে

ক’ব তোমাকেই মোৰ বেথা

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত।


দুচকুলে তোমাৰ চালে

সপোন আঁতৰি দিঠক নামে

চুব খুজিলেই মোৰ দুহাতে

দিঠক আঁতৰি সপোন আহে

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সঁচা মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত

মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেঁচা টোপাল

নামি অহা ৰ’দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা।।

No comments:

Post a Comment

মায়াবিনী ৰাতিৰ বুকুত

 “মায়াবিনী ৰাতিৰ বুকুত” (Mayabini Ratir Bukut) Lyrics) শীৰ্ষক গীতটি ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “দাগ” ছবিখনৰ অংশ। এই গীতটিৰ গীতিকা...