Wednesday, 30 July 2025

দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰে

দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰে। দুঘৰ্টনাবশত দুৰ্ঘটনাবোৰ হৈ যায়। কেতিয়াবা কাৰোবাৰ জীৱন নিঃশেষ হৈ যায়, কেতিয়াবা চিৰ জীৱন ঘুনীয়া হৈ যায়। কাৰোবাৰ পৰিয়াল নিথৰুৱা হৈ যায়। কেতিয়াবা এটা পৰিয়াল শেষ হৈ যায়। কেতিয়াবা দুৰ্ঘটনাত কাৰোবাৰ কোনেও এই পৃথিৱীত নথকাকৈ বংশই শেষ হৈ যায়। এইয়া অনাকাংঙ্খীত আৰু অসহনীয়। তথাপি এইয়া দুৰ্ঘটনা বুলি সান্তনা লভি জীয়াই থকা কেইজনে জীয়াই থাকিব লগীয়া হয়। ইয়াৰ আৰু দ্বিতীয় উপায় নাই।
জীৱনত বহুদূৰ আগুৱাই আহিলো আৰু যদি বাচি থাকিব লাগে পৃথিৱীত যিমান দিন কটালোঁ তাতকৈ আৰু দুদিনমান বেছিকৈ খাব পৰাকৈ জীয়াই থাকিব লাগে। নাজানোঁ সেইয়া কি লিখা আছে। আপোনাৰ দৰে মইও ক’ব নোৱাৰোঁ।
জীৱনটো আৰম্ভ হৈছিল এজন পথিক হিচাপে। মানে দু-ভৰিয়ে খোজ কাঢ়িয়েই জীৱনৰ বেছিভাগ সময় পাৰ হ’ল। ফুটপথৰ পথিকৰ পৰা এতিয়া চাৰিচকীয়া চালক। বহু চহৰ-নগৰত ফুটপথৰ পথিক হৈ ঘুৰিলোঁ আৰু আজিও ঘূৰি ফুৰিবলগীয়া হয়। এদিন এখন বাইচাইকেল চলাব পৰা হ’লো। এদিন এখন মটৰ চাইকেল ল’লো। এইদৰে পাৰ হ’ল কেইবা বছৰ। শেষতীয়াকৈ চাৰি চকীয়া এখন ল’লো। চাৰিচকীয়া গাড়ীখন লোৱাৰ কাহিনী নথকা নহয়। আমাৰ ঘৰৰ পৰা টাউনলৈ ১১ কি.মি. বাট। কম দূৰত্বৰ বাবে আমাক গাড়ীত উঠালে গাড়ী মালিকৰ লাভ কম হয় বুলি তেওঁলোকৰ বিভিন্ন অঙ্গী- ভঙ্গীত প্ৰকাশ পাইছিল। সেয়েহে বাছত উঠিবলৈ হ’লে সদায়ে সকলো উঠি আসনবোৰ অধিকাৰ কৰাৰ পাছত যদি থিয় হ’বলৈ ঠাই থাকে তেতিয়াহে আমি বাছত উঠাৰ সুবিধা পাইছিলো। দৰ্জা মুখৰ ৰেলিঙত ধৰি উলমি যোৱাৰো বহুত অভিজ্ঞতা আছে। আমাৰ বাছৰ যাত্ৰা কোনোদিন সুখকৰ নাছিল। আজিৰ দৰে টেম্পু, মেজিক, ই-ৰিক্সা আদি নাছিল। গাড়ীৰ কনডাক্টৰৰ সেই ব্যৱহাৰ অতি বিৰক্তিকৰ আছিল। তেতিয়াই মনত পন লৈছিলোঁ জীৱনত যদি কিবা কৰিব পাৰোঁ প্ৰথমে গাড়ী এখন ল’ম। এদিন ল'লো। সেয়েহে খৰচ বেছি হ'লেও আজিকালি চাৰিচকাখন লৈয়ে বেছিভাগ ঘূৰা-ফুকা কৰা হয়। আগৰ সেই কনডাক্তৰৰ সেই ব্যৱহাৰৰ পৰা নিজক আতঁৰাই আনিলোঁ।
তথাপি যেতিয়া পথত গাড়ী চলাওঁ মনত ভয় শংকা থাকে। দ্ৰুত গতিত অভাৰটেক কৰা গাড়ীবোৰ পাৰ হৈ গ’লে বুকু চিৰিং কৰি যায়। নাজানোঁ সেই সকল চালকে ক’ত ইমান স্পীডত গাড়ী চলাবলৈ শিকিলে। ৰাজপথৰ সন্ত্ৰাসবাদীৰ দৰে। দামী দামী গাড়ী থকা কিছুলোকৰ কথাই বেলেগ। ৰাজপথটো নিজৰ কৰি লয়। অলপ সময়ৰ বাবে পিছ পৰি ৰ’লেই যেন দামী গাড়ীৰ মান-সন্মান শেষ হৈ যাব। তেওঁলোকৰ দ্বাৰা দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা বেছি আৰু যদি হয় নিমিষতে সকলো শেষ।
ৰাতি বগা লাইট লগা গাড়ীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। বিপৰীত দিশৰ চালকক বাৰুকৈয়ে আমণি কৰে। এই বগা লাইট গাড়ীত লগোৱাটো বন্ধ হ’ব লাগে।
ৰাতি আপাৰ লাইট দি যোৱা সকলৰ কথা নক’লোৱেই। মুঠতে ৰাস্তাত গাড়ী চলাই গ’লে যথেষ্ট কষ্টকৰ অভিজ্ঞতা হয়। আজি কালি আকৌ বাইকাৰ সকলে বাওঁফালৰ পৰা অভাৰটেক কৰি যাব বিচাৰে। য’ত দুৰ্ঘটনা হোৱা সম্ভাৱনা অতি বেছি।
ই-ৰিক্সা চালকসকলে ঘপহ্ কৈ ঘূৰি দিয়াটো যেন এটা ফেশ্বন হৈ পৰিছে। বাইক এখন চলাই ৰাস্তাৰ আধা অধিকাৰ কৰি যোৱা লোকৰ সংখ্যাও কম নহয়।
ইমানবোৰ সমস্যাৰ মাজতো নিৰাপদে গন্তব্য স্থান পোৱাটো সকলোৰে লক্ষ্য হয়। কিন্তু তাৰ মাজতো দুৰ্ঘটনা হৈ যায়। দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰে।
আজিকালি গাড়ী-মটৰ বহুত হ’ল। একেটা বাটতে পথচাৰি, বাই চাইকেল, মটৰ চাইকেল, থেলা, ৰিক্সা, বাছ, মাল গাড়ী আদি সকলো যায়। গাড়ী বাঢ়িল, মানুহো বাঢ়িল কিন্তু ৰাস্তা সেই একেটাই। ইমানবোৰ গাড়ী-মটৰ, তাত দুঘটনা নহ’ব বুলি ভৱাতকৈ হোৱাৰ সম্ভাৱনাই বেছি বুলি ভাৱি সাৱধান হোৱাটোহে দৰকাৰ আৰু যাত্ৰা সময়খিনিত মূল কৰ্তব্য। সকলোকে নিজৰ গাড়ীখন নিবলৈহে বাট লাগে। আনৰ বাবে যেন সময় আৰু বাটৰ কোনো প্ৰয়োজন নাই, তেনেহেন ভাৱত বহুতেই ৰাস্তাত গাড়ী চলাই। কেৱল যাব লাগে, ক্ষিপ্ৰ বেগেৰে। দুৰ্ঘটনা নহৈ হ’ব কি?
দুৰ্ঘটনাৰ বাতৰিবোৰ প্ৰায়েই পাই থাকো। নিতৌ। দুৰ্ঘটনাত পতিত হ’লে কম আঘাত পোৱাজনেই দোষী। যদি পথচাৰি জনক বাইচাইকেল এখনে খুন্দিয়াই তাত দোষী চাইকেল চলোৱা জন, যদি চাইকেলখনত খুন্দা লাগে তাত মটৰ চাইকেল চলোৱা জন দোষী, যদি মটৰ চাইকেল খনক গাড়ীৰে খুন্দিয়াই তেন্তে গাড়ীখন দোষী। এইবোৰ যেন নিজে নিজেই গঢ়ি উঠা নিয়ম। দুৰ্ঘটনাৰ ঠাইখিনিত যদি চাহ-তামোল খাই মানুহ দ’ম বান্ধি থাকে তেন্তে আৰম্ভ হৈ যায় মৰেল পুলিচৰ ডিউটি। কেতিয়াবা মৰেল পুলিচৰ শাস্তিত দোষী বা নিদোষী হওক ঘটনা ঘটক জন হস্পিতেল গৈ নাপায়। আধাতে জীৱন শেষ বা ঘূণীয়া কৰি পেলায়। দেশত আইন-কানুন চাবলৈ তেওঁলোককেই যেন দায়িত্বভাৰ দিয়া হৈছে। এই মৰেল পুলিচগিৰি আৰু দুৰ্ঘটনাৰ পাছত পুলিচৰ পৰা সহায়ৰ বিপৰীতে অধিক বিপদত পৰা আশংকাৰ বাবেই হয়তো "Hit and Run" মনোভাৱ গঢ় লৈ উঠিছে।
মানুহবোৰ শিক্ষিত হোৱাৰ পাছতো কিন্তু এক নিৰাপত্তাহীন পথেৰে যাত্ৰা কৰে। পথৰ নিয়ম কানুন সকলোৱে মানি নচলিলে যিকোনো মূৰ্হূততে দুৰ্ঘটনাত পতিত হ’ব পাৰে। প্ৰথম এই মানৱ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব। নিজৰ জীৱনৰ কথা নিজেই ভাৱিব লাগিব। ঘটনা ঘটি যোৱাৰ পাছত কাকো দোষ দি লাভ নাই। পৰিয়ালৰ আপোনজনক হেৰুৱাৰ পাছত অন্য জনক জেইল হাজোতলৈ পঠিয়ালেও যোৱা জন ঘূৰি নাহে। গতিকে সকলোৱে নিজৰ লগতে আনৰো নিৰাপদৰ কথা ভাৱি পথত যাত্ৰা কৰিব লাগে। দূৰ্ঘটনাৰ সময়ত বিপৰীতপক্ষ মানুহ নমৰিল বা আঘাতপ্ৰাপ্ত নহ’ল বুলিয়েই মৰেল পুলিচগিৰি দেখুৱাই শাৰিৰীক আৰু মানসিক কষ্ট দিয়াৰ যুক্তি থাকিব নোৱাৰে।
এতিয়া কেতিয়াবা ভাৱ হয় সেই বাছ কনডাক্তৰ জনে কৰা দুব্যৱহাৰতকৈ নিজেই চলাই যোৱা অভিজ্ঞতা বেছি তিক্ত আৰু নিৰাপদহীন।

No comments:

Post a Comment

Sachin Tendulkar: The Journey of a Legend

In a small colony of Mumbai, a young boy with a bat in his hand and dreams in his eyes would spend countless hours hitting a rubber ball aga...