Sunday, 20 July 2025

ম'বাইল আসক্তি আৰু ইয়াৰ শিক্ষাৰ ওপৰত কু-প্ৰভাৱ

আজিৰ যুগ তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ যুগ বুলি স্বীকৃত। এই যুগত ম'বাইল ফোন হৈছে এক অপৰিহাৰ্য আহিলা। শিক্ষাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সকলো ক্ষেত্রতে ম'বাইল ফোনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু অত্যাধিক আৰু অনিয়ন্ত্রিত ব্যৱহাৰে এই উপকাৰী আহিলাটো আজি বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে অভিশাপ হৈ পৰিছে।

বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ম'বাইল ফোনৰ অপব্যৱহাৰে পথভ্ৰষ্টতাৰ যি পৰিস্থিতিৰ সৃষ্টি কৰিছে, তাক নুই কৰি দিয়াৰ সময় আৰু এতিয়া নাই। ম'বাইলৰ হোৱাটচ এপ, ইনষ্টাগ্ৰাম, ফেচবুক, টিকটক আদিৰ দৰে সামাজিক মাধ্যমত যুৱকসকলে একান্তভাৱে নিমগ্ন হৈ পৰিছে। যি সময়ত তেওঁলোকে পঢ়া-শুনা, চিন্তা-ভাবনা, ক্ৰীড়া অথবা সৃষ্টিশীল কাৰ্যকলাপত ব্যস্ত থাকিব লাগিছিল, সেই সময় আজি নিৰ্ব্বোধভাৱে স্ক্ৰিন চাই অতিবাহিত কৰে।

এক গৱেষণামূলক প্ৰতিবেদন অনুসৰি, ভাৰতত ১৩-২৪ বছৰৰ ভিতৰৰ ৭৫% যুৱক-যুৱতীয়ে দিনে গড়ে ৬-৮ ঘণ্টা ম'বাইল ফোন ব্যৱহাৰ কৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে তেওঁলোকৰ একাগ্ৰতা, স্মৰণশক্তি আৰু মানসিক স্বাস্থ্যৰ ওপৰত। বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ পৰা মন আঁতৰাই লৈ ডিজিটেল দুনিয়াৰ অলীক জগতত ব্যস্ত হৈ থাকিবলৈ ভাল পায়। ফলস্বৰূপে, পৰীক্ষাৰ ফলাফল আশানুৰূপ নহয়, আচৰণত ধৈৰ্যহীনতা, হিংস্ৰতা আৰু মানসিক ভাৰসাম্যহীন যেন ভাৱে দেখা দিছে।


এই আসক্তি ধীৰে ধীৰে ড্ৰাগছ বা নিচাজাত বস্তুৰ আসক্তিৰ দৰে এক গম্ভীৰ সমস্যাত পৰিণত হৈছে। তেওঁলোকে যেন ম'বাইল নেচালে বহুত কিবা হেৰুৱাব তেনে এক মনোভাৱ গঢ় লৈ উঠিছে। ম'বাইল নোচোৱাকৈ থাকিব নোৱাৰা ধৰণৰ অৱস্থা হৈ গৈছে। বহু অভিভাৱকে এই অৱস্থাৰ পৰা সন্তানক ৰক্ষা কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে। পৰিস্থিতি এনে হৈ পৰিছে যে বহু ক্ষেত্ৰত পৰিয়াল কেন্দ্ৰীক সংঘাত, অবিশ্বাস আৰু মানসিক দুৰত্বৰো সৃষ্টি হৈছে।


এই সমস্যাৰ সমাধানৰ বাবে সচেতনতা আৰু দায়িত্বশীল ব্যৱহাৰই হ'ল মূল চাবিকাঠি। বিদ্যালয়-কলেজত ছাত্ৰ-ছাত্ৰীৰ মাজত ডিজিটেল ডিটক্স (Digital Detox), ম'বাইল ব্যৱহাৰৰ সীমা নিৰ্ধাৰণ কৰা, আৰু এক সুশৃঙ্খল দিনচৰ্যা প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। অভিভাৱক আৰু শিক্ষকে একেলগ হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাৰ মাজেৰে এক সমাধানৰ বাট প্ৰসস্থ কৰিব লাগিব।


এতিয়া দোষাৰোপ কৰা সময় নহয়, এতিয়া সময় হৈছে সজাগ হোৱাৰ। ম'বাইল ফোনক আপোনাৰ সেৱক হিচাপে ব্যৱহাৰ কৰক, নহ'লে আপোনাৰ মন-মগজু শাসন কৰি আপোনাক জীৱনত ব্যৰ্থ কৰি পেলাব। আজিৰ ছাত্ৰ হৈছে কাইলৈৰ দেশ নিৰ্মাতা। তেওঁলোকে যদি মোহ-মায়া স্ক্ৰিনত বন্দী হৈ পৰে, তেন্তে সমাজৰ, জাতিৰ আগ্ৰগতি ব্যপক হাৰত বাধাগ্ৰস্ত হ’ব।


যুৱ প্ৰজন্মই ম'বাইল ফোনৰ সদ্ব্যৱহাৰ শিকিব লাগিব আৰু নিজকে ডিজিটেল দাসত্বৰ পৰা মুক্ত কৰি আত্ম-উন্নয়নৰ বাটত আগবাঢ়িব লাগিব। এই কথাটো মনত ৰাখিব, "প্ৰযুক্তি আপোনাৰ হোৱাটো ভাল, কিন্তু আপুনি প্ৰযুক্তিৰ হ'লে বিপদ অনিবাৰ্য।"

No comments:

Post a Comment

MCQs on Sexual Reproduction in Bisexual Plants

1. A bisexual flower contains: A. Only male parts B. Only female parts C. Both male and female parts D. Neither male nor female parts ✅...