মানৱ সভ্যতাক ভুলুণ্ঠিত
কৰা সেইটো আছিল সেই দিনটোলৈকে শেষতীয়া ঘটনা। দিনটো আছিল ২০২৫ চনৰ ২২ এপ্ৰিল। প্ৰাকৃতিক
সৌন্দৰ্য্যৰে ভৰপূৰ ভাৰতৰ জন্মু-কাশ্মীৰৰ পেহেলগ্ৰামৰ কথা। সেই ভু-স্বৰ্গলৈ আন
দিনবোৰৰ দৰে সেইদিনাও গৈছিল শ শ পৰ্য্যটক প্ৰকৃতিৰ ৰম্যভূমি পেহেলগ্ৰামলৈ। কাৰোবাৰ
হনিমোন, কোনোবাৰ পৰিয়ালৰ অৱসৰ বিনোদন। পেহেলগ্ৰামৰ প্ৰাকৃতিক সৌন্দৰ্য্য মাজত ডুব
গৈ থাকোতে সন্ত্ৰাসবাদৰ ভূ-স্বৰ্গ পাকিস্তানৰ পৰা ভাৰতৰ পৰ্য্যটন তথা অৰ্থনৈতিক
উত্তৰণত আঘাত সানিবলৈ মানৱৰূপী দৈত্য পাকিস্তানৰ সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদীৰ
পিতৃত্বৰ অধিকাৰী দেশ পাকিস্তান। দেখুৱাই দিলে সমগ্ৰ বিশ্বকে বৰ্বৰতাৰ চৰম ঘৃণনীয়
কাণ্ড। ইতিহাসত মঁচিব নোৱাৰাকৈ লিখা হৈ গ'ল সিন্ধু ধৰ্মালম্বীৰ ২৬ জন লোকৰ হত্যাকাণ্ডৰ অৰ্বণনীয়
ঘটনা। সেই ঘটনাই যুগে যুগে পাকিস্তানৰ প্ৰতি কেৱল ভাৰতীয়ই নহয় সন্ত্ৰাসবাদক ঘৃণা
কৰা পৃথিৱীৰ প্ৰতিজন মানুহৰ মনত পাকিস্তান বুলিলেই ঘৃণাৰে ওপচি পৰা এক ধাৰণা।
সন্ত্ৰাসবাদৰ কঠিয়াতলী আৰু সিহঁতক লালিত-পালিত কৰি পাকিস্তানে কৰা
সেই অমানৱীয় ঘৃণনীয় ঘটনাৰ পাছত ভাৰতৰ চিৰবৈৰী দেশ পাকিস্তানৰ প্ৰতি যি ব্যৱস্থা ল'ব লাগিছিল সেইয়া হ'ল নে নহ'ল
নাজানো কিন্তু ভাৰতে পাকিস্তানৰ প্ৰতি লোৱা ব্যৱস্থাই পাৰিস্তানক তিলমানো অনুশোচনা
অনুভূত কৰিব নোৱাৰিলে সেই কথা সেই দেশৰ নেতা আৰু জনতাৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰত
প্ৰতিফলিত হৈছে। পাকিস্তানে যদিও এসেকা পালে, অৰ্থনীতি তচ্নচ্ হৈ বিদেশৰ দুৱাৰে
দুৱাৰে ধাৰ বিচাৰি হাত পাতি ফুৰিছে তথাপি ভাৰতৰ প্ৰতি যে আক্ৰোশ ভাৱ আৰু দুগুণহে
বাঢ়িল সেই কথাও স্পষ্ট হৈ পৰিছে। তাৰ পৰিৱৰ্তে ভাৰতে দেখুৱালে নমনিয়তা আৰু
সহনশীলতা চৰম উদাহৰণ। ভাৰতৰ যুদ্ধই আগ্ৰাসী ৰূপ লোৱাৰ পাছতো ১০ মে ২০২৫ তাৰিখে পাকিস্তানে
বিচৰা যুদ্ধ বিৰতিত আচম্বিতে সন্মতি
জনোৱাত ভাৰতীয় নাগৰিকে অসন্তোষ্টি প্ৰকাশ কৰিছিল। এক কথাত ভাৰতে যুদ্ধ নিবিচাৰে
কিন্তু পৰিস্থিতি আহিলে উচিত প্ৰত্যোত্তৰ দিবলৈ সদায়ে সাজু। ভাৰতে যুদ্ধ কৰাই
নাছিল। কেৱল সন্ত্ৰাসবাদীৰ ঘাটিহে উত্খাত কৰিছিল। ভাৰতৰ দৰে নীতি আদৰ্শ থকা এখন সভ্য
দেশে পাকিস্তানৰ দৰে নীতি-আৰ্দশ নথকা, সন্ত্ৰাসবাদীৰ
শাসনতন্ত্ৰ চলা এখন অহৌবলীয়া দেশৰ লগত যুঁজ কৰি উন্নয়নৰ ধাৰা থ'মকি ৰোৱাটো বিচৰা নাই। ভাৰতৰ হাতত পাকিস্তানৰ অৱস্থা যে তথৈবচ হ'ল আৰু ধ্বংসাৱশেষ পুন নিৰ্মাণৰ বাবে পাকিস্তানে যে বিদেশৰ দুৱাৰে দুৱাৰে
হাত পাতি ফুৰিব লগীয়া অৱস্থা হ’ল সেইটো বিশ্বই জানিলে।
সেই ৭ ৰ পৰা ১০ মে লৈকে
পাকিস্তানে ভাৰতক ভয়-ভাবুকি তথা শক্তিশালী বিদেশী ৰাষ্ট্ৰ প্ৰৰোচনাত এক হেচা দিবলৈ
আপ্ৰাণ চেষ্টা কৰিছিল। ভাৰতৰ কূটনৈতিক যুদ্ধ আৰু সামৰিক শক্তিত কম্পিত হৈ পাকিস্তানে
পৰমাণু (Atom)
বোমাৰে ভাৰতক আক্ৰমণ কৰাৰ ইটোৰ পাছত সিটো ভাবুকি প্ৰদান কৰিবলৈ
ধৰিলে। নিজেই মৰাৰ আগতে ভাৰতকো মাৰি যোৱাৰ দৰে অতি ভয় আৰু শংকাত উলাই অহা কিছু কথা
দেশৰ নেতাসকলৰ মুখত আখৈ ফুটাৰ দৰে ফুটিবলৈ ধৰিলে আৰু আজিও ৰাজহুৱা সভাসমূহত দেশৰ
শ্লোগানৰ দৰে এই কথা আওঁৰাবলৈ ধৰিছে। কিন্তু
তাৰ প্ৰত্তোতৰত ভাৰতে সংযম ৰক্ষা কৰি সকলো লক্ষ্য কৰি আছে। ভাৰতৰ নীৰৱতাই এটাই
স্পষ্ট কৰিছে যে পাকিস্তানৰ যি কোনো আক্ৰমণৰ প্ৰতি ভাৰত প্ৰস্তুত হোৱাৰ লগতে
কল্পনাতীত প্ৰতিআক্ৰমণৰ বাবে সাজু হৈ আছে। কিন্তু পাকিস্তানতকৈ অধিক শক্তিশালী
পাৰমাণৱিক অস্ত্ৰৰে ভাৰত যে সু-সজ্জিত সেই কথা জানিও নজনাৰ দৰে ভাবুকি প্ৰদান
কৰাটোৱে পাকিস্তানীসকলৰ কেৱল মুৰ্খামীকে প্ৰকাশ কৰা নাই লগতে উন্মোচন কৰিছে
তেওঁলোকৰ ভিতৰি ভিতৰি ভাৰতৰ প্ৰতি থকা ভীষণ ভয় আৰু বাস্তৱিক অপৰিপক্কতা। এট'ম ব'ম যে খেলাৰ বস্তু নহয় সেই কথা বহুতো
পাকিস্তানীয়ে আজিও বুজি উঠা নাই।
ভাৰত আজি সেই ৫০ বছৰৰ
আগৰ ভাৰত নহয়। বিশ্বৰ চৰ্তুথ সৰ্ববৃহত অৰ্থনীতিৰ দেশ ভাৰত। ১৬ লাখ সেনা, ১৭৫
শক্তিশালী পৰমাণু বোমা, সুখয়, ৰাফেল, বিশ্বৰ শক্তিশালী নৌ-সেনা, পৃথিৱীৰ শক্তিশালী
ব্ৰাক্ষ্মোচ মিচাইল আদি বহুতো নিৰাপত্তা সমলেৰে সমৃদ্ধ ভাৰত। তথাপি ভাৰতে
পাকিস্তানক নিশেষ কৰি দিয়াৰ কথা ভৱা নাই। পাকিস্তানে এতিয়ালৈকে কৰি অহা বহু
আক্ৰমণৰ বিপৰীতে কেৱল তাৰ প্ৰত্যাক্ৰমণহে দি আহিছে। পাকিস্তানে কিন্তু এতিয়াও
সুমতি ঘূৰাই পোৱা নাই। পাকিস্তানে বুজা উচিত যে এয়াই শেষ সময় নিজক শুধৰাই লোৱাৰ।
হয়তো ইয়াৰ পাছৰ যিকোনো আক্ৰমণৰ প্ৰত্যোত্তত পাকিস্তান নিশেষ হৈ যাব। পাকিস্তানে
ভাবুকি দিয়াৰ দৰে হয়তো ভাৰতে বাধ্য হ’ব অনাকাংঙ্খিত পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ। পৰমাণু
অস্ত্ৰই জানো সমস্যা সমাধানৰ শেষ ৰাস্তা? নে অবুজনক নিধন কৰি এক নতুন ৰাস্তাৰে আগুৱাই
যোৱাৰ এক কৰা চিন্তা? নে পাকিস্তানৰ
দৰে এখন দেশক পৃথিৱীৰ মানচিত্ৰৰ পৰা মঁচি পেলোৱাৰ বাহিৰে গতন্ত্যহীন পন্থা? যদি এই ভয়াৱহতা পাকিস্তানে ভাৰতৰ ওপৰত কৰে
তেন্তে? এই অস্ত্ৰ
প্ৰয়োগ কেৱল এক পক্ষীয়তো নহ’ব!
এই খিনিতে দোষ দিব
বিচাৰো পৰমাণু বোমা সৃষ্টিকৰ্তাকসকলক। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত যুদ্ধ প্ৰশমণ
ঘটাবলৈ পৰমাণু বোমাৰে ভয় সৃষ্টি কৰা হৈছেল। আমেৰিকাই সৃষ্টি কৰি গ’ল
পৰমাণু বোমা। জে. ৰৰ্বাট অপ্পেনিমাৰ, এনৰিক’ ফাৰ্মি, লিঅ জিলাৰ্ড, নিলচ্ বৰ, ৰিৰ্চাড ফেন্মেন,
এডৱাৰ্ড টেলাৰ আদিৰ বিজ্ঞানীসকলৰ ঔৰষতে জন্ম পালে পৰমাণু বোমা আৰু এতিয়া দেশে দেশে
তাৰ প্ৰয়োভৰ। কিন্তু সমগ্ৰ মানৱ জাতিটোকে কোনোবা এদিনা নাইকিয়া কৰিবলৈ পৃথিৱীত ৰৈ গ’ল এই
অস্ত্ৰ। যাক লৈ আজি দেশবোৰে প্ৰমাণ কৰি দেখুৱাব বিচাৰে কাৰ কিমান শক্তি।
পাৰমাণিক বোমা ইমান
ভয়াবহ কিয়!
পৰমাণু বোমা
তেজষ্ক্ৰীয় পদাৰ্থৰে নিৰ্মিত। ইউৰেনিয়াম-২৩৫ (Uranium-235) বা প্লুটিনাম-২৩৯ (Plutonium-239) হ’ল এই বোমাৰ অন্যতম উপাদান। এই বোমাই শৃঙ্খল
বিক্ৰিয়াৰ জৰিয়তে অতি কম পৰিমাণৰ পদাৰ্থৰ পৰাই এক বৃহত্ শক্তি নিৰ্গত কৰিব পাৰে। যিকোনো
ধৰণৰ ৰাসায়নিক বোমাৰ তুলনাত পৰমাণু বোমাই অতি ক্ষিপ্ৰতাৰে শক্তিশালী বিস্ফোৰণ কৰিব
পাৰে। এই বিস্ফোৰণ ইমানেই শক্তিশালী হয় যে বহু দূৰৈত থকা প্ৰকাণ্ড বিলডিং, গছ বা
যি কোনো বস্তুকে নিমিষতে চাৰখাৰ কৰি দিব পাৰে। পাৰমাণৱিক বোমা বিষ্ফোৰণৰ সময়ত
প্ৰায় ৪০০০ - ৫০০০ ডিগ্ৰী ছেলছিয়াছ উষ্ণতা উৎপন্ন হয়। গতিকে ৫০০০ ডিগ্ৰী ছেলছিয়াছ
উষ্ণতাত জীৱৰ অস্তীত্ব কথা জানো ভাৱিব পাৰি! নিমিষতে সূৰ্যটো আহি মাটিত পৰাৰ দৰে উষ্ণতা
বাঢ়ি যাব। নিমিষতে হেৰাই যাব লাখ লাখ লোক আৰু জীৱকূল। ভাৰতৰ দৰে দেশত হ’ব সেইয়া কোটি কোটি।
পৰমাণু (Atom) বোমৰ
ভয়াৱহতাৰ কথা জানিবলৈ হ'লে আমি উভতি চাব লাগিব ১৯৪৫ ত জাপানৰ
হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাই বিষ্ফোৰণ ঘটোৱা দুটা পাৰমাণবিক বোমাৰ কথা। অতি কম
দিনৰ ব্যৱধানত নিক্ষেপ কৰা দুটা পাৰমাণৱিক বোমাই লাখ লাখ মানুহৰ জীৱন নিমিষতে শেষ
কৰি পেলাইছিল। ইয়াৰ পৰৱৰ্তী সময়তো, আনকি আজিও তেজষ্কীয়
বিকিৰণৰ বাবে তাত পংগু মানুহৰ জন্ম হৈয়ে আছে। বহুতো লোকে কম বয়সতে কেন্সাৰ ৰোগত
আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'ব লগা হৈছে।
আমেৰিকাই ১৯৪৫ চনৰ ৬ আগষ্টত
হিৰোচিমাত "লিটল বয়" নামৰ ইউৰেনিয়াম বোমা বিস্ফোৰিত কৰিছিল। এই
বিস্ফোৰণৰ শক্তি Trinitrotoluene
(TNT) ৰ ১৫,০০০ টন সমান আছিল। বিস্ফোৰণৰ ফলত
হিৰোচিমাৰ প্ৰায় ৭০ শতাংশ অঞ্চল ধ্বংস হয় আৰু ১৯৪৫ চনৰ শেষলৈকে প্ৰায় ১,৪০,০০০ লোকৰ মৃত্যু হয়। বিস্ফোৰণৰ সময়ত তাপমাত্ৰা ৪,০০০ ডিগ্ৰী
চেলচিয়াছলৈকে উঠিছিল, যাৰ ফলত বহু লোক জীৱন্তে নিমিষতে জ্বলি
চাই হৈ গৈছিল।
বিস্ফোৰণৰ ফলত প্ৰায় ৯০
শতাংশ চিকিৎসক আৰু ৯৩ শতাংশ নাৰ্চ নিহত বা আঘাতপ্ৰাপ্ত হৈছিল, আৰু ৪২ খন হাস্পতাল
অচল হৈ পৰিছিল যাৰ বাবে বহু লোক দগ্ধ আৰু অন্যান্য আঘাতৰ বাবে চিকিৎসা নোপোৱা বাবে
মৃত্যুবৰণ কৰে।
হিৰোচিমাত কৰা বিস্ফোৰণৰ
ঠিক তিনিদিনৰ পাছত, ১৯৪৫ চনৰ ৯ আগষ্ট তাৰিখে নাগাচিত
"ফেট মেন" নামৰ প্লুটোনিয়াম বোমা বিস্ফোৰিণ ঘটাইছিল। এই
বোমাৰ বিস্ফোৰণত নগৰৰ ৬.৭
বৰ্গ কিলোমিটাৰ অঞ্চল ধ্বংস হৈছিল আৰু প্ৰায় ৭৪,০০০ লোকৰ মৃত্যু হৈছিল। নাগাচিৰ ভূ-প্ৰাকৃতিক
অৱস্থাৰ বাবে বিস্ফোৰণৰ প্ৰভাৱ কিছু পৰিমাণে সীমিত হৈছিল, কিন্তু তাতো ধ্বংস
আৰু মৃত্যুৰ পৰিমাণ ভয়ংকৰ আছিল।
সেই ভয়াৱহ বিস্ফোৰণৰ ফলত তীব্ৰ
উত্তাপ আৰু শব্দই বহুতো মানুহক জীৱন্তে দগ্ধ আৰু আঘাত কৰিছিল। ৰেডিয়েশ্যনৰ প্ৰভাৱত বহু লোক
তৎক্ষণাত মৃত্যু হোৱাৰ উপৰিও আৰু পাছত কেঞ্চাৰ, লিউকেমিয়া, থাইৰয়েড
কেঞ্চাৰ আৰু অন্যান্য ৰোগত ভুগিছিল। গৰ্ভৱতী মহিলাসকলৰ গর্ভপাত আৰু
শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পায়,
আৰু জন্ম হোৱা শিশুসকলৰ মাজত মানসিক বিকাশৰ সমস্যা আৰু কেঞ্চাৰৰ
আশংকা বৃদ্ধি পায়।
বিস্ফোৰণৰ
পাছত চিকিৎসা সুবিধা যথেষ্ট নোহোৱা বাবে বহু লোকৰ মৃত্যুবৰণ হৈছিল। জাপানৰ সেই দুখন চহৰ
মৃত্যুৰ উপত্যকালৈ পৰিবৰ্তন হৈছিল।
আমেৰিকাই পৰমাণু বোমা
বিস্ফোৰণ কৰি বিশ্বযুদ্ধৰ শেষত জাপানৰ আত্মসমৰ্পণৰ পথ মুকলি কৰিছিল আৰু বিশ্ব
ইতিহাসত পৰমাণু অস্ত্ৰৰ ভয়ংকৰ ধ্বংসাত্মক শক্তি প্ৰদৰ্শন কৰিছিল। এই ঘটনাই শীতল
যুদ্ধ আৰু পৰমাণু অস্ত্ৰ বিস্তাৰৰ যুগ আৰম্ভ কৰে।
আজি প্ৰযুক্তি সেই ৮০
বছৰ আগৰ প্ৰযুক্তিতকৈ বহু উন্নত। সেই হিৰোচিমা আৰু নাগাচাকিৰ ভয়াৱহতাতকৈ ভয়াৱহ হ’ব যদি
আজিৰ দিনত কোনো দেশে পাৰমাণৱিক বোমা বিস্ফোৰণেৰে আক্ৰমণ কৰে। আৰু যদি পৰমাণু বোমা বিস্ফোৰণেৰে যুদ্ধত জয়ী হৈ জগত জিনিব খোজে সেইয়া হ’ব সভ্যতাৰ অধোগতি। মানুহৰ শিক্ষা, জ্ঞান, বৈদেশিক সৰ্ম্পক আৰু মানৱীয়তা
সকলো অৰ্থহীন হৈ পৰিব। মানুহৰ বিভিন্ন কৰ্মত প্ৰদুষণে ভয়ংকৰ ৰূপ লোৱাৰ সন্ধিক্ষণত
পৰমাণু বোমাৰ বিস্ফোৰণে পৃথিৱীৰ আয়ুস আৰু চমুৱাই আনিব। বৰ্তমান ৰাছিয়া-ইউক্ৰেন,
ইজৰাইল-ইৰান, ভাৰত-পাকিস্তান, বিভিন্ন দেশৰ সৈতে আমেৰিকাৰ সংঘষ, ভাৰতৰ সৈতে চীনৰ
চিৰ বৈৰীতা আদি ঘটনাবোৰে পৃথিৱীৰ ভৱিষ্যতৰ দিনবোৰ যে অশান্তি তথা ধ্বংসৰ দিশে
ধাবিত হৈ আছে সেইটো অনুমাণ হয়।
শেহতীয়া ভাৰত আৰু
পাকিস্তানৰ মাজত হোৱা সংঘাটৰ পৰাই পাকিস্তানে ভাৰতক পৰমাণু বোমাৰে আক্ৰমণৰ ভাবুকি
দি আহিছে। পাকিস্তানৰ দৰে সন্ত্ৰাসবাদীৰ অধীনত চলা আৰু কোনো শৃঙ্খলাবদ্ধতা আৰু
নীতি-নিয়ম নমনা এখন আধাবলীয়া মানুহেৰে ভৰা দেশে যে কোনোবা দিন আক্ৰমণ নকৰিব সেইটো
নুই কৰিব নোৱাৰি। তাৰোপৰি নিজৰ লাভৰ কাৰণে পাকিস্তানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি
অহা বিশ্ব সৰ্ববৃহত্ অৰ্থনীতিৰ দেশ চীন আৰু আমেৰিকাৰ উচটনিত যি কোনো কাম কৰিবলৈও
কুণ্ঠাবোধ নকৰিব। তাৰ বাবে ভাৰতে কিন্তু আগতীয়াকৈ দেশৰ জনতাক নিৰাপত্তা দিয়াটো
মৌলিক কৰ্তব্যই হ’ব লাগিব।
পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পৰমাণু বোমাৰে আক্ৰমণৰ ভাবুকি দিয়াৰ পাছতো বিশ্বৰ কোনো সংস্থাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা নগল। বৰঞ্চ পাকিস্তানে বিদেশৰ বিভিন্ন সংস্থাৰ পৰা ঋণ লাভ কৰাৰ এক অনুকূল পৰিৱেশহে ৰচনা হোৱা যেন লাগিল। ২০২৪ চনত পৰমাণু অস্ত্ৰ পৃথিৱীত দ্বিতীয়বাৰ কোনো ঠাইতে বিস্ফোৰণ নহ’বলৈ জনজাগৰণ সৃষ্টি কৰি শান্তিৰ নবেল বঁটা পোৱা জাপানৰ Nihon Hidankyo নামৰ সংগঠনটোৰ পৰাও কোনোধৰণৰ বাৰ্তা শুনা নগ’ল।
No comments:
Post a Comment