Friday, 11 October 2024

The Nobel Peace Prize- Nihon Hidankyo

১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাই দুটাকৈ পাৰমাণৱিক বোমা

বিস্ফোৰণ ঘটাই বহু জন-ধন ধ্বংস কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ সন্ধিক্ষণত ১৯৪৫ চন ৬ আগষ্টত  আমেৰিকাই পুৱা ৮.৪৫ বজাত জাপানৰ হিৰোচিমাত পাৰমাণবিক বোমা বিস্ফোৰণ ঘটাইছিল। এই বোমা বিস্ফোৰণ ইমানেই ভয়াবহ আছিল যে নিমিষতে হিৰোচিমা ধ্বংসস্তোপত পৰিণত হৈ গৈছিল। ঘৰবোৰ মাটিৰ লগত মিনি গৈছিল আৰু এক বৃহত্ অঞ্চল কলা ধোঁৱা-ছাইয়ে আগুৰি ধৰিছিল। আমেৰিকাই এই বোমাটোক সৰু ল'ৰা (Little boy) বুলি আখ্যা দিছিল। 

ইয়াৰ ঠিক তিনিদিনৰ পাছতেই, অথাত্ ৯ আগষ্টত নাগাচাকিত দ্বিতীয়টো বোমা নিক্ষেপ কৰিছিল। সেই বোমাটোক আমেৰিকাই শকত মানুহ (Fat man) বুলি অভিহিত কৰিছিল।  নিজৰ শক্তি প্ৰদশন কৰিবলৈ আমেৰিকাই বিস্ফোৰণ ঘটোৱা পাৰমাণৱিক বোমাই ধন-সম্পদ ধ্বংস কৰাৰ উপৰিও ১২০০০০ লোকে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল। আনকি আজিও সেই ঠাইত পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ পাৰ্শ্বক্ৰীয়া বাবে পংগু মানপহকে ধৰি বিভিন্ন বিসংগতিৰ ৰোগ দেখা যায়।

মানহে মানুহৰ ওপৰত কৰা এই অপকৰ্মৰ পৰা মুক্ত পাবলৈ আৰু বোমাক্ৰান্তলোকক পুনৰুদ্ধাৰ তথা এক ব্যাপক জনমত গঢ়ি সমগ্ৰ বিশ্বত পাৰমাণৱিক বোমাৰ দৰে মানৱ সভ্য়তাৰ পৰিপন্থী কাৰ্য এক প্ৰায়োগিক দিশত আগুৱাই নিবলৈ চেষ্টা আৰু সফল হোৱাৰ বাবে জাপানৰ হিৰোচিমা আৰু নাগাচাকিৰ বোমা বিস্ফোৰণৰ জীৱিতসকলৰ এক সংগঠন "নিহন হিদাংক'" লৈ (NIHON HIDANKYO) ২০২৪ চনৰ নবেল বঁটা  ১১ অক্টোবৰত ঘোষনা কৰে। কোৱা হৈছে যে তেতিয়াৰ পৰা প্ৰায় ৮০ বছৰলৈকে বিশ্বত কতো পাৰমাণৱিক বোমা বিস্ফোৰণ হোৱা নাই। এই সংগঠনৰ লোকসকলৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত আজি বিশ্বত পাৰমাণৱিক বোমা বিপক্ষে কোটি কোটি জনতাৰ সমথনৰ কথা উল্লেখ কৰিছে।


No comments:

Post a Comment

জুবিন মানুহ নাছিলঃ মানুহধাৰী অৱতাৰ

প্ৰতি দিনে লাখ লাখ মানুহ পৃথিৱীলৈ আহে আৰু যায়। এই বৃহত্ নাট্যমঞ্চত কিবা কিবি ভাও দি নিজৰ নিজৰ স্থায়ী ঠিকনালৈ গুচি আকৌ গুচি যায়।  ভগৱানে বেলে...