১) বেয়া খবৰঃ ৰ্কাবিআংলংৰ সৰু
বৰ পাহাৰৰ তলে - ওপৰে এতিয়ালৈকে বহুযোজন বাট বুলিছোঁ । কেতিয়াবা ভাগৰি
পৰিছো, উজুটি খাই পৰিছো, সকলো চেৰাই আকৌ যাত্ৰা কৰিছোঁ । ভাগৰি ভাগৰি
নেভাগৰা জীৱন বাটত কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া খবৰে
অগা-ডেৱা কৰেহি । ভাল-বেয়া খবৰৰ আঁৰে আঁৰে জীৱনৰ মাদকতা বিছাৰিয়েই হয়তো এই জীৱন
যাত্ৰা ।
এদিন ৰবিবাৰৰ
নিচেই পুৱা । সপ্তাহজোৱা পৰিধান কৰা পোছাক কেইযোৰ এবাল্টি পানীত ডুবাই ওলাই আহিছোঁহে
মাত্ৰ । ভাৱিছিঁলো কৰিম বুলিও
কৰিব নোৱাৰা কেইটামান কাম কৰিম আজি ।
দূৱাৰত মৃদু মৃদু
টুকৰ পৰিল । গুৰুত্ব নিদি
জানি বুজি দূৱাৰখন নুখুলোঁ বুলি ভাৱিছিলো । দূৱাৰত পৰা টূকৰবোৰ সঘন হৈ
আহিল, লাহে লাহে অতীষ্ঠ হৈ
অৱশেষত খুলি দেখিলো এজন ভদ্ৰলোকে হাতেৰে নমষ্কাৰ কৰি মাত দিলে । মই একো কব
নোপোৱাকৈয়ে একেৰাহে বহু কথা ক′লে । তেখেতে বোলে বহুদিন ধৰি মোক লগ কৰিবলৈ আহি
লগ পোৱা নাছিল, সেয়েহে ৰবিবাৰে.. ৰবৰ খেতি কৰিছে, দুবছৰ ধৰি আহ-যাহ কৰিও বাগান খন
দেখুৱাব পৰা নাই, গতিকে যাব লাগে । সঁচা-মিছা নাভাৱি কথা দিলো ।
ৰবিবাৰ ।
সপ্তাহজুৰি কৰ্মব্যস্ততাৰ অন্তত বহুলোকৰ বাবে সেই পূৱাটো তেতিয়াও আছিল নিদ্ৰামগ্ন
ৰজনী যেন । কোনো লোকৰ প্ৰাতঃ ভ্ৰমণ, কাৰোবাৰ আকৌ
সৰু চাহ-তামোলৰ দুকানখনলৈ দিনটোৰ বাবে সমলৰ মোনা ভৰাই খৰ খেদা খোজ । খলা বমা ৰাস্তাটোৱেদি সমস্ত গাটো জোকাৰি জোকাৰি অট′ খন আগবাঢ়িল ।
পুৱা চাহ কনো
খোৱা নহ′ল । পেটত যি আছিল
ঠেকেচণি - জোকাৰণিত আধা বাটতে শেষ হ′ল । অট′ খন ৰ′ল । বাগানৰ গৰাকীয়ে ক′লে – ছাৰ,
ব্ৰেকফ্ৰাষ্টটো ইয়াতেই কৰি লঁও । হোটেলত সোমালো । তেল চিকুটি লাগি হালধীয়া বৰণ
হোৱা প্লেটখনত দুটা গৰম পুৰি আৰু এবাটি ঘুগুণী
দিলে । বাগানৰ গৰাকীৰ লগত টপ্ টপ্ কৈ কথা পতাত লাগিল হোটেলদাৰী । ʺ নানা কথাৰ মাজতে ৰবৰৰ কথা । ৰবৰ বৰ বেয়া বস্তু, ৰবৰ ৰুব নালাগে, কেণ্সাৰ হয়,
অচিন ৰোগ হয়, গৰম বাঢ়ে, বৰষুণ কমে । অহা দুই-এবছৰত বহুত ৰবৰ খেতিয়কে আত্মহত্যা
কৰিব । ত্ৰিপূৰাত ইতিমধ্যে বহুতো খেতিয়কে আত্মহত্যা কৰিছেই ইত্যাদি ইত্যাদি ʺ ।
বাগানৰ গৰাকীয়ে সন্দেহৰ
দৃষ্টিৰে মোৰ ফালে চালে । কোনটো সঁচা কোনটো
মিছা । এফালে ৰবৰ বৰ্ডৰ অফিচাৰ্ আৰু আনফালে হোটেলদাৰিৰ উচ্চস্বৰৰ
বলিষ্ঠ যুক্তি ।
ৰব নোৱাৰিলোঁ । লাহেকৈ
হোটেলদাৰিক সুধিলোঁ -
আপোনাৰ আচল ঘৰ ক′ত (দেখাত তেওঁ ৰ্কাবি বা জনজাতীয় নহয়)?
- শিলচৰত্ ।
আপোনাৰ কিমান ৰবৰ গছ আছে ?
- নাই, মাটিও নাই, interest ও নাই ।
ৰবৰ বিষয়ক গৱেষণা কেতিয়াৰ পৰা কৰি আছে
?
-
এইবোৰ কি বুজি নাপাঁও
।
ৰবৰ গছ দেখিছেনে ?
-
অঁ′ দেখিছো ।
কেতিয়াবা ৰবৰ বাগানৰ ভিতৰত সোমাইছে ?
-
অঁ’ মোৰ বন্ধু এজনৰ লগত তেখেতৰ ৰবৰ বাগানত প্ৰায়েই পাৰ্টি কৰিবলৈ যাঁও ।
তাত ইমান গৰমত কেনেকৈ পাৰ্টি কৰে ?
-
না, গৰম নহয়তো ।
কেতিয়াবা ৰাস্তাৰ কাষৰ গছৰ ছাঁ ত বহি জিৰণি লৈছে ?
-
অ′ কি যে প্ৰশ্ন কৰে আপুনি, সকলোৱে লয় দেখোন ।
ক′ত বেছি গৰম অনুভৱ কৰে, ৰবৰ বাগানৰ ভিতৰত নে ৰাস্তাৰ কাষত ?
-
বিশেষ পাৰ্থক্য পোৱা
নাযায় ।
আপুনি কেণ্সাৰ সৰ্ম্পকে কিবা গৱেষণা কৰিছিল নেকি ?
-
আকৌ নুবুজা কথাটোকে সুধিলে ।
আপোনাৰ কোনোবা আত্মীয় বা চিনাকী লোক ৰবৰ বাগানত কাম কৰে নেকি ?
-
নাই ।
আপোনাৰ কোনো লোক কেণ্সাৰ ৰোগত মৃত্যু হৈছে নেকি ?
-
নাই ।
ভাৰতৰ ক′ত ক′ত ৰবব খেতি কৰে জানে
নেকি ?
-
নাই নাজানো ।
তেন্তে ক′ত ক′ত ৰবৰ আছে আৰু ক′ত ক′ত কিমান বৰষুণ হয় জানেনে ?
-
নাই, এইবোৰ একো নাজানো
।
ৰবৰ পৰা কিমান লাভ হয় জানেনেকি ?
-
নাজানো ।
আপুণি প্ৰতি কিলো আটাৰে বনোৱা পুৰি-ৰুটি বিক্ৰী কৰি দিনৰ শেষত কিমান লাভ হয় ?
-
নাই, বেছি নাথাকে,
কেতিয়াবা বিক্ৰী নহয়, লোকচান হয় ।
জানি লওক ১ কেঃজিঃ ৰবৰ প্ৰস্তত কৰোতে ৫০ যদি টকা খৰচ হয়, অতি কমেও আৰু ৫০ টকা
লাভত থাকে ।বিক্ৰীৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাথাকে, বহুদিন ঘৰতে ৰাখি থবও পাৰে ।
আজিলৈক কোনো ৰবৰ খেতিয়কে উত্পাদনৰ অভাৱত বা বিক্ৰী নোহোৱাৰ দূখত আত্মহত্যা কৰা
নজিৰ নাই ।
আপোনাৰ শিক্ষাগত অৰ্হতা কিমান ?
-
নাই, পঢ়া শুনা নাই ।
তথাপি ?
-
অষ্টম শ্ৰেণীলৈ ।
ইমান কম পঢ়িও আপুনি ৰবৰ বিষয়ক ইমান কথা কেনেকৈ জানে ?
-
মানুহৰ মূখত শুনিছো ।
বা: ধন্য মানৱ তুমি ।
ইয়াৰ পাছত মোৰ পৰিচয় দিলো আৰু ভৱিষ্যতে আনৰ পৰা
শুনা কথাত কথা বঢ়াই এনেয়ে বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ অনুৰৈধ কৰিলো । তেওঁ দূখ স্বীকাৰ কৰি ভৱিষ্যতে নকৰাৰ
প্ৰতিশ্ৰুতি দিলে ।
গছ গছেই । গছে নাজানে আমি সিঁহতক
আমাৰ প্ৰয়োজন অনুসৰি কি দৰে ব্যৱহাৰ কৰো । আমিহে গছক যুগ যুগ ধৰি অন্যায় কৰি আহিছো
। সকলো গছৰ জৈৱিক ক্ৰিয়া একে । কোনো গছেই অপকাৰী দ্ৰব্য বায়ুমণ্ডললৈ এৰি নিদিয়ে ।
বৰঞ্চ সমস্ত প্ৰাণীকূলৰ উপকাৰী অম্লজান বায়ুমণ্ডলৈ এৰি দি অপকাৰী কাৰ্বন ডাই
অক্সাইড শোষণ কৰি লয় । গছে বৰষুণ মাতে,
কিন্তু বৰষুণ নেখেদে । বায়ুমণ্ডলৰ উপৰেদি প্ৰবাহিত মৌচুমী বায়ুৰ গতিত বাধা আৰোপ
কৰি ধৰালৈ বৰষুণ মাতি আনে । ফলত মৌচুমী বায়ু বৰষুণ হৈ মাটিত পৰে । সকলো গছে এই কাম কৰে ।ৰবৰ গছৰ এনে
অতিৰিক্ত কৌশল নাই যি মৌচুমী বায়ুক খেদি খৰাং সৃষ্টি কৰিব পাৰে । ৰবৰ গছৰ পৰা এনে বীজানু বা অপকাৰী দ্ৰব্য নিৰ্গমন হোৱা তথ্য নাই যে যিবোৰে
অচিন ৰোগ বা কেণ্সাৰ জাতীয় বেমাৰ সৃষ্টি কৰিব পাৰে । ৰবৰ খেতি জৈৱ-বৈশিষ্ট্য ভাৱুকি স্বৰুপ, কথাটো
মিছা নহয । কিন্তু আপুনি বহুতো
দৰকাৰী ঔষধি গছ ৰোপণ কৰিব পাৰে । যদিহে কোনো লোকে অবৈধভাৱে সংৰক্ষিত বনাঞ্চালত বন-জঙ্ঘল ছন কৰি ৰবৰ খেতি কৰে
এইটো অপৰাধ । কিয়নো আমাৰ পাৰিপাৰ্শ্বিতকতা এক বহনশীল ধাৰাত চিৰপ্ৰবাহিত হৈ থাকিবলৈ
এনেধৰণৰ বণাঞ্চল সমূহ ৰখা হয় । এনে এলেকাত ৰবৰ খেতি কৰাসকল গৰিহণাৰ যোগ্য । কিন্তু
এনেয়ে চন হৈ পৰি থকা মাটিত গছ পুলি ৰোপণ কৰাটো অপৰাধ নহয়, বৰঞ্চ ই এক মহত্
কাৰ্য্যহে । গতিকে এনেধৰণৰ ভূল তথ্যৰ পৰা জ্ঞানী লোকে সদায় আঁতৰত থাকি নিজৰ কামত
ব্যস্ত থাকিব লাগে ।
এনেধৰণৰ অজ্ঞ লোকৰ বাবে বহু সময়ত সাধাৰণ
ৰবৰ খেতিসকসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি হোৱা দেখা যায় ।
২) ভাল খবৰঃ
ৰ্কাবি আংলংলৈ অহা দিন ধৰি মনত এটা কথাই বাহ লৈছিল । ৰ্কাবি পাহাৰৰ গৌৰৱ, অসমৰ
গৌৰৱ বা সমগ্ৰ দেশৰ সম্পদৰ লগত জড়িত মোৰ সপোনটো । লগ কৰাৰ ইচ্ছা, ওচৰৰ পৰা চোৱাৰ ইচ্ছা । কিছুলোকে কয় তেখেতৰ ৰবৰ বাগান আছে ।
ৰেজিষ্টাৰ মেলি চাঁও, নামটো বিছাৰি পাঁও কিন্তু ঠিকনা নিমিলে, আকৌ চলে অভিযান,
ঠিকনাত খেলিমেলি লাগি স্তব্ধ হয় সপোন । এইদৰে পাৰ হল বছৰ ।
হঠাতে এদিন ফ′ন আহিল অৱসৰপ্ৰাপ্ত ৰবৰ বৰ্ডৰ উপ-আয়ুক্ত শ্ৰীযুত
প্ৰণৱ চন্দ্ৰ গোস্বামী ছাৰৰ পৰা । চাকৰি জীৱনৰ বেছিভাগ কাল জনজাতি সকলৰ মাজতেই
কটাইছিল বাবেই সদায়ে দেখি থকা ঘটনা-পৰিঘটনাবোৰে তেঁওৰ মনাকাশত অৰ্হনিশে আহ-যাহ কৰি
থাকে । পাহাৰীয়া ভূমিত ৰবৰ খেতিৰ ভৱিষ্যত অতি উজ্জ্বল । বাৰে ৰহণীয়া জনজাতীয়
কলা-কৃষ্টি, সহজ-সৰল আচাৰ-ব্যৱহাৰ, মূৰ্হূততে ধাৰণ কৰা উগ্ৰমূৰ্তি, ৰবৰ খেতিয়ে কি
দৰে অৰ্থনৈতিক পৰিবৰ্ত্তন আনিব পাৰে বা আনিছে, কি দৰে দিশ্ ভ্ৰষ্ট যুৱকক অবাটৰ পৰা
ঘূৰি আহি ৰবৰৰ বাবেই ঘৰমুৱা হৈছে, এসাঁজ ভাতৰ বাবে হাঁহাকাৰ কৰা দৰিদ্ৰ পৰিয়ালবোৰে
কিদৰে ৰ্আথিকভাৱে টনকিয়াল হৈ ল′ৰা ছোৱালিক দূৰদৰণিত
পঢ়োৱাব পৰা হৈছে...স্বঃচক্ষুৱে দেখি বা নিজে জড়িত হৈ পৰা গোটেই প্ৰক্ৰিয়াটোৰ
সোণালী মূৰ্হূতবোৰে তেখেতক আমণি কৰিছে । সেয়েহে নিজৰ কথাখিনি লিখিছে উপন্যাসিক ৰুপেৰে । তাৰ বাবে আহিব কোনোবা এটা দিনত । মই যাক টাৰ্গেট কৰি
আছিলো তেখেতকে লগ কৰিব তেখেতে । মোৰ সপোনটোৱে আকৌ উক্ দিলে । দুই বীৰৰ মাজত মই মধ্যস্থতাকাৰী । এটা সৰ্ম্পক কৰিব লাগে । কথা দিলোঁ । গোস্বামী চাৰলৈ সুভেচ্ছা থাকিল ।
খবৰ দিলো শ্ৰীযুত টনি টেৰনক । মোক তেখেতৰ ঠিকনা লাগে । সাউতকৈ কলে চিন্তা কৰিব
নালাগে । এওঁ এটা খবৰৰ বাকচ্ ।
ৰ্কাবি আংলংৰ ভূমিত ঘটি থকা প্ৰায়বোৰ ঘটনা-পৰিঘটনাই এখেতক সুধিলে পোৱা যায় । কথা মতে কাম । পুৱাতে ওলালো । সৰু পাহাৰ,
দৃষ্টিনন্দন, অলপ ওখ-চাপৰ, একা-বেকা মসৃণ সৰু বাট । বিয়াগোম অট্ৰালিকাবোৰৰ তলে তলে
আগবাঢ়িছিলো এনে এজন লোকৰ ঘৰলৈ যিজনে অসমৰ মহত্ অনুষ্ঠান সাহিত্য সভাৰ সভাপতিত্ব
পদত সুৱগা চৰাইছিল, ৰংমিলি হাঁহিৰ সৃষ্টিকাৰক, পদ্মশ্ৰীৰ লগতে বিভিন্ন বটাৰে
পুৰষ্কৃত শ্ৰদ্ধাৰ শ্ৰীযুত ৰংবং টেৰাং ছাৰৰ ঘৰ । ভাৱিছিলো তেখেতৰ ঘৰটো চাগে এটা বৃহত্ অট্ৰলিকাই হব, আমাৰ লগত জানো কথা পাতিব
আদি চিন্তাবোৰে মূৰ্হূতৰ বাবে ভাৰাক্ৰান্ত কৰিছিল । আমি ৰ′লো । চৌদিশে প্ৰকাণ্ড প্ৰকাণ্ড ঘৰৰ মাজত এটা সৰু ঘৰ,
ধুনীয়া ঘৰ । জপনা খুলি আগবাঢ়িলো । ফুল, সৰু সৰু অচিন গছ, তৰুলতাৰে প্ৰয়োভৰ ঘৰৰ
আগফাল-পিছফাল । অকণমাণি ঠাই, পৰিপাটিকৈ সজোৱা । টনিয়ে কলিং বেলত টিপ্ দিলে । মূৰ্হূততে
সহাৰি আহিল । এগৰাকী ভদ্ৰ মহিলাই মিচিকীয়াঁ হাঁহিৰে পুৰণি চিনাকিৰ মানুহৰ দৰে মাতি
ভিতৰত বহিবলৈ দিলে ।
ড্ৰয়িং ৰোমত বহি কেৱল চাই থাকিলো বহু পৰ । অসমৰ সকলো কলা-সংস্কৃতিৰ থূপাই থোৱা
যাদুঘৰহে যেন । সাধনাৰ কৃতিত্ব স্বৰুপে পোৱা পুৰষ্কাৰ, সম্বধনা পত্ৰবোৰ যেন তেখেতে
চাব নোৱাৰা হৈছেগৈ, পিছে জাপ্ জাপ্ কৈ আদৰেৰে ৰাখিছে । কিতাপৰ বিয়াগোম আলমাৰিটো
দেখি মূৰটো ঘূৰিবলৈ ধৰিছিল । তেনেতে তেখেত আহি ওচৰতে বহিল । ভয় ভয়কৈ চিনাকি দিলো,
জানোছা ক′ৰবাত ভূল হয় । মোৰ উদ্দেশ্য ক′লো । পোন্ চাটে মোক যেন কিবা পৰীক্ষাহে কৰিলে তেওঁ । মই অলপ ব্যথিত হ′লো । তেখেতে সুধিলো মোৰ ঘৰৰ কথা । পৰিস্থিতি সলনি হ′ল । তেখেত ধেমাজি গৈছিল । তাত বানপানী হয়, এদিন গোটেই অসমতে বানপানী হব,
তেখেতে ক′লে । সাহ্ বাঢ়িল । এতিয়া মোৰ জনাৰ ইচ্ছা হ′ল অতদিনে আনৰ মূখত শুনি থকা তেখেতৰ ৰবৰ বাগানখনৰ কথা ।
ছাৰ, আপোনাৰ ৰবৰৰ বাগান আছে নিশ্চয় ?
-
ডাঙৰকৈ হাঁহিলে, কোনে ক′লে তোমাক ?
শুনিছো, মানুহ কিছুমানে কয় ।
-
নাই নাই, মোৰ নামৰ বহুত মানুহ আছে, মোৰ নহয় দেই ।
ৰবৰ বাগান এখন কৰা বৰ ইচ্ছা আছিল, নোৱাৰিলো । মাটি নাই, এই ঘৰভেটি দেখিছা,
ইমানেই মাটি, আৰু কতো মাটি নাই । মাটি থকা হলে দুটামান পাহাৰ ৰবৰ লগাই দিলোহেঁতেন –
ডাঙৰকৈ হাঁহিল ।
বহুদিনৰ পৰা লগ পোৱা চিনাকি মানুহৰ দৰে সকলো কথা কৈ গৈছিল অতি অমায়িক ভাৱে । সাহিত্য
লিখিবলৈ এজন লেখকৰ কিমানখিনি আত্মবিশ্বাস লাগে ইত্যাদি ইত্যাদি ।
মই মাজতে ভাৱিলো- এইবোৰ পাতিবলৈতো মই অহা নাই, সাহিত্যৰ কথা পাতি মইবা কৰিমেই
কি ? মই কিবা সাহিত্যিক নেকি ? মই
গোস্বামী ছাৰক কি বুলি কম ।
ছাৰ, মই তেখেতক কি বুলি কম ?
-
হ′ব দিয়া, আহিব কবা, বহি একেলগে আলোচনা কৰিম ।
ছাৰ, কেতিয়ালৈ আহিব কম, আপোনিতো যথেষ্ট ব্যস্ত থাকে ?
-
হ′ব আহিব আৰু, দিন এটা মিলাই । নুখুজাকৈয়ে তেখেতে ফ′ন নম্বৰটো দি ক′লে অহাৰ আগতে এবাৰ জনাই ল′ব ।
বিদায় দিলো । কিন্তু তেখেতে তেতিয়াও আমাক বিদায় দিয়া নাছিল । পিছে পিছে আহিল । ঘৰৰ আগফালৰ অকণমান ঠাই দেখুৱাই ক′লে, মই ইয়াতে ৰবৰ লগাব বিছাৰো, পাৰিমনে ? মই চালো মাত্ৰ ১০ ফুটমান ঠাই ।
আপুনি এজোপাহে লগাব পাৰিব । এজোপাৰ পৰা কিমান লাভ হব – সুধিলে ? আপুনি আৰ্থিকভাৱে
বিশেষ একো নাপাব, যদি আপুনি এনেয়ে লগাব বিছাৰে তেন্তে মই ভাল পুলি এটা দিম, কিন্তু
এই খিনি ঠাই এজোপা গছকেই লাগিব । নাই মই ধেমালিহে কৰিছো – হাঁহি হাঁহি ক′লে তেখেতে । জপনা মূখলৈ আহি বিদায় দিলে ।
মনটো ভাল লাগিল । ইমান ব্যস্ত, ইমান সন্মান, খ্যাতি, সন্তান- সন্ততিৰ সন্মানীয় সংস্থাপন তথাপি ইমান সহজ-সৰল, নিৰহংকাৰী কেনেকৈ হ′ব পাৰে তেখেত!
চিন্তাবোৰে জুমুৰি দি ধৰিলে । সকলো বিখ্যাত মানুহেই সহজ-সৰল ছাগে, সেইকাৰণে
বিখ্যাত । জটিল মানুহ বিখ্যাত হ′ব নোৱাৰে ছাগে ।
তেখেতে বৰ্ত্তমান অত্যন্ত ব্যস্ত । কেইবাখনো কিতাপৰ লগতে
অনান্য সামাজিক কামৰ সৈতে জড়িত, তথাপি তেখেতৰ সময়ৰ অভাৱ নাই । এয়াই ব্যস্ত মানুহ,
যি সকলো সময়তে সকলোকে সময় দিব পাৰে । অকমৰ্ন্য লোক সদায়েই ব্যস্ত থাকে । কথাটো
অন্তকৰণেৰে অনুভৱ কৰিলো ।
এজন মূখলোকে অল্প জ্ঞানেৰে সমাজত বিভ্ৰান্তি সৃষ্টি
কৰিলেও এজন জ্ঞানীলোকৰ আচৰণে সকলো ম্লান কৰি দিয়ে । সেয়ে গীতিকাৰ, গায়কৰ সুৰতে কওঁ
– ʺমই ভাগৰা নাই, জীৱন হেৰুৱা নাইʺ।
No comments:
Post a Comment