Sunday, 1 February 2026

কিতাপ পঢ়া অভ্যাস: সমাজ, শিক্ষা আৰু জাতিৰ ভৱিষ্যতৰ মূখ্য আশাৰ সঞ্জীৱনী

মানৱ সভ্যতাৰ ইতিহাসলৈ চালে দেখা যায়—যি জাতি, যি সমাজে জ্ঞানক মূল্য দিয়ে, পুথি-পাঠকক সন্মান কৰে, সেই সমাজ কেতিয়াও পিছ পৰি নাথাকে। কিতাপ হৈছে মানুহৰ চিন্তাৰ দীপ, অভিজ্ঞতাৰ ভঁৰাল আৰু উন্নতিৰ পথপ্ৰদৰ্শক। কিন্তু অত্যন্ত দুখজনক কথা যে, আজিৰ দিনত কিতাপ পঢ়াৰ অভ্যাস লাহে লাহে সমাজৰ পৰা হেৰাই যাব ধৰিছে।

আগতে মানুহে সময় উলিয়াই কিতাপ পঢ়িছিল, বাতৰি কাকত নিয়মিতভাৱে অধ্যয়ন কৰিছিল। এটা শিৰোনাম পঢ়িও সমাজৰ অৱস্থা, দেশৰ দিশা, পৃথিৱীৰ পৰিবর্তন বুজিবলৈ চেষ্টা কৰিছিল। কিন্তু বৰ্তমান সময়ত কিতাপ পঢ়াতো দূৰৰ কথা, বাতৰি কাকতৰ হেডলাইন কেইটা পঢ়া মানুহৰ সংখ্যাও ক্ৰমে কমি গৈছে।

এই পৰিস্থিতি কেৱল ছাত্ৰ-ছাত্ৰী বা সাধাৰণ নাগৰিকৰ মাজতেই সীমাবদ্ধ নহয়। বহু ক্ষেত্ৰত দেখা যায়, শিক্ষক সমাজেও আগৰ দৰে ব্যাপক পুথি অধ্যয়ন নকৰে বুলি বহুতে অভিযোগ কৰে। শিক্ষকে যদি নিজেই পঢ়াৰ অভ্যাস এৰি দিয়ে, তেন্তে ছাত্র সমাজৰ মাজত জ্ঞান অনুৰাগ কিদৰে জাগিব? শিক্ষক হৈছে সমাজৰ পথপ্ৰদৰ্শক। তেওঁলোকৰ ভিতৰত পঢ়াৰ প্ৰেৰণা থাকিলেই শিক্ষাৰ বাস্তৱিক ৰূপ আৰু সৌন্দর্য ফুটি উঠে।

শিক্ষা কেৱল পৰীক্ষাৰ বাবে নহয়

আজিৰ শিক্ষাৰ ক্ষেত্ৰত এটা ভয়ংকৰ প্ৰবণতা গঢ় লৈ উঠিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণ পাঠ্যপুথি বা গ্ৰন্থ অধ্যয়ন নকৰাকৈ কেৱল চুটি চুটি নোটৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাত বহে। পৰীক্ষাত ভাল নম্বৰ পালেই শিক্ষিত হোৱা বুলি ভুল ধাৰণা এটা গঢ় লৈ উঠিছে।

কিন্তু শিক্ষা মানে কেৱল শৈক্ষিক দেওনা পাৰ হোৱা নহয়। শিক্ষা মানে মানুহক মানৱিক, দায়িত্বশীল, চিন্তাশীল, আৰু জ্ঞানী ৰূপে গঢ়ি তোলা। যদি কেৱল পৰীক্ষাৰ বাবে পঢ়া হয়, তেন্তে ভিতৰৰ জ্ঞানৰ ভঁৰাল উদং হৈ পৰে। সমাজৰ বাবে এইটো কেতিয়াও শুভ লক্ষণ নহয়।

কিতাপ নপঢ়িলে জাতিৰ ভৱিষ্যত অন্ধকাৰ

কিতাপ নপঢ়া সমাজ মানে জ্ঞানহীন সমাজ। জ্ঞানহীন সমাজ মানে চিন্তাহীন সমাজ। আৰু চিন্তাহীন সমাজ কেতিয়াও উন্নতিৰ দিশত আগবাঢ়িব নোৱাৰে।

এটা জাতিৰ উন্নতি কেৱল অৰ্থনৈতিক উন্নতিৰ ওপৰত নিৰ্ভৰ নকৰে, তাৰ বৌদ্ধিক শক্তি, নৈতিকতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। কিতাপ পঢ়া অভ্যাসে মানুহৰ মন মানসিকতা পৰিশুদ্ধ কৰে, চিন্তাধাৰা গভীৰ কৰে, আৰু সমাজক সুস্থ পথলৈ আগুৱাই নিয়ে।

সামাজিক মাধ্যম কিতাপৰ বিকল্প নহয়

আজিৰ যুগটো সামাজিক মাধ্যমৰ যুগ। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদি মাধ্যমত বহু তথ্য সহজতে উপলব্ধ। কিন্তু এইবোৰ অধিকাংশই তৰল, ক্ষণস্থায়ী আৰু প্ৰায়ে বিভ্ৰান্তিকৰ।

ফেচবুকৰ দুটা পষ্ট বা হোৱাটছএপৰ কেইটামান মেচেজে কেতিয়াও জীৱনৰ গভীৰ জ্ঞান পূৰ্ণ কৰিব নোৱাৰে। কিতাপে যি ধৈৰ্য, গভীৰতা, আৰু বাস্তৱ অভিজ্ঞতা দিয়ে, সেইটো সামাজিক মাধ্যমে কেতিয়াও দিব নোৱাৰে।

সংসাৰ জীৱনত কিতাপৰ প্ৰয়োজনীয়তা

বিশেষকৈ কম বয়সতে সংসাৰ আৰম্ভ কৰা দম্পতীয়ে যদি জীৱনত দৰকাৰ হোৱা কিতাপ পঢ়াৰ অভ্যাস বাদ দিয়ে, তেন্তে দীঘলীয়া জীৱন কেনেকৈ সুচাৰুৰূপে অতিবাহিত কৰিব?

সংসাৰ চলোৱা মানে কেৱল উপাৰ্জন কৰা নহয়। সন্তান প্ৰতিপালন, মূল্যবোধ শিক্ষা, সমাজৰ সৈতে খাপ খোৱা—এই সকলো ক্ষেত্ৰতে জ্ঞানৰ দৰকাৰ। এই জ্ঞান পুথিৰ মাজেৰেই লাভ হয়।

নিজৰ সন্তানক সু-পৰামৰ্শ দিবলৈ, সৎ পথ দেখুৱাবলৈ, পিতৃ-মাতৃয়ে প্ৰথমে নিজেই পঢ়াৰ আদৰ্শ স্থাপন কৰিব লাগিব। পুথি অধ্যয়ন হৈছে সন্তানক উন্নত ভবিষ্যৎ উপহাৰ দিয়াৰ এক সৰ্বশ্ৰেষ্ঠ উপায়।

পঢ়াৰ অভ্যাসে গঢ়ে সুস্থ সমাজ

যদি সমাজৰ প্ৰতিজন নাগৰিকে দিনে অন্ততঃ আধাঘণ্টা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলে, তেন্তে সমাজৰ বৌদ্ধিক পৰিৱেশ সম্পূৰ্ণ সলনি হৈ যাব।

কিতাপ পঢ়িলে—

  • চিন্তা শক্তি বৃদ্ধি পায়
  • ভাষা দক্ষতা উন্নত হয়
  • মন মানসিকতা শান্ত হয়
  • নৈতিক মূল্যবোধ জাগে
  • আত্মবিশ্বাস বৃদ্ধি পায়
  • জীৱনক লৈ গভীৰ দৃষ্টিভংগী গঢ়ি উঠে

সেয়েহে কিতাপ পঢ়া মানে কেৱল ব্যক্তিগত উন্নতি নহয়, ই এটা জাতিৰ সামূহিক উত্তৰণ।

আহক, পুনৰ পুথি‌ পঢ়াৰ সংস্কৃতি গঢ়ি তুলোঁ

আজিৰ যুগত আমাৰ প্ৰয়োজন কিতাপৰ পৃষ্ঠালৈ পুনৰ উভতি যোৱা। ঘৰতেই হওক বা স্কুল-কলেজত বা জিলাৰ পুথিভঁৰালতেই হওক পুথিভঁৰালবোৰৰ মূল্য পুনৰ জগাই তুলিব লাগিব।

শিক্ষক, ছাত্র, অভিভাৱক, আৰু সমাজৰ প্ৰতিজন নাগৰিক—সকলোৱে কিতাপৰ সৈতে বন্ধুত্ব গঢ়ি তুলিলে এখন আলোকিত সমাজ গঢ় ল’ব।

কাৰণ কিতাপ হৈছে মানুহৰ জীৱনৰ সত্য সহচৰ, জ্ঞানৰ দীপশিখা আৰু উন্নত ভৱিষ্যতৰ মূল চাবিকাঠি।

No comments:

Post a Comment

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...