Monday, 29 December 2025

নিজক নিজে নুশুনাকৈ দ্ৰুত গতিত আগবাঢ়িছে আমাৰ দেশ

আজিৰ ভাৰত নতুন ভাৰত । দ্ৰুত গতিত আগবাঢ়ি গৈছে আজিৰ ভাৰত । চহৰবোৰে টোপনি নাযায়, বেলিতকৈ আগতে সাৰ পাই চহৰবোৰে, মানুহবোৰে সময়তকৈও আগতে যায় আৰু আকাংক্ষাবোৰে পুলি পোশালি মেলি বৰ গছৰ দৰে হয়, শেষ নহয়, দীঘল হৈ গৈ থাকে। চহৰৰ মেট্ৰো ষ্টেচনৰ পৰা গাঁওৰ ৰাস্তাবোৰলৈকে, শ্ৰেণীকক্ষৰ পৰা কৰ্পোৰেট কাৰ্যালয়লৈকে সকলোতে একে ব্যস্ততাসকলোতে সকলোকে লাগে সফল হবলৈ, প্ৰতিযোগিতা কৰিবলৈ, আগবাঢ়ি যাবলৈ । এইয়া আজিৰ ভাৰতৰ ছবি, দ্ৰুতগতিত আগুৱাই গৈ থকা ভাৰতৰ ছবি । যাত্ৰা এক অজানা দিনলৈ, শেষ নাই, আছে কেৱল বিশ্বাসহীনতাৰ তফাৎ, কাষতে মানুহজনৰ পৰাই হেৰুৱাব লগীয়া শংকা। 

কিন্তু এই দ্ৰুত গতিৰ মাজত মানুহবোৰ যেন বিৰাত অসহায়, সময়ে যেন মানুহক মানুহৰ পৰা মেচিনলৈ নজনাকৈয়ে সলনি কৰি পেলাইছে । এটা নীৰৱ বাস্তৱ, দেখিও নেদেখা বাস্তৱ- য'ত আমি মানসিকভাৱে ক্লান্ত, আমি দৌৰিছোঁ, কিন্তু গন্তব্য কি নাজানোঁ, অনিশ্চিত বা সেয়া স্পষ্ট নহয়, আমি কেৱল দৌৰিছো, জিকিবলৈ নে সাৰিবলৈ সেইয়াও নাজানোঁ।

প্ৰচণ্ড চাপৰ তলত এখন যুৱ দেশ

আমাৰ দেশে যুদ্ধ কৰিবলৈ সক্ষম বুলি গৌৰৱেৰে দম্ভালি মাৰে । যুদ্ধাৰুসকল শংকিত। তেজ ঢালি দিয়া হয় সঞ্জীৱনী শক্তি। উতলি উঠে ডেকাৰ তেজ। ডেকাসকল, যুদ্ধা সকলে হেৰুৱাই নিজক, আয়োজন হয় মৃত্যুৰ উদযাপন। সেই বাবেই আজিৰ যুৱ প্ৰজন্মই এটা অদৃশ্য বোজা বহন কৰিছে আৰু অনিশ্চিত ভৱিষ্যতৰ শান্তিৰ।  ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ কোৱা হয়, কিন্তু বিফল হোৱাৰ সুযোগ নিদি জীৱন যুজঁত জয়ী হোৱাৰ শিক্ষাৰ পৰা বিৰত ৰাখে । আজিৰ সমাজত নম্বৰেই ভৱিষ্যৎ নিৰ্ধাৰণ কৰে, ডিগ্ৰীয়ে মান-সম্মান নিৰ্ধাৰণ কৰে, আৰু চাকৰিয়ে আত্মমৰ্যাদা জোখ-মাখ লোৱা হয়।

মাতৃ-পিতৃ নীৰৱে চিন্তিত । শিক্ষকে ইতিমধ্যে ক্লান্ত মনবোৰ উৎসাহিত কৰিবলৈ চেষ্টা কৰে । এই দৌৰত জিজ্ঞাসু মনোভাৱৰ ঠাই লয় উদ্বেগে । শিক্ষাই জ্ঞানৰ পোহৰ দিব লাগিছিল । কিন্তু আজি বহু ক্ষেত্ৰত ই বোজা হৈ পৰিছে । প্ৰযুক্তিৰ হাতোৰাত অগ্ৰগতিৰ মূল্যায়ন কৰা হৈছে । ভাৰতৰ ডিজিটেল অগ্ৰগতি নিঃসন্দেহে বিস্ময়কৰ । চাহৰ দোকানতো ডিজিটেল লেনদেন, গাঁওলৈকে অনলাইন শিক্ষা, তথ্য সকলো সময়তে হাতৰ মুঠিত । কিন্তু ইয়াৰ সৈতে আহি পৰিছে এক নীৰৱ ঘাটক, এক ক্ষতি । মানুহে মানুহৰ পৰা আতঁৰি গৈছে । আমাৰ কথা পতা সময় নোহোৱা হৈছে, কথোপকথন দিনক দিনে কমি আহিছে । ধৈৰ্য কমি আহিছে ।  চিন্তা-ভাবনাৰ ঠাই লৈছে কুকথাৰে, হিংসা-বিদ্বেষে ।  আমি গোটেই বিশ্বৰ সৈতে সংযুক্ত হৈছে, কিন্তু দিনক দিনে নিজৰ আৰু ইজনে-সিজনৰ পৰা আতঁৰি আহিছোঁ ।

আমি যেন এখন হৃদয়ৰ দুখন ভাৰতৰ নাগৰিক

এফালে কাঁচৰ অট্টালিকা, এয়াৰ-কণ্ডিচনড কাৰ্যালয় আৰু সীমাহীন আড়ম্বৰতা। আনফালে ক্ষেতি-পথাৰ, বান, অনিশ্চিত জীৱিকা । নগৰীয়া ভাৰতে দৌৰিছে ক্ষিপ্ৰ গতিৰে, গ্ৰাম্য ভাৰতে স্থিৰতাৰ অপেক্ষাত আছে । তাৰ মাজতো বাচি আছে কেৱল আশা, সেইয়া কৃষকৰ মাজত । আশা লুকাই আছে পাঠ্যসূচীৰ বাহিৰতো এটা ছাত্ৰক সহায় কৰা শিক্ষকৰ মাজত, বিদ্যালয়লৈ চাইকেল চলাই যোৱা এজনী ছোৱালীৰ দৃঢ় সংকল্পত । এই নীৰৱ আশাই ভাৰতক ধৰি ৰাখিছে 

মানসিক স্বাস্থ্য: এটা নীৰৱ সংকট

সফলতা উল্লাসেৰে উদযাপন কৰা হয় । কিন্তু ইয়াৰ বাবে কৰা সংগ্ৰাম নীৰৱে লুকুৱাই ৰখা হয় । সংগ্ৰামী মানুহে অনা সফলতাত তেওঁলোক লুকাই থাকে । মানুহবোৰ মানসিক ৰোগীলৈ ৰূপান্তৰ হৈছে । মানসিক স্বাস্থ্যৰ কথা কোৱা এতিয়াও বহুতে সাহস নাপায় । বহু লোক নীৰৱে কষ্ট সহে, বিচাৰ আৰু ভুল বুজাবুজিৰ ভয়ত । কিন্তু সহায় বিচৰাটো দুৰ্বলতা নহয়ই প্ৰজ্ঞা ।

যি সমাজে নিজৰ মানুহৰ কষ্ট শুনিব নোৱাৰে, সেই সমাজে ধীৰে ধীৰে নিজৰ মানৱীয়তা হেৰুৱায় । আমাক কেৱল দ্ৰুত অৰ্থনৈতিক বৃদ্ধি নালাগেসন্তুলিত অগ্ৰগতি লাগে । কেৱল উদ্ভাৱন নহয়, অন্তৰ্ভুক্তি লাগে; কেৱল আকাংক্ষা নহয়, সহানুভূতি লাগে । শ্ৰেণীকক্ষত লাগে দয়া, কাৰ্যালয়ত লাগে বুজাবুজি, ঘৰত লাগে ধৈৰ্য আৰু নেতৃত্বত লাগে নৈতিকতা । শান্তি নোহোৱা অগ্ৰগতিয়ে শেষত কেৱল ক্লান্তিহে আনে

এতিয়া এপলক থমকি চোৱা সময়

আমাৰ দেশ আগবাঢ়িছে কাৰবোক পিছুৱাই নহয়, বৰঞ্চ সহ্যৰে, ধৈৰ্য্যৰে, মিলনেৰে আৰু তৈয়াৰীয়ে । আমাৰ শক্তি কেৱল গতি নহয়ই হৈছে মূল্যবোধ, সম্পৰ্ক আৰু স্থিতিস্থাপকতা । যদি আজিৰ ভাৰতে এপলক থমকি নিজৰ মানুহৰ কথা শুনেছাত্ৰ, কৰ্মচাৰী, কৃষক আৰু পৰিয়ালৰতেন্তে ভৱিষ্যৎ কেৱল সফলেই নহ, ই হব অৰ্থপূৰ্ণ । কাৰণ এখন দেশ তেতিয়াহে সঁচাকৈ আগবাঢ়ে, যেতিয়া মানুহে কেৱল প্ৰতিযোগিতা নকৰেবৰঞ্চ জানে কিয় আৰু ক'লৈ আগবাঢ়িছে

No comments:

Post a Comment

জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নাম

  #জুবিন গাৰ্গৰ নামত বৈজ্ঞানিক নামঃ উল্লাহৰ অন্ত নাই Osbeckia zubeengargiana, Barnali Das & N. Nath উদ্ভিদ জগতৰ নতুন নাম । য'ত জুবিন...