Monday, 5 May 2025

বিনামূলীয়া নামভৰ্তিৰ বাবে এটি গছপুলি

সকলোৰে বাবে শিক্ষা গ্ৰহণ যাতে অৰ্থৰ বাবে হেঙাৰ হৈ নপৰে তাৰ উদ্দেশ্যে অসম চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰি আহিছে। বৰ্তমান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতোকত্তৰ পৰ্য্যায়লৈ এই আঁচনিৰ দ্বাৰা সাঙুৰি লোৱা লৈছে। প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে যাতে জীৱনৰ বাটত আগুৱাই যাওঁতে আৰ্থিক দৈন্যতা বাধা হৈ নপৰে তাৰ বাবে চৰকাৰে লোৱা পদক্ষেপ অতি আদৰণীয়। অৱশ্যে এই বিনামূলীয়া আঁচনি পাবলৈ হ'লে শিক্ষাৰ্থীজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব। অথাৎ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখতকৈ কম (অৱশ্যে এতিয়াৰ পৰা ৪ লাখ) হ'ব লাগিব। ইয়াৰ বাবে শেষতীয়া চৰকাৰী জাননী অনুসৰি শিক্ষাৰ্থী গৰাকীয়ে ৰেচন কাৰ্ডৰ প্ৰমাণ দেখুৱাব লাগে। তাৰোপৰি এই আঁচনি পাবলৈ আৰু এটা সৰু স্বত্ব পূৰণ কৰিব লাগে। সেইটো হৈছে শিক্ষাৰ্থীজনে এটা গছ পুলি ৰুই ডাঙৰ দীঘল কৰিব লাগিব। আৰু এই গছপুলিটো বাচি থাকিলেহে পাছৰ শ্ৰেণীত নামৰ্ভতি বিনামূলীয়াকৈ পোৱা যায়। ইয়াৰ বাবে শিক্ষানুষ্ঠানসমূহত বিশেষ কমিতি থাকে যাৰ দ্বাৰা সঠিক পৰীক্ষণ কৰি শিক্ষাৰ্থী গৰাকীক নামৰ্ভতিৰ বাবে বিবেচনা কৰা হয়। 

কথা খিনি তেনেই সহজ। চৰকাৰে নিৰ্দ্ধাৰিত কৰি দিয়া  মতে কামবোৰ হোৱা হ'লে কিমান যে ভাল হ'ল হয়! ভাৱি চালে দেখা যায় কথাটো যে কিমান সময়োপযোগী। মানুহৰ প্ৰায়বোৰ কামতেই গছ-বন কাটি তহিলং কৰাৰ দেখা যায়। তাৰ বিপৰীতে এই পদক্ষেপৰ জৰিয়তে পুনৰ বনানিকৰণত যে এক অভূতপূৰ্ব বৰঙণি আগবঢ়াব পাৰি সেইটো ধ্ৰুৰপ। কিন্তু বিনামূলীয়া নামভৰ্তিৰ সুবিধা পোৱা গৰিষ্ঠ সংখ্যকে এই কথা অন্তকৰণেৰে ভাৱি নাচায়। ৰোপণ কৰা পুলিটোক সুৰক্ষা নিদিয়ে। আঁচনিত অন্তভুক্ত হ'বলৈ  হেতা-ওপৰা লগাৰ দৰে গছপুলিটো যদি লালন পালন কৰাহ'লে যোৱা চাৰি পাঁচ বছৰত বহুত গছ আমি প্ৰকৃতিক উপহাৰ দিব পাৰিলো হয়। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইয়া হৈ উঠা নাই। যি কি নহওক, যি সকলে সুন্দৰকৈ গছ পুলিবোৰ লালন-পালন কৰি আছে তেওঁলোকলৈ সুভেচ্ছা জনাইছোঁ। আৰু যি সকলে আচঁনিৰ সুবিধা পাবৰ কাৰণে গছপুলি ৰোপণ কৰি নামভৰ্তি লাভ কৰা পিছ দিনাৰ পৰাই এবাৰো উভতি চোৱা নাই তেওঁলোকক পুনৰ এটি নতুন গছ পুলিৰে প্ৰকৃতিক উপহাৰ দিবলৈ অনুৰোধ জনালোঁ।

এই প্ৰক্ৰিয়াত বিসংগতি আছে নেকি?

আমি যিহেতু এই নামৰ্ভতিৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছো গতিকে কিছু সমস্যা নেদেখা নহয়। তাৰে ভিতৰত এটা হৈছে ঠাইৰ অভাৱ। বহুতো পিতৃ-মাতৃ কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰৈত থাকি ভাড়াঘৰ নতুবা তেনেকুৱা অস্থায়ী আৱাসত থাকে য'ত গছপুলি এটা ৰূপণৰ বাবে ঠাই পোৱা নাযায়। গতিকে নামৰ্ভতিৰ কৰিবলৈ গছপুলি এটা কোনোবা অসুৰক্ষিত ঠাইত ৰুই তাৰে ফটো লৈ আনে। এনে কৰাৰ ফলত পুলিটো ডাঙৰ কৰিবলৈ যত্ন ল'ব পৰা নাযায় আৰু পৰৱৰ্তী বৰ্ষত একে ঠাইত ৰুৱা একেটা গছপুলিৰ ফটো দিব নোৱাৰাৰ বাবে বিনামূলীয়া নামৰ্ভতিৰ সুবিধা নোহোৱা হৈ পৰে। গতিকে এনে ধৰণৰ সমস্যাত ভোগা ছাত্ৰ-ছাত্ৰীৰ বাবে কোনোবা চৰকাৰী ভূমি বা ৰাজহুৱা প্ৰতিষ্ঠানৰ সুৰক্ষিত ঠাইত পুলি ৰোপণৰ সুবিধা প্ৰদান কৰিব লাগে যাতে গছপুলিটো ভালদৰে চোৱা চিতা কৰি ডাঙৰ কৰিব পৰা যায়।

দ্বিতীয়টো সমস্যা হৈছে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ঠাইৰ থকাৰ স্বতেও বিষয়টো একেবাৰে আওকাণ কৰি চলে। কেৱল নামৰ্ভতি কৰাটোৱেই মুখ্য উদ্দেশ্য হয়। নামভৰ্তি হৈ উঠাৰ পাছত কোনোদিনে পুলিটোৰ ফালে উভতি নাচায়। এনে কৰিলে আমি প্ৰকৃতিক উপহাৰ দি গৌৰাম্বিত হোৱাৰ মধুৰ অনুভৱৰ পৰা আতৰি যাম। গতিকে চৰকাৰে দিয়া আৰ্থিক সাহাৰ্যৰ বিনিময়ত যদি এটা গছ পুলি ডাঙৰ কৰিব নোৱাৰো আমি চৰকাৰৰ ওচৰত অকৃতজ্ঞ হোৱাৰ লগতে এটা ভাল কাম কৰিব নোৱাৰা দোষে কেতিয়াবা অস্বস্তিত দহন হ'ব লাগিব।  এই ক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে শুভাকাংঙ্খী ৰাইজে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জগাই তেনে কামৰ প্ৰতি আগভাগ লৈ সমাজৰ ভাল কাম কৰাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে।  পিতৃ-মাতৃয়ে গছ পুলি ৰোপণ কৰাৰ কামটো হৃদয়ঙ্গম কৰাৰ লগতে নিজৰ সন্তানক গছ পুলিটো ৰুই লালন পালন কৰাত উৎসাহ জগোৱা উচিত।

গছপুলি কেতিয়া কেনেকৈ ৰোপণ কৰিলে বাচি থকা সম্ভাৱনা বেছি!

ছাত্ৰ-ছাত্ৰীসকলৰ যেতিয়া মেট্ৰিক আৰু হাইয়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা কৰে সেই সময়খিনি গছ পুলি ৰোপণৰ বাবে উত্তম সময়।  যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া আচঁনিৰ অধীনত নামভৰ্তি কৰিম বুলি ভাৱি থয়, তেওঁলোকে আগতীয়াকৈ পুলি আৰু ঠাই নিৰ্বাচন কৰি থ'ব পাৰে। ঠাইটুকুৰা পৰিষ্কাৰ কৰি ৰখাৰ লগতে আগতীয়াকৈ প্ৰায় 2ft x 2ft x 2ft (দীঘ, প্ৰস্থ আৰু গভীৰতা)  আকাৰৰ গাঁত খান্দি পুলি ৰোপণৰ বাবে ব্যৱস্থা কৰি থ'ব লাগে। গাতঁটো প্ৰায় এসপ্তাহমান আগতে খান্দি পুনৰ ওপৰৰ মিহি মাটি, পচা জাবৰ-জোথৰ, শুকান গোৱৰ আদি দি পুনৰ পুটিব লাগে। এনে কৰিলে গছৰ পুলিটোৱে ৰোপণ কৰাৰ পাছতেই মাটিখিনি কোমল হৈ থকাৰ বাবে সহজতে শিপাবোৰে মাটিত খামুচ মাৰি ধৰিব পাৰে। তাৰোপৰি তাত সংযোগ কৰা জৈৱিক পচা বস্তুবোৰে পুষ্টি যোগাই সোনকালে ডাঙৰ হোৱাত সহায় কৰে। মনত ৰখা দৰকাৰ যে ৰোপণ কৰা পুলিটো গাঁতটোৰ সোঁ-মাজত উলম্বভাৱে ৰুব লাগে যাতে শিপাবোৰ চাৰিওফালে সমানে মেলাৰ লগতে গছডাল পোনকৈ ডাঙৰ হয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে গছৰ পুলিটো নূন্যতম দুই ফুট ওখ হ'ব লাগে আৰু ৰোপণ কৰাৰ সময়ত ওপৰৰ পাতখিনি বুঢ়া হোৱা পুলিহে ল'ব লাগে। কোমলীয়া পাত থাকিলে ৰোপণ কৰাৰ পাছতে শুকাই যায়। তেনে পুলিবোৰৰ শিপাবোৰো কোমল হৈ থাকে, গতিকে উঘালি আনি নতুন ঠাইত ৰুলে মৰি যোৱাৰ সম্ভাৱনাই অধিক হয়।

কি কি গছৰ পুলি লগাব পাৰি!

পুলি ৰোপণ বুলি কলে নানা ধৰণৰ গছৰ কথা মনলৈ আহিব পাৰে। গতিকে কেতিয়াবা কি পুলি ৰুব তাক লৈও দোমোজা নোহোৱা নহয়। গছ পুলি ৰোপণ কৰাটো নিজৰ পচন্দৰ হব পাৰে। তথাপি ঠাই আৰু ভৱিষ্যতে প্ৰয়োজনীয়াতৰ ওপৰত নিৰ্ভৰ কৰি কেইবিধমান গছৰ নাম উল্লেখ কৰিব বিছাৰিছো-

১. ফল উৎপাদনকাৰী উদ্ভিদ-

যদি আমি ফলৰ কথা ভাৱো তেন্তে আমাৰ ইয়াত স্থানীয়ভাৱে হোৱা ফলৰ গছ নিৰ্বাচন কৰিব পাৰে। যেনে- আম, কঁঠাল, পনীয়ল, মধুৰীয়াম, ৰবাব টেঙা, কৰদৈ, ঔ-টেঙা, লিচু, থেকেৰা, টেপৰটেঙা আদি।

২. কাঠ উৎপাদনকাৰী উদ্ভিদ

আজাৰ, নাহৰ, গমাৰী, বগী পমা, চেগুণ, তিতা চপা, চন্দন, শিলিখা আদি।

৩. পৰিৱেশ শুৱনি কৰা উদ্ভিদ 

কৃষ্ণচূড়া, ৰাধাচূড়া, বকুল, দেৱদাৰু আদি।

কেৱল বিনামূলীয়া নামভৰ্তিৰ বাবেই গছ পুলি ৰোপণ কৰিব লাগে নে?

আমাৰ ধাৰণা এইটো হ'ব নালাগে যে কেৱল বিনামূলীয়া নামভৰ্তিৰ পোৱা সকলেহে গছ পুলি ৰোপণ কৰিব লাগে। সকলো ছাত্ৰ-ছাত্ৰীয়ে যদি শৈক্ষিক জীৱনৰ বিভিন্ন স্তৰত একোটা দেওনা পাৰ হওঁতে একোটাকৈ গছপুলি ৰোপণ কৰে কিমান যে ভাল কথা হ'ব। এদিন এই পুলিটোৱেই আনৰ সহায় নহ'লেও নিজে কেতিয়াবা এপলক বহি জিৰাব পাৰিব। সময়ৰ জোখ ল'ব পাৰিব। মেট্ৰিক পাছ কৰোতে ৰোপণ কৰা পুলিটো আজি ইমান ডাঙৰ হ'ল বুলি কৈ অনাবিল আনন্দৰ গৰাকী হ'ব পাৰিব। এই সুখানুভৱ জীৱনত বহুত বস্তুৱে দিব নোৱাৰে কিন্তু ইয়াক নিজেই আজুৰি ল'ব পাৰি।

No comments:

Post a Comment

নিজক নিজে নুশুনাকৈ দ্ৰুত গতিত আগবাঢ়িছে আমাৰ দেশ

আজিৰ ভাৰত নতুন ভাৰত । দ্ৰুত গতিত আগবাঢ়ি গৈছে আজিৰ ভাৰত ।  চহৰবোৰে টোপনি নাযায় , বেলিতকৈ আগতে সাৰ পাই চহৰবোৰে, মানুহবোৰে সময়ৰ আগতে যায় আৰু...