Saturday, 30 November 2024

এইডচ্ ৰ ভয়াৱহতাত বিপদাপন্ন মানৱ

 মানুহৰে উদ্ভাৱনী শক্তি আৰু  জ্ঞান-প্ৰযুক্তিৰে চমক সৃষ্টি কৰিলেও বহু ক্ষেত্ৰত মানুহ পিছুৱাই থাকিবলগীয়া হয়। নিজকে জীৱ-শ্ৰেষ্ঠ শাৰীত প্ৰক্ষেপণ কৰিলেও যে মানুহ প্ৰকৃতিৰ ওচৰত হেও মানিব লগা হয়। চিকিত্সা বিজ্ঞানে মানব জাতিৰ ৰ্স্বাথত মানুহৰ বহুতো ৰোগ নিৰাময়ৰ বাবে যথেষ্ট অগ্ৰগতি আগবাঢ়ি গলেও কিন্তু আজিও এনে কিছু অসুখ আছে যাক প্ৰতিহত কৰিবলৈ আমাৰ হাতত প্ৰতিকাৰ নাই। সেয়েহে এনে কিছুমান ৰোগৰ পৰা বাছি থাকিবলৈ চিকিতসাতকৈ নিজে সজাগ-সচেতন হৈ থকাৰ বাহিৰে গতন্ত্য নাই। এনে কিছু দুৰাৰোগ্য ৰোগৰ ভিতৰত AIDS এক অন্যতম। 

AIDS ৰ বিষয়ে আজিকালি প্ৰায় সকলো পয্যায়ৰ লোকে জ্ঞাত। তাৰোপৰি বৰ্তমান তথ্য-প্ৰযুক্তিৰে পয়োভৰ পৃথিৱীত ইয়াৰ বিষয়ে বহুতো কথাই সুলভ। তাৰোপৰি চৰকাৰী-বেচৰকাৰী বহুতো সংস্থাই AIDS ইয়াৰ সজাগতাৰ বাবে বিভিন্ন আঁচনিৰে জনতাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰি আহিছে। আজিকালি শিক্ষানুষ্ঠানসমূহতো এই বিষয়ত বিশেষ ততপৰতা লোৱাৰ পৰিলক্ষিত হয়। কিন্তু ইমানবোৰ প্ৰচেষ্টাৰ পাছতো AIDS যি প্ৰকোপ কমি নাই বা বহুলোক এতিয়াও জ্ঞাত নহয়। গতিকে সমাজত নিতৌ শ শ লোক AIDS ৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যমুখত পৰিছে। 

No comments:

Post a Comment

ইথান'লযুক্ত পেট্ৰ'ল অভিশাপ নে আশীৰ্বাদ?

ইথান'লযুক্ত পেট্ৰ'ল ইন্ধনে গাড়ীৰ মাইলেজ কমি যোৱা আৰু ইঞ্জিনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা ইতিমধ্যে ব্যৱহাৰকাৰীক বিপদত পেলাইছে। সাম্প্ৰতি...